জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Wednesday, September 9, 2026

জাতীয়তাবোধ, মানৱতাৰ এক উদাত্ত প্ৰতিবাদী কণ্ঠ : সুধা কন্ঠ ড° ভূপেন হাজৰিকা

by Dr Netraranjan
3 minutes read
Remembering Dr. Bhupen Hazarika

আধুনিক অসমৰ অন্যতম স্বপ্নদ্ৰষ্টা,ভাৰতৰত্ন, সংগীতসূৰ্য, সুধাকন্ঠ ড: ভূপেন হাজৰিকা দেৱক তেখেতৰ ত্ৰোয়দশ সংখ্যক পৱিত্ৰ পুণ্যতিথিত শ্ৰদ্ধাৰে সুঁৱৰিছো।

সমাজৰ বঞ্চিত, ক্ষুধাতুৰ, কৃষক, শ্রমিকৰ জীৱন সংগ্ৰামৰ প্ৰতিফলন ঘটিছে সুধাকণ্ঠৰ বহু গীতত। তেওঁৰ বহু গানত বিশ্বজনীন বার্তা আছে। মানুহৰ চিৰন্তন প্রেম, ক্ষোভ, আভিজাত্যৰ বাহাদুৰি, শোষণ, দাসত্ব, জমিদাৰী, জাতীয় চেতনা, হাঁহি, কান্দোন, যন্ত্রণা, মানৱতাৰ চিৰন্তনতাকে ধৰি মানুহৰ জীৱন- যৌৱন আৰু সমাজৰ বহু দিশ উন্মোচিত হৈছে ড° ভূপেন হাজৰিকাৰ গীতত। পল ৰবছনে গোৱা সেই ‘অ’ল্ড মেন বিভাৰ’ বিখ্যাত গানটিৰ আলমত ড° ভূপেন হাজৰিকাই ৰচনা কৰা ‘বিস্তীর্ণ পাৰৰে অসংখ্য জনৰে/হাহাকাৰ শুনিও/নিঃশব্দে নীৰবে/বুঢ়া লুইত তুমি/বুঢ়া লুইত বোৱা কিয়? গীতটিৰ অৰ্থৰ ব্যাপকতা আৰু সমাজক জোকাৰি যোৱা বাৰ্তাই সদায় প্ৰতিগৰাকী অসমীয়াক জগাই তোলে। নৈতিকতাৰ স্খলন দেখিও- মানৱতাৰ পতন দেখিও আজি নির্লজ্জভাবে বৈ থকা বুলি বুঢ়ালুইতক ধিক্কাৰ দিছে। বুঢ়ালুইতৰ লগত সম্পৃক্ত সমাজখনক সাঙুৰি লিখা এই গীতটি যেন আজিৰ সমাজৰ দাপোণ।

নিষ্পেষিত গৰিব মানুহ আৰু আভিজাত্যৰ প্রাসাদোপম অট্টালিকাত বাস কৰা ধনাঢ্য মানুহৰ জীবদ্দশাৰ তুলনা কৰি তেওঁ গোৱা গান এটিৰ কথাত শ্রেণী বিভাজন প্রকট হৈ উঠিছে। গানটিৰ কলি- ‘পোহৰ বিলাসী পাহৰি নাযাবা/এন্ধাৰতো আছে বহুজন/মহল নিবাসী কেতিয়া শুনিবা/ভগা জুপুৰিৰ ক্রন্দন/সহস্র পঁজাৰ চাকি নুমুৱাই/সুখৰ দীপালী পাতিছা/সৰ্বহাৰাৰ চকুৰ ঘুমটি কাঢ়ি/সপোন তুমি ৰচিছা।’ শ্রেণী বিভাজনৰ প্রকট ছবি প্রতিফলিত হৈছে এই গানটোত। এফালে ৰাজঅট্টালিকাসদৃশ মহল, আনফালে ভগা জুপুৰিৰ শাৰী। এনে এক শ্রেণী বিভাজনৰ সমাজ দেখি ভূপেন হাজৰিকা যেন অস্থিৰ হৈ পৰিছে। এফালে ধনীৰ ছবি আনফালে গৰিবৰ ছবি। ধনীয়ে সৰ্বহাৰা-নিষ্পেষিতক শোষণ কৰিছে। গানটোৰ পিচৰফালে শোষণকাৰী মহল নিবাসীৰ বিৰুদ্ধে সৰ্বহাৰাক জগাই তোলাৰ বাৰ্তা দিয়া হৈছে। এয়া শ্রেণী চেতনাৰ এক দাৰণ বার্তাবাহী-সজাগতাৰ গান। তেওঁ গোৱা আন এটি একেই ভাবধাৰাৰ গীত হ’ল- দোলা হে দোলা/একা-বেঁকা বাটেৰে কঢ়িয়াওঁ কঢ়িয়াওঁ/বৰ বৰ মানুহৰ দোলা। সামন্তযুগীয় এক দমন তথা শ্রমজীবী মানুহক সামন্ত প্রভু আৰু ৰজা- মহাৰজাই অবদমিত কৰাৰ এক নিকাকণ কাহিনী এই গীতটিত সম্পৃক্ত হৈ আছে। খাটিখোৱা মানুহক গেবাৰি খটুৱাই সামন্তীয় প্রভু কিম্বা বজা- মহাৰজাসকলে কেনেকৈ প্রমোদ বিহাৰ কৰিছিল, তাবেই এক চিত্রকল্প সুন্দৰকৈ ফুটি উঠিছে এই গানটিত। ড° ভূপেন হাজৰিকাই তেওঁৰ গীতবিলাকত সদায় এটা বার্তা দিছিল যে শোষিত-বঞ্চিতসকলে একতাৰ শক্তিৰে এদিন ধনী-মহাজনৰ দম্ভ-অহংকাৰ ধূলিসাৎ কৰি শোষণ ওফৰাই এখন শান্তিৰ সাম্যবাদী-মানবতাবাদী- প্রগতিশীল সমাজ গঢ়ি তুলিব। মানুহৰ মুক্তিৰ সংগ্ৰামেৰে সমাজক জগাই তোলা বাণী সন্নিবিষ্ট থাকে তেওঁৰ গীতত। সেয়ে তেওঁ গাইছিল প’ল বছনৰ সেই কালজয়ী গীত- ‘উই আৰ ইন দা ছেম বোট ব্রাদাৰ’।

শ্রেণী বৈষম্যৰ প্ৰভাৱত দৰিদ্ৰজনৰ যন্ত্রণা-কষ্টৰ শোকার্ত কাহিনী তেওঁৰ আন এটি গানত প্রতিফলিত হৈছে। গানটিৰ প্ৰথম কলি হ’ল- ‘শীতৰে সেমেকা ৰাতি/বস্তুবিহীন কোনো খেতিয়কৰ/ভাগি পৰা পঁজাটিব ভূঁহজুই একুৰাত/উমি উমি জ্বলি থকা ৰক্তিম যেন এটি উত্তাপ হওঁ।’ -গৰিব জনতাৰ পুঞ্জীভূত ক্ষোভ উদ্‌গীৰণ হৈ এদিন যেন জাগি উঠিব। তেওঁৰ বৈপ্লবিক চেতনা তথা জাতীয় চেতনাৰ আন এটি গীত এনেধৰণৰ- অগ্নি যুগৰ ফিৰিঙতি মই/নতুন অসম গঢ়িম/সৰ্বহাৰাৰ সৰ্বস্ব/পুনৰ ফিৰাই আনিম/ধর্ম ব্যৱসায়ীৰ ঠাই নাই তাত/জাতিৰ অহংকাৰ লয় পাব তাত/অস্পৃশ্যতাৰ মহাদানৱক/আপোন হাতেৰে নাশিম। অসমী আইৰ গৰিব-নিছলা লোকসকল লুণ্ঠিত হৈছে। সৰ্বহাৰা হৈ পৰিছে সৰ্বসাধাৰণ লোক। পিচে ড° হাজৰিকাই এই শ্রেণী লোকৰ সৰ্বস্ব ফিৰাই অনাৰ সংকল্প লৈছে। নতুন অসম গঢ়াৰ প্রতিশ্রুতি গীতটিত ধ্বনিত হৈছে। গীতটিত ধর্মক লৈ মানুহক প্রলোভিত কৰি ব্যৱসায় কৰা এচাম ধুৰন্ধৰক নস্যাৎ কৰি, জ্যাত্যভিমানীসকলক অবদমিত কৰি, সমাজত চলি থকা অস্পৃশ্যতা, জাত-পাতৰ এলান্ধুকলীয়া অনীতিসমূহ নাশ কৰি এখন সাম্যৰ সমাজ গঢ়িব সুধাকণ্ঠই। অগ্নি যুগ- যেন বৈপ্লবিক যুগ। এই যুগৰেই ফিৰিঙতি হৈ তেওঁ সমাজ পৰিবৰ্তন কৰিব। তাৰেই বার্তা উজাৰি দিছে তেওঁ।

বিশ্ববিশ্ৰুত শিল্পী ড: ভূপেন হাজৰিকা দেৱে তেখেতৰ অনন্য সৃষ্টিৰাজিৰ জৰিয়তে অসমৰ কলা-কৃষ্টিক বিশ্বদৰবাৰত শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰি থৈ গৈছে। বিশ্ববৰেণ্য শিল্পী গৰাকীৰ আৰ্দশ,কৰ্মৰাজি চিৰদিন অসমীয়া জাতিৰ সাহ হৈ থাকিব।

Was this article helpful?
Yes0No0

You may also like