জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Monday, September 21, 2026

চাৰণ বিল: অসমৰ অন্যতম পৰ্যটন ক্ষেত্ৰ

by Janagana Desk
2 minutes read
Assam Tourism

মৰিগাঁও জিলা এখন সৰু আৰু মনোমোহা ঠাই। মৰিগঞা লোকৰ জীৱন আৰু জীৱিকাৰ এক এৰাব নোৱৰা চিৰ সত্য হ’ল চাৰণ বিল। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ জিলাখনৰ অধিকতৰ লোকৰে জীৱিকা হ’ল কৃষি। পৃথিৱীৰ আটাইতকৈ বেছি জলাশয়েৰে ভৰপূৰ মৰিগাঁও হ’ল অসমৰ ভিতৰতে অন্যতম মৎস্য উৎপাদনশীল জিলা। পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু মৰিগাঁৱৰ চাৰণ বিল ৷ 2007 চনত এই চাৰণ বিলতে অনুষ্ঠিত হৈছিল 33 তম ৰাষ্ট্ৰীয় ক্ৰীড়াৰ নাওখেল৷ কিন্তু তাৰ পাচৰ পৰাই আজি পৰ্যন্ত অৱহেলিত হৈ পৰি আছে ঐতিহাসিক চাৰণ বিলখন।

চাৰণ বিল হ’ল বহুটো স্থানীয়, পৰিভ্ৰমী বা স্থানীয় পৰিভ্ৰমী (local migratory) চৰাইৰ চৰণীয়া ঠাই। শৰালি, সাৰেং, ঘিলা হাঁহ, প’চাৰ্ড (poachard), কণামুচৰি, মণিয়ৰি, মাছৰোকা, কামচৰাই আদিয়েই বিলখনত বৃহৎ পৰিমাণে পোৱা চৰাই। ইহঁতে বিভিন্ন সময়ত প্ৰকৃতিপ্ৰেমীসকলক আকৰ্ষণ কৰি আহিছে। আনহাতে, বিলখনত প্ৰায় তিনি প্ৰজাতিৰ কাছ আৰু সত্তৰৰ অধিক মাছৰ প্ৰজাতি পোৱা যায়। কিন্তু অত্যধিক মৎস্যচিকাৰ, বনৰীয়া চৰাই-চিৰিকতিৰ অবৈধ হত্যা তথা ব্যাপক হাৰত হোৱা জলপ্ৰদূষণৰ ফলস্বৰূপে বিলখনৰ জৈৱ বৈচিত্ৰ্যৰ ভয়াৱহ পৰিৱৰ্তন ঘটিছে।

একবিংশ শতিকাৰ আৰম্ভণিতেই অসম চৰকাৰে চাৰণ বিলক নাও খেলৰ বাবে সকলোতকৈ উপযুক্ত স্থান (more suitable place) হিচাপে চিনাক্ত কৰে আৰু সেইমৰ্মে ২০০৭ চনত ৩৩তম ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত কেনয়িং আৰু কায়াকিং খেলৰ ক্ৰীড়াঙ্গণ হিচাপে ইতিহাস ৰচে আৰু ইয়াৰ লগত সংগতি ৰাখিয়েই বিলৰ পাৰত এখন সুন্দৰ উদ্যান প্ৰতিষ্ঠা কৰে।

চাৰণ বিল এক জীৱন্ত কিংবদন্তি। ই অকল মৰিগাঁৱৰে নহয়, সমগ্ৰ অসমৰ বাবে এক গৌৰৱৰ প্ৰতীক। বিলখন তথা তাৰ পাৰৰ উদ্যানৰ সাম্প্ৰতিক অৱস্থাই সকলোকে চিন্তাত পেলাইছে। ইতিহাসপ্ৰসিদ্ধ বিলখনৰ সংৰক্ষণ তথা সংবৰ্ধনৰ বাবে বহুজনে মাত মাতি আহিছে যদিও কৰ্তৃপক্ষই এতিয়ালৈকে কাণ দিয়া নাই। এই বিলখন তথা তাৰ পাৰৰ উদ্যানখনৰ সঠিক সংৰক্ষণ আৰু সংবৰ্ধনে কিছু নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ ব্যৱস্থা কৰি দিব। ৰাতিৰ এন্ধাৰত যেতিয়া কাষৰ পথৰ গাড়ীৰ পোহৰ বিলৰ জলপৃষ্ঠত পৰে তেতিয়া এক নৈসৰ্গিক দৃশ্যৰ সৃষ্টি হয় আৰু এই দৃশ্যৰ আৰ্হিতেই যদি বিলৰ পাৰৰ উদ্যানখনত বিজুলীবাতিৰ ব্যৱস্থা কৰি দিয়া হয় তেন্তে সোণত সুৱগা চৰিব।

অনাগত সময়ত বিলখনৰ নৈসৰ্গিক সৌন্দৰ্য তথা ইয়াৰ গৌৰৱময় ইতিহাসৰ আবেদনে মৰিগঞা ৰাইজৰ লগতে সমূহ অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব আৰু আমাৰ জনজীৱনৰ প্ৰতীক চাৰণে নিজৰ জয়গীত গাই যাব।

Was this article helpful?
Yes0No0

You may also like