জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 20, 2026

মায়ঙৰ মায়া: লোকগাথা নে হেৰাই যোৱা বিজ্ঞান?

by reporter
4 minutes read
Folklore of Mayang

—- মুকুট বৰুৱা

অসমৰ বুৰঞ্জী আৰু লোকবিশ্বাসৰ পাত লুটিয়ালে এনে এক স্থানৰ নাম বাৰে বাৰে আগলৈ আহে, যি স্থানক লৈ শতিকা শতিকা ধৰি বিশ্ববাসীৰ মনত কেৱল বিস্ময়, ভয় আৰু ঔৎসুক্যৰ সৃষ্টি হৈ আহিছে। সেয়া হৈছে মৰিগাঁও জিলাৰ ব্ৰহ্মপুত্ৰৰ কাষৰীয় শান্ত-সমাহিত অথচ ৰহস্যঘন অঞ্চল ‘মায়ং’। লোকমুখত প্ৰচলিত কাহিনী অনুসৰি মায়ং হ’ল মন্ত্ৰ-তন্ত্র, যাদু-টোনা আৰু কলাযাদুৰ দেশ। মানুহক ছাগলী কৰি ৰখা, উৰণীয়া কাপোৰেৰে আকাশত উৰি যোৱা, বা বাণ মাৰি শত্ৰুক ধূলিস্যাৎ কৰাৰ দৰে বহু অলৌকিক সাধু মায়ঙৰ নামৰ সৈতে সাঙোৰ খাই আছে। কিন্তু একবিংশ শতিকাৰ যুক্তিনিষ্ঠ আৰু বিজ্ঞানমনস্ক চকুৰে চালে প্ৰশ্ন উঠে— মায়ঙৰ এই বিখ্যাত ‘মায়া’ কেৱল অন্ধবিশ্বাস আৰু অতিৰঞ্জিত লোকগাথায়েই নে ইয়াৰ আঁৰত আছিল কোনো বিলুপ্ত হৈ যোৱা প্ৰাচীন বিজ্ঞানৰ জটিল গাণিতিক ও সূক্ষ্ম প্ৰয়োগ?

মায়ংক বুজিবলৈ হ’লে প্ৰথমে ইয়াৰ নামৰ উৎপত্তি আৰু বুৰঞ্জীৰ গভীৰলৈ যাব লাগিব। ‘মায়ং’ শব্দৰ উৎপত্তি সম্পৰ্কে বহু মতবাদ আছে। কাৰোবাৰ মতে সংস্কৃত ‘মায়া’ (অৰ্থাৎ ভ্ৰম বা যাদু) শব্দৰ পৰা ইয়াৰ নাম মায়ং হৈছে। আন কিছুমান বুৰঞ্জীবিদৰ মতে, কছাৰী ভাষাৰ ‘মিয়াং’ (অৰ্থাৎ হাতী) শব্দৰ পৰা এই নামটো আহিছে, কাৰণ এই অঞ্চল ঘন অৰণ্য আৰু হাতীৰ বাবে বিখ্যাত আছিল। কিন্তু নামৰ যিয়েই ব্যাখ্যা নহওক কিয়, মায়ঙৰ প্ৰাচীন ঐতিহ্যই প্ৰমাণ কৰে যে এই ভূখণ্ড এসময়ত তন্ত্র-মন্ত্ৰ আৰু জ্যোতিৰ্বিজ্ঞানৰ এক বৃহৎ কেন্দ্ৰস্থল আছিল।

ঐতিহাসিকভাৱে মায়ং কামৰূপ কামাখ্যাৰ তান্ত্ৰিক পৰম্পৰাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত। কামাখ্যা যদি আছিল তান্ত্ৰিক সাধনাৰ কেন্দ্ৰবিন্দু, মায়ং আছিল তাৰ ব্যৱহাৰিক প্ৰয়োগৰ প্ৰয়োগশালা। পুৰণি কালত চীন, তিব্বত আৰু সমগ্ৰ ভাৰতবৰ্ষৰ পৰা বহু তান্ত্ৰিক তথা সাধক ইয়ালৈ তন্ত্ৰ-মন্ত্ৰ শিকিবলৈ আহিছিল। আনকি মোগল আৰু আহোমৰ যুদ্ধৰ সময়তো মায়ঙৰ তান্ত্ৰিক শক্তিৰ কথা উল্লেখ পোৱা যায়। ১৬৬৭ চনত মোগল সেনাপতি ৰাম সিংহই যেতিয়া অসম আক্ৰমণ কৰিবলৈ আহিছিল, তেতিয়া মোগল সেনা মায়ঙৰ কালাযাদুৰ ভয়ত ত্ৰস্তমান হৈ পৰিছিল। ইতিহাসৰ নথিপত্ৰত পোৱা যায় যে ৰাম সিংহই মায়ঙৰ মন্ত্ৰ-শক্তিৰ পৰা নিজৰ সেনাক ৰক্ষা কৰিবলৈ জাদুগৰী শক্তিসম্পন্ন ধৰ্মীয় গুৰুক লগত আনিবলগীয়া হৈছিল।

এতিয়া প্ৰশ্ন হ’ল, মায়ঙৰ মন্ত্ৰ সঁচাকৈয়ে যাদু আছিলনে? আধুনিক মানসিক-বিজ্ঞান (Psychology), স্নায়ুবিজ্ঞান (Neuroscience) আৰু মহাকৰ্ষণিক বিজ্ঞানৰ দৃষ্টিকোণৰ পৰা চালে ইয়াত এক ভিন্ন ছবি ধৰা পৰে।

প্ৰথমতে, মায়ঙৰ যিবোৰ মন্ত্ৰৰ পাণ্ডুলিপি আজিও সংৰক্ষিত হৈ আছে, সেইবোৰ মূলতঃ দুটা ভাগত বিভক্ত— ‘উপচাৰ’ ( healing/medicine) আৰু ‘বশীকৰণ বা প্ৰতিৰোধ’ (psychological impact)। মায়ঙৰ ওজা বা বেজসকলে উদ্ভিদী চিকিৎসা (Herbal Medicine) আৰু গছ-লতাৰ ৰাসায়নিক গুণাগুণৰ বিষয়ে গভীৰ জ্ঞান ৰাখিছিল। চালৰ ৰোগ, সাপে খোটা, হাড় ভঙা, বা মানসিক ভাৰসাম্যহীনতা নিৰাময়ৰ বাবে তেওঁলোকে কিছুমান বিশেষ গছৰ ৰস ব্যৱহাৰ কৰিছিল আৰু তাৰ লগত কিছুমান বিশেষ শব্দ তৰঙ্গ (Sound Wave বা মন্ত্ৰ) সংযোগ কৰিছিল। চিকিৎসা বিজ্ঞানত ইয়াক আজিৰ তাৰিখত ‘প্লেচেবো ইফেক্ট’ (Placebo Effect) আৰু ‘ধ্বনি চিকিৎসা’ (Sound Therapy) বুলি কোৱা হয়। নির্দিষ্ট সূৰ আৰু কম্পনত উচ্চারণ কৰা মন্ত্ৰই ৰোগীৰ মস্তিষ্কৰ আলফা তৰংগক প্ৰভাৱিত কৰিছিল, যিয়ে ঔষধৰ ক্ৰিয়া খৰতকীয়া কৰি তুলিছিল। ইয়াক আমাৰ চকুৰে দেখা সাধাৰণ মানুহে ‘যাদু’ বুলি ভাবি লৈছিল।

দ্বিতীয়তে, ‘হুকুম মন্ত্ৰ’ বা কোনো মানুহক স্তব্ধ কৰি ৰখাৰ যি কাহিনী পোৱা যায়, ইয়াৰ আঁৰত সন্মোহন বিদ্যা (Hypnotism) আৰু মেছমেৰিজমৰ (Mesmerism) প্ৰয়োগ থকাৰ প্ৰবল সম্ভাৱনা আছে। এজন সুশিক্ষিত ওজাই নিজৰ দৃষ্টি আৰু শব্দৰ দ্বাৰা কোনো মানুহৰ মগজুক ক্ষণিকৰ বাবে সম্পূর্ণ নিষ্ক্ৰিয় কৰি তুলিব পাৰিছিল। দেখা পোৱা প্ৰত্যক্ষদর্শীয় বাবে ই আছিল এক অলৌকিক মায়া, কিন্তু বাস্তৱত ই আছিল মানৱ মস্তিষ্কৰ জটিল বায়’লজিকেল নিয়ন্ত্ৰণ।

তৃতীয় আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে— মায়ঙৰ ভৌগোলিক অৱস্থান আৰু জ্যোতিৰ্বিজ্ঞান। মায়ঙৰ কাষৰীয় শৈলখণ্ডসমূহত বহু প্ৰাচীন জ্যামিতিক চিন, গ্ৰহ-নক্ষত্ৰৰ মানচিত্ৰ আৰু সংকেত খোদিত হৈ আছে। কিছুমান গৱেষকৰ মতে, মায়ঙৰ তান্ত্ৰিকসকলে প্ৰকৃতিৰ চুম্বকীয় ক্ষেত্ৰ (Electromagnetic field) আৰু মহাজাগতিক শক্তিৰ (Cosmic energy) বিষয়ে বিশেষ জ্ঞান লাভ কৰিছিল। কোনো নির্দিষ্ট স্থানে প্ৰকৃতিৰ মুক্ত শক্তি সঞ্চয় কৰি তাক কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, সেয়া তেওঁলোকৰ আয়ত্তত আছিল। ই আছিল একধৰণৰ প্ৰাচীন পদাৰ্থবিজ্ঞান, যি আধুনিক পাঠ্যপুথিৰ সৈতে নিমিলিল বাবে পৰৱৰ্তী সময়ত ‘হেৰাই যোৱা বিজ্ঞান’ হৈ পৰিল।

যিদৰে মিশ্ৰৰ পিৰামিড নিৰ্মাণৰ প্ৰযুক্তি বা বৈদিক যুগৰ বিমান শাস্ত্রৰ জ্ঞান লিখিত ৰূপত সবিশেষ সংৰক্ষিত নোহোৱাৰ বাবে বিলুপ্ত হ’ল, ঠিক তেনেদৰে মায়ঙৰ মূল জ্ঞানখিনিও মৌখিকভাবে এজন গুৰুৰ পৰা শিষ্যলৈ হস্তান্তৰ হৈছিল। বেছিভাগ গুপ্ত বিদ্যা লিখিত ৰূপত সংৰক্ষণ কৰা হোৱা নাছিল। যিবোৰ সাঁচিপাতৰ পুথি লিখা হৈছিল, সেয়াও অপ্ৰশিক্ষিত লোকৰ হাতত পৰি কেৱল কেইটামান ৰহস্যময় শব্দৰ সমষ্টি হৈ পৰিল। সঠিক গৱেষণা আৰু বৈজ্ঞানিক দৃষ্টিভংগীৰ অভাৱত মূল বিজ্ঞানখিনি সময়ৰ সোঁতত মচি গ’ল আৰু কেৱল ৰৈ গ’ল ভয় আৰু কৌতুহলৰ লোকগাথাবোৰ।

আজি মায়ং কেৱল এক পৰ্যটন কেন্দ্র বা সাধুকথাৰ থলী হৈ ৰোৱা উচিত নহয়। মায়ঙৰ সাঁচিপাতৰ পুথিসমূহৰ ওপৰত আধুনিক ভাষাবিজ্ঞান, তান্ত্ৰিক বিজ্ঞান আৰু আয়ুৰ্বেদৰ যৌথ গৱেষণা হোৱাটো অত্যন্ত প্ৰয়োজন। প্ৰাচীন ভাৰতে পদাৰ্থ, শব্দ আৰু উদ্ভিদক লৈ যি পৰীক্ষা-নিৰীক্ষা চলাইছিল, তাৰ এক জীয়ন্ত দলিল হৈছে মায়ং।

সামৰণিত ক’ব পাৰি যে, মায়ঙৰ ‘মায়া’ কেৱল অন্ধবিশ্বাসৰ কোনো কল্পকাহিনী নহয়; ই আছিল আমাৰ পূৰ্বপুৰুষৰ এক উচ্চস্তৰীয় সূক্ষ্ম বিজ্ঞান, যাক বুজিবলৈ আধুনিক বিজ্ঞানে হয়তো এতিয়াও সম্পূৰ্ণ খোজ পেলাব পৰা নাই। যাক আমি আজি ‘অলৌকিক’ বুলি ভাবি আঁতৰি থাকোঁ, সেয়া হয়তো আছিল কালৰ কুটিল গৰাসত হেৰাই যোৱা এক অনাবিষ্কৃত প্ৰাচীন বিজ্ঞানৰ সোণালী অধ্যায়।

Was this article helpful?
Yes0No0

You may also like