জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Saturday, September 19, 2026

সফল ৰতন টাটাৰ অসফল প্ৰেম..অসম্পূর্ণ হৈয়ো সম্পূর্ণ যেন লগা এক কাহিনী

by Janagana Desk
2 minutes read
Ratan Tata Love Story

ৰতন টাটা: এ লাইফ নামৰ জীৱনীখনত লেখিকা থমাছ মেথিউৱে কেৰোলিনৰ ৰতন টাটাৰ সতে হোৱা আধৰুৱা প্ৰেমৰ বহু নজনা কথা প্ৰকাশ কৰিছে । যিয়ে পুনৰুজ্জীৱিত কৰিছে তেওঁলোকৰ অতীতক।  বিছেদৰ ৫০ বছৰৰ পিছত প্ৰথম প্ৰেমৰ সৈতে পুনৰ মিলিত হৈছিল ৰতন টাটা ।ব্যৱসায়িক দিশত সম্পূৰ্ণসফল ৰতন টাটাৰ প্ৰেম কাহিনী কিন্ত আধৰুৱা হৈয়ে ৰল। চিৰকুমাৰ ৰতন টাটাৰ জীৱনত প্ৰেমে ভুমুকি মাৰিছিল ১৯৬০ ৰ দশকত।  আমেৰিকাৰ লছ এঞ্জেলিছত থাকোতে ৰতন টাটাৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেম হৈছিল। লাহে লাহে সেই প্ৰেম গভীৰ হৈছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী স্থপতিবিদৰ জীয়ৰী কেৰোলিন এমনছৰ সৈতে বিনিময় কৰিছিল এই মধুৰ সম্পৰ্ক । ১৯ বছৰ বয়সত কেৰোলিনে প্ৰথমবাৰ ৰতনক লগ পাইছিল, এই চাৰি চকুৰ মিলনতেই প্ৰেমত পৰিছিল কেৰোলিন। তেওঁৰ পিতৃ মাতৃৰো পছন্দৰ আছিল টাটা।কিন্তু সম্পৰ্কটো বেছি দিন স্থায়ী নহ’ল।এই প্ৰেমে সম্পৰ্কৰ নাম পোৱাৰ আগতেই স্থবিৰ হব লগা হয়। ভাৰত-চীন যুদ্ধৰ বাবে সৃষ্টি হোৱা পৰিস্থিতি আৰু তেওঁৰ অসুস্থ আইতাকক লগ কৰিবলৈ ভাৰতলৈ উভতি অহাত তেওঁলোকৰৰ জীৱনৰ গতিপথ সলনি কৰি হৈছিল।। যুদ্ধৰ ভয়াবহকতা আৰু অসুস্থ আইতাকৰ বাবে পুনৰ ভাৰতলৈ ঘূৰি আহিব লগা হোৱাত তেওঁলোক পৃথক হৈ পৰে।

 অৱশ্যে কেৰোলিনে তেওঁলোকৰ সম্পৰ্কত সুযোগ দিব নোৱাৰাৰ বাবে অনুশোচনা কৰিছিল। । কিতাপখনত কেৰোলিনে কয় যে বিবাহ পাশত আৱদ্ধ হোৱা সংগীজন ওৱেন জোনছ ৰতনৰ সৈতে একে আছিল। পেছাত স্থাপত্যবিদ আৰু পাইলট স্বামীৰ ২০০৬ চনত মৃত্যু হয়৷ পৰৱৰ্তী বছৰত কেৰোলিনে বন্ধুবৰ্গৰ সৈতে চোৱা “দ্য দাৰ্জিলিং লিমিটেড” বোলছবিখনে  তিনিজন ভাতৃৰ ভাৰতভ্ৰমণৰ যাত্ৰা দেখুৱাইছিল।চিনেমাখনৰ শেষত এজন বন্ধুৰ ভাৰত ভ্ৰমণ সম্পৰ্কীয় প্ৰশ্নই পুৰণি স্মৃতিবোৰ পুনৰুজ্জীৱিত কৰিছিল।

বিছেদৰ ৫০ বছৰৰ পিছত প্ৰথম প্ৰেমৰ সৈতে পুনৰ মিলিত হৈছিল ৰতন টাটা। কেৰোলিনে এজন পৰিচিত ভাৰতীয়ৰ সহায়ত virtually প্ৰথম প্ৰেমিক বিচাৰিবলৈ লয় । ইমেইলযোগে ৰতনৰ সৈতে পুনৰ সম্পৰ্ক স্থাপন কৰি ভাৰত ভ্ৰমণৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে।। পৰৱৰ্তী বছৰত, কেৰোলিনে ভাৰতলৈ আহি তেওঁৰ সৈতে দিল্লীত প্ৰায় পাঁচ সপ্তাহ অতিবাহিত কৰি পুৰণি স্মৃতি ৰুমন্থন কৰে। এনেকৈয়ে কেৰোলিনে নিয়মীয়াকৈ ভাৰত ভ্ৰমণ অব্যাহত ৰাখিছিল, 28 ডিচেম্বৰ, 2017 তাৰিখে মুম্বাইত ৰতনৰ 80 তম জন্মদিনত উদযাপন কৰিছিল আৰু 2021 চনত তেওঁক পুনৰ লগ কৰিছিল। আমেৰিকালৈ যোৱা ভ্ৰমণত তেওঁ প্ৰায়ে কেৰোলিনক নৈশ আহাৰৰ বাবে লৈ গৈছিল.. মুঠতে ৰতন টাটাৰ অসম্পূৰ্ণ প্ৰেম কাহিনী কোনো ৰোমান্টিক বোল ছবিৰ কাহিনীতকৈ কম নহয়…

Was this article helpful?
Yes0No0

You may also like