জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Monday, September 21, 2026

দবা খেলৰ প্ৰয়োজনীয়তা

by Janagana Desk
1 minutes read
Chess for child

বিশ্বৰ অন্যতম পুৰণি খেল হৈছে দবা , ১৫০০ বছৰতকৈও অধিক পুৰণি এই খেল। দবা খেল মগজুৰ খেল। এই খেলত পুৰুষ মহিলা, লৰা ছোৱালী উভয়ে একেলগে প্রতিদ্বন্দিতা কৰিব পাৰে। দবা খেলিলে মগজুৰ ব্যায়াম হয়। মগজুৰ সক্ৰিয়তা বৃদ্ধি পায়। ধীৰ স্থিৰ হয়। ধৈর্যশক্তি বৃদ্ধি কৰাৰ লগতে,সংযমী, আত্মবিশ্বাসী কৰি তোলে। দবা খেলে বিশেষকৈ গণিতত বিদ্যায়তনিক কৃতিত্ব বৃদ্ধি কৰিব পাৰে। দবা হৈছে মানসিক ধৈৰ্য্যৰ খেল। প্ৰায়ে, খেলুৱৈসকলে দবা খেলএখনত বৰ্ধিত সময়ৰ বাবে শান্তভাৱে বহিথাকিব লগা হয়, কিছুমান খেল ঘণ্টাৰ বাবে প্ৰসাৰিত হৈ থাকে।সেয়েহে, যিকোনো দবা খেলত ধৈৰ্য্য অতি গুৰুত্বপূৰ্ণ।নিয়মীয়াকৈ দবা খেলাৰ ফলত ধৈৰ্য্যৰ মূল্য বুজি পাব, যিয়ে বাস্তৱ জীৱনতো সহায় কৰিব পাৰে।

বৰ্তমান সময়ত চছিয়েল মিডিয়াৰ বিস্ফোৰণৰ সময়ত ছাত্র ছাত্রী কম বয়সৰ পৰাই ফেচবুক, ৱাটছএপৰ প্ৰতি আসক্ত হয়। জন্মলগ্নৰে পৰা মোবাইলৰ ব্যৱহাৰে শিশুৰ মানসিক দিশত ঋণাত্মক প্ৰভাৱ পেলাই। তেনেস্থলত ছাত্র ছাত্রীক দবাৰ প্ৰতি আগ্ৰহী কৰি তুলিলে ভাল ফলাফল আশা কৰিব পাৰি। শিশু অৱস্থাতে ডবা খেলৰ সৈতে চিনাকি কৰাই দিয়া ভাল।

শিশু এটাৰ মনস্তাত্বিক বিকাশৰ বাবে কিতাপ, অন্যান্য খেলা ধূলাৰ লগতে ডবা খেলৰ প্ৰয়োজনীয়তা অত্যন্ত গুৰুত্বপূৰ্ণ। ঘৰৰ লগতে বিদ্যালয়ত এই খেলৰ ব্যৱস্থা কৰিব পাৰিলে ধনাত্মক প্ৰভাৱ পৰিলক্ষিত হব। দবা শিকাৰ বেৱে উপযুক্ত সময় দুই তিনি বছৰ বয়স হিচাপে ধৰা হয়।

দবা খেলৰ জৰিয়তে আত্মবিকাশৰ লগতে সমগ্ৰ বিশ্বতে নিজা মাতৃভূমি, নিজক লৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে। বৰ্তমানৰ বিশ্ব চেম্পিয়ন গুকেশ ডোমৰাজুয়ে ২০২৪ চনৰ বিশ্ব দবা চেম্পিয়নশ্বিপত পূৰ্বৰ চেম্পিয়ন ডিং লিৰেনক পৰাস্ত কৰিছিল দেশৰ বাবে সুনাম কঢ়িয়াই আনিছে ।তেওঁৰ এই জয়ে দবা ইতিহাসৰ বুৰঞ্জীত তেওঁৰ নাম খোদিত কৰাই নহয়, লাখ লাখ যুৱক-যুৱতীক ডাঙৰ সপোন দেখিবলৈ আৰু উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে অনুপ্ৰাণিত কৰিছে। কিন্তু আমাৰ দেশত কেন্দ্ৰীয় বিদ্যালয়ৰ বাদেও, দেশৰ বহুকেইখন ৰাজ্যৰ বিদ্যালয়ত দবা বাধ্যতামূলক খেল। অসমৰ চৰকাৰী স্কুলত কিন্তু দবা খেলক গুৰুত্ব দিয়া হোৱা নাই।

Was this article helpful?
Yes0No0

You may also like