Skip to content

বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰত ভোটাৰৰ সংখ্যা ৯৯.১ কোটি ৰে অভিলেখ ভাৰতৰ

Janagana Desk
February 5, 20251 second read
Total Voters of India

বিশ্বৰ সর্ববৃহৎ গণতন্ত্ৰ ভাৰতে ভোটাৰৰ সংখ্যাৰ ক্ষেত্ৰত অভিলেখ গঢ়িলে। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৫ চনৰ জানুৱাৰীলৈকে ভাৰতত মুঠ ভোটাৰৰ সংখ্যা প্ৰায় ৯৯.১ কোটি (৯৯১ মিলিয়ন)লৈ বৃদ্ধি পাইছে, যি ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ৰ ৯৬.৮ কোটি (৯৬৮ মিলিয়ন)ৰ পৰা বৃদ্ধি পোৱা বুলি প্ৰকাশ পাইছে। ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত মুঠ ৬৪.২ কোটি (৬৪২ মিলিয়ন) ভোটাৰে ভোটদান কৰিছিল, য’ত ৩.১২ কোটি (৩১২ মিলিয়ন) মহিলা ভোটাৰ আছিল, যি এতিয়ালৈকে সৰ্বাধিক মহিলা ভোটাৰ অংশগ্ৰহণ।

২৫ নৱেম্বৰ ৰাষ্ট্ৰীয় ভোট দিৱস উপলক্ষে নির্বাচন আয়োগে প্রকাশ কৰা তথ্যৰ পৰা এই কথা জানিব পৰা গৈছে। যোৱা বছৰ লোক সভাৰ নিৰ্বাচনৰ সময়ত ভাৰতৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ৯৬.৮৮ কোটি। ভাৰতত বর্তমান ৪৮ কোটি মহিলা ভোটাৰ আৰু ৫১ কোটি পুৰুষ ভোটাৰ আছে। আয়োগে প্ৰকাশ কৰা তথ্যৰ পৰা ভোটাৰ তালিকা অধিক তৰুণ হৈ পৰা দেখা পোৱা গৈছে। দেশত এতিয়া ১৮-২৯ বছৰ বয়সৰ প্রায় ২১.৭ কোটি ভোটাৰ আছে। ইফালে দেশত মহিলা ভোটাৰৰ সংখ্যা তাৎপৰ্যপূৰ্ণভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । যোৱা এবছৰত দেশত বৃদ্ধি হোৱা মুঠ ভোটাৰৰ সংখ্যা হ’ল ২.৬৩ কোটি। ইয়াৰে ১.৪১ কোটি মহিলা ভোটাৰ। ভোটাৰ তালিকাত নতুনকৈ অন্তর্ভুক্ত হোৱা ভোটাৰৰ ক্ষেত্ৰৰ পুৰুষক পিছ পেলাই আগবাঢ়ি গৈছে মহিলা ভোটাৰৰ সংখ্যা। নতুন পুৰুষ ভোটাৰৰ সংখ্যাতকৈ মহিলা ভোটাৰৰ সংখ্যা ১৫% অধিক। যোৱা এবছৰৰ তুলনাত পুৰুষ ভোটাৰ ১.২২ কোটি বৃদ্ধি পাইছে। উল্লেখযোগ্য যে যোৱা বছৰ অনুষ্ঠিত হোৱা লোক সভাৰ নিৰ্বাচনত পুৰুষতকৈ অধিক মহিলাই ভোট দিবলৈ ওলাই আহিছিল। মহিলাৰ ভোটদানৰ হাৰ ৬৫.৮%ৰ বিপৰীতে পুৰুষৰ ভোটদানৰ হাৰ আছিল ৬৫.৬%। উল্লেখযোগ্য যে দেশত মহিলা ভোটাৰৰ সংখ্যা আৰু ভোটদানৰ হাৰ বৃদ্ধি পালেও মহিলা জনপ্রতিনিধিৰ সংখ্যা একে হাৰত বৃদ্ধি পোৱা নাই। বৰং এইবাৰৰ লোক সভাৰ নিৰ্বাচনত নির্বাচিত হোৱা সাংসদৰ সংখ্যা পূৰ্বতকৈ হাসহে পায়। যোৱা বছৰ অনুষ্ঠিত হোৱা লোক সভাৰ নিৰ্বাচনত মুঠ ৭৪গৰাকী মহিলা নির্বাচিত হয়। লোক সভাৰ মুঠ ৫৪৩গৰাকী সদস্যৰ ভিতৰত ১৩.৬% মহিলা। সপ্তদশ লোক সভাত থকা মহিলা সদস্যৰ সংখ্যা আছিল ৭৮ গৰাকী। ইফালে লোক সভাৰ নিৰ্বাচনত মুঠ ৮৩৩৮ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিছিল। ইয়াৰ ভিতৰত বিভিন্ন ৰাজনৈতিক দলে মাত্র ৭৯৭গৰাকী মহিলাকহে প্রার্থিত্ব দিছিল। ৰাজ্য সভাত ২২৪গৰাকী সদস্যৰ ভিতৰত মাত্র ১৩% (২৪গৰাকী) মহিলা। লোক সভাৰ নিৰ্বাচনত সর্বাধিকসংখ্যক মহিলা প্রার্থী বিজয়ী হোৱা দলটো আছিল পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ টি এম চি। দলটোৰ ১১গৰাকী সদস্য লোক সভালৈ নির্বাচিত হয়। আনহাতে ভাৰতৰ কোনো এখন ৰাজ্যতে বিধানসভাত মহিলা সদস্যৰ হাৰ ২০%ও নহয়। দেশৰ বিধানসভাসমূহত মহিলা সদস্যৰ গড় হাৰ হ’ল মাত্র ৯%। মন কৰিবলগীয়া যে বিশ্বৰ বিভিন্ন দেশত মহিলা সাংসদৰ গড় হাৰ হ’ল ২৫%। কিন্তু এই দিশত ভাৰত এতিয়াও বহুত পাছত আছে। ভাৰতত সংসদ আৰু বিধানসভাসমূহত মহিলাৰ বাবে আসন সংৰক্ষণৰ বাবে ২০২৩ চনত আইন প্রণয়ন কৰা হয়। এই আইন কার্যকৰী হ’ব দেশত লোকপিয়ল সম্পূৰ্ণ হোৱাৰ পাছত, কিন্তু আইনখন কাৰ্যকৰী হোৱাৰ আগলৈকে কোনো ৰাজনৈতিক দলেই মহিলা জনপ্রতিনিধিৰ সংখ্যা বৃদ্ধি কৰাত গুৰুত্ব যে দিয়া নাই এই কথা ওলাই পৰে উক্ত তথ্যৰ পৰাই।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top