Skip to content

মূল্যবোধৰ ৰাজনীতিৰ ফোপোলা স্বৰূপ…

Dr Netraranjan
November 13, 20245 second read
Value degradation in current politics in India

জাতিৰ পিতা মহাত্মা গান্ধীয়ে নীতি বহির্ভূত ৰাজনীতিক এক প্ৰকাৰ পাপ বুলি কৈছিল !

নীতিগত আদৰ্শ ৰাজনৈতিক ক্ষেত্ৰত কোনো এটা দল নাইবা প্ৰাৰ্থীয়ে সাধাৰণতে এটা নির্দিষ্ট মতাদর্শত বিশ্বাসী বুলি নিশ্চয়তা দিব নোৱাৰি। বিশেষকৈ ভাৰতৰ দৰে সর্ববৃহৎ সংসদীয় গণতান্ত্রিক দেশ এখনত নীতি-আদর্শগত ৰাজনৈতিক ব্যবস্থা এটা বহু সময়ত এক প্ৰশ্নবোধক হৈয়ে আছে। জনসাধাৰণৰ সৰু ডাঙৰ আশা আকাংক্ষা পূৰণৰ চাবি কাঠি প্ৰভাৱশালী নাইবা শাসকীয় পক্ষৰ হাতৰ মুঠিত থাকি যায়। সাধাৰণ জনগণৰ প্ৰয়োজনীয়তা ভোট লাভৰ প্ৰধান অস্ত্ৰ ৰূপে পৰিগণিত হয়। তৃতীয় বিশ্বৰ দেশ হিচাপে ভাৰত অর্থনৈতিকভাবে সম্পূর্ণ স্বাবলম্বী নহয়। মানুহৰ প্ৰয়োজনীয়তা, দুৰ্বলতাৰ সংমিশ্ৰণ তথা সুযোগৰে আৰম্ভ হয় ৰাজনীতি, যত আদৰ্শ  নিলগত ৰৈ যায়। সময়ৰ লগে লগে দেশৰ ৰাজনৈতিক পৰিভাষাও সলনি হয়। নিজৰ স্বাৰ্থ সিদ্ধিত পাৰ্গত হৈ উঠে দলীয় নেতা, দল সংগঠন।কৰাল গহ্বৰত সোমাই পৰিছে সাধাৰণ জনতা। ৰাজনৈতিক কুটনীতি, চল চাতুৰিৰ মাধমাৰ শোধাই আছে জনতাক। সাধাৰণতে জীৱনৰ নিত্য নৈমিত্তিক প্ৰয়োজনীয়তাখিনিক লৈয়ে ব্যস্ত এই সহজ-সৰল মানুহখিনি। ক্ষন্তেকীয়া সন্তুষ্টি প্ৰদানৰে যেনে হ্ৰস্বম্যাদি আঁচনিৰ চমক দেখুৱাই আদায় কৰে নিজ স্বাৰ্থ। মোল্লাৰ দৌৰ মছজিদলৈকেহে বোলা কথাষাৰ সত্যতা প্রতিপন্ন কৰে ৰাজনীতিৰ ক্ষমতা লোভী নেতাই য’ত তেওঁলোকৰ নীতি আদৰ্শ সলনি হবলৈ কিঞ্চিৎ সময়েই যথেষ্ট। ক্ষমতাসৰ্বস্ব আজিৰ ৰাজনৈতিক ব্যৱস্থাত নিষ্ঠা আৰু সততা এৰি উজু পথেৰে বিচৰা আসনৰ লোভত অন্ধ হৈ পৰিছে নেতা, দল – সংগঠন সমূহ।

ৰাজনৈতিক আশা-আকাংক্ষাৰ ফলত দিনৰ পিছত দিন প্ৰতাৰিত হৈছে জনতা। প্ৰায়ে সমাজৰ নিম্ন মধ্যবিত্ত শ্ৰেণীটো  বেছিকৈ ৰাজনৈতিক আশা আকাংক্ষাৰ লোভত বন্দী হৈ সর্বস্ব হেৰুৱাৰ উপক্ৰম হয়। ৰাজনৈতিক সভা – সমিতিৰ টাৰ্গেটত থাকে ভাল দিনৰ অপেক্ষাত অপেক্ষাৰত এই নিম্ন মধ্যবিত্ত শ্ৰেণীটো।  সভা সমিতিৰ নামত কেতিয়াবা বলপূৰ্বক ভাৱে নাইবা কেতিয়াবা স্বাৰ্থৰ লোভত শ্ৰোতা তথা সমৰ্থকৰ ভাও দিয়ে। ৰাজনীতিৰ প্ৰতিটো প্ৰতিশ্ৰুতি সঁচা বুলি ভৱা এওঁলোক উপেক্ষিত হৈয়ে থাকি যায়।

ৰাজনীতি প্ৰচাৰৰ জৰিয়তে শিৰোনাম দখল কৰি জনচক্ষুৰ সন্মুখত থাকি লুকুৱাই ৰাখিব বিচাৰে ভণ্ড শাসন ব্যৱস্থা। জাতি – মাটি ভেটিৰ যিমান ভাষণ দিলেও ৰাজনীতিৰ মূল উদ্দেশ্য গাদী দখল, কাৰণ গাদী দখল মানেই সভা সমিতিৰ সন্মানীয়, ক্ষমতাৰ অধিকাৰী হোৱা। ৰাজনীতিৰ কৱলত শিক্ষক সংগঠন, বাণিজ্য সংগঠন, সাহিত্য সভাৰ বৰমুৰীয়াৰ লগতে বাদ নপৰিল সত্ৰৰ সত্ৰাধিকাৰো। ক্ষমতা লোভৰ যুঁজত নীতি- আদর্শ, আত্মসম্মান, দয়া-মমতা, প্রেম-ভাতৃত্ব আৰু মূল্যবোধ- সকলো হেৰুৱাই পেলায়, নিমিষতে ধুলিস্যাৎ হয় জাতি – মাটিৰ প্ৰতি থকা আৱেগ। প্রতিজ্ঞা- প্রতিশ্রুতিবোৰ নিৰ্বাচনী বৈতৰণীৰ ভাষণতে সীমাবদ্ধ হৈ ৰয়। ক্ৰমে অঞ্চলিকতাবাদৰ পৰা ৰাষ্ট্ৰীয়তাবাদলৈ গতি কৰে। আন এক বৃহৎ অংশই আকৌ ধৰ্মৰ ঠিকা কৰি নিজে নোদোকা হৈছে তথা পুঁজিপতি সকলৰ এক প্ৰকাৰ কৰ্মচাৰী  সদৃশ হৈ পৰিছে ।

ৰাজনীতি হৈছে পৰিছে অবাধ দুৰ্নীতিগ্রস্ত আৰু অপৰাধী সকলৰ ৰম্যভূমি, ঘোৰ সাম্প্ৰদায়িকতা, জাতিভেদ প্ৰথা তথা ধৰ্মীয় আবেগ আৰু সততে ঘৃণাৰ বিষবাষ্পৰে সৰ্বসাধাৰণ ৰাইজক বিভ্ৰান্ত কৰা হৈছে আৰু দেশ নিৰ্মাণৰ নিমিত্তে গঠন মূলক চিন্তাধাৰা স্থানত চৰকাৰ ভঙা পতা চিন্তা বেছি হৈছে আৰু সততে নেতা সকলৰ মুখত অশালীন ভাষা শুনিবলৈ পোৱা গৈছে, এনে এটা ধাৰণা হৈছে যে দলত প্ৰাধান্য পাবলৈ হলে ৰাজহুৱা ভাৱে অভদ্ৰ ভাষা প্ৰয়োগ কৰিব লাগিব। সংবিধান প্ৰদত্ত বিভিন্ন বিভাগৰ নিৰপেক্ষহীনতা আৰু ব্যাপক অৱক্ষয় আন এক গম্ভীৰ চিন্তাৰ কাৰণ হৈ পৰিছে। আজিৰ প্ৰজাতন্ত্ৰ হৈ পৰিছে ধনীতন্ত্ৰ !

ৰাজনীতিত দেখা দিয়া খাম-খেয়ালিয়ে বুজায় বিচলিত নীতিগত ৰাজনীতিৰ ধাৰাটো। গতিকে দেখা গৈছে বিচলিত হৈছে নীতিগত ৰাজনীতিৰ ধাৰাটো। নিৰ্বাচন আহে আৰু যায়, অব্যাহত থাকে একেই ধাৰা। সাধাৰণ জনতাৰ অজ্ঞতা, নিৰক্ষৰতা, দুৰ্বলতা, দৰিদ্ৰতাৰ সুযোগ লয় ক্ষমতাৰ নামত অন্ধ প্ৰতিটো দলে – সংগঠনৰ উদাত্ত ভাষণ দিয়া প্ৰতিজন নেতাই। আৰম্ভ হয় সুবিধাবাদী তথা প্রলোভনৰ ৰাজনীতি।  ৰাজনীতিয়ে পংগু কৰি পেলাইছে আশাত বন্দী প্ৰতিজন সৰ্বহাৰাক, ক্ষমতা লাভ কৰিব বিচৰা তথা প্ৰভাৱশালী ব্যক্তিৰ কুটনীতিৰে ভৰপূৰ মনস্তত্ত্ব সাধাৰণ ৰাইজৰ দৃষ্টিগোচৰ নহয়। সাধাৰণ জনতা হিতাধিকাৰী হয়, আঁচনিৰ পৰিসৰে লালসা, আকাংক্ষা খিনি দুগুনে জাগ্ৰত কৰি কলুষিত ৰাজনীতিৰ বন্দীত্বত বন্দী হয়। ইচ্ছা কৰিলে সকলো সলনি কৰিব পাৰে। ৰাইজেই ৰজা, ৰাইজ হিতাধিকাৰী নহয়।

ৰাজনৈতিকভাৱে জনসাধাৰণ সজাগ আৰু সচেতন হলেহে এনে বিচলিত নীতিগত ৰাজনীতিৰ সংস্কাৰ সাধন হব তথা দেশ আৰু জাতিৰ প্ৰকৃত বিকাশ সম্ভৱ হব। হে ৰাইজ তোমাৰ হাতৰ মুঠিত আছে হাজাৰ হাতীৰ শক্তি, জাগ্ৰত হোৱা, সতৰ্ক হোৱা !

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
[custom-facebook-feed feed=1]
Most Discussed
Back To Top