জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Monday, September 21, 2026

মহাবাহু ব্ৰহ্মপুত্ৰ: মহামিলনৰ তীৰ্থ…

by Janagana Desk
2 minutes read
Brahmaputra: A Civilization

মহাবাহু ব্ৰহ্মপুত্ৰ ,
মহামিলনৰ তীৰ্থ
কতযুগ ধৰি আহিছে প্ৰকাশী
সমন্বয়ৰ অৰ্থ….

নদী আৰু মানুহৰ এক চিৰন্তন সম্বন্ধ আছে। নদী হৈছে প্ৰতিটো সভ্যতাৰে সাক্ষী। নদীক বাদ দি কোনো সভ্যতা গঢ লব নোৱাৰে। ব্ৰহ্মপুত্ৰ, অসমৰ মাজেৰে চিৰপ্ৰৱাহিত এক প্রধান নদী। প্রাচীন সাহিত্যত বৰ্ণিত ব্ৰহ্মাৰ পুত্র -ব্ৰহ্মপুত্ৰ।লুইত, বৰলুইত,লৌহিত্ আদিৰে পৰিচিত ব্ৰহ্মপুত্ৰ ভাৰতবৰ্ষৰ একমাত্র পুৰুষ নদী হোৱাৰ লগতে,এছিয়া মহাদেশৰ বৃহৎ নদীসমূহৰ ভিতৰত এখন অন্যতম নদী হিচাপে গণ্য কৰা হয়। অসমীয়া সভ্যতা সংস্কৃতিৰ লগত ওত:প্রোতভাবে জডিত এই নদীক কেন্দ্র কৰি সৃষ্টি হৈছে নানা কৃষ্টি -সংস্কৃতি সংমিশ্রিত বৃহৎ অসমীয়া জাতি। সময়ৰ সোঁতত ব্ৰহ্মপুত্ৰ বুকুত যুগ যুগ ধৰি অগনণ ইতিহাসৰ উত্থান পতন ঘটিছে । সমন্বয়ৰ এক পৃস্ঠভূমি হিচাপে এই নদীয়ে অসমীয়া জাতিটোক একতাৰ ডোলেৰে বান্ধি ৰাখিছে। এই প্রাচীৰ পত্রিকাৰ জৰিয়তে ব্ৰহ্মপুত্ৰক অসমীয়া জাতিৰ সভ্যতা-সংস্কৃতিৰ ধাৰাক প্রতিফলন কৰা হৈছে। ব্ৰহ্মপুত্ৰই প্রভাবিত কৰা ভৌগোলিক, সাংস্কৃতিক, ৰাজনৈতিক, দাৰ্শনিক দৃষ্টিভংগী দাঙি ধৰাৰ প্রয়াস কৰা হৈছে। এই ব্ৰহ্মপুত্ৰক সাক্ষী কৰি ইয়াৰ দুয়োপাৰে বহু যুগ ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মিশ্ৰণেৰে গঢ়ি উঠিছে সভ্যতা। এনেদৰে ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঢ়ি উঠিছে সমন্বয়।

অসমীয়া জাতিৰ ঐতিহ্য-বিভূতিৰ সাক্ষী হৈছে বুঢ়া লুইত। কত কাহিনী,সময় আৰু শতিকাক বুকুত বান্ধি ই বৈ আছে সেয়া সহজে কৈ দিয়াটো সম্ভৱ নহয়। লুইত হৈছে অসমীয়া জন-জীৱনৰ এৰাব নোৱাৰা এটি সত্তা; ই কেৱল নদী নহয়। যাৰ বাহুবন্ধনত কেতিয়াবা ৰাজনীতি হৈছে,কেতিয়াবা যুদ্ধ হৈছে আৰু কেতিয়াবা ভোকৰ নামত সংগ্ৰামো হৈছে।এই ব্ৰহ্মপুত্ৰক লৈয়ে কবিয়ে কবিতা লিখিছে,গীতিকাৰে গীত লিখিছে। সেইবাবেই সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই লিখি থৈ গৈছে “বিস্তীণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও….বুঢ়া লুইত তুমি বোৱা কিয়?” সেইবাবে আমিও বুঢ়া লুইতক পৃথক দৃষ্টিকোণৰ মাজেৰে চাবলৈ প্ৰয়াস কৰিছোঁ। কাৰণ এইখনেই সেইখন বুঢ়া লুইত যাক কেন্দ্ৰ কৰি এটি সভ্যতা প্ৰাণ পাইছে।সুধাকণ্ঠই তেওঁৰ বিখ্যাত গীতসমূহৰ মাজেৰে অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ অস্তিত্ব, অসমীয়াৰ জীৱনৰ ওপৰত পৰা প্ৰভাৱ, সভ্যতা- সংস্কৃতিৰ কথা প্ৰকট কৰিছে।এই লুইতেই কেতিয়াবা গীতৰ সুৰ হৈ আকৌ কাব্য কাননত শব্দ।

আকৌ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি বেপাৰ বাণিজ্য ও চলি আহিছে। দুয়োপাৰৰ সাৰুৱা পলসে শস্য উৎপাদনত সহায় কৰাৰ লগতে অৰ্থনৈতিক সকাহ প্রদান কৰিছে। সেয়েহে ব্ৰহ্মপুত্ৰক অসমীয়া জাতিৰ এক জীৱনদায়িনী শক্তি বুলি কোৱা হয়।

কিন্তু প্রাকৃতিক কাৰণতে হওক বা মানৱ সৃষ্ট কাৰণতে হওক আশীর্বাদ স্বৰূপ কেতিয়াবা অভিশাপ পৰে। প্রাকৃতিক কাৰণতে হওক বা মানবসৃষ্ট কাৰণে কেতিয়াবা ব্ৰহ্মপুত্ৰই সংহাৰী ৰূপ ধাৰণ কৰে। তাহানিতে ভূপেনদাই কোৱাৰ দৰে আৱহমান কালৰ পৰা প্ৰৱাহিত নদী খন কেতিয়াবা ক্ষান্ত, কেতিয়াবা অৱৰুদ্ধ।

        “বৈ যোৱা এনেদৰে বৈ যোৱা,
         ধৰণী সজল কৰি বৈ যোৱা
         দেশৰ কান্ধত উজলি থকা
         যেন এখনি নীলা বস্ত্ৰ”

Was this article helpful?
Yes0No0

You may also like