Saturday, August 1, 2026
Home দেশবিৰোধীৰ উত্তাল প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত ‘জন্ম আৰু মৃত্যু (সংশোধনী) বিধেয়ক, ২০২৬: প্ৰমাণপত্ৰ বনাবলৈ এতিয়া আৰু সহজ নহ’ব

বিৰোধীৰ উত্তাল প্ৰতিবাদৰ মাজতে লোকসভাত গৃহীত ‘জন্ম আৰু মৃত্যু (সংশোধনী) বিধেয়ক, ২০২৬: প্ৰমাণপত্ৰ বনাবলৈ এতিয়া আৰু সহজ নহ’ব

by Dr Netraranjan
Registration of Life and Death Certificate Bill

সংসদৰ মৌচুমী অধিৱেশনৰ উত্তপ্ত পৰিৱেশৰ মাজতে লোকসভাত গৃহীত হ’ল এক গুৰুত্বপূৰ্ণ বিধেয়ক। বিৰোধী সাংসদসকলৰ ধাৰাবাহিক হুলস্থুল, শ্লোগান আৰু উত্তাল প্ৰতিবাদৰ মাজতে কোনো দীঘলীয়া আলোচনা নকৰাকৈয়ে ধ্বনিমতত গৃহীত হয় ‘জন্ম আৰু মৃত্যু (সংশোধনী) বিধেয়ক, ২০২৬’ (Registration of Births and Deaths (Amendment) Bill, 2026)।

কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে লোকসভাত বিধেয়কখন উপস্থাপন কৰে। বিধেয়কখন গৃহায়নৰ লগে লগে সংসদীয় কাৰ্যসূচী মন্ত্ৰী কিৰেণ ৰিজিজুৱে বিৰোধীৰ এনে আচৰণক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু কয় যে গুৰুত্বপূৰ্ণ জনস্বাৰ্থজড়িত বিধেয়কত আলোচনাৰ পৰা আঁতৰি থকাটো গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয়।

বিধেয়কখনৰ মূল উদ্দেশ্য আৰু গুৰুত্বপূৰ্ণ সালসলনিসমূহ

১৯৬৯ চনৰ মূল ‘জন্ম আৰু মৃত্যু পঞ্জীয়ন আইন’ক ২০২৩ চনৰ পিছত পুনৰ সংস্কাৰ কৰি এই নতুন জন্ম আৰু মৃত্যু (সংশোধনী) বিধেয়ক, ২০২৬ অনা হৈছে। চৰকাৰৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ দেশজুৰি জন্ম আৰু মৃত্যুৰ তথ্য অধিক স্বচ্ছ, ডিজিটেল আৰু জাল নথিপত্ৰমুক্ত কৰি তোলা।

এই নতুন বিধেয়কখনৰ মুখ্য অংশসমূহ তলত দিয়া ধৰণে বিভক্ত কৰা হৈছে:

১. পলমকৈ পঞ্জীয়নৰ বাবে দ্বি-স্তৰীয় (Two-Tier) আইনী ব্যৱস্থা

পূৰ্বৰ আইন অনুসৰি, ১ বছৰৰ পিছত জন্ম বা মৃত্যু পঞ্জীয়ন কৰিবলৈ জিলা দণ্ডাধীশ (DM), মহকুমা দণ্ডাধীশ (SDM) বা কাৰ্যবাহী দণ্ডাধীশৰ (Executive Magistrate) অনুমতিৰ প্ৰয়োজন আছিল। কিন্তু ২০২৬ চনৰ নতুন সংস্কাৰ অনুসৰি:

  • ১ ৰ পৰা ২ বছৰৰ বিলম্ব: ১ বছৰৰ পৰা ২ বছৰ পৰ্যন্ত পলম হ’লে পূৰ্বৰ দৰেই DM, SDM বা বিশেষভাৱে ক্ষমতাপ্ত কাৰ্যবাহী দণ্ডাধীশৰ সন্মতি লাগিব।
  • ২ বছৰতকৈ অধিক বিলম্ব: ২ বছৰতকৈ অধিক সময় পাৰ হৈ গ’লে প্ৰশাসনিক বিষয়াই পঞ্জীয়নৰ অনুমতি দিব নোৱাৰিব। এই ক্ষেত্ৰত প্ৰথম শ্ৰেণীৰ বিচাৰবিভাগীয় মেজিষ্ট্ৰেটৰ (Judicial Magistrate First Class) ন্যায়ালয়ৰ নিৰ্দেশ বাধ্যতামূল কৰা হৈছে।

২. কেন্দ্ৰীয় ডিজিটেল ডেটাবেছ আৰু এক একক নথি

সমগ্ৰ দেশতে একক ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে জন্ম-মৃত্যু পঞ্জীয়নৰ ব্যৱস্থা সংযোজিত হ’ব।

  • বিদ্যালয়-মহাবিদ্যালয়ত নামভৰ্তি, ড্ৰাইভিং লাইচেঞ্চ, পাছপ’ৰ্ট, ভোটাৰ তালিকা পঞ্জীয়ন আৰু চৰকাৰী চাকৰিৰ বয়স প্ৰমাণৰ বাবে ‘জন্ম প্ৰমাণ পত্ৰ’ (Birth Certificate) ই একক মূল প্ৰমাণপ্ৰত্ৰ হিচাপে গণ্য হ’ব।
  • এজন নাগৰিক ১৮ বছৰত ভৰি দিয়াৰ লগে লগে ভোটাৰ তালিকাত নাম স্বয়ংক্ৰিয়ভাৱে সংযোজিত হোৱাৰ ব্যৱস্থা সহজ হ’ব। একেদৰে মৃত্যুৰ পঞ্জীয়ন লগে লগে ডিজিটেল ডেটাবেছৰ পৰা নাম কৰ্তন হ’ব, যাৰ ফলত ভুৱা চৰকাৰী সুবিধা লাভ বন্ধ হ’ব।

৩. ‘ভাৰতীয় নাগৰিক সুৰক্ষা সংহিত, ২০২৩’ৰ সৈতে সংগতি

বিধেয়কখনত পূৰ্বৰ ১৯৭৩ চনৰ অপৰাধ প্ৰক্ৰিয়া সংহিতা (CrPC) ৰ সলনি নতুনকৈ কাৰ্যকৰী হোৱা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিত (BNSS), ২০২৩ ৰ সংজ্ঞাসমূহ সন্নিবিষ্ট কৰা হৈছে।

আইনখনৰ তুলনা: পূৰ্বৰ ব্যৱস্থা বনাম নতুন সংস্কাৰ

বিষয়পূৰ্বৰ নিয়ম (১৯৬৯ / ২০২৩ সংস্কাৰ)নতুন বিধেয়ক (২০২৬)
১-২ বছৰৰ বিলম্বজিলা দণ্ডাধীশ / কাৰ্যবাহী দণ্ডাধীশৰ অনুমতিDM / SDM / কাৰ্যবাহী দণ্ডাধীশৰ অনুমতি
২ বছৰতকৈ অধিক বিলম্বএকে প্ৰশাসনিক অনুমোদন ব্যৱস্থাজুডিচিয়েল মেজিষ্ট্ৰেট (First Class) ৰ পৰা আদেশ বাধ্যতামূলক
আইনী উল্লেখ (Legal References)CrPC, 1973Bharatiya Nagarik Suraksha Sanhita (BNSS), 2023
নথি সংযোজনপৃথক পৃথক কাগজ-পত্ৰকেন্দ্ৰীয় ডিজিটেল ডেটাবেছ আৰু সংযোজিত ভোটাৰ/পাছপ’ৰ্ট ব্যৱস্থা

সদনৰ উত্তপ্ত পৰিৱেশ আৰু বিৰোধীৰ প্ৰতিবাদ

সংসদ ভৱনত ছাত্ৰ-আন্দোলন প্ৰতিহত কৰা আৰু প্ৰশ্নকাকত ফাদিল বিষয়টোক লৈ বিৰোধী সদস্যসকলে সদনৰ মজিয়াত হুলস্থুলীয় পৰিৱেশ সৃষ্টি কৰে। বিৰোধী সাংসদসকল ‘ৱেল’লৈ নামি আহি গৃহমন্ত্ৰীৰ উপস্থিতি দাবী কৰাৰ মাজতে স্পীকৰৰ আসনত থকা বিজেপি সাংসদ দিলীপ শইকীয়াই বিধেয়কখন ভোটগ্ৰহণৰ বাবে আগবঢ়ায় আৰু ধ্বনিমতত ইয়াক অনুমোদন জনায় লোকসভাই।

প্ৰয়োজনীয় লিংকসমূহ (Links)

You may also like

Leave a Comment