Skip to content

জৰুৰীকালীন অৱস্থাৰ মূল কাৰিকৰ সকল এতিয়া ক’ত ?

Dr. Mamun Imdadul Haque Chowdhury
June 25, 20255 second read
50 years of Emergency

আজি ২৫ জুন। দেশত জৰুৰী অৱস্থাৰ ঘোষণাৰ জৰিয়তে গণতন্ত্ৰ হত্যাৰ ৫০ বছৰীয়া বৰ্ষ পূতি খুউব ধুম ধামেৰে পালন কৰা হ’ল। জৰুৰী কালীন অৱস্থা নিশ্চিত ভাবেই এক ক’লা অধ্যায়। কোনো পধ্যেই জৰুৰী কালীন অৱস্থাৰ সমৰ্থন কৰাৰ কোনো যুক্তি নাই। কিন্তু, সেই ৫০ বছৰ পূৰ্বৰ এই জৰুৰী কালীন অৱস্থাৰ কথা লৈ গণতন্ত্ৰৰ কথা বহুতে সোঁৱৰাই দিয়াত আমাৰো মনত পৰিছে দুটামান কথা। সেই সময়ৰ কেইজনমান মূল কাৰিকৰৰ কথা।

১| জগমোহন মালহোত্ৰা– জৰুৰী কালীন অৱস্থাৰ উগ্ৰ সমৰ্থক। জৰুৰী কালীন অৱস্থাৰ সময়ত সঞ্জয় গান্ধীৰ সোঁ হাত ৰূপে থকা জগমোহন জৰুৰী কালীন অৱস্থাৰ সময়ত Delhi Development Authority ৰ উপাধ্যক্ষ আছিল। প্ৰথমে দিল্লীৰ উপ – ৰাজ্যপাল আৰু পিছলৈ জন্মু কাশ্মীৰৰ ৰাজ্যপাল হোৱা এই জগমোহন পিছলৈ বি জে পি ত যোগদান কৰি ১৯৯৮ ত বাজপেয়ী কেবিনেটত নগৰ উন্নয়ন মন্ত্ৰী হয়। বিজেপিৰ এজন মূল মানুহ হয় গৈ।

২| জৰুৰী কালীন অৱস্থাৰ সময়ত প্ৰতিৰক্ষা মন্ত্ৰী আছিল বংশীলাল। সঞ্জয়- ইন্দিৰাৰ সোঁৱে – বাওঁৱে থকা লোক। জৰুৰী কালীন অৱস্থা ৰ এজন মূল কাৰিকৰ। ১৯৯৬ ত তেওঁ হাৰিয়ানা বিকাশ পাৰ্টি গঠন কৰি বি জে পি ৰ সৈতে গঠবন্ধন কৰি বিজেপিৰ সমৰ্থনত মুখ্যমন্ত্ৰী হয়।

৩| জৰুৰী কালীন অৱস্থাৰ সময়ত সঞ্জয় গান্ধীৰ সৈতে সংঘাতৰ বাবে ইন্দ্ৰ কুমাৰ গুজৰালক তথ্য আৰু প্ৰচাৰ মন্ত্ৰীৰ পৰা পদত্যাগ কৰোৱাই বিদ্যাচৰণ শুক্লাক তথ্য আৰু প্ৰচাৰ মন্ত্ৰী পতা হয়। জৰুৰী কালীন অৱস্থাত সংবাদ মাধ্যম সমূহক চেঞ্চৰ কৰাৰ মূল কাৰিকৰ এই বিদ্যাচৰণ শুক্লা। ২০০৪ ত তেওঁ বিজেপিত যোগদান কৰি চত্তিশগড়ৰ মহাচামুণ্ডা সংসদীয় সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী হিচাবে প্ৰতিদন্দ্বিতা কৰে।

৪| জৰুৰী কালীন অৱস্থাৰ কংগ্ৰেছৰ মতে মূল নায়ক আৰু বিজেপিৰ মতে মূল খলনায়ক সঞ্জয় গান্ধী। সেই সঞ্জয় গান্ধীৰ পত্নী মেনকা গান্ধী আৰু পুত্ৰ বৰুণ গান্ধী বিজেপিৰ লোকসভাৰ সাংসদ।

এই বোৰ মাত্ৰ দুটামান উদাহৰণ। সেয়ে সমালোচনা কেতিয়াও এক পক্ষীয় হ’ব নালাগে। আনক সমালোচনা কৰোতে নিজৰ ফালেও চোৱাটো প্ৰয়োজন। কিন্তু এই অধ্যায়ৰ মূল কাৰিকৰ সকলৰ বহুতে পিছলৈ ৰাজনৈতিক ভাৱে কাৰ কাৰ লগত গ’ল আৰু এতিয়া কাৰ কাৰ সৈতে আছে তালৈ চোৱাটোও প্ৰয়োজন। বিজেপিয়ে দলীয় ভাৱে আৰু চৰকাৰী ভাৱে দিনটো যেনেদৰে জনমানসত উপস্থাপন কৰিলে কিন্তু সেই সময়ৰ মূল কাৰিকৰ সকল যে পিছলৈ বিজেপিলৈ গ’ল আৰু এতিয়াও যে বহুতো বিজেপিত আছে সেই কথা কংগ্ৰেছে উপস্থাপন কৰাত ব্যৰ্থ হ’ল। বিজেপিক বেয়া পাই মানুহে ভোট দিব বুলি ৰৈ থাকে। আনহাতে বিজেপিয়ে বিজেপিৰ পক্ষে এটা পৰিৱেশ তৈয়াৰ কৰি লয়। অথচ কংগ্ৰেছে এই কথাবোৰ ক’ব পাৰিলে হয়। তেতিয়া কিছু হ’লেও মানুহে ভাবিবলৈ বাধ্য হ’ল হয় – হয় দেখোন কথাবোৰ !

এজন সাধাৰণ নাগৰিক হিচাবে কথাবোৰ মনত খেলালে বাবে ক’লো কথাবোৰ। ইয়াত আমাৰ ৰাজনৈতিক দৃষ্টিভংগীৰ কোনো কথা নাই। ৰাজনীতি ৰাজনীতিৰ ঠাইত: দুটামান উদাহৰণ হে দিছো।

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top