জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 20, 2026

উপন্যাস: পুৰণি পাপৰ ছাঁ

পাপ পুৰণি হ’ব পাৰে, কিন্তু তাৰ প্ৰতিশোধ সদায় নতুন আৰু নিষ্ঠুৰ

by reporter
2 minutes read
পুৰণি পাপৰ ছাঁ

কোনো কোনো অপৰাধ কেতিয়াও পুৰণি নহয়। সিহঁত মাথোঁ সময়ৰ সোঁতত ধূলিৰ চামনিৰ তলত লুকাই পৰে। মানুহে ভাবে, দিন পাৰ হৈ যোৱাৰ লগে লগে, নৈৰ পানী ঘোলাৰ পৰা ফটফটীয়াকৈ পৰিষ্কাৰ হোৱাৰ দৰেই অতীতৰ ক’লা ইতিহাসবোৰো লাহে লাহে মচ খাই যায়। কিন্তু আচলতে সেয়া নহয়। বতাহজাক যেতিয়া ধুমুহা হৈ ঘূৰি আহে, তেতিয়া মাটিৰ বুকুত পোত খাই থকা আটাইতকৈ পুৰণি আৰু বিষাক্ত বীজটোও সাৰ পাই উঠে। তাৰ পিছত আৰম্ভ হয় এক নতুন ধ্বংসলীলা। পুৰণি পাপৰ চিতাখনেই তেতিয়া নতুন প্ৰজন্মৰ বাবে কাৰ্য্যালয় হৈ পৰে, য’ত নতুন অপৰাধীয়ে অতি ঠাণ্ডা মূৰেৰে আৰু নিষ্ঠুৰতাৰে নিজৰ স্বাৰ্থৰ খেলখন খেলিবলৈ আৰম্ভ কৰে।

উজনি অসমৰ এখন পুৰণি আৰু অভিজাত চাহ বাগিচা—’ৰাজগড় চাহ এষ্টেট’। বাৰিষাৰ ধাৰাসাৰ বৰষুণ, দিন দুপৰতে ছাটি ধৰা ঘন কুঁৱলী আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বুকুত লীন হৈ আছে এই বাগিচাখনৰ ইতিহাস। বগা চাহাবৰ দিনৰে পৰা চলি অহা এই ঐতিহ্যমণ্ডিত বাগিচাখনৰ গ্লেমাৰ আৰু আভিজাত্যৰ আঁৰত যে এটা ক’লা, তেজ সনা ইতিহাস আৱদ্ধ হৈ আছে, সেয়া সাধাৰণ মানুহৰ বাবে আছিল অগোচৰ। প্ৰায় চাৰিটা দশক ধৰি এটা ভয়ংকৰ ৰহস্যক বুকুৰ মাজত সাৱটি জীয়াই আছিল বাগিচাৰ মালিক দেৱৰাজ বৰুৱা। ১৯৮০ চনৰ সেই ক’লা অধ্যায়টো, যিটো তেওঁ ভাবিছিল চিৰদিনৰ বাবে মাটিৰ তলত পোত গ’ল, সেয়া হঠাত্‍ এক বেনামী চিঠিৰ ৰূপত তেওঁৰ সন্মুখত থিয় দিলে। অতীতৰ সেই পাপে এতিয়া বৰুৱা সাম্ৰাজ্যৰ ভেটি লৰাই পেলাইছে।

কিন্তু খেলখন কেৱল অতীতৰ ক’লা অধ্যায়টোতে আৱদ্ধ হৈ নাথাকিল। ব্ৰহ্মপুত্ৰৰ এক নিৰ্জন, আন্ধাৰ আৰু কুঁৱলীৰে আৱদ্ধ ঘাটত যেতিয়া প্ৰথমটো মৃতদেহ উদ্ধাৰ হ’ল, তেতিয়া গোটেই পাশা খেলখন সলনি হৈ গ’ল। পুৰণি ব্লেকমেইলাৰজনক বাটৰ পৰা আঁতৰাই এইবাৰ খেলপথাৰত নামি পৰিল এজন ‘নতুন অপৰাধী’—যি অধিক ভয়ংকৰ, অধিক আধুনিক আৰু যাৰ বুকুত দয়া-মমতা বা অনুশোচনাৰ কোনো স্থান নাই। সি কেৱল পুৰণি পাপৰ সুযোগ লৈ কোটি কোটি টকা লুটিবলৈ অহা নাই, সি আহিছে বৰুৱা পৰিয়ালক ভিতৰি ভিতৰি নিঃশেষ কৰিবলৈ। সি ইমান ধূৰ্ত যে সি অতি কৌশলেৰে এই সমস্ত হত্যাকাণ্ডৰ বোকা চটিয়াই দিলে তদন্ত কৰিবলৈ অহা সেই বিশেষ মানুহজনৰ গাত।

ৰুদ্ৰ।

যাৰ বাবে অপৰাধীৰ মনস্তত্ত্ব পঢ়াটো কোনো ডাঙৰ কথা নহয়। যি ক্লু বা প্ৰমাণ বিচাৰি হাবাথুৰি খাই নুফুৰে, বৰুৱা বঙলাৰ থমথমীয়া পৰিৱেশ আৰু সন্দেহযুক্ত লোকসকলৰ চকুৰ ভাষাই যাৰ বাবে হৈ পৰে একো একোটা ডাঙৰ প্ৰমাণ। কিন্তু এইবাৰ ৰুদ্ৰ নিজেই ফান্দত আৱদ্ধ। এফালে স্থানীয় অসম পুলিচৰ তীক্ষ্ণ দৃষ্টি আৰু আনফালে চাহ গছৰ অৰণ্যৰ আঁৰত খাপ পিটি থকা এজন অদৃশ্য হত্যাকাৰী। ধাৰাসাৰ বৰষুণ আৰু প্ৰাকৃতিক দুৰ্যোগে যেতিয়া বিশাল ঐতিহ্যবাহী চাং বঙলাটোক গোটেই পৃথিৱীৰ পৰা বিচ্ছিন্ন কৰি এটা আৱদ্ধ দ্বীপ সজাই তুলিলে, তেতিয়া আৰম্ভ হ’ল এক ভয়ংকৰ মনস্তাত্ত্বিক যুদ্ধ। মমবাতিৰ কঁপি থকা পোহৰ আৰু অন্ধকাৰৰ মাজত কোনে জিকিব এই খেল?

পুৰণি পাপীৰ আত্মগ্লানি নে নতুন অপৰাধীৰ ঠাণ্ডা মূৰৰ নিষ্ঠুৰতা?

‘ৰুদ্ৰ’ শৃংখলাৰ এই বিশেষ উপন্যাসখনত আপুনি দেখিবলৈ পাব অসমৰ থলুৱা পৰিৱেশৰ পটভূমিত ৰচিত এক তীব্ৰ উত্তেজনাপূৰ্ণ, ৰহস্যঘন আৰু হাড় কঁপাই যোৱা এক ক্ৰাইম থ্ৰীলাৰ। য’ত প্ৰতিটো খোজতে আছে নতুন টুইষ্ট আৰু ৰুদ্ৰৰ সেই পৰিচিত, গম্ভীৰ অথচ ধাৰাল শৈলীৰ ন্যায়।

ক্ৰমশ…

Was this article helpful?
Yes0No0

You may also like