জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Tuesday, September 8, 2026

The Signature (Movie review)

by Janagana Desk
1 minutes read
The Signature

Netflix ত মুক্তি লাভ কৰা “The Signature” হৈছে এক হৃদয়স্পৰ্শী চলচ্চিত্ৰ যি প্ৰেম, ত্যাগ আৰু মধ্যবিত্ত পৰিয়াল এটাৰ সংগ্ৰামৰ জীয়া প্ৰতিচ্ছবি। গজেন্দ্ৰ আহিৰে পৰিচালনা কৰা “The Signature” হৈছে তেওঁৰ প্ৰশংসিত মাৰাঠী চলচ্চিত্ৰ “অনুমতি” ৰ এক অফিচিয়েল ৰিমেক। টকাৰ অভাৱত চিকিৎসালয়ত হাজাৰ হাজাৰ জনে মৃত্যুৰে যুঁজি থাকে। জীৱনত সকলো ধৰণৰ প্ৰয়োজনীয়তাৰ লগতে মূখ্যত: চিকিৎসাধীন এজন ব্যক্তিক আৰোগ্য কৰিবলৈ মোটা অংকৰ প্ৰয়োজনীয়তা কিমান বা টকাৰ অভাৱত কেনেকৈ জীৱন স্তব্ধ হৈ পৰে তাৰ এখন হৃদয়বিদাৰক কাহিনী দৃশ্যমান , যাৰ বাস্তৱৰ লগত সম্পূৰ্ণ সাদৃশ্য আছে । লগতে বৃদ্ধ বয়সত পিতৃ-মাতৃৰ অসহায়তা আৰু শিশুৰ অৱহেলিত আচৰণো ছবিখনত দেখা গৈছে, যি বৰ্তমান সমাজত প্ৰায়ে দৃশ্যমান। ছবিখনত এজন অৱসৰপ্ৰাপ্ত বয়োজেষ্ঠ  অৰবিন্দ তেওঁৰ পত্নী মধুৰ  সৈতে ইউৰোপ ভ্ৰমণলৈ যায়। মধু বিমানবন্দৰতে মূৰ্চ্ছা যোৱাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু ক্ৰমান্বয়ে বাঢ়ি অহা চিকিৎসালয়ৰ বিলখনে অধিক ভাৰাক্ৰান্ত, হতাশাগ্ৰস্ত হোৱাৰ পিছতো অৰবিন্দই তেওঁৰ পত্নীক বচাবলৈ আপ্ৰাণ চেষ্টা কৰে। অৰবিন্দৰ সম্পূৰ্ণ সঞ্চয় জীৱন সংগীক মৃত্যুমুখৰ পৰা বচাবলৈ কম হয় । অবশেষত অৰবিন্দৰ এটা স্বাক্ষৰ পত্নীৰ জীৱন মৃত্যুৰ মাজত ৰৈ যায়। উপায়ন্তৰ হৈ অৰবিন্দে DNR প্ৰপত্ৰত স্বাক্ষৰ কৰাৰ নৈতিক দ্বিধাৰ সন্মুখীন হৈছে। আৰ্থিক সীমাবদ্ধতাৰ বাবে পুত্ৰই পিতৃক সেই স্বাক্ষৰ কৰিবলৈ হেঁচা দিছে।

কাহিনীটোৰ বৃদ্ধ চৰিত্ৰসমূহৰ জৰিয়তে সমাজৰ বৃদ্ধ পিতৃ-মাতৃৰ অৱহেলিত বাস্তৱ ছবি খন ফুটি উঠিছে। ছবিখনত নিজ পুত্ৰই দুৰ্বল বিত্তীয় অৱস্থাৰ বাবে মাতৃৰ চিকিৎসাৰ বাবে সকলো আশা ত্যাগ কৰে আনকি তেওঁলোকৰ উমৈহতীয়া সম্পত্তি বিক্ৰী কৰিবলৈও সাজু নহয়।

অনুপম খেৰে এজন অসহায়, সমস্যাৰে জৰ্জৰিত  চৰিত্ৰ ৰূপায়ণৰে বহুমুখী প্ৰতিভাৰ প্ৰমাণ আকৌ এবাৰ দিয়ে। ছবি খনত বাস্তৱ জীৱনত কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়া মহিমা চৌধুৰীও ইয়াত কৰ্কট ৰোগীৰ ৰূপত দেখা যায়, যি এক মৰ্মন্তিক দৃশ্য। কিছু দৃশ্যাংশ লেহেমীয়া ৰূপত দেখা গৈছে যদিও এখন উচ্চ মানদণ্ডৰ ছবি হিচাপে গণ্য কৰিব পাৰি।

Was this article helpful?
Yes0No0

You may also like