জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Wednesday, September 23, 2026

আকোঁৰগোজ প্ৰশাসনৰ হঠকাৰী সিদ্ধান্ত: ৪-৫ গুণ বৃদ্ধি টোল টেক্স

by Janagana Desk
2 minutes read
Toll Tax

নতুন বিত্তীয় বর্ষৰ আৰম্ভণিৰ দিনটোৰ পৰাই দেশজুৰি ৰাষ্ট্ৰীয় ঘাই পথসমূহত স্থাপন কৰা টোলগেটৰ কৰ বৃদ্ধি কৰা হৈছে। দেশজুৰি বৃদ্ধি হ’ল টোল টেক্স ৷ সমান্তৰালভাৱে বৃদ্ধি হ’ল গাড়ীৰ মাহেকীয়া পাছৰ খৰচো। শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে দেশৰ সকলো এক্সপ্ৰেছৱে আৰু ঘাইপথৰ বাবে বৃদ্ধি কৰিছে টোল টেক্স। সমগ্ৰ দেশৰ ৰাষ্ট্ৰীয় ঘাইপথত মুঠ 855 টা টোল প্লাজা আছে, ইয়াৰে 675 টা চৰকাৰী পুঁজিৰে চলি আছে। বাকী 180 টা টোল প্লাজা ব্যক্তিগত কোম্পানীয়ে পৰিচালনা কৰে। ৰাষ্ট্ৰীয় ঘাইপথ মাচুল (হাৰ নিৰ্ণয় আৰু সংগ্ৰহ) নিয়ম, 2008 ৰ অধীনত প্ৰতি বছৰে NHAI ৰ দ্বাৰা টোলৰ হাৰ সালসলনি কৰা হয়।

অসমত যোৱা জুন মাহত বৃদ্ধি কৰা টোলগেট পুনৰ ১০ মাহৰ ব্যৱধানত নতুন নিৰিখেৰে কৰ সংগ্ৰহৰ পদক্ষেপ লোৱা হৈছে। ফলত মাজনিশাই কার্যকৰী হোৱা এই নতুন কৰ ব্যৱস্থাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথসমূহত চলাচল কৰা যান-বাহন সমূহৰ চালক আৰু গৰাকী বিমোৰত পৰা পৰিলক্ষিত হৈছে। বর্তমানলৈকে প্রাপ্ত তথ্য মতে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণে সেই অনুসৰি সক যান-বাহনৰ বাবে এবাৰত ৫-১০ টকাকৈ আৰু গধুৰ যান-বাহনৰ বাবে এবাৰতে ২০-২৫ টকাকৈ টোলকৰ বৃদ্ধি কৰা হৈছে। মাজনিশাই লক্ষ্ণৌৰ ঘাইপথ-দিল্লী-মিৰাট এক্সপ্ৰেছ পথ, দিল্লী-জয়পুৰ ঘাইপথ-এন এইচ-৯, লক্ষ্ণৌ-কানপুৰ, অযোধ্যা-ৰায়বেৰিলী আদি আটাইবোৰ পথতে নতুন নিৰিখ অনুসৰি টোলকৰ সংগ্ৰহ কৰা বুলি কোৱা হৈছে। মিৰাটৰ পথসমূহত সৰু-যান বাহনৰ বাবে পূর্বে ১৬৫ টকা আছিল যদিও বর্তমান ১৭০ টকালৈ বৃদ্ধি পাইছে। আনহাতে লঘু বাণিজ্যিক বাহনৰ আৰু যাত্রীবাহী বাছৰ বাবে এবাৰতে ২৭৫ টকাৰ পৰা ৫৮০ টকালৈকে কৰ ভৰিবলগা হৈছে। ৰাষ্ট্ৰীয় পথ-৯ অৱস্থিত চিজাৰ্চি টোলগেটত সৰু বাহনৰ বাবে ১৭৫, লঘু বাণিজ্যিক বাহনৰ বাবে ২৮০, যাত্রীবাহী বাছ আৰু ট্রাকৰ বাবে ৫৯০ আদি নিৰিখত টোলকৰ সংগ্ৰহ কৰা বুলি কোৱা হৈছে। গাজিয়াবাদৰ পৰা মিৰাট সংযোগী ৰাষ্ট্ৰীয় পথসমূহতো একেধৰণে টোলকৰ বৃদ্ধি পাইছে। অসমৰ ক্ষেত্ৰত মাজনিশাৰ পৰা বৃদ্ধি হোৱা টোলকৰক লৈ ৰাজ্যবাসীৰ মাজত বিৰূপ প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে বিশ্বনাথ চাৰিআলিৰ সমীপত স্থাপন কৰা মোনাবাৰী টোলগেট আৰু কলিয়াভোমোৰা দলঙৰ টোলগেট, দেৰগাঁৱৰ সমীপত স্থাপন কৰা ৰঙামাটি টোলগেট মাজনিশাৰ পৰা কাৰ্যকৰী হোৱাকৈ মুকলি কৰিছে। স্থানীয় ৰাইজে নিজৰ কৰ্তব্যৰ বাবে ৰাওনা হোৱাৰ সময়ত উক্ত টোলগেটত যান-বাহনৰ কৰ ভৰিব লগা হৈছে। ফলত ৰাইজৰ মাজত মিশ্রিত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেশৰ অন্যান্য স্থানৰ দৰে অসমতো সমহাৰত টোলকৰ সংগ্ৰহ কৰা বুলি প্ৰকাশ পাইছে। সৰু যান-বাহনৰ ক্ষেত্ৰত এবাৰ পাৰ হ’লে ৫-১০ টকাকৈ বৃদ্ধি হোৱাৰ বিপৰীতে লঘু বাণিজ্যিক আৰু যাত্রীবাহী বাছৰ বাবে এবাৰতে ২৭৫ টকাৰ পৰা ৫৮০ টকা পর্যন্ত বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় ঘাইপথসমূহত প্রতি ৬০ কিলোমিটাৰৰ ব্যৱধানত টোলগেট স্থাপন কৰা হয় যদিও অসমত ৫০ কিলোমিটাৰৰ ভিতৰতে টোলগেট থকা বুলি কিছুদিনৰ পূৰ্বে লোকসভাৰ মজিয়াত সাংসদ দিলীপ শইকীয়াই অভিযোগ কৰিছিল। ফলত ৫০ কিলোমিটাৰ অতিক্ৰম কৰিব লগা হ’লেই অসমত দুবাৰকৈ টোলকৰ ভৰিবলগা হ’ব বুলি আঙুলিয়াই দিছিল। ইয়াৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে টোলগেটৰ ব্যৱধান ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰে অসমত কাৰ্যকৰী নকৰা বুলি অভিযোগ আছে। ৰাজ্যত ইতিমধ্যে ১২ খনতকৈ অধিক টোলগেট কাৰ্যকৰী হৈ থকাৰ উপৰি অন্য ১৩ খন টোলগেটৰ নিৰ্মাণ কার্য চলি থকা বুলি প্রকাশ পাইছে। ইয়াৰ চাৰিখন টোলগেটৰ জৰিয়তে কৰ সংগ্ৰহ আজি পুৱতি নিশাৰ পৰা আৰম্ভ হৈছে। ফলত যাত্রীবাহী বাছত যাত্ৰীৰ বাবেও ভাৰা বৃদ্ধি, সামগ্ৰী পৰিবাহী বাহনৰ দ্বাৰা অধিক পৰিবহণ মাচুল ধাৰ্য কৰা আদি পৰিঘটনা অচিৰেই কাৰ্যকৰী হোৱাৰ আশংকা আছে।

Was this article helpful?
Yes0No0

You may also like