Skip to content

ৱেলকাম টু নাইনটিজ!

Janagana Desk
August 26, 20241 second read

অৰিন্দম বুঢ়াগোহাঁই

অসমৰ চৰকাৰ আৰু প্ৰশাসনৰ বৰঘৰ বুলি খ্যাত দিছপুৰত নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)ৰ সশস্ত্ৰ কাৰ্যকলাপ। স্মাৰ্ট আৰক্ষীৰ চকুত ধূলি দি মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱনৰ মাত্ৰ কেইমিটাৰমান আঁতৰত পুতি থৈ গ’ল বোমা। যাক পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিধা দিলে ‘বোমাসদৃশ সামগ্ৰী’ বুলি। ১৫ আগষ্টত পুতি থৈ যোৱা সেই ‘বোমাসদৃশ সামগ্ৰী’ উদ্ধাৰ কৰিবলৈ ‘স্মাৰ্ট অসম আৰক্ষী’ক প্ৰয়োজন হ’ল ২৪ ঘণ্টা সময়। আলফা(স্বা)এ গেৰিলা কৌশলৰ অংশ হিচাপে নিজৰ অৱস্থিতি জাহিৰ কৰিবলৈ ৰাজ্যৰ কুৰিৰো অধিক স্থানত বোমা সংৰোপণ কৰিলে। ইয়াৰ দ্বাৰা আলফাই নিজৰ শক্তিৰ উমান দিলে সকলোৰে সন্মুখত।

আৰক্ষীয়ে নিজ মুখেই স্বীকাৰ কৰিছে যে এই বোমা বা ‘বোমা সদৃশ সামগ্ৰী’বোৰৰ এটাটো ‘ট্ৰিগাৰ’ নাছিল। অৰ্থাত্ বোমা সংৰোপণ কৰিলেও এইবোৰ বিস্ফোৰণ কৰিবলৈ সুবিধা ৰখা নাছিল আলফাই। আলফাই বোমা সংৰোপণ কৰিবলৈ সমৰ্থ হৈছে যেতিয়া সেইবোৰ বিস্ফোৰণো কৰিব পাৰিলেহেঁতেন। এই সাধাৰণ কথাটো সকলোৱে বুজি পালে। আনফালে স্বাধীনতা দিৱসত আলফাই ২০ৰো অধিক স্থানত বোমা সংৰোপণ কৰা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুনৰ গুৱাহাটী মহানগৰৰ মাজমজিয়াত অৱস্থিত চিটী চেণ্টাৰত বোমাতংক দেখিবলৈ পোৱা গ’ল।

এই সকলো ঘটনাক্ৰমৰ সৈতে ৯০ দশকৰ দিনবোৰৰ এক মিল আছে। সেই দিনবোৰত বোমা বিস্ফোৰণ, গুলীচালনা, সন্ত্ৰাস আদি নিত্ত-নৈমিত্ৰিক ঘটনা আছিল। ঘৰৰ পৰা বাহিৰলৈ ওলালেই মানুহে বোমা-বাৰুদৰ ভয়ত গণি গণি খোজ দিছিল। ৯০ দশকৰ দৰে এতিয়াও য’তে ত’তে বোমাতংক দেখি মানুহে ভাবিবলৈ বাধ্য হৈছে, যি মুখ্যমন্ত্ৰীয়ে অসমলৈ স্থায়ী শান্তি ঘূৰি আহিছে বুলি কৈছে সেই মুখ্যমন্ত্ৰীৰ দিনতেই নব্বৈ দশকৰ ভয়লগা দিনবোৰহে ঘূৰি আহিছে নেকি?

স্বাধীনতা দিৱসত আৰক্ষীৰ নাকৰ তলেৰে পাৰ হৈ আহি গুৱাহাটী মহানগৰীৰ দিছপুৰৰ দৰে সুৰক্ষাকৰ্মীয়ে গিজগিজাই থকা ঠাইত আলফা(স্বা)এ বোমা সংৰোপন কৰি যাবলৈ সমৰ্থ হোৱা দিনৰ পৰাই মুখ্যমন্ত্ৰীক এই প্ৰশ্ন বিৰোধীয়ে সুধি আহিছে। তেতিয়াৰে পৰা মুখ্যমন্ত্ৰীয়ে সলনি কৰিলে কৌশল। অসমৰ উগ্ৰপন্থীৰ সমস্যা সমাধান কৰিলো বুলি দাবী কৰা মুখ্যমন্ত্ৰীয়ে এসময়ত গুৰুত্বহীন কৰি মন্তব্য দিয়া আলফা(স্বা)ক তেতিয়াৰে পৰা প্ৰাসংগিক সজাই মন্তব্য দিবলৈ আৰম্ভ কৰিলে। এক কথাত মুখ্যমন্ত্ৰীয়েও যেন আওপকীয়াকৈ মানি লৈছে গৃহ বিভাগৰ ব্যৰ্থতা। উজনি অসমত এখনৰ পাছত আনখন বৈঠক উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াই অনুষ্ঠিত কৰিলেও আজি পৰ্যন্ত তেওঁলোকে আলফা(স্বা)এ কেনেকৈ এই ঠাই সমূহত আহি বোমা সংৰোপণ কৰিবলৈ সক্ষম হ’ল সেই কথাই ৰাজহুৱা কৰিব নোৱাৰিলে।

আলফা(স্বা)ৰ পৰিকল্পনাৰ সন্মুখত কাম নোহোৱা বিভাগলৈ পৰিণত হ’ল বৃহত্ চোৰাংচোৱা বিভাগ। আৰক্ষী সঞ্চালক প্ৰধানেও আজি পৰ্যন্ত উত্তৰ দিব পৰা নাই, ম্যানমাৰৰ ঘন জংঘলত শিবিৰ পাতি থকা আলফা কেডাৰে অসমত প্ৰৱেশ কৰি বোমা সংৰোপণ কৰিলে নে অসমত থকা ব্যক্তিৰ সহায় লৈ এই কাম সমূহ কৰিলে? এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ সলনি আৰক্ষীয়ে এতিয়া কেৱল সন্দেহৰ ভিত্তিত দুই-চাৰিজন ব্যক্তিক মাতি আনি জেৰা চলাই তদন্ত চলি থকাৰ আভুৱা ভাৰিছে।

বোমাৰ নাম শুনিয়েই চিটী চেণ্টাৰত ভীতিগ্ৰস্ত হৈ পৰা মানুহ দেখিও চৰকাৰ প্ৰশাসনে জনতাক সুৰক্ষাৰ আশ্বাস দিব পৰা নাই। প্ৰকৃততে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ আৰু জ্ঞানেন্দ্ৰ প্ৰতাপ সিং নেতৃত্বাধীন অসম আৰক্ষী বিভাগে সেই আশ্বাস দিয়াৰ নৈতিক অধিকাৰেই হেৰুৱাই পেলাইছে। যেতিয়ালৈকে চৰকাৰ আৰু প্ৰশাসনে ১৫ আগষ্টত সংঘটিত আলফাৰ বোমা সংৰোপণৰ ঘটনা কেনেকৈ সংঘটিত হ’বলৈ পালে আৰু ভৱিষ্যতে এনে ঘটনা সংঘটিত হোৱাৰ পৰা কেনেকৈ অসমক ৰক্ষা কৰিব- সেই কথা ক’ব নোৱাৰে, তেতিয়ালৈকে জনতাৰ সুৰক্ষাৰ কথা কোৱাৰ নৈতিক অধিকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰু জি পি সিঙৰ আৰক্ষী বিভাগৰ থাকিবনে?

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top