জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Tuesday, September 1, 2026

অসমৰ Lady Singham সাহসিনী জোনমনি ৰাভা আজিও যেন ন্যায়ৰ অপেক্ষাত…

by Janagana Desk
1 minutes read
Jonmoni Rabha

দুই বছৰৰ পূৰ্বে অৰ্থাৎ ২০২৩ চনৰ ১৬ মে’ তাৰিখে আমি হেৰুৱাইছিলো এগৰাকী সাহসী যোদ্ধা, অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভা। অসমৰ ‘Lady Singham’ হিচাপে খ্যাত জোনমণি ৰাভা আছিল সাহস, সততা আৰু কৰ্তব্যনিষ্ঠাৰ এক উজ্জ্বল প্ৰতীক। তাইৰ সাহসী পদক্ষেপ আৰু সমাজৰ প্ৰতি দায়বদ্ধতা সমাজৰ বাবে এক প্ৰেৰণা । তেওঁৰ মৃত্যুবাৰ্ষিকীত, আমি মাথোঁ এজন আৰক্ষী বিষয়াকেই নহয়, এজন সংগ্রামী নাৰীকো সোঁৱৰিছো, যিয়ে অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল।

কিন্তু এতিয়াও প্ৰশ্ন হয় জোনমণি ৰাভাৰ মৃত্যু প্ৰকৃততে দুৰ্ঘটনা আছিল নে ষড়যন্ত্ৰ ? তেওঁক ‘Lady Singham’ বুলি কোৱা হৈছিল কাৰণ তেওঁ ৰাজনৈতিক প্ৰভাৱ আৰু মাফিয়াক ভয় নকৰি সমাজৰ অন্যায়ৰ বিৰুদ্ধে থিয় দিছিল। মৃত্যুৰ তদন্তত তেওঁৰ মৃত্যুটো “এটা সাধাৰণ পথ দুৰ্ঘটনা” হিচাপে ঘোষণা কৰা হৈছিল যদিও, বহু সন্দেহৰ আঙুলি উঠিছিল । তেওঁৰ মৃত্যুৰ পিছত যি ধৰণে চৰকাৰী আৰু ৰাজনৈতিক স্তৰে মৌনতা অৱলম্বন কৰিছিল । এজন সাহসী আৰক্ষী বিষয়া, যিয়ে ৰাজনৈতিক ছাঁ ৰ বিপক্ষে সক্ৰিয় আছিল, তেওঁৰ মৃত্যু ইমান সহজে “দুৰ্ঘটনা” বুলি ঘোষণা হ’ব পাৰেনে ?

অসমত বহু সময়তে দেখা গৈছে যে, যেতিয়া কোনো ব্যক্তি ৰাজনৈতিক ছায়াৰ ওপৰত প্ৰশ্ন তোলে, তেওঁ বিপদত পৰে। জুনমনি ৰাভাৰ ক্ষেত্ৰতো সেই একেই ছবি। তেওঁ নিজৰ কৰ্মজীৱনত বহু বেআইনী কাঠামো ভাঙি পেলাইছিল, যাৰ ফলস্বৰূপ তেওঁৰ ওপৰত প্ৰতিশোধমূলক মনোভাব গঢ়ি উঠাটো অস্বাভাৱিক নহয়। কিন্তু মূল প্ৰশ্ন হ’ল—যদি সত্যই ষড়যন্ত্ৰ আছিল, কিয় ন্যায় ব্যৱস্থা চুপ?

অনুসূচিত জনজাতিৰ বাবেই নেকি এগৰাকী আৰক্ষী বিষয়াৰ ৰহস্যজনক মৃত্যত নিমাত আছিল ৰাজনৈতিক নেতা পালিনেতা ? এইসকল নেতা পালিনেতাই নিৰ্বাচনৰ পূৰ্বে ৰাভা হাছং এলেকাত নিৰ্বাচনী প্ৰচাৰত উদ্দাত্ত ভাষণ দিয়ে দায়িত্ব সামৰে।

আকৌ এনে ঘটনাৰ পুনৰাবৃত্তি নহওঁক।

Was this article helpful?
Yes0No0

You may also like