জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Monday, September 21, 2026

শিশুৰ বাবে সামাজিক মাধ্যম বন্ধ হওঁক

by Janagana Desk
1 minutes read
Social Media for Child

সামাজিক মাধ্যমৰ পয়োভৰ দিনক দিনক অধিক মাত্ৰাত বৃদ্ধি পাব ধৰিছে। ডিজিটেল যুগত, ছ’চিয়েল মিডিয়াই কোটি কোটি লোকৰ দৈনন্দিন জীৱনত নিজকে নিৰৱচ্ছিন্নভাৱে অন্তৰ্ভুক্ত কৰিছে। সামাজিক মাধ্যমৰ প্ৰভাৱত আজিৰ যুগৰ  শিশুৰ পৰা বৃদ্ধলৈ। এই ভয়াবহকতাই মানুহক সচেতন কৰিব পৰা নাই। দ্য লেঞ্চেট আলোচনীত প্ৰকাশিত শেহতীয়া তথ্যই প্ৰকাশ কৰে যে ইনষ্টাগ্ৰাম আৰু ফেচবুকত ৰিল চোৱা বা এক্স স্ক্ৰল কৰা (পূৰ্বতে টুইটাৰ) লোকৰ সংখ্যা সৰ্বাধিক। এই বৰ্ষৰ মাৰ্চ মাহত কৰা আন এক জৰীপে প্ৰকাশ কৰিছিল যে ৫-১৬ বছৰ বয়সৰ প্ৰায় ৬০ শতাংশ শিশুৱে সম্ভাৱ্য ডিজিটেল আসক্তিৰ পৰিচায়ক আচৰণ প্ৰদৰ্শন কৰে। এনে সময়তে অষ্ট্ৰেলিয়া চৰকাৰে এক উল্লেখনীয় পদক্ষেপ হাতত লৈছে। শেহতীয়াকৈ অষ্ট্ৰেলিয়াত ১৬ বছৰৰ তলৰ শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰিবলৈ আইন প্ৰৱৰ্তন কৰিছে।

ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগে (এনচিপিচিআৰ) ২০২১ চনত কৰা এক অধ্যয়ন অনুসৰি, বয়সৰ সীমাবদ্ধতা থকা স্বত্বেও ১০-১৪ বছৰ বয়সৰ ৩৭ শতাংশ ভাৰতীয় শিশুৱে নিয়মীয়াকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে।

ভাৰতবৰ্ষৰ দৰে দেশতো শিশুৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰাৰ সময় আহি পৰিছে। শিশুসকলক সামাজিক মাধ্যমৰ পৰা সুৰক্ষা দিয়াটো অত্যন্ত গুৰুত্বপূৰ্ণ। যিখন দেশত ইণ্টাৰনেটৰ প্ৰৱেশ দ্ৰুতগতিত বৃদ্ধি পাইছে, সেই দেশত এই বিষয়বোৰ গুৰুত্বপূৰ্ণ।

Was this article helpful?
Yes0No0

You may also like