জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 20, 2026

সোণালী আঘোণ

by Jyotsna Kalita Choudhury
1 minutes read
Assamese Spring Season

অসমীয় সমাজত আঘোণ মাহটো হৈছে আটাইতকৈ প্রাচুর্যপূর্ণ। বছৰজোৰা হাড়ভঙা পৰিশ্রমৰ অন্তত ভঁৰাললৈ আহে সোণ গুটি।কাচিৰ কেচ্ কেচ্ শব্দত ৰজনজনাই কৃষকৰ ভৰা আঘোণৰ পথাৰ। জাক জাক দাৱনী ব্যস্ত হৈ পৰে আঘোণ পথাৰত। কামৰ মাজে মাজে কথাৰ ৰসাল আড্ডা, ৰবাব টেঙাৰ জুতি। আঘোণ আমেজেই সুকীয়া। কৃষকৰ আশা আৰু হেঁপাহৰ আঘোণত সোণগুটিৰে উপচি পৰে আঘোণৰ বিশাল পথাৰ। সঁচাকৈয়ে আঘোণৰ পথাৰত দাৱনীৰ বহু কাম আছে।

কুঁৱলীৰ আছাদন ফলি নামি আহে আঘোণ। আঘোণৰ ৰং সোণালী।আঘোণ মানেই প্ৰাপ্তিৰ মাহ ৷ আঘোণী মলয়া বা লাগি লহপহকৈ বাঢ়িছে কৃষকৰ সপোনৰ খেতিডৰা। শাওন মাহৰ হাড়ভগা শ্রম, বোকাপানী, ৰ’দৰ উত্তাপকো নেওচি মনৰ আনন্দৰে ৰুই থৈ অহা ধাননি পথাৰখনৰ সেউজীয়াবোৰ এতিয়া সোণালী হ’ল। ব্যস্ততাৰ অন্ত নাই গ্রামাঞ্চলৰ কৃষকৰ। এই আঘোনৰ মাজত লুকাই আছে চহা অসমীয়াৰ শাশ্বত সপোন। আঘোনৰ আছে গাম্ভীর্য্য, তাৎপর্য্য আৰু এক বিশেষত্ব। সেয়া বুজি পায় কেৱল এজন অসমীয়া খেতিয়কেহে। ইয়াৰ মাজতে আছে এক সুকীয়া মাদকতাও। বছৰটোৰ বাৰটা মাহৰ ভিতৰত অন্যতম আঘোণৰ মাদকতা অনেক। কৃষকৰ সপোন, প্ৰকৃতিৰ বিনন্দীয়া সৌন্দর্য আৰু হেমন্তৰ হিমে ধুই নিকা নিকা কৰা মাহটোৱেই হ’ল আঘোণ মাহ। আঘোণ মাহতেই মানুহৰ মনবোৰ পুলকিত হয়। লখিমী আহি সোণালী পথাৰৰ বুকুৱে বুকুৱে সিচি থৈ যায় সোণগুটি।

হেমন্ত ঋতু আঘোণ মাহ
হিম চেঁচা শীতল বতাহ
গধূলিৰ নিয়ৰৰ কুৱলি
জুইৰ আমেজ আঘোণৰ অনুভূতি
পুৱৰ বেলিতি আহিলে
ৰদালি কাচলি হৈ
লখিমী আইক ন কইনাৰে সজালে
সোণ গুটিৰে জিলিকিছে উদং পথাৰ চৌদিশে পকা ধানৰ গোন্ধ
কৃষকৰ সোণোৱালী সপোন
হাহিৰ বিৰিঙনি পৰিশ্ৰমৰ
সাফল্য চহকী হৈ ভঁৰাল
আঘোণৰ ৰং আন্দত নাচি উঠে প্ৰাণ
লখিমী আইক আদৰণি ন – খোৱা উৎসৱ কৃষকৰ সপোনৰ ফল
হেঁপাহৰ সপোন মায়াময় আঘোণ
কৃষকৰ যে বুকুৰ আপো
ন”

Was this article helpful?
Yes0No0

You may also like