জ্যোৎস্না কলিতা চৌধুৰী
সাম্প্ৰতিক সময়ত অসমৰ ভগ্ন প্ৰায় সমাজ ব্যৱস্থাত আৰু সাম্প্ৰদায়িক বাতাবৰণত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ নীতি শিক্ষা প্ৰাসংগিক হৈ পৰিছে I
শ্ৰীমন্ত শঙ্কৰদেৱৰ সপোনৰ সমাজখন আজি জাতি, শ্ৰেণী বিদ্বেষ, সাম্প্ৰদায়িক বিভাজন, ৰাজনৈতিক সংঘাত আৰু অন্যান্য অযথা কাৰকৰ দ্বাৰা প্ৰায় বিচ্ছিন্ন হৈ পৰিছে। সেয়েহে, এই সাম্প্ৰতিক সময়ত গুৰু জনাৰ বাণী আৰু আদৰ্শৰে এক নতুন মানৱতাবাদী সমাজ গঢ়ি তোলাৰ চেষ্টা কৰাটো আমাৰ সকলোৰে কৰ্তব্য আৰু এই আহ্বানক অসমৰ সকলো মানুহে সন্মান কৰা উচিত।
গুৰুজনাই আমাক কি দিয়া নাই? পৃথিৱীখন ভ্ৰমণ কৰি তেওঁ “বৈষ্ণৱ ধৰ্ম”ৰ সোণালী জ্ঞান কঢ়িয়াই আনিছিল আৰু সামাজিক জ্ঞানৰ স্মাৰক নিৰ্মাণ কৰিছিল। “নাম ধৰ্ম” সৰলীকৃত ভাৱে বিয়পাই গুৰু জনাই বহুতক শিক্ষিত কৰিছিল আৰু তেওঁলোকৰ মনক আলোকিত কৰে যিয়ে অন্ধবিশ্বাসক অতিক্ৰম কৰাত সহায় কৰে।
গুৰুজনাই একেবাৰে তৃণমূল পৰ্যায়ৰ পৰা সমাজ সংশোধনৰ যত্ন কৰিছিল৷ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যৰাজি যদিও ধৰ্মীয় সাহিত্য তাত সমাজ-সংস্কাৰৰ মনোভাৱ অতি প্ৰকট৷ শংকৰদেৱে নাৰী স্বাধীনতাৰ প্ৰতিও বিশেষভাৱে গুৰুত্ব দিছিল৷
ধৰ্মীয় মতবাদ প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আৰু সমাজৰ সংস্কাৰ সাধনৰ ক্ষেত্ৰত শংকৰদেৱে বহু বাধা পাইছিল, কিন্তু সকলোবোৰ বাধা অতিক্ৰম কৰি তেওঁ আন্দোলন চলাই গৈছিল৷ শ্ৰীমন্ত শংকৰদেৱক আমি এজন সাহসী সমাজ-বিপ্লৱী হিচাবেও আখ্যা দিব পাৰোঁ৷ গুৰি জনাৰ সমাজ-সংস্কাৰ আন্দোলনৰ আটাইতকৈ উল্লেখযোগ্য দিশ হ’ল জাতিভেদ প্ৰথাৰ দূৰীকৰণ৷
“কুকুৰ শৃগাল, গৰ্দ্দভৰো আত্মাৰাম
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম”
নগাৰ নৰোত্তম,গাৰোৰ গোবিন্দ,মুছলমানৰ চান্দসাইক শিষ্যৰূপে লৈ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ কৰা আৰু বিশেষভাৱে ভাওনা,বৰগীত আৰু মৌলিক শৈলীৰ সাহিত্য সৃষ্টিৰ লগতে সত্ৰ স্থাপন কৰি অসমীয়া সংস্কৃতিক বিশ্বৰ মজিয়াত প্ৰতিস্থা কৰা তথা বৰ অসমৰ প্ৰতিষ্ঠা কৰিছিল।
এই প্ৰসঙ্গতে প্ৰশ্ন কৰিব বিচাৰিছোঁ শ্ৰীমন্ত শংকৰদেৱ বঁটা (ৰাষ্ট্ৰীয় পৰ্যায়ৰ) ক’ত হেৰাল? শ্ৰীমন্ত শংকৰদেৱৰ নামত ৰাজ্য চৰকাৰে ১৯৮৬ চনৰ পৰাই প্ৰদান কৰি আহিছিল শ্ৰীমন্ত শংকৰদেৱ বঁটা। প্ৰথমবাৰৰ বাবে এই বঁটা পাইছিল কীৰ্তিনাথ হাজৰিকাই। অসম চৰকাৰৰ বিভাগীয় পৰ্টেলত উল্লেখ থকা অনুসৰি অন্তিমবাৰৰ বাবে ২০১৪ ত এই বঁটা পাইছিল এম এল ভাৰতপাণ্ডেয়ে। অৱশ্যে উইকিপেডীয়াৰ মতে তাৰ পাছত ২০১৭ত বশিষ্ঠ দেৱ শৰ্মা আৰু ২০২০ ত অন্তিমবাৰৰ বাবে ভৱ প্ৰসাদ চলিহাই এই বঁটা পাইছিল। যদিও ৩ বছৰৰ মূৰে মূৰে এই বঁটা দিয়া হয় বুলি উল্লেখ আছে ১৯৮৬ ৰ পৰা ২০১৪ লৈ প্ৰতি বছৰে এই বঁটা প্ৰদান কৰা হৈছিল। এতিয়া প্ৰশ্ন হ’ল শ্ৰীমন্ত শংকৰদেৱৰ নামত প্ৰচলিত এই বঁটা হঠাৎ কিয় অন্তৰ্ধান হ’ল? RSS নেতা কৃষ্ণ গোপাল ডাঙৰীয়াই গুৱাহাটী বিশ্ববিদ্যালয়ত গুৰুজনাক কৰা বিতৰ্কিত মন্তব্য অসমবাসীয়ে পাহৰা নাই।
শ্ৰীমন্ত শংকৰদেৱৰ নামত কিয় ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰদান কৰিব নোৱাৰি ? আজিলৈকে ৰাজ্য চৰকাৰে এই বিষয়ে কোনো স্পষ্টিকৰণ প্ৰকাশ নকৰিলে, আৰু জাতি মাটি ভেটি ৰক্ষা কৰা চৰকাৰৰ এই বিষয়ে বাধকতা সহজে অনুমেয়, অৱশ্যে এই বিষয়ে প্ৰশ্ন সকলোৱে কৰা উচিত।
ধৰ্মৰ নামত চলা ব্যভিচাৰ, অন্ধবিশ্বাস, কু-সংস্কাৰ আঁতৰ কৰি, জাতি-বর্ণ, উচ্চ-নীচৰ ভেদাভেদৰ প্ৰাচীৰ ভাঙি সু-শৃংখলিত, সুস্থিৰ ৰূপত সমাজ গঢ়াৰ বাবে নৱ বৈষ্ণৱ ভক্তিধৰ্ম বা একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰা লগতে অসমীয়া জাতিৰ সাহিত্য-সংস্কৃতিৰ ভেটিও নির্মাণ কৰা গুৰুজনাৰ আদৰ্শ আৰু বাণী যেন আজি আমাৰ সকলোৰে বাবে অতি প্ৰাসংগিক হৈ পৰিছে।
