ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ বুকুত দেখা গ’ল এক অত্যন্ত চিন্তনীয় আৰু বেদনাদায়ক দৃশ্য। ৰাস্তাৰ ব্যৰিকেড, আৰক্ষীৰ লাঠি চালনা আৰু কন্দুৱা গেছৰ ধোঁৱাৰ সমুখত থিয় হৈ আছিল হাজাৰ হাজাৰ শান্তিপূৰ্ণ ছাত্ৰ-ছাত্ৰী আৰু যুৱপ্ৰজন্ম। এই দৃশ্য কেৱল শান্তিশৃঙ্খলা ৰক্ষাৰ এক সাধাৰণ ঘটনা নাছিল; বৰঞ্চ ই আছিল বৰ্তমানৰ শাসকীয় দৃষ্টিভংগী আৰু গণতান্ত্ৰিক মূল্যবোধৰ এক চৰম বিপৰ্যয়ৰ ছবি।
সংসদ অভিমুখে যাত্ৰা কৰা এই প্ৰতিবাদকাৰীসকল আছিল মূলতঃ অনলাইন ব্যংগাত্মক মঞ্চ ‘ককৰোচ জনতা পাৰ্টি’ (CJP)-ৰ আহ্বানত সমৱেত হোৱা ছাত্ৰ-যুৱক। গৰম আৰু কঠিন পৰিস্থিতিৰ মাজতো ২০ জুনৰ পৰা যন্তৰ-মন্তৰত ধাৰাবাহিক অৱস্থান ধৰ্ণা চলি আছিল, য’ত শিক্ষা আৰু পৰিৱেশ কৰ্মী সোণাম ৱাংচুকে (Sonam Wangchuk) ২৮ জুনৰ পৰা অনশন আৰম্ভ কৰিছিল। বিগত শনিবাৰে তেওঁক বলপূৰ্বকভাৱে হাস্পতাললৈ লৈ যোৱা হয়।
কিন্তু মন কৰিবলগীয়া যে, এই প্ৰতিবাদকাৰীসকল কেৱল এটা ধৰ্ণা বা এটা অনলাইন মঞ্চৰ আহ্বানেৰে সীমাৱদ্ধ হৈ থকা নাছিল। তেওঁলোক একত্ৰিত হৈছিল এক বৃহত্তৰ সামাজিক আৰু অস্তিত্বৰ সংকটক কেন্দ্ৰ কৰি— আমাৰ ভাঙি পৰা শিক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু অনিশ্চিত ভৱিষ্যতৰ দাবীত।
ভাঙি পৰা শিক্ষা ব্যৱস্থা আৰু NEET বিতৰ্ক
আজি আমাৰ দেশৰ শিক্ষা ব্যৱস্থা চৰম সংকটৰ গৰাহত। প্ৰশ্নকাকত ফাদিল (Paper Leaks), পৰীক্ষা স্থগিত বা বাতিলকৰণ, আৰু ফলাফল ঘোষণাৰ ব্যাপক অনিয়ম এতিয়া যেন দৈনিক ঘটনালৈ ৰূপান্তৰিত হৈছে। শেহতীয়াকৈ NEET পৰীক্ষা বাতিল আৰু পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্তই লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ পৰিয়ালৰ মনত তীব্ৰ আঘাত হানিশে।
যি সময়ত এখন দেশৰ মেধাৱী যুৱপ্ৰজন্মই ৰাতি-দিন একাকাৰ কৰি পৰীক্ষাৰ প্ৰস্তুতি চলায়, সেই সময়ত যদি প্ৰশ্নকাকত বজাৰত বিক্ৰী হয়, তেন্তে শিক্ষা ব্যৱস্থাৰ নিকা ভাবমূৰ্তি ক’ত থাকে? শিক্ষাৰ এনে জৰাজীৰ্ণ অৱস্থাই প্ৰত্যক্ষভাৱে দেশৰ নিবনুৱা সমস্যাক আৰু অধিক ভয়াবহ কৰি তুলিছে। পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি যুৱশক্তি থকা দেশখনত যেতিয়া সংস্থাপন আৰু পৰীক্ষা ব্যৱস্থাই স্বচ্ছতা হেৰুৱাই পেলায়, তেতিয়া যুৱপ্ৰজন্মৰ মনত এক গভীৰ হতাশা আৰু আক্ৰোশে গঢ় লৈ উঠে।
গণতান্ত্ৰিক বাক-স্বাধীনতা আৰু ‘সবকা বিশ্বাস’ৰ প্ৰশ্ন
চৰকাৰে বিগত ১২ বছৰত ধাৰাবাহিক নিৰ্বাচনী সফলতা লাভ কৰি নিজৰ জনপ্ৰিয়তা প্ৰমাণ কৰিছে। কিন্তু একে সময়তে, ভিন্নমত বা প্ৰতিবাদক ‘দেশবিৰোধী’ আখ্যা দি দমন কৰাৰ এক প্ৰৱণতা গঢ়ি উঠা দেখা গৈছে। ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস’-ৰ শ্লোগান কেৱল ভাষণ আৰু বিজ্ঞাপনত সীমাবদ্ধ থাকিব নোৱাৰে; ইয়াৰ বাবে প্ৰয়োজন প্ৰত্যেক নাগৰিকৰ ক্ষোভ আৰু দাবীক সংবিধান সন্মতভাৱে শ্ৰদ্ধা কৰা।
আমাৰ সংবিধানৰ অনুচ্ছেদ ১৯ (Article 19)-এ প্ৰত্যেক নাগৰিকক শান্তিপূৰ্ণভাৱে একত্ৰিত হোৱা আৰু প্ৰতিবাদ সাব্যস্ত কৰাৰ মৌলিক অধিকাৰ প্ৰদান কৰিছে। গণতন্ত্ৰত চৰকাৰৰ প্ৰথম দায়িত্ব হ’ল জনসাধাৰণৰ মাত শ্ৰৱণ কৰা, কন্দুৱা গেছ বা লাঠিৰে আন্দোলনকাৰীৰ কণ্ঠৰোধ কৰা নহয়।
সংসদীয় গণতন্ত্ৰ আৰু ভৱিষ্যতৰ পথ
প্ৰতিবাদকাৰীসকলে সোমবাৰে সংসদ অভিমুখে যাত্ৰা কৰিছিল, কাৰণ সংসদ হৈছে গণতন্ত্ৰৰ সৰ্বোচ্চ মন্থন স্থান, য’ত জনপ্ৰতিনিধিসকলে ৰাইজৰ সমস্যা উত্থাপন কৰিব লাগে। যন্তৰ-মন্তৰত উত্থাপিত হোৱা শিক্ষা আৰু নিবনুৱা সমস্যাৰ উত্তপ্ত দাবীবোৰ সংসদৰ মজিয়াত আলোচনা হ’বই লাগিব। চৰকাৰে মনত ৰখা উচিত যে গণতন্ত্ৰ বলপ্ৰয়োগৰ মাধ্যম নহয়, ই হৈছে গঠনমূলক আলোচনা আৰু পাৰস্পৰিক বিশ্বাসৰ এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া।







