জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Saturday, September 5, 2026

ভাওনাক লৈ অপমান জনক মন্তব্য কৰা সকল হুছিয়াৰ !

by Dr Netraranjan
1 minutes read
Bhaona

“ভাওনাৰ কাম নাই…
এইবোৰ সময় নষ্ট…”
এইয়া মন্ত্ৰী অশোক সিংঘলৰ স্পৰ্দ্ধা ! দায়িত্বশীল মন্ত্ৰীৰ কাণ্ডজ্ঞান হীন মন্তব্য। অসমীয়া সংস্কৃতিক অপমান কৰাৰ ধৃষ্টতা ক’ত পালে মন্ত্ৰী অশোক সিংঘালে ? অসমীয়াই দিয়া মৰমৰ প্ৰতিদান নেকি এয়া মন্ত্ৰী অশোক সিংঘালৰ?

অসম চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী অশোক সিংঘল। ক্ষমতাই মূৰত ধৰিছে এই মন্ত্ৰীজনক,  ক্ষমতাৰ বলত বলীয়ান এইজন মন্ত্ৰীয়ে এইবাৰ অসম আৰু অসমীয়াৰ স্বাভিমান গুৰুজনাৰ অমৰ সৃষ্টি ভাওনাক কৰিলে চূড়ান্ত অপমান।গুৱাহাটী প্ৰেছ ক্লাবে আয়োজন কৰা ভাওনাৰ নিমন্ত্ৰণ গ্ৰহণৰ সময়ত তেওঁ “ভাওনাৰ কাম নাই, এইবোৰ সময় নষ্ট” বুলি মন্তব্য কৰিছিল বুলি উত্থাপিত হৈছে অভিযোগৰ। এই অনা অসমীয়া সিংঘলৰ বিৰুদ্ধে ইতিমধ্যেই আছে বহু দুৰ্নীতি-অনিয়মৰ অভিযোগ। ৰাইজৰ মাটি বেদখল কৰি নিৰ্মাণ কাৰ্য চলোৱাৰ পৰা জলসিঞ্চনৰ ঠিকা আৱণ্টনলৈকে তেওঁৰ আছে দুৰ্নীতিৰ অভিযোগ। চিকিৎসা খণ্ডৰ দিশে পিঠি দি ব্যস্ত থাকে অসম আৰু অসমীয়াক অপমান কৰিবলৈ। এইবাৰ ভাওনাক অপমান কৰা এইজন অশোক সিংঘলে বিহুৰ বিশ্ব ৰেকৰ্ডৰ সময়ত ৰাস্তাত ৰাতি কটাবলৈ বাধ্য হোৱা বিহুৱা সকলক কৈছিল “বোকাৰ গাহৰি সিহঁতক যিমান ফাইভ ষ্টাৰ হোটেল দিলেও সিহঁতে বোকাতেই থাকিব বিচাৰিব”।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক লৈ তাচ্ছিল্যসূচক মন্তব্য কৰাৰ ধৃষ্টতা তেওঁৰ নাই, আৰু এনেধৰণৰ মন্তব্যই সমগ্ৰ অসমীয়া জাতিটোকে অপমান কৰিছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে যে, “অশোক সিংঘলক ভাওনা চাবলৈ কিয় মাতিব লাগে? আপোনালোকে মোক মাতিব লাগে।” অৰ্থাৎ মুখ্যমন্ত্ৰীৰ বাবে জাতিটোক, সংস্কৃতিক অপমান কৰাটো বিচাৰ্য্যৰ বিষয় নহয়। তেওঁৰ মতে ভাওনা চাবলৈ নিমন্ত্ৰণ আচলতে অশোক সিংঘলক দিয়াতকৈ, মন্ত্ৰী ডাঙৰীয়াক হে দিয়া উচিত। মুখ্যমন্ত্ৰীজনে জাতি বিৰোধী মন্তব্যৰ বাবে মন্ত্ৰী জনক অভিযোগৰ পৰা বচোৱাৰ যুঁজত হে নামি পৰা দেখা গৈছে।

এতিয়া প্ৰশ্ন হৈছে তেওঁ যদি ভাওনা কি এই বিষয়ে জ্ঞাত নাছিল, তেন্তে মন্তব্য দিয়াৰ কি প্ৰয়োজন আছিল ? কিন্তু এইদৰে অপমান কৰাৰ অধিকাৰ এজন ৰজাৰো নাই, এজন প্ৰজাৰো নাই।
ভাওনাক লৈ অপমান জনক মন্তব্য কৰা সকল হুছিয়াৰ !

Was this article helpful?
Yes0No0

You may also like