জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Tuesday, September 8, 2026

ফিছ স্পা (Fish Spa)

by Janagana Desk
2 minutes read
Fish Spa

মানুহে সৌন্দৰ্য্যতা আৰু অৱসাদ দূৰ কৰিবলৈ ব্যৱহাৰ কৰে একধৰণৰ স্পা, যাৰ নাম ফিছ স্পা।  ফিছ স্পা হৈছে এক প্ৰকাৰৰ সৌন্দৰ্য্য চিকিৎসা, যিটো মানুহে ছালখন কোমল আৰু ভাল কৰিবলৈ আৰু ভৰি দুখন ধুনীয়া কৰিবলৈ কৰে ৷ এই স্পাত ভৰি দুখন পানীৰে ভৰা টেংকিত ৰাখিব লাগে ৷ কাঁচৰ টেংকিত থকা ফিছে ভৰিৰ মৰা ছাল খাই ছালখন কোমল আৰু এক্সফোলিয়েট কৰাৰ কাম কৰে ৷ফিছ স্পাৰ বাবে গাৰা ৰুফা মাছ ব্যৱহাৰ কৰা হয়। এইবিধ মাছ মধ্য প্ৰাচ্য আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ স্থানীয়। মলৰ পৰা স্পালৈকে সকলোতে এই ফিছ স্পাৰ সুবিধা উপলব্ধ ৷ই এক ফিছ পেডিকিউৰ অৰ্থাৎ এক মালিচৰ দৰে, যিয়ে ব্যক্তিক শাৰীৰিক আৰু মানসিকভাৱে আৰাম প্ৰদান কৰে। কিন্তু ফিছ স্পা অতি দ্ৰুতগতিত জনপ্ৰিয় হৈ পৰিছে। কিন্তু বিশ্বৰ বহু দেশত ফিছ স্পাত নিষেধাজ্ঞাও আছে ৷

মাছৰ পেডিকিউৰে মৃত, শুকান ছাল আঁতৰাই পেলোৱা হয় যাৰ ফলত নতুনকৈ মসৃণ কোমল ছাল ওলাই। মৃত ছালৰ কোষবোৰ আঁতৰ কৰিলে নতুন, স্বাস্থ্যৱান ছালৰ কোষৰ বিকাশ উদ্দীপিত কৰিব পাৰে। এই স্পাৰ জৰিয়তে ৰক্ত সঞ্চালন সঠিক ৰূপত হয়।মাছৰ মাইক্ৰ’ মালিচৰ পৰা হোৱা চাক্সনে নিৰ্দিষ্ট ঠাইখনত ৰক্ত সঞ্চালন কৰে। ইয়াৰ আন এক সুবিধা হৈছে চাপ উপশম হয়। মাছৰ পৰা এণ্ডোৰ্ফিন(endorphines) ৰ বৃদ্ধি কৰিব পাৰে, যিয়ে এক মানসিক অৱসাদ দূৰ কৰি মানসিক চাপৰ পৰা মুক্তি দিয়ে।মাছৰ পেডিকিউৰৰ বিপদাশংকা বোৰ লাভালাভতকৈ বেছি।

ফিছ স্পা কৰিলে বহুতো গুৰুতৰ ৰোগত ভুগিব পাৰে৷ এই পেডিকিউৰে স্বাস্থ্য আৰু পাৰিপাৰ্শ্বিক দুয়োধৰণৰ বিপদাশংকা সৃষ্টি কৰে ।ফিছ স্পা ল’লে চ’ৰিয়াচিছ, একজিমা, এইডছ আদি গুৰুতৰ ৰোগৰ বলি হ’ব পাৰে৷ এই ৰোগত আক্ৰান্ত ব্যক্তিক কামোৰাৰ পিচত যদি মাছে অন্য  ব্যক্তিক কা মুৰিব পাৰে। ফিছ স্পা ল’লে ছালৰ সংক্ৰমণৰো আশংকা থাকে ৷ টেংকিটোত থকা ফিছৰ লগত বহু ধৰণৰ বেক্টেৰিয়া যেনে ষ্টেফিলোকক্কাছ অৰিয়াছ (Staphylococcus), ভি. ভালনিফিকাছ(V. vulnificus), আৰু এছ. এগালেক্টিয়া( S. agalactiae) বেক্টেৰিয়াৰ সংস্পৰ্শলৈ আহিলে সংক্ৰমণৰ আশংকাও থাকে৷ এনে কিছুমান কাৰণেই আমেৰিকা, কানাডাক, মেক্সিস্কোকে ধৰি বিশ্বৰ বহু দেশত ফিছ স্পা নিষিদ্ধ কৰা হৈছে৷ আকৌ ফিছ স্পা ল’লে ছালৰ ৰং নষ্ট হ’ব পাৰে৷ পেডিকিউৰ সঠিকভাৱে নকৰিলে ছালখন ৰুক্ষ হ’ব পাৰে৷ কিছুমান চেলুনে গাৰা ৰুফা (Garra rufa)ৰ সলনি চীনা চিনচিন মাছ (Chinchin fish) ব্যৱহাৰ কৰিব পাৰে, আৰু চিনচিন মাছৰ দাঁত থাকে আৰু ব্যক্তিৰ পৰা তেজ শুহিব পাৰে।

Was this article helpful?
Yes0No0

You may also like