Skip to content

Kooki: Movie Review

Janagana Desk
December 1, 20241 second read
Kooki: Movie Review

অসমৰ পটভূমিত নিৰ্মিত হিন্দী ভাষাৰ এখন ছবি, কুকি। ছবিখনে ধৰ্ষণৰ বলি হোৱা এগৰাকী ভুক্তভুগীৰ মানসিক অৱস্থাক বৰ্ণনা কৰি এক সংবেদনশীল বিষয় সকলোৰে আগত তুলি ধৰিছে। প্ৰণৱ জে ডেকাৰ দ্বাৰা পৰিচালিত চলচ্চিত্ৰখনত ভুক্তভোগী এগৰাকীয়ে পাৰ হোৱা মানসিক আঘাতৰ একাধিক পৰ্যায়ৰ বিৱৰণ দাঙি ধৰা হৈছে। ছবিখনৰ মূল চৰিত্ৰ কুকি এজনী ১৬ বছৰীয়া ছোৱালী ,এদিন তাইৰ জীৱনলৈ নামি আহিছিল অমানিশা। এটা ঘটনাই তাইৰ জীৱনটো অন্ধকাৰ পৃথিৱীলৈ লৈ গৈছিল। তাইৰ মনস্তাত্বিক স্থিতি সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছিল। সচৰাচৰ নাৰীজনিত কাহিনীৰ আধাৰত নিৰ্মিত ছবিৰ দৰে নাবালকৰ দলবদ্ধ ধৰ্ষণ, তাৰ পিছত আৰক্ষী, চিকিৎসক আৰু আদালতৰ সৈতে তাইৰ অগ্নিপৰীক্ষালৈক সীমাবদ্ধ কৰা নাই। ইয়াত দেখুৱাইছে এগৰাকী ধৰ্ষিতা যুৱতীৰ অন্ত্ৰ-বিদ্বেষপূৰ্ণ বিলাপ, বেদনাদায়ক বাস্তৱতা,হতাশাজনিত স্থিতি। সুন্দৰ অভিনয়ৰে  কুকিৰ চৰিত্ৰই দাঙি ধৰিছে বাস্তৱৰ ছবিখন। অপৰাধীসকলৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় আৰু ন্যায় অতি কম সময়ত প্ৰদানো কৰা হয় কিন্তু ন্যায় প্ৰদানে জানো ভূক্তভুগীৰ লগত হৈ যোৱা পৰিঘটনা নোহোৱা কৰিব পাৰিব। দিনৰ পিছত দিন যুঁজিব লগা নিজৰ সতে আকৌ সমাজৰ সৈতে।যৌন হিংসাৰ গভীৰ ব্যক্তিগত আৰু সামাজিক প্ৰভাৱে তিল তিল কৈ মাৰি নিয়ে।

অসমৰ পটভূমিত নিৰ্মিত চলচ্চিত্ৰ খনত কুকিয়ে তাইৰ পৰিয়ালৰ সৈতে নামঘৰলৈ আহিছিল। সপ্তঋষি আৰু তাইৰ মাজত বিনিময় হৈছিল প্ৰেম নামৰ মিঠা সম্পৰ্কৰ। সেইদিনা সপ্তঋষি নামঘৰলৈ অহাত পলম হোৱাত তাই তাক আনিবৰ বাবে ৰাতিৰ ভাগত স্কুটিৰে ওলাই যায়, কিন্তু ৰাস্তাৰ মাজতে তাই আৰু কেইজনমান মদাহী মানুহৰ লগত সামান্য খুন্দিয়াই দিয়াত বাদ বিবাদ হয়। সেই নৰপিশাচ কেইটাই তাইৰ সতীত্ব নষ্ট কৰি দলৱদ্ব ধৰ্ষণ কৰে আৰু সেই ঠাইতে বৰষুণতে এৰি থৈ যায়। ঘটনাৰ কেইদিন মানৰ পিছত ন্যায়িক প্ৰক্ৰিয়াৰে তাই ন্যায় পায়, দোষীকো কৰায়ত্ত কৰে। কিন্তু তাই যুঁজি থাকিল অন্তঃ দ্বন্দৰ সৈতে। তাইক মানসিক ভাৱে একেবাৰে ভাগি পৰিছিল। সপোনতো একে ঘটনা দেখিছিল, সম্পূৰ্ণ সুস্থ হোৱালৈ তাইক বহুত সময় লাগিছিল।

ছবিখনত সকলোৰে সাৱলীল অভিনয় প্ৰসংশনীয়। বাস্তৱ সমাজৰ এখন ছবি। ধৰ্ষণ এক নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। ইমানৰ পিছতো ধৰ্ষণকাৰীৰ বিৰুদ্ধে এখন আইন নাই। খুব কম সময়তে মকুলি আকাশৰ তলত বিচৰণ কৰে দোষী সাব্যস্ত কৰা অপৰাধী।

চলচ্চিত্ৰখনত প্ৰবীণ বলীউড অভিনেতা ৰাজেশ টাইলাং, দেৱলীনা ভট্টাচাৰ্য্য, বিভূতি ভূষণ হাজৰিকা, ৰঞ্জীৱ লাল বৰুৱা, প্ৰীতি কংকণা, বোধিসত্ত্ব শৰ্মা, দীপান্বিতা শৰ্মা, ৰিতু শিৱপুৰী আৰু বহুসংখ্যক অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে । উল্লেখ্য যে, এগৰাকী অভিনেত্ৰী হিচাপে ৰিতিশা খাউণ্ডৰ বাবে কুকি হৈছে প্ৰথমখন চলচ্চিত্ৰ ৷

ইতিমধ্যে ছবিখনে সফলতা বুটলিবলৈ সক্ষম হৈছে। বৰ্তমান এই খন ছবি “Amazon prime” তো উপলব্ধ।সমালোচকৰ দ্বাৰা উচ্চ প্ৰশংসিত অসমত নিৰ্মিত হিন্দী চলচ্চিত্ৰ ‘কুকি’ ক অসমৰ লগতে অন্যান্য ৰাজ্যতো আদৰি লৈছে ।কাঁ চলচ্চিত্ৰ মহোৎসৱত উপস্থিত থাকি মাৰ্চ ডু ফিল্মত কুকি উপভোগ কৰা বিশ্ব চলচ্চিত্ৰ জগতৰ বহুসংখ্যক চলচ্চিত্ৰ সমালোচকে চলচ্চিত্ৰখনৰ উচ্চ প্ৰশংসা কৰিছিল । চলচ্চিত্ৰখনে ইউৰোপ আৰু আফ্ৰিকাৰ বিতৰণকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ৯৮% অসমীয়া কলা কুশলীৰে নিৰ্মিত এই হিন্দী ভাষাৰ চলচ্চিত্ৰখন হৈছে অসমৰ চলচ্চিত্ৰ উদ্যোগৰ সহযোগিতামূলক প্ৰচেষ্টাৰ এক প্ৰমাণ।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
কন্ঠ শিল্পী জুবলীৰ ভাতৃ তেজয় বৰুৱাৰ বিয়োগ...চিকিৎসাধীন অৱস্থাতে নিয়তিৰ ওচৰত হাৰ মানিলে... ... See MoreSee Less
View on Facebook
📌পশ্চিম গজালি পাৰ প্ৰাক্-প্ৰাথমিক বিদ্যালয় খেলব পথাৰত বাই-চাগী বিচু উদযাপন.....📌দুদিনীয়া বৰ্ণিল কাৰ্যক্ৰমণিকাৰে যোৱা শুক্ৰবাৰে পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ,জয় ধ্বনি,যুৱক-যুৱতীৰ দ্ধাৰা খেল-ধেমালি,আদি অনুষ্ঠান..... ... See MoreSee Less
View on Facebook
📌পশ্চিমবংগত হিন্দু সকলৰ ওপৰত হোৱা নিৰ্যাতনৰ বিৰুদ্ধে সত্ৰ ভূমি মাজুলীত বিশ্ব হিন্দু পৰিষদ মাজুলী জিলা সমিতিৰ উত্তাল প্ৰতিবাদ:.... ... See MoreSee Less
View on Facebook

2 days ago

জনগণ বাৰ্তা
📌শিৱসাগৰত বিশ্ব হিন্দু পৰিষদৰ প্ৰতিবাদ......📌পশ্চিম বংগত হোৱা হিংসা আৰু ৰাজ্য চৰকাৰৰ অকৰ্মণ্যতাৰ বিৰোদ্ধে শিৱসাগৰত হোচ্চাৰ বিশ্ব হিন্দু পৰিষদ..... ... See MoreSee Less
View on Facebook
📌চতিয়াত অসমৰ প্ৰথম মুকলি বিহু মাধুৰী আঁহতৰ তলৰ মুকলি বিহুৰ ১০৭ সংখ্যক বৰ্ষৰ মুকলি বিহুৰ সফল পৰিসমাপ্তি..... ... See MoreSee Less
View on Facebook
Most Discussed
Back To Top