জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 20, 2026

এজন মানুহক প্ৰকৃততে কিমান মাটিৰ আৱশ্যক ?

by Dr Netraranjan
2 minutes read
How Much Land a Person Needs

বিখ্যাত সাহিত্যিক টলষ্টয়ৰ “এজন মানুহক কিমান মাটি লাগে ” শীৰ্ষক গল্পত পেহম নামৰ মাটিৰ প্ৰতি অত্যন্ত লোভ থকা এটা চৰিত্ৰৰ ৰূপায়ন কৰিছিল। সাধাৰণ কৃষক পেহমৰ মাটিৰ প্ৰতি থকা লোভৰ বাবে আন মানুহৰ লগত সম্পৰ্ক বেয়া হৈছিল, পেহমৰ লোভ সৰ্বত্ৰে বিয়পি পৰাত এজন জমিদাৰে এটা চুক্তিৰ বিনিময়ত তাক মাটি দিবলৈ সন্মতি দিছিল। চুক্তিমতে এটা নিৰ্দিষ্ট সীমাৰ পৰা দূৰলৈ গৈ সূৰ্য্যাস্তৰ পূৰ্বে আগৰ ঠাইত আহি উপস্থিত হ’লে সেই মাটিখিনিৰ অধিকাৰী হব পেহম। মাটিৰ প্ৰতি থকা লোভ বৃদ্ধি হৈ তৰানৰা ছিগি মাথোঁ দৌৰিছিল। মাটিৰ লোভত অন্ধ হৈ সি যিমান আগলৈ দৌৰিছিল, সিমানেই মৃত্যুৰ দিশলৈ গতি কৰিছিল। চুক্তিমতে সি আহি  নৌপাওঁতেই নিৰ্দিষ্ট সীমা পোৱাৰ আগতেই বাগৰি পৰাৰ কিছু মূহুৰ্তৰ পিছতেই তাৰ মৃত্যু হয়। গোটেই জীৱন মাটিৰ পিছত দৌৰি থকা পেহমক মৃত্যৰ পিছত ৬ ফুট মাটিত সমাধিস্থ কৰা হৈছিল !!

দুর্নীতিৰ ক্ষেত্রত শূন্য সহনশীল, ‘ময়ো নাখাও আনকো খাবলৈও নিদিও‘ ইত্যাদি কথাৰে জনসাধাৰণক আশ্বাস দিয়া চৰকাৰখনৰ ওপৰত বর্তমান আস্থা-বিশ্বাস হেৰুৱাই পেলাইছে জনসাধাৰণে। জাতি বেছি ভেঁটি খোৱা চৰকাৰৰ  দুর্নীতি কমা নাই বৰঞ্চ বাঢ়িছেহে। কিছুমানে কেৱল দৌৰিছে, কিয় জানে নে ? মাটিৰ বাবে ! যিমান মাটিৰ প্ৰয়োজন এটা জীৱনৰ বাবে প্ৰয়োজন নাই।মাটিৰ লোভত আমাৰ সমাজৰ পৰা একো একো পেহম দৌৰিয়েই আছে। আমাৰ সমাজতো আছে পেহমৰ নিচিনা অসংখ্য মানুহ। মাটি আৰু ধন-সম্পদৰ বৃদ্ধিয়ে মান-সম্মান বৃদ্ধি কৰিব, এই মানসিকতাৰ বাবেই যুগ যুগ ধৰি সমাজত প্রভাৱ-প্রতিপত্তিশালী বৃদ্ধি কৰাৰ হাবিয়াস। ধন-সম্পদ আহৰণত মাত্র মত্ত হৈ আছো। আমাৰ লোভ-লালসাৰ অন্ত নাই। প্রাপ্তিত সন্তুষ্টি নাই। থকাবোৰৰ তাৰ দুগুণ, চাৰিগুণ কৰাৰ হেঁপাহত মগন; দেখিছেই নহয় অলপতে সহজ ধন ঘটাৰ লোভত ট্ৰেডিং কৰি কিমানে ধন হেৰুৱালে। মাটি সম্পত্তিৰ এই দৌৰত যেন আমি পাহৰি পেলাইছো মানুহ মৰনশীল। আজীৱন আৰ্জিব খোজা সম্পদবোৰ আমাৰ লগত নাযায়, পুনৰ জনম লৈ সেই ধন-সম্পদ ভোগ কৰাৰ কোনো ব্যৱস্থা নাই।লোভ-লালসাৰ তাড়নাত মানুহ ন্যায়-অন্যায় সকলো পাহৰি যায়। প্ৰকৃতিৰ নিয়মকো অৱজ্ঞা কৰিছে জীৱ শ্ৰেষ্ঠ মানুহে। আইন সকলোৰে বাবে সমান বুলি কোৱাৰ পিছতো প্ৰভাৱশালী, ক্ষমতাসম্পন্ন বহু লোকে চৰম দুৰ্নীতিৰ অভিযোগতো অভিযুক্ত নোহোৱাকৈ ৰৈ যায়। ধন সম্পদৰ এই দৌৰত ভাগৰি গৈছে যদিও পাহৰি গৈছে মৃত্যৰ পিছত সামান্য এডোখৰ ঠাইতে তেওঁক এৰি থৈ আহিব।

অসম সচাঁই বিষম দেশ! এইখন ৰাজ্যত দুবেলা দুমুঠিঁ খাবলৈ নাপাই হাঁহাকাৰ কৰা বহু লোক আছে। ১০০-২০০ টকা উতকোচ লৈ দুৰ্নীতিগ্ৰস্থ বিষয়া-কৰ্মচাৰী হিচাপে চিহ্নিত হোৱা হাত দাঙি থকা দুই এজন লোকক দেখি আমি হাত তালি দিও, চৰকাৰে বা মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে বাহঃ কি অভিযান চলাইছে বুলি সন্তুষ্টি লভো। সেই একেখন ৰাজ্যতে পিছে হাজাৰ হাজাৰ কোটি টকাৰ স্থাৱৰ-অস্থাৱৰ সম্পত্তিৰ গৰাকী হোৱা মানুহো আছে। সেই আলাউদ্দিনৰ চাকিৰ বলত ধনী হোৱা মানুহবোৰৰ সম্পত্তি ৰাইজৰে সম্পত্তি বুলি ক’লেই মানি লোৱা লোকো ছাগৈ ওলাব এইখন ৰাজ্যত !

কিমান সম্পত্তি লাগে, সেই হিচাপ আৰু সীমা নিৰ্ধাৰণ কৰিব নোৱাৰা লোকবোৰৰ সম্পত্তিবোৰো ছাগৈ এদিন বোজা হৈ পৰে। সেয়েহে আগতীয়াকৈ কৈ থব লগা হয়- ৰাইজ, এইবোৰ আপোনাৰ বাবেই মোৰ আপোনজনে ঘটা সম্পত্তি, তাৰ গৰাকী হ’ব আপুনি…

Was this article helpful?
Yes0No0

You may also like