জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 20, 2026

অৰুণাচলৰ জিৰোলৈ গৈ কি কি চাব?

by Janagana Desk
3 minutes read

চুবুৰীয়া চীন সীমান্তৱৰ্তী উত্তৰ পূৱৰ ৰাজ্য প্ৰকৃতিৰ ৰম্যভূমি অৰুণাচল প্ৰদেশ৷ অৰুণাচল প্ৰদেশৰ জিৰো হৈছে ৰাজ্যখনৰ মুখ্য আকৰ্ষণস্থলী৷ সমৃদ্ধ তথা সাংস্কৃতিক ঐতিহ্যৰ জীৱন্ত সাক্ষী বিখ্যাত শান্ত-সমাহিত উপত্যকাৰ চহৰ জিৰো। ৰাজধানী চহৰ ইটানগৰৰ পৰা প্ৰায় ১১৫ কিলোমিটাৰ নিলগৰ জিৰোৰ বিস্তাৰিত সেউজীয়া ধাননি পথাৰ আৰু কুঁৱলীৰে আবৃত পাহাৰে পৰ্যটকসকলক হাত বাউল দি মাতে। জিৰোৰ মূল আকৰ্ষণ হৈছে প্ৰাকৃতিক সৌন্দৰ্য, থলুৱা কৃষ্টি-সংস্কৃতি আৰু থলুৱা খাদ্য সম্ভাৰ৷ প্ৰকৃতি প্ৰেমী, দুঃসাহসিক ভ্ৰমণ প্ৰিয় আৰু সাংস্কৃতিক অনুৰাগীসকলৰ বাবে জিৰো খুবেই প্ৰিয়৷ জিৰোৰ ভ্ৰমণ কৰিবলগীয়া স্থানসমূহ উল্লেখ কৰা হ’লঃ

১. টাৰিন ফিছ ফাৰ্ম

Tarin fish farm

জিৰোৰ বুলা গাঁওস্থিত টাৰিন ফিছ ফাৰ্ম জিৰোৰ এক বিশেষে আকৰ্ষণ৷ এই ফাৰ্মত আপাটানি নামৰ জনজাতিৰ লোকসকলে বসবাস কৰে। ফাৰ্মখনত এনগিহি প্ৰজাতিৰ মাছ পোৱা যায়৷ এনগিহি মাছৰ সৈতে মিপিয়া আৰু এমোহ নামৰ দুই প্ৰকাৰৰ চাউলৰ সোৱাদ ল’ব পাৰি৷ মিপিয়া আৰু এমোহ চাউলৰ উৎপাদনৰ বাবে আপাটানিসকলে পৰম্পৰাগত পদ্ধতিৰে খেতি কৰে। খেতিৰ পদ্ধতি টাৰিন ফিছ ফাৰ্মত নিজ চকুৰে প্ৰত্যক্ষ কৰিব পাৰি৷ ৭.৪ হেক্টৰ এলেকাত বিস্তৃত ফাৰ্মখন ১৯৮৫-৮৬ চনত উত্তৰ-পূব পৰিষদৰ (এনইচি) অধীনত স্থাপন কৰা হৈছিল৷ ফাৰ্মখনে অঞ্চলটোৰ সমৃদ্ধি আৰু কৃষি ঐতিহ্যক মূৰ্ত কৰি ৰাখিছে৷

২. কিলে পাখো

Kilo pakho

অৰুণাচল প্ৰদেশৰ জিৰোস্থিত কিলে পাখো অন্যতম জনপ্ৰিয় পৰ্যটনস্থলী৷ কিলে পাখোৰ আশ্চৰ্যকৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু দৃষ্টিনন্দন দৃশ্যৰ বাবে জনাজাত। জিৰোৰ মুখ্য চহৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ নিলগৰ কিলে পাখো হৈছে পাহাৰে আৱৰা এলেকা৷ যি পাহাৰসমূহে পৰ্যটকসকলক সদায়েই হাত বাউল দি মাতে৷ সেউজীয়া পাহাৰ, ধাননি পথাৰে পৰ্যটকক মন্ত্ৰমুগ্ধ কৰে।

৩. জিৰো সংগীত মহোৎসৱ

অৰুণাচল প্ৰদেশৰ সেউজ উপত্যকা জিৰোৰ সংগীত মহোৎসৱ পৃথিৱী বিখ্যাত৷ বিদেশী আৰু দেশী পৰ্যটকৰ বাবে বিশেষ আকৰ্ষণ জিৰো সংগীত মহোৎসৱ৷ জিৰো সংগীত মহোৎসৱ আন্তঃৰ্জাতিক সংগীত উৎসৱৰ আৰ্হিৰে অনুষ্ঠিত কৰা হয়৷ ইয়াত ভাৰতৰ বিভিন্ন প্ৰান্তৰ শিল্পীসকলে প্ৰতিভা দাঙি ধৰে৷ সংগীত মহোৎসৱত ভাৰতৰ বহু জনপ্ৰিয় তাৰকাই গীত পৰিৱেশন কৰে আৰু অনুষ্ঠান উপভোগ কৰিবলৈ হাজাৰ হাজাৰ দৰ্শক একত্ৰিত হয়। জিৰো সংগীত মহোৎসৱক সংগীত আৰু কলাৰ এক জীপাল সাংস্কৃতি মিশ্ৰণ বুলি ক’ব পাৰি। ২০১২ চনত ববি হানো, গিটাৰবাদক অনুপ কুট্টি আৰু আপাটানি জনজাতিৰ শিল্পীয়ে চাৰিদিন ধৰি বিস্তৃত কাৰ্যসূচীৰে প্ৰথমবাৰ এই মহোৎসৱ অনুষ্ঠিত কৰিছিল৷

৪. টালি ভেলী বন্যপ্ৰাণী অভয়াৰণ্য

অৰুণাচল প্ৰদেশৰ জিৰো সংলগ্ন ঘন জংঘল টালি ভেলী বন্যপ্ৰাণী অভয়াৰণ্য এক প্ৰাচীন প্ৰাকৃতিক ৰত্ন হিচাপে পৰিচিত৷ টালি ভেলী বন্যপ্ৰাণী অভয়াৰণ্যত দৰ্শনাৰ্থীসকলে জৈৱ বৈচিত্ৰ্যৰ সৈতে মনোমোহা পৰিৱেশ লাভ কৰে। প্ৰায় ৩৩৭ বৰ্গ কিলোমিটাৰ এলেকাৰ শান্ত পৰিৱেশৰ এই অভয়াৰণ্যখন মনোমোহা আৰু বিভিন্ন আপুৰুগীয়া উদ্ভিদ, জীৱ-জন্তুৰে সমৃদ্ধ৷

৫. মেঘনা গুহা মন্দিৰ

অৰুণাচল প্ৰদেশৰ জিৰো উপত্যকাস্থিত মেঘনা গুহা মন্দিৰ হিন্দু ধৰ্মাৱলম্বীসকলৰ বাবে পৱিত্ৰ স্থান হিচাপে গণ্য কৰা হয়৷ শান্ত বনভূমিত থিয় হৈ আছে ভগৱান শিৱৰ ২৮ তম মূৰ্তি৷ ভগৱান লকুলীশাক উৎসৰ্গিত এই প্ৰাচীন মন্দিৰত সংস্কৃত শাস্ত্ৰ আৰু স্থাপত্যৰ বিতং কাৰুকাৰ্য খোদিত হৈ আছে৷ যিয়ে ভক্তসকলক আধ্যাত্মিক আভাৰে মন্ত্ৰমুদ্ধ কৰি আহিছে। ৫০ বছৰ পুৰণি এই মন্দিৰটো ১৯৬২ চনত আৱিষ্কাৰ কৰা হৈছিল৷ যিয়ে দূৰ-দূৰণিৰ পৰা তীৰ্থ যাত্ৰীসকলৰ যাত্ৰা আৰু মন পৱিত্ৰ কৰি তোলে৷ এই মন্দিৰ আজি পৰ্যটকৰ আকৰ্ষণ।

৬. মিডিত ট্ৰেকিং

medit trekking

অৰুণাচল প্ৰদেশৰ মনোৰম জিৰোস্থিত মিডি হৈছে সুউচ্চ পাইন গছৰে ভৰা৷ মনোমোহা পাইনৰ দৃশ্যৰ বাবে বিখ্যাত মিডি। মিডিত ঘন বাঁহৰ বনাঞ্চলৰ মাজত ৰোমাঞ্চকৰ ট্ৰেকিঙৰ সুবিধা আছে৷ দুঃসাহসিক যাত্ৰা কৰিব খোজাসকলৰ বাবে পচন্দৰ আশ্ৰয়স্থল। মিডিৰ ট্ৰেকিঙৰ দ্বাৰা প্ৰকৃতিৰ শান্ত সৌন্দৰ্য উপভোগ কৰিব পাৰি৷ মিডিৰ ট্ৰেকিঙত নিমজ্জিত হৈ এক স্মৰণীয় অভিজ্ঞতা লাভ কৰিব পাৰি৷ দুৰ্গম ভূখণ্ডত শ্বাসৰুদ্ধকাৰী যাত্ৰাৰ দ্বাৰা আজীৱন স্মৰণীয় আৰু দুঃসাহসিক অভিযানৰ সাক্ষী হৈ ৰয় হাজাৰ হাজাৰ পৰ্যটক৷

৭. পাইন গ্ৰোভ

পাইন গ্ৰোভক আদৰত মায়োলিয়াং বুলি কোৱা হয়৷ অৰুণাচল প্ৰদেশৰ পুৰণি জিৰো চহৰৰ পৰা মাত্ৰ ৩ কিলোমিটাৰ দূৰৰ মনোৰম আশ্ৰয়স্থল হৈছে পাইন গ্ৰোভ। প্ৰকৃতিৰ অনুকূল বনভোজস্থলী হিচাপে প্ৰসিদ্ধ পাইন গ্ৰোভে পৰ্যটকসকলক আকৰ্ষিত কৰে৷ শান্ত-সমাহিত পাইন গ্ৰোভৰ পৰিৱেশ। এই বনাঞ্চল ৰাজকীয় পাইন গছৰে সজ্জিত৷ মনোমোহা ঠাইডোখৰে ফটোগ্ৰাফাৰ আৰু প্ৰকৃতিৰ সৈতে একাত্ম হৈ সময় অতিবাহিত কৰিব খোজাসকলক উৎসাহী কৰে।

উত্তৰ-পূৱৰ প্ৰকৃতিৰ ৰাণী জিৰোৰ ৰন্ধন প্ৰণালীও বিখ্যাত৷ জিৰোত থলুৱা খাদ্য যেনে বাঁহৰ গুটি, পোৰা মাংস আৰু সুগন্ধি বনৌষধিৰ পৰা তৈয়াৰ কৰা বিভিন্ন পৰম্পৰাগত ব্যঞ্জনৰ সোৱাদ ল’ব পাৰি। পৰ্যটকসকলে স্থানীয় ভোজনালয় আৰু পথৰ কাষৰ দোকানত আপাটানি জনজাতিৰ বিভিন্ন ব্যঞ্জনৰ সোৱাদ ল’ব পাৰে৷ জিৰো অঞ্চলটোৰ বিভিন্ন সুস্বাদু ফ্লেভাৰবোৰৰ সোৱাদ ল’ব পাৰি। শ্বাসৰুদ্ধকাৰী যাত্ৰা, দৃষ্টিনন্দন প্ৰাকৃতিক পৰিৱেশ, জীয়া সংস্কৃতিৰে সঁচাকৈয়ে অনন্য ভ্ৰমণ অভিজ্ঞতা প্ৰদান কৰি আহিছে জিৰোৱে৷ জিৰো ভ্ৰমণ কৰি আজীৱন বৰ্ণিল অভিজ্ঞতা কঢ়িয়াই লৈ ফুৰিব পাৰি৷

Was this article helpful?
Yes0No0

You may also like