জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Saturday, September 5, 2026

৮৫ হাজাৰতকৈ অধিক পট্টাহীন পৰিয়ালৰ ভৱিষ্যৎ কোন দিশে ?

by Dr Netraranjan
2 minutes read
Land Patta issue in Guwahati

পট্টা লাভৰ আশাত বন্দী গুৱাহাটীৰ ১৮খন পাহাৰত বসবাস কৰা লাখ-লাখ লোকক আশাহত কৰিলে চৰকাৰে, কৰা নহল জৰীপ।ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পাহাৰ অঞ্চলত বসবাস কৰা লোকসকল দীৰ্ঘদিনে ভূমিৰ পট্টা লাভৰ আশাত বন্দী হৈ আছিল।
গুৱাহাটীত মাটিৰ পট্টাবিহীন লাখ লাখ লোক। মাটি পট্টাবিহীন লোক সোমাই পৰিছে ৰাজনীতিৰ মেৰপাশত। কিয়নো এইসকল লোকক পট্টা প্রদানক লৈ প্রতিটো নির্বাচনতে প্রলোভনৰ নানান ৰাজনীতি চলাই আহিছে প্রার্থী আৰু প্ৰতিদ্বন্দ্বী দলে। ৰাজহ বিভাগৰ চৰম দায়িত্বহীনতাৰ পৰিণতিতে মহানগৰীৰ অধিকাংশ লোকে মিছন বসুন্ধৰাৰ জৰিয়তে ভূমি পট্টা লাভৰ পৰা বঞ্চিত হব লগা হৈছে। গুৱাহাটীৰ পট্টা নোহোৱা পাহাৰবাসী কমেও ৮৫ হেজাৰ পৰিয়ালে নিৰ্বাচনত কোনো প্ৰাৰ্থীৰ জয়-পৰাজয় নিৰূপণ কৰিব পাৰে। সেয়েহে অন্ততঃ ভোটৰ পূৰ্বে তেওঁলোকৰ বাসস্থানৰ নিৰাপত্তা নিশ্চিত কৰিব পৰা বিষয়টোক লৈ টনা-আঁজোৰাত লিপ্ত হয় ৰাজনৈতিক দল আৰু প্রার্থী। বিগত ২০১৪ লোকসভা নিৰ্বাচনতো এই ধৰণৰ ৰণকৌশলে বিশেষ গুৰুত্ব লাভ কৰে। যোৱা লোকসভা নির্বাচনতো শাসক-বিৰোধী উভয়ে এইসকল লোকৰ ভোট বিচাৰি নিৰ্বাচনী ক্ষেত্ৰত জঁপিয়াই পৰিছিল।

চৰকাৰৰ প্ৰলোভনৰ ৰাজনীতিৰ বিপৰীতে উক্ত ৮৫ হেজাৰ পৰিয়ালে এইবাৰো পট্টা লাভ নকৰাটো নিশ্চিত হৈছে। অন্ততঃ মিছন বসুন্ধৰাৰ জৰিয়তে বছৰ বছৰ ধৰি একচনীয়া ভূমিত বাস কৰি অহা এই বৃহৎ সংখ্যক লোকে পট্টা লাভ কৰিব বুলি প্রত্যাশা কৰিছিল; কিন্তু শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে জাৰি কৰা এক নির্দেশনাই ৰাইজৰ পট্টা লাভৰ ন্যূনতম আশাকণকো সমাধি দিছে। তাৰ সমান্তৰালকৈ ইতিমধ্যে চৰকাৰে দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত যিসকলে আবেদন জনাইছিল, তেওঁলোকক তৃতীয় পৰ্যায়ত আবেদন নকৰিবলৈ কোৱা হয়। উল্লেখ্য যে দ্বিতীয় পৰ্যায়ৰ বসুন্ধৰাত গুৱাহাটীৰ পট্টাহীনকো পট্টা প্ৰদানৰ আশ্বাস দিয়াত প্রায় এক লাখ লোকে আবেদন দাখিল কৰিছিল।

চৰকাৰৰ শেহতীয়া নির্দেশনা অনুসৰি, বিবদমান আৰু ‘ননকে’ অঞ্চলত মাটিৰ পট্টা দিয়া নহয়। ননকেৰ দ্বাৰা স্পষ্ট কৰি দিয়া হৈছে যে জৰীপ নোহোৱা মাটিত পট্টা প্ৰদান কৰা নহয়। গুৱাহাটীৰ ১৮ খন পাহাৰৰ এখনতো এতিয়ালৈকে জৰীপ হোৱা নাই; অথচ চৰকাৰে পাহাৰত মাটিৰ পট্টা দিয়া নহ’ব বুলি নক’লেও ননকেৰ দ্বাৰাই সেয়া স্পষ্ট কৰিছে।

উল্লেখ্য যে গুৱাহাটীৰ উক্ত বৃহৎ সংখ্যক পৰিয়াল পৌৰ নিগমৰ ৬০ টা ৱাৰ্ডৰ ভিতৰত পৰা পাহাৰ আৰু পাহাৰৰ নামনি অঞ্চলত বাস কৰে। দ্বিতীয় পৰ্যায়ৰ বসুন্ধৰা কাৰ্যকৰী কৰাৰ সময়ত ভৈয়ামত বাস কৰা একাংশ লোকক পট্টা প্ৰদানৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰি তেওঁলোকক আগধন জমা দিবলৈ কোৱা হৈছিল; কিন্তু সেই ধনৰ পৰিমাণ ইমানেই বেছি আছিল যে তাৰে ৯৫ শতাংশ পৰিয়ালেই আগধন জমা দিব নোৱাৰিলে। অথচ এইসকল লোকক পট্টা লাভৰ চৰ্ত পূৰণৰ উপযুক্ততাৰ ভিত্তিতহে বাছনি কৰা হৈছিল।

পাহাৰবাসীক পট্টা দিয়া নহয় বুলি পোনপটীয়াকৈ নকৈ জৰীপ নোহোৱা ভূমি বুলি স্পষ্ট কৰি দিছে। যিহেতু এই ৮৫ হেজাৰ পৰিয়াল বাস কৰা ভূমিৰ জৰীপ আজিলৈকে হোৱা নাই, তেনে ক্ষেত্রত কোনেও আৰু এতিয়া পট্টা নাপায়। তেওঁলোকক ব্লেকমেইলিঙৰ ৰাজনীতিৰে এনেদৰে নচুৱাই থকা হৈছে।

গুৱাহাটীৰ ভূমি পট্টাক লৈ অব্যাহত থকা এনে জটিলতা কেতিয়ালৈ থাকিব সেইয়া নিঃসন্দেহে কব নোৱাৰি ?

Was this article helpful?
Yes0No0

You may also like