জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Tuesday, September 8, 2026

ঐক্য আৰু সমন্বয়ৰ প্ৰতীক : ঐতিহাসিক জোনবিল মেলা

by Janagana Desk
3 minutes read
Jonbil Mela

অতীত কালত মুদ্ৰাৰ প্ৰৱৰ্তনৰ পূৰ্বে পণ্য দ্ৰৱ্যৰ বিনিময় হৈছিল বিনিময় প্ৰথাৰ জৰিয়তে। পৰম্পৰাগত বিনিময় প্ৰথা আজিও প্ৰচলিত অসমৰ এখন বিশেষ ঠাই। মৰিগাঁও জিলাৰ জোনবিলৰ পাৰত অনুষ্ঠিত হোৱা অতি আকৰ্ষণীয় উৎসৱ হ’ল জোনবিল মেলা । মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগীৰোডৰ পৰা উত্তৰে তিনি কিলোমিটাৰ দূৰত্বত (গুৱাহাটী ৰ পৰা ৩২ কিমি) অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল। মৰিগাঁও জিলাৰ জাগীৰােড আৰু জাগী ভকত গাঁৱৰ মধ্যস্থানত থকা এখন বিলৰ নাম হ’ল ‘জোনবিল। এই বিলৰ পাৰত অনুষ্ঠিত মেলাই হৈছে ‘জোনবিল মেলা’। মাঘ বিহুৰ পিছৰ সপ্তাহত বিলৰ পাৰত অনুষ্ঠিত হোৱা মেলাৰ নামেই জোনবিল মেলা। ইয়াত জাতি-বৰ্ণ-ভাষা নিৰ্বিশেষে সকলোৱে দ্ৰব্য বিনিময় কৰে। সেয়ে এই মেলা হৈছে সম্প্ৰীতিৰ মেলা। ঐতিহাসিক জোনবিল মেলাৰ বিশেষত্ব হৈছে বিনিময় প্ৰথা। পূৰ্বতে হাট-বজাৰসমূহত প্ৰচলিত বিনিময় প্ৰথা জোনবিল মেলাত এতিয়াও পৰম্পৰাগতভাৱে চলি আহিছে৷ কাৰ্বি আংলং আৰু মেঘালয়ৰ পাহাৰৰ পৰা মেলালৈ নামি আহে জাক-জাক পুৰুষ-মহিলা৷ তেওঁলোকে পাহাৰত উৎপাদিত বিভিন্ন সামগ্ৰী যেনে আলু, কচু, জালুক, আদা, হালধি, জলকীয়া, জনগোষ্ঠীয় খাদ্যসম্ভাৰ, সাজ-পাৰ আদি লৈ আহে মেলাত বিক্ৰী কৰিবলৈ৷ ভৈয়ামৰ মানুহে চিৰা-পিঠা, শুকান মাছ, লাৰু আদি সামগ্ৰীৰ সৈতে পাহাৰৰ সামগ্ৰীৰ বিনিময় কৰে৷ অৱশ্যে আজিকালি বেছিভাগেই ধন দিয়েই ক্ৰয় কৰে এই সামগ্ৰীসমূহ৷ জোনবিল মেলা উপলক্ষে জোনবিলৰ পাৰত উখল-মাখল পৰিবেশে বিৰাজ কৰা দেখা যায় ৷ কুকুৰা যুঁজ, সমূহীয়া মৎস্য চিকাৰৰ লগতে বিভিন্ন ৰং-ধেমালি আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয় জোনবিলৰ পাৰত৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ পৰম্পৰাগত গীত-নৃত্যৰে মুখৰিত হৈ পৰে জোনবিল মেলাথলী৷ তাৰ লগতে বহু জনপ্ৰিয় কণ্ঠশিল্পীৰ দ্বাৰাও পৰিবেশ কৰা হয় সাংস্কৃতিক অনুষ্ঠান৷

জোনবিল মেলাৰ আৰম্ভণি সম্পর্কে সঠিক তথ্য পােৱা নাযায়। ঐতিহাসিক গােভাৰাজ্য প্রতিষ্ঠাৰ দিনৰে পৰা এই মেলাৰ আৰম্ভণি হয় বুলি গৱেষকসকলে মত পােষণ কৰে। গােভা ৰজাকেই জোনবিল মেলাৰ জন্মদাতা বুলি কোৱা হয়। একাংশ পণ্ডিতৰ মতে, তিৱাসকলৰ গােভা ৰজা জোন সিঙৰ ৰাজ-অভিষেকৰ স্মৃতিৰে বিলখনৰ নাম ‘জোনবিল’ হৈছে। আৰু তেখেতৰ নামেৰেই ‘জোনবিল মেলা’ৰ উৎপত্তি হােৱা বুলি কোৱা হয়। জোনবিল মেলাৰ উৎপত্তি সম্পর্কত বিভিন্ন জনশ্রুতিৰ প্রচলন আছে। কোনাে কোনােৰ মতে বিলখনৰ আকৃতি কাঁচি জোনটোৰ দৰে হােৱাৰ কাৰণেও জোনবিল নামৰ উৎপত্তি হােৱা বুলি কোৱা হয়। আন এক জনশ্রুতি অনুসৰি “কিংবদন্তি আৰু কুঁৱলী কুঁৱলী ইতিহাসৰ পৰা দেখা যায় গােভা ৰাজ্যৰ প্রতিষ্ঠাতা ৰজাই (খেনােৰ মতে ৰজা পাণ্টেশ্বৰ) শুক্লপক্ষৰ সুন্দৰ ৰাতি ৰাণীৰ সৈতে বিহাৰ কৰি আহি এখন বিলৰ পাৰত অৱস্থান কৰে। তেতিয়াই বিলৰ ফটফটীয়া জলৰাশিত প্রতিবিম্বিত সুন্দৰ আকৃতিৰ জোনটি দেখি ৰজা ৰাণী আনন্দত অধীৰ হৈ পৰে। লগে লগে ৰজাৰ আদেশ মতে, তেতিয়াৰ পৰা বিহাৰত ৰজা ৰাণীক আনন্দ দিওঁতা সেই জোন প্রতিবিম্বিত বিলখনৰ নাম হৈ পৰে জোনৰ বিল— জোনবিল। আকৌ তাতে সেই ৰজাৰ আদেশমর্মে অনুষ্ঠিত হ’বলৈ ধৰিলে ৰজা-প্রজাৰ মিলনৰ এক অপূর্ব উৎসৱ মেলা— যি ক্রমে খ্যাত হৈ পৰিল বিখ্যাত ‘জোনবিল মেলা’ তথা ‘জোন-মেলা’ৰূপে। আন এক প্রবাদ অনুসৰি “জোনবিল মেলা গােভা ৰজাৰ ‘নােৱান’ অর্থাৎ ন-খােৱা উৎসৱৰহে এটি সন্মােহিত ৰূপ। আঘােণ-পুহত খেতি চপােৱাৰ পাছত ন-ধানৰ ভাত খাবলৈ তিৱা ৰাজপৰিয়ালৰ লােকসকলে সুন্দৰ জোনবিলৰ পাৰত মিলিত হৈ তিৱা ধৰ্ম আৰু সাংস্কৃতিক পৰম্পৰাৰ ভেটিত নির্দিষ্ট বলি-বিধানেৰে ইষ্ট দেৱতাক পূজা-পাতল কৰি তেওঁবিলাকৰ পূৰ্বপুৰুষক বিধিপূর্বক ন-ধানৰ অন্ন-ব্যঞ্জন, লাওপানী আদি অর্পণ কৰি পাছত সকলােৱে লগ লাগি স্ফুর্তি-তামাচাৰে ভােজ-ভাত খায়। পৰৱর্তী সময়ত তিৱা গােভা ৰাজৰ এই ন-খােৱা উৎসৱৰ সোঁৱৰণি পৰ্বৰ আধাৰত সৃষ্টি হ’ল জোনবিল মেলা।

এই মেলাখনে অসমৰ ঐতিহ্য বহন কৰাৰ লগতে অৰ্থনৈতিকভাৱে একাংশ লোকক সহায় কৰিছে৷ আৰ্থিক, সামাজিক আৰু সাংস্কৃতিকভাৱে জোনবিল মেলাই একতা ধৰি ৰখাত সফল হৈছে৷ বিভিন্ন সংস্কৃতি, বিভিন্ন জাতি-জনগোষ্ঠীৰ লোক এইদৰে একেস্থানত একত্ৰিত হোৱাটো অসমীয়া সমাজ ব্যৱস্থাৰ বাবে যোগাত্মক দিশ৷ প্ৰাচীন গোভাৰাজ্যৰ এই জোনবিল মেলাই কেৱল পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া কৰাই নহয়, আৰ্থসামাজিক দিশতো এক বিশেষ ভূমিকা পালন কৰি আহিছে৷

Was this article helpful?
Yes0No0

You may also like