লোকসংস্কৃতিৰ বৈচিত্ৰ্যময় আংগিকৰ অন্যতম পুতলা নাচ৷ পাচালী সাহিত্য নামৰ পাচালিকাৰ পৰা উদ্ভৱ হোৱা সাহিত্যৰ মূলো হৈছে এই পুতলা। ভাৰত হৈছে বিভিন্ন লোক সংস্কৃতিৰ জন্মস্থল। এই লোক পৰম্পৰাসমূহ আদিম যুগৰ পৰা বৰ্তমান সময়লৈকে চলি আহিছে। পাচালি সাহিত্যৰ পৰা পুতলা শব্দৰ আভিধানিক অর্থ হ’ল আনৰ দ্বাৰা পৰিচালিত হোৱা।একাদশ শতিকাৰ আগৰ পৰাই অসমত পুতলা নাচৰ প্ৰচলন হৈ আহিছিল। মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ লিখনিতো পুতলা নাচৰ বিষয়ে প্রকাশ পাইছিল। শংকৰদেৱৰ আদি-দশমতো উল্লেখ আছে পুতলা নাচৰ প্ৰসংগ৷ সেই অনুসৰি শংকৰী যুগৰ পৰাই অসমত পুতলা নাচ চলি অহা বুলি ধাৰণা কৰা হয়৷ এই পৰম্পৰাগতভাৱে চলি অহা লোক সংস্কৃতিসমূহৰ ভিতৰত পুতলা নাচ হৈছে ভাৰতৰ অতি প্ৰাচীনতম লোক নাট্য অনুষ্ঠান। ভাৰতত পুতলা নাচৰ উল্লেখ সৰ্বপ্ৰথম খ্ৰীষ্টপূৰ্ব নৱম শতিকাৰ মহাভাৰত মহাকাব্যত পোৱা যায়। খ্ৰীষ্টপূৰ্গ্ব চতুৰ্থ শতিকাৰ সংস্কৃত ব্যাকৰণ পানিনি আৰু যুগসূত্ৰৰ লেখক পতঞ্জলিয়ে নিজৰ ৰচনাসমূহত পুতলাৰ উল্লেখ কৰিছিল। তদুপৰি নামঘৰ সত্ৰসমূহৰ প্ৰচলন হৈছিল। অসমৰ অসমীয়া ৰাইজৰ জাতীয় জীৱনৰ সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ আমাৰ বাবে পুতলা নাচ। কিয়নো, এই পুতলা নাচৰ পৰিসৰ বৃদ্ধি কৰি একাংশ সংস্কৃতিবান ব্যক্তিয়ে পুতলাক থিয়েটাৰৰ ৰূপ দিলে আৰু ভ্রাম্যমাণ ৰূপত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মন্থষ্ঠ কৰা হৈছিলসাধাৰণতে কাঠ, বাঁহ, কুঁহিলা, কাপোৰ, কলথৰুৱা আদিৰে এফুট বা ডেৰফুট কৈ সাজি বিভিন্ন ৰঙৰ কাগজ-কাপোৰ আদি মেৰিয়াই ৰঙৰ প্ৰলেপ সানি সজাই পৰাই অভিনয়ৰ বাবে প্ৰস্তুত কৰি তোলা হয়।। সূত্ৰধাৰৰ হাতত প্ৰাণ পাই উঠা নিৰ্জীৱ পুতলাই কথা কয়, নাচে, হাঁহে, কান্দে৷ আঁৰ কাপোৰৰ আঁৰৰ পৰাই কোনো এজন ব্যক্তিয়ে ক’লা সূতা ব্যৱহাৰ কৰি জীৱন্ত ৰূপত পুতলাবোৰ পৰিচালনা কৰে ৷ গায়ন-বায়নৰ গীতৰ মাজেদি অভিনয়ৰ কাহিনীভাগে বিকাশ লাভ কৰে।এই ভাললগা কলা তথা সংস্কৃতি ক্ৰমান্বয়ে বিলুপ্ত হোৱা পৰিলক্ষিত হৈছে। আমি জীয়াই ৰাখিব লাগিব আমাৰ লোক সংস্কৃতি, ঠিক অতীতৰ দৰেই।
প্ৰাচীনতম লোক কলা: পুতলা নাচ
62
Was this article helpful?
Yes0No0
previous post