খেলপথাৰত ২২ জন খেলুৱৈৰ মাজত তীব্ৰ যুঁজ চলিলেও, কেতিয়াবা এনে লাগে যেন কোনোবা আঁতৰৰ পৰা এক অদৃশ্য নিয়তি বা যাদুকৰী সংখ্যাই সমগ্ৰ খেলখন নিয়ন্ত্ৰণ কৰিছে। এইবাৰৰ বিশ্বকাপত ঠিক তেনে এক অবিশ্বাস্য আৰু কাকতালীয় ঘটনাৰ সাক্ষী হৈ ৰ’ল সমগ্ৰ ক্ৰীড়াবিশ্ব। বিজয়ৰ দুৱাৰডলিত উপনীত হোৱাৰ পাছতো মাত্ৰ ‘৮৬ মিনিট’ৰ এটা অঘটনে ৰুদ্ধ কৰি দিলে আফ্ৰিকাৰ তিনিখনকৈ শক্তিশালী দেশৰ বিশ্বকাপ যাত্ৰা। ফুটবলৰ ঈশ্বৰে যেন অতি নিষ্ঠুৰভাৱে কঠোৰ হাতেৰে কাঢ়ি নিলে তেওঁলোকৰ সপোন।
ছেনেগালৰ চকুৰ পানী আৰু বেলজিয়ামৰ অদম্য মানসিকতা
এই পৰ্যন্ত বিশ্বকাপৰ পৰা সবাতোকৈ বেদনাদায়ক প্ৰস্থান ঘটিছে ছেনেগালৰ। ২০০২ চনৰ বিশ্বকাপত ডিফেণ্ডিং চেম্পিয়ন ফ্ৰান্সক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেল খেলা ছেনেগালে এইবেলি ‘Round of 32’ত বেলজিয়ামৰ বিৰুদ্ধে খেলিছিল। ৮৫ মিনিটলৈ ২-০ গ’লত আগুৱাই থকা আফ্ৰিকাৰ এই মহাশক্তিৰ জয় তেতিয়া নিশ্চিত যেন লাগিছিল। কিন্তু তাৰ পিছতেই আৰম্ভ হ’ল সেই অভিশপ্ত অধ্যায়।
৮৬ মিনিটত বেলজিয়ামৰ তাৰকা ৰোমেলু লুকাকুয়ে প্ৰথমটো গ’ল পৰিশোধ কৰে। ইয়াৰ ঠিক পিছতে, ৮৯ মিনিটত বেলজিয়ামে আন এটা গ’লেৰে সমতা স্থাপন কৰাত মেচখন অতিৰিক্ত সময়লৈ গতি কৰে। অৱশেষত ১২৫ মিনিটত লাভ কৰা এক বিতৰ্কিত পেনাল্টীৰ সহায়ত বেলজিয়ামে অবিশ্বাস্য বিজয় সাব্যস্ত কৰে। নিশ্চিত বিজয় হাতৰ পৰা পিছলি যোৱাত কান্দোনত ভাগি পৰে ছেনেগালৰ খেলুৱৈসকল।
অৱশ্যে, বেলজিয়ামৰ এই জয়ৰ আঁৰত আছিল অন্তিম মুহূৰ্তলৈ হাৰ নমনাৰ এক অদম্য মানসিকতা। এইবাৰৰ বিশ্বকাপৰ ৪ খন মেচতে তেওঁলোকে গ’ল প’ষ্টলৈ সৰ্বাধিক ৯২ টা শ্বট লৈছে। আনহাতে ছেনেগালৰ বাবে এয়া আছিল ছমাহৰ ভিতৰত দ্বিতীয়টো হৃদয়বিদাৰক আঘাত। এই বৰ্ষৰ ‘আফকন’ (AFCON) ত মৰক্কোক হৰুৱাই চেম্পিয়ন হোৱাৰ পাছতো বিতৰ্কিত পেনাল্টীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ বাবে তেওঁলোকৰ পৰা খিতাপ কাঢ়ি লোৱা হৈছিল। সেই ক্ষত শুকুৱাৰ নৌপৰোতেই বিশ্বকাপে ছেনেগালক দিলে ৮৬ মিনিটৰ আন এক অসহনীয় দুঃস্বপ্ন।
৫২ বছৰৰ প্ৰত্যাৱৰ্তন আৰু ডি আৰ কংগোৰ সপোন ভংগ
১৯৭৪ চনত জাইৰে নামেৰে বিশ্বকাপত আত্মপ্ৰকাশ কৰি ৩ খন মেচত ১৪ টা গ’ল হজম কৰা ডি আৰ কংগোৱে সুদীৰ্ঘ ৫২ বছৰৰ মূৰত এইবাৰ সবল প্ৰত্যাৱৰ্তন ঘটাইছিল। গ্ৰুপ পৰ্যায়ত শক্তিশালী পৰ্টুগালৰ বিৰুদ্ধে ড্ৰ’ খেলি চমক দিয়া কংগোৱে নক আউটত ইংলেণ্ডৰ বিৰুদ্ধে মুখামুখি হৈছিল। মেচৰ মাত্ৰ ৮ মিনিটতে গ’ল স্ক’ৰ কৰি ৭৪ মিনিটলৈ অগ্ৰগতি লাভ কৰিছিল কংগোৱে।
৭৫ মিনিটত ইংলেণ্ডৰ অধিনায়ক হেৰী কেনে গ’ল শোধাই সমতা আনিলেও কংগোৱে যুঁজ এৰি দিয়া নাছিল। কিন্তু পুনৰ কঁপাই গ’ল সেই একেই কাটা! ৮৬ মিনিটত হেৰী কেনে নিজৰ অসাধাৰণ ক্ষিপ্ৰতাৰে দ্বিতীয়টো গ’ল স্ক’ৰ কৰাৰ লগে লগে থনক-বানক হৈ গ’ল ডি আৰ কংগোৰ সুদীৰ্ঘ ৫২ বছৰৰ সপোন।
আৰ্লিং হালাণ্ডৰ আক্ৰমণ আৰু আইভৰী ক’ষ্টৰ পতন
একে ধৰণৰ অভিশাপৰ বলি হ’বলগীয়া হ’ল আফ্ৰিকাৰ আন এখন অন্যতম শক্তিশালী দল আইভৰী ক’ষ্ট। নক আউট পৰ্যায়ত নৰৱেৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছিল দেশখনে। ৩৯ মিনিটত নৰৱেই প্ৰথম গ’ল কৰাৰ পাছত ৭৪ মিনিটত আইভৰী ক’ষ্টে গ’ল পৰিশোধ কৰি মেচখনলৈ সমতা ঘূৰাই আনে আৰু নৰৱেক অহৰহ চাপত ৰাখে। কিন্তু ঠিক ৮৬ মিনিটত নৰৱেৰ তাৰকা ষ্ট্ৰাইকাৰ আৰ্লিং হালাণ্ডে গ’ল কৰাৰ লগে লগে চূড়মাৰ হৈ পৰে আইভৰী ক’ষ্টৰ সকলো আশা। ষ্টেডিয়ামত তেতিয়া বাজি উঠিছিল নৰৱেৰ বিখ্যাত ‘ভাইকিং ৰ’ (Viking Roar)’, আৰু খেলপথাৰ এৰিবলগীয়া হৈছিল আইভৰী ক’ষ্টে।
ইউৰোপ-লেটিনৰ আধিপত্যৰ মাজত আফ্ৰিকান ফুটবলৰ দুৰন্ত উত্থান
বিশ্বকাপৰ গ্ৰুপ পৰ্যায়ত আফ্ৰিকাৰ দেশসমূহৰ প্ৰদৰ্শন দেখি বহুতৰে মনলৈ আহিছিল ছাকিৰাৰ সেই বিখ্যাত গীতৰ শাৰী— “This time for Africa!”। এইবাৰ বিশ্বকাপত অংশ লোৱা আফ্ৰিকাৰ ১০ খন দেশৰ ভিতৰত ৯ খনেই নক আউট পৰ্যায়লৈ যোগ্যতা অৰ্জন কৰি এক নতুন ইতিহাস ৰচনা কৰিছিল। যদিও বৰ্তমান মৰক্কো আৰু ইজিপ্তৰ বাহিৰে বাকী আটাইকেইখন দেশ প্ৰথম যুঁজতে বিদায় মাগিবলগীয়া হৈছে, তথাপিও এই প্ৰদৰ্শনে বিশ্ব ফুটবলত আফ্ৰিকান শক্তিৰ উত্থানকে প্ৰমাণ কৰে।
ইউৰোপ আৰু লেটিন আমেৰিকাৰ পৰম্পৰাগত আধিপত্যৰ মাজত আফ্ৰিকা এতিয়া ফুটবলৰ এক নবোদিত শক্তি। পূৰ্বতে আফ্ৰিকাৰ ফুটবল কেৱল শাৰীৰিক শক্তি আৰু দ্ৰুত গতিৰ বাবে জনাজাত আছিল যদিও, বৰ্তমান তেওঁলোকে আধুনিক ফুটবলৰ সকলো কৌশল আয়ত্ত কৰিছে। ইউৰোপীয় ক্লাবসমূহক বিভিন্ন লীগ জয় কৰোৱা আফ্ৰিকাৰ ফুটবলাৰসকলে যেতিয়া নিজ দেশৰ জাৰ্ছী পিন্ধি খেলপথাৰত নামে, তেতিয়া তেওঁলোকৰ আত্মবিশ্বাস দেখি বলিপীঠ কঁপি উঠে।
যদিও দুদিনৰ ভিতৰত তিনিখনকৈ মেচত ঘটা এই অঘটনসমূহ এক কাকতালীয় ঘটনা হ’ব পাৰে, তথাপিও অদূৰ ভৱিষ্যতলৈ ছেনেগাল, ডি আৰ কংগো আৰু আইভৰী ক’ষ্টৰ বাবে এয়া চিৰদিন ‘৮৬ মিনিটৰ অভিশাপ’ হিচাপেই চিহ্নিত হৈ ৰ’ব।







