Skip to content

আধুনিকতাৰ গ্ৰাসত হেৰাল মাঘ বিহুৰ মাদকতা

Janagana Desk
January 13, 20255 second read
Magh Bihu

ভোগৰ বতৰ এয়া, অসমীয়াৰ আৱেগ ভোগালী বা মাঘ বিহু। উজনিৰ পৰা নামনি লৈ চৌদিশে উখল মাখল পৰিৱেশ। চহৰ নগৰ সকলোতে তাৰেই ব্যস্ততা। পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা পালন কৰা ভোগালী বিহু বা মাঘ বিহুৰ মূখ্য আকৰ্ষণ হৈছে মেজি। জুইৰ লগত মাঘবিহুৰ ঘনিষ্ঠ সম্পৰ্ক  মেজিৰ জুই জ্বলাই গোৱা হয় “পুহ গ’ল মাঘ হ’ল, আমাৰ মেজি জ্বলি গ’ল।”। এই বিহুত বিভিন্ন খেল ধেমালিৰ লগতে পৰম্পৰাগত ভাৱে সান্দহ, চিৰা, নানা ধৰণৰ পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে। বিহু বুলি সকলোৰে নাথাকে আনন্দৰ পাৰ। মাঘ বিহুৰ আগদিনা উৰুকা , সেইদিনা গাঁৱৰ সকলোয়ে মিলি উমৈহতীয়াকৈ ভেলাঘৰ সাজি তাতে ৰাতি ভোজ-ভাত খায় উৰুকা পালন কৰে। এই ভেলাঘৰ সমূহ খেৰৰ নৰাৰে হয়। উৰুকাৰ পিছ দিনাই ৰাতি পুওৱাৰ লগে লগে গা-পা ধুই মেজিত জুই লগাই দিয়ে। জুই জ্বলি উঠিলে মন্ত্র মাতি মাহ, মণ্ড, পিঠা, চাউল, ঘিউ আদি দি অগ্নিক সেৱা কৰে। শেষত তাৰ ছাঁইৰে সকলোৱে ফোঁট লয়।আৰু বছৰটো সুকলমে যাবলৈ সকলোৱে আশীৰ্বাদ লয় আৰু সকলোৱে যা জলপান কৰে।এই বিহুৰ আন এক পৰম্পৰা হৈছে গাওঁ বা চুবুৰীৰ পৰা বস্তু চুৰ কৰা, সেইয়া জেউৰা, জপনা, হাঁহ, পাৰ, ছাগলী যিকোনো হব পাৰে। এইয়া আচলতে এক প্ৰকাৰৰ ধেমালি। যদিও চুৰি কৰাটো এটা অপৰাধ হলেও বিহুৰ ক্ষেত্ৰত ইয়াক এটা ধেমালি হিচাপে গণ্য কৰা হয় কিন্তু বৰ্তমান সময়ত কেতিয়াবা এনেকুৱা ধেমালিযে ভয়ংকৰ ৰূপ ধাৰণ কৰে। পৰম্পৰাগত গীত-নৃত্যৰ বিৱৰ্তনত স্পষ্ট হৈ পৰা আধুনিক প্ৰভাৱক আজিৰ বিহুয়ে আকোৱালি লৈছে।

কিন্তু বৰ্তমান অসমীয়াৰ বাপতি সাহোন বিহু আধুনিকতাৰ কবলত সোমাই পৰিছে। পৰম্পৰাগত  নীতি নিয়ম তথা সময়ৰ পৰিৱৰ্তনত মাঘ বিহুৰ মাদকতা যেন হেৰাই গৈছে। লাহে লাহে আত্মকেন্দ্ৰিকতা আৰু দৈনন্দিন জীৱনৰ ব্যস্ততাই মানুহক সমাজৰ পৰা আতৰাই আনিছে। গাঁৱৰ মানুহ‌ একেলগ হৈ ভেলঘৰ সজা, মেজি বনুৱা,বিলত মাছ ধৰা আদি বোৰত সহযোগিতা যেন হ্ৰাস পাইছে। বৰ্তমান কিছুমান গাঁওত ঢেঁকীৰ অভাৱ হোৱাও দেখা যায়, গতিকে পিঠা পনাৰ ক্ষেত্ৰতো তথা সময় আৰু পৰিশ্ৰম লাঘৱ কৰিবলৈ তেওঁলোকে আধুনিক যন্ত্ৰ পাতিৰ ব্যৱহাৰ কৰিছে।ঢেঁকী, উৰাঁলৰ গুমগুমনিত সোচ্চাৰ হৈ পৰা পৰিৱেশ এতিয়া দেখা নাযায়৷ বৰ্তমান আধুনিকতাৰ ধামখুমীয়াত পূৰ্বৰ সেই চিনাকি পৰিৱেশটো বহু পৰিমাণে লোপ পোৱা পৰিলক্ষিত হৈছে যদিও এতিয়াও একেবাৰে নাইকিয়া হৈ পৰা নাই। আগতে যি দৰে বিহু বুলি কলেও যি পিঠা পনা বনোৱাৰ পৰা অতিথি আপ্যায়নলৈ হেঁপাহ, আদৰ সেইয়া কিছু কমি যোৱা যেন অনুভৱ হয়। বৰ্তমান আধুনিক বিপনী সমূহত  বিভিন্ন ধৰণৰ পিঠা,জলপান আদিৰ উপলব্ধতাই মানুহক দৃষ্টি আকৰ্ষণ কৰিছে। বিহু বুলিলেই অন্যতম খাদ্য সম্ভাৰ হৈছে পিঠা পনা। ইয়াৰ উপৰিও বিহুত বিভিন্ন প্ৰকাৰৰ লাড়ু আৰু মিঠৈও তৈয়াৰ কৰা হয়। তিলৰ লাড়ু, মুড়িৰ লাড়ু, আখৈৰ লাড়ু, নাৰিকলৰ লাড়ু, কেঁচা মিঠৈ, পকা মিঠৈ আদি সাধাৰণতে সকলোৰে প্ৰিয়। তিল পিঠা, নাৰিকল পিঠা, ঘিলা পিঠা, বৰ পিঠা, ফেনী পিঠা, খোলা চপৰীয়া পিঠা, টেকেলি পিঠা, টোপোলা পিঠা, চুঙা পিঠা, সুতুলি পিঠা ইত্যাদি অসমীয়া জাতিৰ পৰম্পৰাগত খাদ্য। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীতো ব্যৱসায়ভিত্তিত লাড়ু-পিঠা প্ৰস্তুত কৰা উদ্যোগ গঢ়ি উঠিছে ৷ বহু ক্ষুদ্ৰ উদ্যোগে এই লাড়ু-পিঠা প্ৰস্তুত কৰি আহিছে। ঘৰৰ ঢেকিত পিঠাগুড়ি খুন্দি পিঠা বনোৱাৰ বিপৰীতে পেকেটৰ পিঠাৰে পাতিছে ভোগালী বিহু।

আধুনিকতাৰ গ্ৰাসত সোমাই পৰিছে সকলো। মেজিৰ পৰা পিঠালৈ কেৱল দৰদাম কৰা হয় বজাৰত। বৰ্তমান সকলো ব্যস্ত প্ৰতিযোগিতাৰ দৌৰত, সহযোগিতাত নহয়। গ্ৰাম্য জীৱনবোধৰ পৰা বিদায় ল’লে বহু পুৰণি পৰম্পৰাই। সেইবোৰৰ সলনি স্থান ল’লে আধুনিকতাই।

অসমৰ স্থানীয় শিল্পীৰ দ্বাৰা নিৰ্মিত ভেলাঘৰবোৰ  সলনি হৈছে সময়ৰ গতিত। কেইদিন মান আগৰ পৰাই খেৰ আৰু নৰাৰে সাধাৰণ ভেলাঘৰ সাজিছিল। কোৱা হৈছিল যে ৰাতি এসপ্তাহমানৰ আগৰ পৰাই সেই ঘৰবোৰ ৰখিছিল গাওঁৰ ৰাইজে মিলা প্ৰীতিৰে। মেজি আৰু ভেলাঘৰৰ জৰিয়তে আন এক সমন্বয় গঢ় লৈ উঠিছিল।

আহোম শাসনকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায়। বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালিৰ আয়োজন কৰা হৈছিল আৰু সকলোৱে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল। আকাশত শেন আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল। সেইদৰে হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, ম’হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেইসময়তে প্রচলন আছিল, কিন্তু বৰ্তমান সময়ত পূৰ্বৰ তুলনাত এনেধৰণৰ কোনো খেল ধেমালি আয়োজন নকৰে বা  খুব কম। তাৰ বিপৰীতে বৰ্তমান আয়োজন কৰা হয় ভোগালী মেলা, বিহু উপলক্ষে ভাগ্য পৰীক্ষা। সংবাদ মাধ্যমেও বিহু বুলি শিল্পী মাতি অনুষ্ঠান অনুষ্ঠিত কৰে। যি বোৰৰ বৰ্তমান সময়ত প্ৰয়োভৰ বেছি। কিন্তু অসমীয়া জাতিটোৰ এই ঐতিহ্য , পৰম্পৰা ধৰি ৰাখি সম্পূৰ্ণৰূপে আধুনিকতাৰ গৰাহত ডুব নগৈ ভৱিষ্যত প্ৰজন্মৰ বাবে সাঁচি ৰাখিব লাগিব।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
[custom-facebook-feed feed=1]
Most Discussed
Back To Top