Skip to content

বুদ্ধিদীপ্ত ক’মেডি বনাম কটুক্তি

Janagana Desk
February 21, 202521 second read
Cheap vulgar comedy

মানুহৰ পাৰস্পৰিক ক্ৰিয়াৰ এক অবিচ্ছেদ্য অংগ হিচাপে হাস্যৰস যুগ যুগ ধৰি চলি আহিছে। হাস্যৰস মনোৰঞ্জনৰ এক উপায়।হাস্যৰস হৈছে হাঁহিৰ উদগনি যোগোৱা আৰু আনন্দ প্ৰদান কৰা বিশেষ জ্ঞানমূলক অভিজ্ঞতাৰ প্ৰতি থকা এক প্ৰৱণতা। এই শব্দটো প্ৰাচীন গ্ৰীক হাস্যৰসৰ চিকিৎসাৰ পৰা আহিছে, যিয়ে শিকাইছিল যে মানৱ শৰীৰৰ তৰল পদাৰ্থৰ ভাৰসাম্য, ই মানুহৰ স্বাস্থ্য আৰু আৱেগ নিয়ন্ত্ৰণ কৰে। হাস্যৰসৰ প্ৰতি বিশেষ সংবেদনশীলতা প্ৰদৰ্শন কৰা ব্যক্তিক হাস্যৰসৰ জ্ঞান থকা আৰু হাস্যৰসৰ ব্যক্তি বুলি কোৱা হয়। দৈনন্দিন জীৱনৰ কাম, মানসিক চাপ, উত্তেজনাৰে ভাৰাক্ৰান্ত এই পৃথিৱীৰত অলপ সময়ৰ বাবেও হলেও বিৰতি বিচাৰে। তাৰ বাবে কোনোবাই আশ্ৰয় লয় সংগীত শুনা, চিনেমা চোৱা, ভ্ৰমণ কৰা , ছবি অঁকা ইত্যাদি ইত্যাদি ইত্যাদি যাৰ জৰিয়তে মানসিক অৱসাদৰ পৰা আঁতৰি থাকিব পাৰিব। হাস্যৰস ব্যক্তিগত পছন্দৰ দ্বাৰা নিৰ্ধাৰিত হয়, তথাপিও কোনো ব্যক্তিয়ে কোনো বস্তুত হাস্যৰস কিমানখিনি বিচাৰি পায় সেয়া ভৌগোলিক অৱস্থান, সংস্কৃতি, মানসিক পৰিপক্কতা, শিক্ষাৰ স্তৰ, বুদ্ধিমত্তা, ঘটনাৰ প্ৰসংগ আদি কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে, সৰু ল’ৰা-ছোৱালীয়ে পাঞ্চ এণ্ড জুডি বা টম এণ্ড জেৰী কাৰ্টুনৰ দৰে পুতলা শ্ব’ চাই ভাল পাব পাৰে, যাৰ শাৰীৰিক স্বভাৱ তেওঁলোকৰ বাবে গ্ৰহণযোগ্য। আনহাতে, ব্যংগ লেখাৰ দৰে অধিক বিবেচনাপূৰ্ণ হাস্যৰসৰ বাবে সামাজিক অৰ্থ আৰু পৰিস্থিতিৰ বুজাবুজিৰ প্ৰয়োজন হয়, আৰু সেয়েহে ই অধিক আৱেগিকভাৱে পৰিপক্ক দৰ্শকক আকৰ্ষণ কৰে। কিন্তু সলনি হৈছে সময়, সলনি হৈছে মানুহক হাঁহিবলৈ বাধ্য কৰোৱা অৱসৰ বিনোদনৰ এক উপায় , কৌতুকধৰ্মী বা ব্যঙ্গাত্মক বিষয়বস্ত।

কৌতুক বেছিভাগ সমাজতে ইমানেই পৰিচিত যোগাযোগৰ গাঁথনি যে দৰ্শকে কৌতুকটোক হাস্যৰসময়ী বুলি নাপালেও যোগাযোগৰ প্ৰতিফলন হিচাপে হাঁহিব, হাঁহিব বা প্ৰশংসা প্ৰকাশ কৰিব। পৰিস্থিতিগত হাস্যৰস (Situational Comedy), শব্দৰ খেল (Wordplay), বিদ্রূপ (Satire), আৰু বুদ্ধিদীপ্ত কৌতুক (Witty Humor)ৰ জৰিয়তে অলংকাৰময় ক’মেডি কৰা সম্ভৱ। আমাৰ সকলোৰে পৰিচিত মিঃ বিন (Mr. Bean), চাৰ্লি চেপ্লিন (Charlie Chaplin), বা কিছুজন ষ্টেণ্ড-আপ ক’মেডিয়ানসকলে কোনো অশ্লীলতা নোহোৱাকৈয়ো মানুহক হাঁহিবলৈ বাধ্য কৰে। তেওঁলোকৰ শাৰীৰিক অংগী ভঙ্গীয়ে আনক হহুৱাবলৈ যথেষ্ট। কৌতুক বা ক’মেডিৰ পৰিভাষাত জোৰকৈ সংযোগ কৰা এটা বিষয় হৈছে অশ্লীলতা। ভাল ক’মেডি কৰিবলৈ অশ্লীল ভাষা বা বিষয়বস্তু বাধ্যতামূলক নহয়।

বহুৱা হৈছে অসমীয়া ভাওনাৰ এক কৌতুক অভিনেতা। অসমীয়া সমাজৰ চিৰ পৰিচিত এটি চৰিত্ৰ। বহুৱা শব্দৰ অৰ্থ, সাধাৰণতে চাৰ্কাছৰ সৈতে জড়িত এজন শিল্পী যি খুঁহুতীয়া কথা আৰু অভিনয়েৰে দৰ্শকক হাঁহিৰ খোৰাক যোগায়। বহুৱাৰ এই চৰিত্ৰ অক্ষুণ্ন ৰাখি অংকীয়া নাট ভাওনাত শ্ৰীশ্ৰীশংকৰদেৱে তেওঁৰ নাটসমূহত পোন প্ৰথমবাৰৰ বাবে বহুৱা চৰিত্ৰ সন্নিৱিষ্ট কৰি দৰ্শকক আমোদ দিয়াৰ ব্যৱস্থা কৰিছিল। পাৰিজাত হৰণ নাটত নাৰদৰ সৈতে বহুৱাৰ প্ৰৱেশ হৈছে, কিন্তু বচন নাই। মাথোঁ অভিনয়েৰে দৰ্শকক মনোৰঞ্জন দিছে। অংকীয়া নাট বা তাৰ পাছৰ ভাওনাসমূহত ওলোৱা বহুৱা চৰিত্ৰটোৰ আঁতিগুৰি বিচাৰিলে আমি সংস্কৃত নাটকৰ ’বিদুষক’ৰ চৰিত্ৰটোলৈ আঙুলিয়াব পাৰোঁ।  বিদুষকৰ চৰিত্ৰটো সংস্কৃত নাটত নায়কৰ ঘনিষ্ঠ সহযোগী হিচাপে দেখুওৱা হয়।

বলিউডৰ ক’মেডি চিত্ৰগ্ৰহণে বহু বছৰ ধৰি দৰ্শকক মনোৰঞ্জন প্ৰদান কৰি আহিছে। নানা ধৰণৰ ক’মেডি চলচ্চিত্ৰৰ মাধ্যমত বিভিন্ন ধৰণৰ হাস্যৰস সৃষ্টি কৰা হৈছে যেনে বুদ্ধিদীপ্ত, পৰিস্থিতিগত, আৰু শাৰীৰিক। বলিউডৰ ক’মেডি সাধাৰণতে পৰিপূৰ্ণ বিনোদনৰ বাবে তৈয়াৰ কৰা হয়, কিন্তু সেয়া মাত্ৰ বাচলতা বা অশ্লীলতাত সীমাবদ্ধ নহয়। বিগত কিছু বছৰত, বলিউডৰ ক’মেডি চলচ্চিত্ৰত এক নতুন পৰিবৰ্তন ঘটিছে। নতুন ক’মেডি শৈলী আৰু সামাজিক ৰুচিৰ পৰিবৰ্তনৰ ফলত, বহু নতুন ধাৰাৰ ক’মেডি দেখা গ’ল। ইয়াত ক’মেডিৰ ধৰণ আগৰ পৰা বহুত ভিন্ন, আৰু সাধাৰণতে অশ্লীলতা বা বাচলতাৰ পৰা পৰিহাৰ কৰি অধিক সূক্ষ্ম আৰু চিন্তা-ভাবনাৰ মাত্ৰা পূৰ্ণ ক’মেডি সৃষ্টিৰ চেষ্টা কৰা হৈছে। প্ৰায় সকলো ছবিতেই ক’মেডিৰ কিছু হলেও দৃশ্য থাকেই, যিয়ে মানু্হক ছবিখন উপভোগ কৰাৰ সকলোধৰণৰ পৰিপুষ্টি প্ৰদান কৰাৰ লগতে দৰ্শকক বিৰক্ত হোৱাৰ পৰা আঁতৰাই ৰাখে। Comedy ছবি বুলি কলেই মনলে আহে বলিউডৰ Phir Hera Pheri, Munna Bhai M.B.B.S. , Andaz Apna Apna, 3 Idiots , Garam Masala, Golmal, Housefull, Dhamaal, coolie no.1 , OMG , Hungama , Hey Babbyy, Chachi 420, Dulhe Raja, welcome কে ধৰি অসংখ্য ছবি। ঠিক সেইদৰে বিভিন্ন ভাষাত ছিৰিয়েলো দেখা যায়। অৱশ্যে কিছুমান ছবিটো অযথা তথা অশ্লীলতাৰ কৌতুক দেখিবলৈ পোৱা যায়।

আজিকালি সামাজিক মাধ্যম হৈছে ক’মেডি সৃষ্টি আৰু প্রচাৰৰ এক শক্তিশালী প্লেটফৰ্ম। ফেচবুক, ইনষ্টাগ্ৰাম, টুইটাৰ, ইউটিউব, টিকটক, আৰু অন্যান্য সামাজিক চেনেলৰ মাধ্যমে মানুহক দ্রুত গতিত মনোৰঞ্জন দি আহিছে। ইয়াত বিশেষকৈ Short funny video, Vines, Meme, ষ্টেণ্ড-আপ ক’মেডি ইত্যাদি কমেডি সৃষ্টি আৰু বিয়পি পৰাৰ মাধ্যম হৈ পৰিছে। সামাজিক মাধ্যমৰ কমেডি হৈছে আধুনিক যুগৰ এক শক্তিশালী আৰু জনপ্রিয় মাধ্যম। সামাজিক মাধ্যমৰ মঞ্চত কমেডি আগৰ তুলনাত অধিক প্ৰচাৰিত, বিস্তৃত, আৰু সৃষ্টিশীল হৈছে, যাৰ ফলত এনে ক’মেডি শৈলী পৃথিৱীজুৰি দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে। সামাজিক মাধ্যমৰ কৌতুক বা Funny Content বোৰ একেবাৰে নিম্নমানদণ্ডৰ হোৱাৰ লগতে কৃত্ৰিম হাস্যৰসলৈ পৰিৱৰ্তিত হৈছে। Stand up comdey, meme এইবোৰ জনপ্ৰিয়তাৰ দৌৰত একেবাৰে নিম্নমানদণ্ডৰ হোৱা দেখিবলৈ পোৱা হৈছে , ইয়াৰ কাৰণ সহজলভ্যতা, বাক স্বাধীনতাৰ অপব্যৱহাৰ ।

বৰ্তমান সময়ত টেলিভিছন আৰু ইণ্টাৰনেটৰ বিভিন্ন চেনেলত তথাকথিত কমেডী নিৰ্মাতাসকলে যেন মানুহৰ মানসিক চাপৰ পৰা মুক্তি দিয়াৰ পৰিৱৰ্তে মানসিক চাপ বৃদ্ধিহে কৰিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা যিকোনো ধৰণৰ তথাকথিত কমেডীক অনুসৰণ কৰা হাঁহিৰ ব্যংগ শৈলীয়ে এক বিকৃত ৰূপ ধাৰণ কৰিছে। সেই খিকিন্দালিৰ শব্দটোৱে নিজেই কেতিয়াবা বিৰক্তিকৰ হয় যেতিয়া কাৰোবাক বেয়াকৈ আঘাত কৰিব পাৰে। যান্ত্ৰিক পৃথিৱীৰ লগতে তেওঁলোকৰ ভূমিকাও এতিয়াও যান্ত্ৰিক হৈ পৰিছে। তথাকথিত কমেডীয়ান সকলৰ কমেডীত হাস্যৰস প্ৰায়েই নাথাকে আৰু তেওঁলোকৰ অভিনয়ৰ লগত হোৱা হাঁহি আৰু হাত চাপৰিটো অতি কৃত্ৰিমভাৱে নিৰ্মাণ কৰা হৈছে। বহুতো দৰ্শকে কেৱল নামৰ বাবেই এনে কমেডী শ্ব’ চাব আৰু এনে শ্ব’ চোৱাৰ উদ্দেশ্য কেৱল মানুহৰ পৰা আঁতৰি থকাৰ উদ্দেশ্যে।

বুদ্ধিদীপ্ত কমেডী (Witty Comedy) আৰু কটুক্তি (Offensive Humor)ৰ মাজত এক পাৰ্থক্য আছে।বুদ্ধিদীপ্ত কমেডী, এই ধৰণৰ কমেডী বুদ্ধি, চতুৰতা, আৰু ব্যঙ্গৰ সহায়ত মানুহক আনন্দ দিয়ে। ইয়াত সাধাৰণতে শব্দৰ খেল (Wordplay), বিদ্রূপ (Satire), সামাজিক বা দৈনন্দিন জীৱনৰ চিত্ৰণ থাকে। ই অন্যজনক অপমান নকৰাকৈ আৰু বিনোদনমূলক ভাৱে চিন্তা কৰিবলৈ বাধ্য কৰে। উদাহৰণ স্বৰূপে, চাপ্লিন, মিঃ বিন, ৰবীন্দ্ৰনাথৰ নাটক বা ৰাজনীতিৰ ব্যঙ্গাত্মক সমালোচনা বুদ্ধিদীপ্ত কমেডীৰ ভাল দৃষ্টান্ত।

কটুক্তি (Offensive Humor), ইয়াত সাধাৰণতে অন্যজনক অপমান কৰা, ব্যক্তিগত বিষয়ে আঘাত কৰা, জাতি, ধৰ্ম, লিংগ বা সমাজৰ সংবেদনশীল বিষয় লৈ ঠাট্টা কৰা হয়। ই হাঁহিৰ বাহানাৰে ঘৃণা বা কষ্ট দিয়া কৌতুকৰ অংশ হ’ব পাৰে। যদিও কিছুমান লোক একে হাঁহিৰ অংশ হিচাপে গ্ৰহণ কৰে, বহুতৰ বাবে ই অপমানজনক আৰু বেদনাদায়ক হ’ব পাৰে।উদাহৰণ স্বৰূপে, Body Shaming , জাতিগত বা ধৰ্মীয় কটুক্তি, লৈঙ্গিক পক্ষপাতমূলক কৌতুক আদিৰে কমেডী কৰা।

বুদ্ধিদীপ্ত কমেডী সমাজৰ বাবে লাভজনক, কিয়নো ই সচেতনতা বৃদ্ধি কৰে, বিনোদন দিয়ে, আৰু কোনোকে কষ্ট নিদিয়ে। কটুক্তি যদিও কোনো কোনো পৰিস্থিতিত বিনোদনমূলক হৈ পৰে, কিন্তু ইয়াৰ অপব্যৱহাৰ সমাজত বিভাজন আৰু মনোমালিন্য সৃষ্টি কৰিব পাৰে। সেয়ে আচল কমেডী বুদ্ধি, অনুভৱ, আৰু শালীনতাৰ সৈতে সৃষ্টি হ’ব লাগে। আনক হহুৱাবৰ বাবে অশ্লীলতা (Vulgarity) বা কটুক্তি (Offensive Humor) প্ৰয়োজনীয় নহয় , ই মনোৰঞ্জন দিয়াৰ বিপৰীতে অপমান নাইবা কাৰোবাৰ অন্তৰত হিংসা, ঘৃণাৰ ভাৱ বিয়পাব পাৰে। কৌতুক সদায় মানুহৰ মনোৰঞ্জন তথা ইতিবাচক দিশৰ বাবে হে প্ৰাসংগিক তথা গ্ৰহণযোগ্য।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top