ইন্টাৰনেট হ’ল বিভিন্ন নেটৱৰ্কৰ এক আন্তস্ংযোগ ব্যৱস্থা।বৰ্তমান ইণ্টৰনেটৰ যুগত ইউটিউব হৈছে এনে এক বৃহৎ প্লেটফর্ম , ভিডিঅ’ কনটেন্টৰ জৰিয়তে বৃহৎ টকা উপাৰ্জনৰ এক উৎস।ইউটিউবত যিকোনো এজন ব্যক্তিয়ে নিজৰ চেনেল খুলি উপার্জনৰ পথ মুকলি কৰিব পাৰিব , ইয়াৰ বাবে কোনো যোগ্যতাৰ আৱশ্যক নাই। কিন্তু ইউটিউবৰ সময়ে সময়ে সংযোজিত হৈ থকা নতুন ফিচাৰ, নিয়ম-নীতি, প্ৰতিদিনে আপডেট হোৱা ভিডিঅ’ শ্বেয়াৰিং প্লেটফর্মৰ পলিচিৰ বিষয়ে বুজি পোৱাটো আপোনাৰ বাবে অত্যন্ত প্ৰয়োজনীয়। ইউটিউবৰ জৰিয়তে উপার্জনৰ পথ প্ৰশস্ত কৰিবলৈ কিছুমান বিশেষ দিশত গুৰুত্ব দিব লাগিব।
ইউটিউবত চেনেল হিচাপে স্বীকৃতি পাবলৈ চাববস্ক্রাইবাবৰ সংখ্যা ১০০ হ’ব লাগে। তেতিয়া কাষ্টম ইউ আৰ এল (URL) ফিচাৰ লাভ কৰা হয়। আকৌ চেনেলৰ ৫০০ ছাবস্ক্রাইবাৰ সংখ্যা অতিক্ৰম কৰিলে লাভ কৰা হয় কমিউনিটি টেব (Community Tab) ফিচাৰ। ইয়াৰ পাছত লাভ কৰা হয় ভিডিঅ’ প্রিমিয়াম ফিচাৰ যাৰ বাবে তৈয়াৰ কৰা কনটেন্ট লাইভ স্ট্রিমিঙৰ দৰে প্ৰদৰ্শিত হব।
ইউটিউবৰ পৰা উপাৰ্জনৰ কৰিবলৈ চেনেল টো মনিটাইজেচন হব লাগিব যাৰ বাবে চাববস্ক্রাইবাৰৰ সংখ্যা ৫০০ জনতকৈ ও অধিক হব লাগিব।ফিচা ৰৰ জৰিয়তে ডিজিটেল ক্রিয়েটৰে লাভ কৰিব ৱাছ পেজ এড আৰু শর্টছ ফিড এডৰ সুবিধা ।অৱশ্যে এইটো ধাৰণা ভুল যে চাববস্ক্রাইবাৰৰ সংখ্যা ৫০০ ৰো অধিক হ’লেই ধন লাভ কৰিব। দৰাচলতে বিজ্ঞাপনৰ জৰিয়তে হে ডিজিটেল ক্রিয়েটৰে ধন লাভ কৰে । বিজ্ঞাপন প্রচাৰৰে উপাৰ্জন হোৱা ধনৰ এটা অংশহে ডিজিটেল ক্রিয়েটৰে লাভ কৰে। চেনেল এটাই ৪,০০০ ঘণ্টা watch time আৰু ১,০০০ জন subscriber টার্গেট পূৰ কৰিলে গুগল এড চেন্স পার্টনাৰ প্রগ্রামৰ পৰা বিজ্ঞাপন প্রচাৰৰ অনুমতি প্ৰদান কৰিলেহে বিজ্ঞাপনৰ বিপৰীতে নির্দিষ্ট ধন লাভ হব । কম সময়তে নির্দিষ্ট ছাবস্ক্রাইবাৰ আক দৰ্শকৰ সংখ্যা বৃদ্ধিয়ে ধন উপাৰ্জনত সহায় কৰিব। SEO (Search Engine Optimisation) দ্বাৰা নিজৰ ভিডিঅ’ optimaise কৰিলে চেনেলৰ জনপ্রিয়তা বাঢ়ে।ছাবস্ক্রাইবাৰ আৰু দৰ্শকৰ সংখ্যা বৃদ্ধি কৰিবলৈ ইউটিউব চেনেলটোক বিভিন্ন সামাজিক মাধ্যম যেনে ফে’চবুক, ইনস্টাগ্রাম, এক্স, হোৱাটছএপ আদিৰ স’তে সংযোগ কৰিব লাগে। অৱশ্যে জনপ্রিয় আন ইউটিউবাবব স’তে ক’লাবৰেট (Collaborate) কৰিও দৰ্শকৰ সংখ্যা বৃদ্ধি কৰিব পাৰি।
গতিকে আপুনিও Digital Creator হিচাপে আত্মপ্ৰকাশ কৰি উপাৰ্জনৰ পথ মুকলি কৰিব পাৰি। বৰ্তমান সময়ত যিকোনো বয়সৰ লোকৰ বাবেই ই সহজলভ্য।