জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 20, 2026

অসম চৰকাৰৰ “প্ৰাৰ্থনা আঁচনি”: উদ্দেশ্য সফল হল নে ?

by Dr Netraranjan
2 minutes read
Prarthana Scheme of Assam Govt.: A forgotten promise

বিশ্বৰ সৰ্বত্ৰে বিয়পি পৰা ক’ভিড মহামাৰীয়ে সকলো দিশতে প্ৰভাৱ পেলাইছিল। ক’ভিডৰ সময়ত অসংখ্য লোকে হেৰুৱাব লগা হৈছিল উপাৰ্জন পথ। ২০২০ চনত অসম চৰকাৰে ঘোষণা কৰিছিল ক’ভিডত আক্ৰান্ত মৃতকৰ নিকটাত্মীয়ই লাভ কৰিব এক লাখ টকাকৈ এককালীন সাহাৰ্য্য। ৰাজ্য চৰকাৰে আৰ্থিক অনাটন দূৰ কৰাৰ ঘোষণা কৰিছিল কেইবাখনো আঁচনিৰ। ক’ভিড কালীন পৰিস্থিতিত ৰাজ্য চৰকাৰে ‘মুখ্যমন্ত্রী শিশু সেৱা আঁচনি’ৰ অধীনত ক’ভিডত আক্ৰান্ত মুৰব্বীজনৰ মৃত্যুত নাবালক সন্তানৰ ভবিষ্যৎ সুৰক্ষাৰ অৰ্থে আৰু ‘Chief Minister’s COVID-19 Widow Support Scheme’ আঁচনিৰ জৰিয়তে ক’ভিডত মৃত্যু হোৱা লোকৰ পত্নীক এক লাখটকীয়া আর্থিক সাহাৰ্য্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল।

পৰবর্তী সময়ত ‘প্রার্থনা’ আঁচনিখনৰ জৰিয়তে ক’ভিড আক্রান্ত হৈ মৃত্যু হোৱা ব্যক্তিৰ প্রতিটো পৰিয়ালকে সামৰি লোৱাৰ কথা কৈছিল। কিন্তু আজিও অসাৰ ৰাজ্য চৰকাৰৰ ‘প্ৰাৰ্থনা’ আঁচনি। ৯০ শতাংশ ক’ভিড আক্রান্ত পৰিয়াল / নিকটাত্মীয়ই আজি পর্যন্ত লাভ নকৰিলে আৰ্থিক সকাহ।মৃত ৬,৯৯৬ গৰাকী লোকৰ পৰিয়ালৰ আজিও অচল অবস্থা।

উল্লেখ্য যে ২০২০ চনৰ ৩১ মার্চৰ পৰা ২ ফেব্রুৱাৰী, ২০২৪ তাৰিখলৈ ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ মুঠ ৮.০৩৫ জন ব্যক্তিৰ মৃত্যু হয়। ৰাজ্য চৰকাৰৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ তথ্য অনুসৰি এইপর্যন্ত ক’ভিডত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লোৱা ব্যক্তিৰ ভিতৰত মাথোঁ ১.০৩৯ জন নিকটাত্মীয়লৈহে প্রদান কৰা হয় এক লাখ টকাৰ এককালীন আর্থিক সাহাৰ্য্য। ৰাজ্য চৰকাৰে এতিয়ালৈকে ১৪টা পর্যায়ত (Lot Fourteen) মুঠ ১০ কোটি ৩৯ লাখ টকাৰ আর্থিক সাহাৰ্য্য প্রদান কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা অনুদান আজিও ৰাজকোষত জমা হৈ ৰ’ল, প্ৰাপ্যহে নহল ভুক্তভোগীৰ। তথ্য অনুসৰি এক লাখ টকীয়া আর্থিক সাহায্য হিচাপে প্রথমটো লটত ৰাজ্য চৰকাৰে এজনৰ বিপৰীতে এক লাখ টকা, দ্বিতীয় লটত ৫১৯ জনৰ বিপৰীতে ৫.১৯ কোটি টকা, তৃতীয় লটত ৭৬ জনৰ বিপৰীতে ৭৬ লাখ টকা, চতুর্থ লটত ৯৮ জনৰ বিপৰীতে ৯৮ লাখ টকা, পঞ্চম লটত ৪০ জনৰ বিপৰীতে ৪০ লাখ টকা, যষ্ঠ লটত ৩৪ জনৰ বিপৰীতে ৩৪ লাখ টকা, সপ্তম লটত ৫৬ জনৰ বিপৰীতে ৫৬ লাখ টকা, অষ্টম লটত ৬৩ জনৰ বিপৰীতে ৬৩ লাখ টকা, নবম লটত ২৪ জনৰ বিপৰীতে ২৪ লাখ টকা, দশম লটত দুজনৰ বিপৰীতে দুই লাখ টকা, একাদশ, দ্বাদশ আৰু ত্রয়োদশ লটত একোজনৰ বিপৰীতে এক লাখ টকা, চৈধ্য সংখ্যক লটৰ ২৪ জনৰ বিপৰীতে ১৪ লাখ টকা প্রদান কৰে।

Was this article helpful?
Yes0No0

You may also like