Skip to content

অসমৰ আন্তঃৰাজ্যিক সীমা বিবাদ: চুবুৰীয়া চাৰি ৰাজ্যৰ দখলত অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি

Dr Netraranjan
April 8, 20250 second read
Inter State Border Dispute

আন্তঃৰাজ্যিক সীমা বিবাদত জৰ্জৰিত অসম। চুবুৰীয়া ৰাজ্যৰ সৈতে অসমৰ সীমা বিবাদ এক দীৰ্ঘদিনীয়া জটিল সমস্যা ৰূপে পৰিগণিত হৈ আহিছে। আন্তঃৰাজ্যিক সীমা বিবাদ দূৰ কৰাৰ বাবে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিশেষ উদ্যোগ গ্ৰহণ কৰিলেও সেইয়া ফলপ্ৰসু নহল। চুবুৰীয়া চাৰি ৰাজ্যৰ দখলত অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি। সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই সদনত দিয়া তথ্য অনুসৰি চুবুৰীয়া ৰাজ্য মেঘালয়, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মিজোৰ‍ামে অসমৰ মুঠ ৮২৭৫১.৮৬১৮ হেক্টৰ ভূমি দখল কৰি আছে। 

অসমৰ মুঠ ৮২,৭৫১.৮৬১৮ হেক্টৰ ভূমি বেদখল কৰি ৰাখিছে। অসমৰ ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত বিশ্বনাথ, কাছাৰ, চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, যোৰহাট, কামৰূপ, লখিমপুৰ, শোণিতপুৰ, আৰু তিনিচুকীয়া আদি ২০২৪ চনৰ আগষ্ট মাহৰ বিধানসভাৰ শৰৎকালীন অধিবেশনত সদনত দাখিল কৰা তথ্য অনুসৰি অসমৰ মুঠ ৮২,৭৫১.৮৬১৮ হেক্টৰ ভূমি বেদখল হৈ আছে উক্ত চাৰিখন ৰাজ্যৰ দ্বাৰা।

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ দখলত আছে  অসমৰ মুঠ ১৬১৪৪.০১১৭ হেক্টৰ ভূমি। ইয়াৰে শোণিতপুৰ জিলাৰ ১১০ হেক্টৰ, বিশ্বনাথ জিলাৰ ৪৭৫৬ হেক্টৰ, লখিমপুৰ জিলাৰ ২৪৩৫ হেক্টৰ, ধেমাজি জিলাৰ ৯৯২ হেক্টৰ, তিনিচুকীয়া জিলাৰ ৭২৩৯ হেক্টৰ, ডিব্ৰুগড় জিলাৰ ১০ হেক্টৰ আৰু চৰাইদেউ জিলাৰ ৬০২.০১১৭ হেক্টৰ ভুমি। চাৰি মাহৰ পাছত অসম আৰু অৰুণাচল প্ৰদেশে নামচাই ঘোষণাপত্ৰত স্বাক্ষৰ কৰে য’ত অৰুণাচল প্ৰদেশে দাবী কৰা ১২৩খন বিবাদিত সীমান্ত গাঁও ৮৬খনলৈ নূন্যতম কৰা হয়।

নাগালেণ্ডৰ দখলত অসমৰ ভূমি নাগালেণ্ডে দখল কৰি আছে অসমৰ মুঠ ৫৯৪৯০.২১ হেক্টৰ ভূমি। ইয়াৰ ভিতৰত যোৰহাৰ ১৪০৭৯.১৪ হেক্টৰ, শিৱসাগৰৰ ৮৮২৯ হেক্টৰ, গোলাঘাটৰ ৩৬২৯৪.০৭ হেক্টৰ আৰু চৰাইদেউ জিলাৰ ২৮৮ হেক্টৰ ভূমি নাগালেণ্ডে দখল কৰি আছে। অসমৰ কিমান ভূমি মেঘালয়ৰ দখলত আছেচুবুৰীয়া ৰাজ্য মেঘালয়ৰ দখলত আছে অসমৰ মুঠ ৩৪৪১.৮৬০১ হেক্টৰ ভূমি। ইয়াৰ ভিতৰত গোৱালপাৰা জিলাৰ ৩৩.৮১৫৬ হেক্টৰ, কাছাৰ জিলাৰ ৬০২.০১১৭ হেক্টৰ, কামৰূপ জিলাৰ ৮০২.৬৮২৩ হেক্টৰ, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ৩.৩৫০৫ হেক্টৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ ২০০০ হেক্টৰ ভূমি মেঘালয়ৰ দখলত আছে।

বিশেষকৈ, অৰুণাচল প্ৰদেশৰ সৈতে হোৱা সীমান্ত বিবাদৰ ক্ষেত্ৰত ২০২৩ চনৰ এপ্ৰিলত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ পিছত ৭১খন গাঁৱৰ বিবাদ নিষ্পত্তি হোৱাটো ইতিবাচক পদক্ষেপ বুলি গণ্য কৰিব পাৰি। এতিয়া প্ৰশ্ন হ’ল— এই ধৰণৰ চুক্তিসমূহ বাস্তৱ অৱস্থাত কেনেদৰে প্ৰভাৱ পেলাব আৰু কিদৰে প্ৰয়োগ হ’ব? লগতে, সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলৰ সুৰক্ষা আৰু উন্নয়নৰ বাবে চৰকাৰে কিদৰে কাম কৰিব, সেয়াও গুৰুত্বপূৰ্ণ।

আন্তঃৰাজ্যিক সীমা বিবাদ মীমাংসাৰ ক্ষেত্ৰত জাতি মাটি ভেটি ৰক্ষাৰ আশ্বাস দিয়া চৰকাৰৰ বিফলতাই এতিয়া চিন্তিত কৰিছে অসমবাসীক।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
[custom-facebook-feed feed=1]
Most Discussed
Back To Top