Skip to content

এটা আত্মঘাতী গ’ল আৰু এটা গুলীৰ শব্দ: ফুটবলৰ ইতিহাসৰ আটাইতকৈ ক’লা অধ্যায়

Dr Netraranjan
June 14, 20265 second read
Andrés Escobar

ফুটবল কেৱল এটা খেল নহয়, ই এক আবেগ। কিন্তু যেতিয়া এই আবেগ উন্মাদনাত পৰিণত হয়, তেতিয়া ই জন্ম দিব পাৰে ইতিহাসৰ আটাইতকৈ ভয়ংকৰ ট্ৰেজেডীৰ।

ফুটবলত ভুল হোৱাটো স্বাভাৱিক। বিশ্বৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈজনেও পেনাল্টি মিছ কৰে, সহজ সুযোগ হেৰুৱায় বা ভুলবশতঃ নিজৰ জালতে বল সুমুৱাই দিয়ে। সাধাৰণতে এনে ভুলৰ শাস্তি হয় তীব্ৰ সমালোচনা, অনুৰাগীৰ হতাশা বা সাময়িক পৰাজয়। কিন্তু ক্ৰীড়া জগতৰ ইতিহাসত এজন এনে ডিফেণ্ডাৰ আছিল, যাৰ এটা অনিচ্ছাকৃত ভুলৰ বিনিময়ত তেওঁৰ ডেকা জীৱনটোকে কাঢ়ি লোৱা হৈছিল।

তেওঁ আছিল আন্দ্ৰেছ এস্কোবাৰ (Andrés Escobar)— কলম্বিয়াৰ সেই অনন্য ডিফেণ্ডাৰ, যাৰ ভদ্ৰতা আৰু খেলুৱৈসুলভ আচৰণৰ বাবে সমগ্ৰ ফুটবল বিশ্বই তেওঁক “The Gentleman of Football” বুলি সন্মান জনাইছিল। ১৯৯৪ চনৰ বিশ্বকাপৰ সেই এটা আত্মঘাতী গ’লে কেৱল এখন মেচৰ ভাগ্য সলনি কৰা নাছিল, বৰঞ্চ সমগ্ৰ মানৱতাৰ বুকুত এক কেতিয়াও নুশুকুৱা গভীৰ ক্ষতৰ সৃষ্টি কৰিছিল।

বিশ্বজয়ৰ সপোন আৰু এটা সোণালী প্ৰজন্মৰ উত্থান

১৯৯৪ চনৰ ফীফা বিশ্বকাপৰ পূৰ্বে কলম্বিয়া কেৱল এটা সাধাৰণ দল নাছিল, তেওঁলোক আছিল বিশ্ব ফুটবলৰ আটাইতকৈ ভয়ংকৰ ক’লা ঘোঁৰা (Dark Horse)। যোগ্যতা অৰ্জনকাৰী পৰ্বত তেওঁলোকে বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনাক তেওঁলোকৰে ঘৰৰ মাটিত ৫-০ গ’লত ধূলিসাৎ কৰিছিল— যি ফলাফল আছিল সমগ্ৰ বিশ্বৰ বাবে এক জোকাৰণি।

কাৰ্লোছ ভাল্ডেৰামা, ফাউষ্টিনো এছপ্ৰিলা আৰু ফ্ৰেডি ৰিনকনৰ দৰে তাৰকাৰে জিলিকি থকা সেই দলটোক স্বয়ং ফুটবল সম্ৰাট পেলেই বিশ্বকাপৰ অন্যতম দাবীদাৰ বুলি ঘোষণা কৰিছিল। আৰু এই আক্ৰমণাত্মক দলটোৰ ৰেডিয়েটৰ বা প্ৰতিৰক্ষাৰ মূল খামোচ আছিল শান্ত, শৃংখলাবদ্ধ আৰু দেশবাসীৰ অতি প্ৰিয় আন্দ্ৰেছ এস্কোবাৰ।

সেই অভিশপ্ত ৩৫ মিনিট: বুকু কঁপাই যোৱা এটা ভুল

“জীৱন ইয়াতেই শেষ হৈ নাযায়। আমি যিয়েই নহওক কিয়, আগবাঢ়ি যাবই লাগিব…” — আন্দ্ৰেছ এস্কোবাৰ (মৃত্যুৰ পূৰ্বে তেওঁৰ শেষ লেখাৰ অংশ)

কিন্তু ফুটবলৰ জগতখন বৰ নিষ্ঠুৰ। ইয়াত সপোনবোৰ মুহূৰ্ততে থানবান হৈ যাব পাৰে। প্ৰথম খেলত ৰোমানিয়াৰ হাতত ৩-১ গ’লত পৰাজিত হোৱাৰ পিছত, ২৩ জুনৰ নিশা আয়োজক আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে মেচখন কলম্বিয়াৰ বাবে আছিল জীৱন-মৰণৰ যুঁজ।

খেলৰ ৩৫ মিনিট। আমেৰিকাৰ মিডফিল্ডাৰ জন হাৰ্কছৰ এটা তীব্ৰ গতিৰ ক্ৰছ ক্লিয়াৰ কৰিবলৈ গৈ এস্কোবাৰে স্লাইড কৰিছিল। কিন্তু ভাগ্যৰ কি কৰুণ পৰিহাৰ! বলটো তেওঁৰ ভৰিত লাগি দিশ সলাই কলম্বিয়াৰ নিজৰ জালত সোমাই পৰিল।

ষ্টেডিয়ামৰ লাখ লাখ আৰু টিভিৰ সন্মুখত থকা কোটি কোটি দৰ্শক স্তব্ধ হৈ পৰিল। এস্কোবাৰে খেলপথাৰতে মূৰত হাত দি শুই পৰিল। সেই মুহূৰ্ততে যেন তেওঁ অনুভৱ কৰিছিল এক অজান আশংকা। কলম্বিয়া খেলখন ২-১ গ’লত হাৰিল আৰু বিশ্বকাপৰ পৰা বিদায় ল’লে। কিন্তু কোনেও কল্পনাও কৰা নাছিল যে এই ভুলৰ বাবে তেওঁক কি ভয়ংকৰ মূল্য ভৰিব লাগিব।

ড্ৰাগছ, অপৰাধ আৰু কলম্বিয়াৰ সেই ক’লা অধ্যায়

এই ট্ৰেজেডী বুজিবলৈ হ’লে সেই সময়ৰ কলম্বিয়াৰ পৰিস্থিতি বুজিব লাগিব। নব্বৈৰ দশকৰ কলম্বিয়া আছিল ড্ৰাগ কাৰ্টেল, মাফিয়া ৰাজ আৰু অবৈধ বাজিৰ (Illegal Betting) এক নৰককুণ্ড। কুখ্যাত ড্ৰাগ সম্ৰাট পাবলো এস্কোবাৰৰ মৃত্যুৰ পিছত দেশখনৰ আইন-শৃংখলা সম্পূৰ্ণৰূপে ভাঙি পৰিছিল।

এই অপৰাধী আৰু মাফিয়া গোটবোৰে কলম্বিয়াৰ ফুটবলত কোটি কোটি ডলাৰৰ বাজি ধৰিছিল। দলটোৰ আকস্মিক বিদায়ে এই ক্ৰুৰ অপৰাধীসকলৰ বিশাল আৰ্থিক লোকচান কৰিছিল আৰু তেওঁলোকৰ অহংকাৰত আঘাট হানিছিল। ফুটবল তেওঁলোকৰ বাবে ক্ৰীড়া নাছিল, আছিল টকা উপাৰ্জনৰ আৰু ক্ষমতা প্ৰদৰ্শনৰ এক ক’লা মাধ্যম।

২ জুলাই, ১৯৯৪: যেতিয়া ক্ৰীড়া প্ৰেমৰ বুকুত গুলী চলিল

বিশ্বকাপৰ পৰা বিদায় লোৱাৰ মাত্ৰ ১০ দিন পিছৰ কথা। ২ জুলাইৰ নিশা, নিজ চহৰ মেডেলিনৰ এটা নৈশক্লাবৰ বাহিৰত আন্দ্ৰেছ এস্কোবাৰক তিনিজন লোকে ঘেৰি ধৰে। তেওঁলোকে এস্কোবাৰক সেই আত্মঘাতী গ’লটোক লৈ তীব্ৰ ককৰ্থনা কৰিবলৈ ধৰে। ভদ্ৰ ডিফেণ্ডাৰজনে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিল যে সেয়া কেৱল এটা ভুল আছিল, কোনো অপৰাধ নাছিল।

কিন্তু উন্মত্ত অপৰাধীৰ দলটোৱে একো নুশুনিলে। হঠাতে এজন হত্যাকাৰীয়ে পিষ্টল উলিয়াই আন্দ্ৰেছৰ বুকুলৈ লক্ষ্য কৰি এটাৰ পিছত এটাকৈ ৬ জাই গুলী ফুটাই দিলে। প্ৰতিটো গুলী মৰাৰ সময়ত হত্যাকাৰীজনে উপলুঙা কৰি চিঞৰিছিল— “গ’ল!”

মাত্ৰ ২৭ বছৰ বয়সতে, নিজৰ কেৰিয়াৰৰ সোণালী সময়ত, এজন মহান খেলুৱৈ ৰক্তাক্ত হৈ ঢলি পৰিল। ফুটবলৰ এটা ভুলৰ শাস্তি হ’ল মৃত্যুদণ্ড!

ফুটবল প্ৰেমীসকলৰ বাবে এটা কঠিন বাৰ্তা

আন্দ্ৰেছ এস্কোবাৰৰ এই কৰুণ কাহিনীয়ে সমগ্ৰ বিশ্বক এটা ডাঙৰ শিক্ষা দি গ’ল। ক্ৰীড়াংগনত আৱেগ থকাটো স্বাভাৱিক, কিন্তু যেতিয়া সেই আৱেগ হিংসা আৰু অন্ধ ক্ৰোধলৈ ৰূপান্তৰিত হয়, তেতিয়া ক্ৰীড়াৰ আত্মা মৰি যায়।

আজি কেইবা দশক পিছতো যেতিয়া সমগ্ৰ বিশ্বই আন্দ্ৰেছ এস্কোবাৰক মনত পেলায়, তেতিয়া তেওঁক সেই আত্মঘাতী গ’লটোৰ বাবে নহয়, বৰঞ্চ তেওঁৰ সৰলতা, নম্ৰতা আৰু মহান ব্যক্তিত্বৰ বাবেহে স্মৰণ কৰে। তেওঁ আছিল কলম্বিয়াৰ এজন প্ৰকৃত নায়ক, যাক অপৰাধ জগতৰ ক’লা ছায়াই কাঢ়ি লৈ গ’ল।

আমাৰ বাবে শিক্ষা:

  • খেল কেৱল এটা খেলহে: কোনো খেল বা কোনো টুৰ্ণামেণ্টেই কাৰোবাৰ জীৱনতকৈ ডাঙৰ হ’ব নোৱাৰে।
  • খেলুৱৈ সকলো মানুহ: ট্ৰফী জিকিলে খেলুৱৈসকলক ভগৱানৰ আসনত বহুওৱা আৰু হাৰিলে তেওঁলোকক খলনায়ক সজোৱা মানসিকতা ক্ৰীড়া সংস্কৃতিৰ বাবে এক ডাঙৰ কলংক।
  • মানৱতা প্ৰথম: খেলপথাৰৰ ভুলক খেলপথাৰতে এৰি থৈ যাব লাগে, তাক ব্যক্তিগত শত্ৰুতালৈ ৰূপান্তৰ কৰা অনুচিত।

আন্দ্ৰেছ এস্কোবাৰে হয়তো বিশ্বকাপ জিকিব নোৱাৰিলে, কিন্তু তেওঁ নিজৰ জীৱন ত্যাগ কৰি বিশ্বৰ সকলো ফুটবল প্ৰেমীক এক চিৰন্তন পাঠ শিকাই গ’ল— “খেল এখনত হাৰ-জিত, ভুল-ভ্ৰান্তি হ’ব পাৰে, কিন্তু মানৱতা সদায় জয়ী হ’ব লাগিব।”

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top