জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 20, 2026

Dark Web: এক ৰহস্যময় ক্ষেত্ৰ…

by Janagana Desk
2 minutes read
Dark Web: A Mysterious World

বর্তমান পৃথিবীত ইন্টাৰনেট এক অবিচ্ছেদ্য অংগ পৰিছে। কিন্তু সেই ইন্টাৰনেটৰ প্রায় ৫ শতাংশহে ব্যৱহাৰ কৰো, বাকী ৯৫ শতাংশ সাধাৰণ জনতাৰ পৰা বহু গভীৰত লুকাই থাকে। ক্ৰমাগতভাৱে ইণ্টাৰনেটৰ ব্যৱহাৰে ভাল দিশত কৈ বেয়া দিশত হে অধিক প্ৰভাৱ বিস্তাৰ কৰি আহিছে। সীমিত জ্ঞানৰ বাবেও হয়তো এনে হব পাৰে। ডাৰ্ক ৱেব ইণ্টাৰনেটৰ এক অন্ধকাৰ জগত। ইমেইল (E-mail), ফেচবুক (Facebook), ইনডেক্সই (Index)।এই ডীপ ৱেবৰব এক গভীৰ অংশ হৈছে ডার্ক ৱেব। যাক ইন্টাৰনেটৰ হিডেন আন্ডাববর্ল্ড বুলিও জনা যায়। ২০০০ চনৰ আৰম্ভণিৰ পৰাই ডার্ক বেবৰ প্রচলন হয়। আমেৰিকা যুক্তৰাষ্ট্রৰ নৌ গবেষণা কেন্দ্রই নেটৱর্ক প্রচলন কৰিছিল, ই প্রথমে আমেৰিকা যুক্তৰাষ্ট্রৰ চৰকাৰী এজেন্টসকলৰ যোগাযোগ সুৰক্ষিত কৰাৰ উদ্দেশ্যে আছিল।

ডাৰ্ক ৱেব এক বিশাল ইণ্টাৰনেট লেণ্ডস্কেপৰ ভিতৰত এক ৰহস্যময় আৰু জটিল পৰিসৰ ।ডার্ক ৱেবৰৰ প্ৰভাৱ ধনাত্মক আৰু ঋণাত্মক দুয়োধৰণৰ। ডাৰ্ক ৱেবে এফালে গোপনীয়তাক সুৰক্ষিত কৰে চাইবাৰ অপৰাধমূলক সুবিধা প্ৰদান কৰে। বিশ্বৰ সকলো ঘৃণনীয়, অপৰাধমূলক কাম ইয়াতে হয় ৷ডার্ক ৱেবৰ জৰিয়তে বিভিন্নধৰণৰ অপৰাধমূলক কার্য সংঘটিত হয়। ই অবৈধ সামগ্রী আৰু সেৱাৰ আদান-প্রদানত সহায় কৰে। গোপনভাবে ‘Onion’  ডমেইনৰ জৰিয়তে বেবছাইটসমূহত প্রবেশ কৰিব পাবে। ‘ডার্কনেট বজাৰ’ য়ে ব্যৱহাৰকাৰীসকলক ড্রাগছ, আগ্নেয়াস্ত্র, চুৰি কৰা তথ্য, জাল মুদ্রা, শিশু পৰ্ণ’গ্ৰাফী, অবৈধ ভাবে কোনো মূল্যবান চফ্টৱেৰৰ লাইচেন্স কম দামত বিক্ৰী, অনলাইন জুৱা, পেশাদাৰী হত্যাকাৰীৰ দ্বাৰা কোনো ব্যাক্তিৰ হত্যা, জালিয়াতি, সন্ত্ৰাসবাদ, জীৱ-জন্তু তথা মানব শৰীৰৰ অংগ আদি ক্রয় বা বিক্রী কৰিবলৈ অনুমতি প্রদান কৰে। তদুপৰি কুটাঘাতমূলক কার্যৰ বাবে হিটমেন আৰু চাইবাৰ আক্রমণৰ বাবে হেকাৰ নিয়োগ আদি কার্যৰ বাবে  সুবিধা প্রদান কবে। ইয়াত বিটকইন আৰু অন্যান্য ক্রিপ্ট’ কাৰেন্সি  লেনদেনৰ বাবে ব্যৱহাৰ কৰা হয়। ডার্ক ৱেব বহুতো চাইবাৰ অপৰাধীৰ আশ্রয়স্থল। ডার্ক ৱেবৰ লগত জঢ়িত আছে ‘বেড কম’, য’ত ব্যৱহাৰকাৰীসকলে হিংসাত্মক বা অত্যাচাৰৰ ঘটনা চাবলৈ ধন পৰিশোধ কৰে। এনে কার্যকলাপৰ কোনো প্রমাণিত তথ্য নাথাকে। 

অৱশ্যে ডার্ক ৱেবৰ সকলো কার্যকলাপ অবৈধ বা ক্ষতিকাৰক নহয়। দমনমূলক শাসনত, ডার্ক ৱেব মুক্ত-অভিব্যক্তি ।কিছুমান ব্যক্তি, সাংবাদিকসকলে তেওঁলোকৰ যোগাযোগক চেঞ্চৰশ্বিপ আৰু নিৰীক্ষণৰ পৰা সুৰক্ষিত কৰাৰ বাবে ইয়াক ব্যৱহাৰ কৰে। ইয়াত মূল্যবান গৱেষণা মূলক পেপাৰ কম খৰচত পোৱা যায়।

বৰ্তমান সময়ত ডিজিটেল যুগত ই আমাৰ বাবে এক প্ৰত্যাহ্বান ৰূপে থিয় দিছে , গতিকে ভাৰসাম্য ৰক্ষা কৰি ইয়াক ব্যৱহাৰ কৰা উচিত। সজাগ , সচেতনতাইহে এনেবোৰ ক্ষেত্ৰত শুদ্ধ পথৰ সন্ধান দিব।

Was this article helpful?
Yes0No0

You may also like