Skip to content

১৬ বছৰত ১৪ তম চৰকাৰৰ দিশে নেপাল !

Dr. Mamun Imdadul Haque Chowdhury
July 8, 20249 second read
nepal

২০০৮ ৰ ১৫ আগষ্টত আনুষ্ঠানিক ভাৱে নেপালৰ পৰা ৰাজতন্ত্ৰৰ অৱসান হয়। ৰাজতন্ত্ৰৰ পৰা গণতান্ত্ৰিক ব্যৱস্থালৈ উত্তৰণৰ মূল মানুহ জন হ’ল পুষ্প কমল দাহাল ওৰফে প্ৰচণ্ড। জন্ম, শিক্ষা দীক্ষা আদি নেপালত হ’লেও প্ৰচণ্ডৰ শৈশৱ কাল অসমৰ গুৱাহাটীত পাৰ হৈছে। স্কুলীয়া জীৱনত তেওঁ মাওবাদৰ প্ৰতি আকৰ্ষিত হয় আৰু পিছলৈ গৈ নিষিদ্ধ ঘোষিত “কমিউনিষ্ট পাৰ্টি অফ নেপাল
(মাওবাদী) ৰ সাধাৰণ সম্পাদক হয় গৈ। জীৱনৰ অধিক কাল সময় নেপালৰ বাহিৰত আত্মগোপন কৰি সাংগঠনিক কাম কাজ চলাই থকা প্ৰচণ্ডই প্ৰথম বাৰৰ বাবে ৰাজহুৱা ভাৱে আত্ম প্ৰকাশ কৰে ২০০৬ চনৰ নৱেম্বৰত —তেতিয়াৰ নেপালৰ প্ৰধানমন্ত্ৰী গিৰিজা প্ৰসাদ কৈৰালাৰ সৈতে হোৱা শান্তি চুক্তি স্বাক্ষৰৰ সময়ত। সেই শান্তি চুক্তি খনৰ তিনিটা মূল কথা আছিল — ১।নেপালত ৰাজতন্ত্ৰৰ অৱসান ঘটি গণতন্ত্ৰৰ  প্ৰতিষ্ঠা হ’ব, ২। প্ৰচণ্ডই সশস্ত্ৰ কাৰ্য-কলাপ পৰিহাৰ কৰি সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰিব আৰু ৩। চি পি এন (মাওবাদী) ৰ ২০ হাজাৰ সশস্ত্ৰ কেডাৰ নেপালৰ সামৰিক বাহিনীৰ অন্তৰ্ভুক্ত হ’ব।

সেই চুক্তি অনুসৰিয়েই নেপালত গণতন্ত্ৰ প্ৰতিষ্ঠা হয় আৰু ২০০৮ চনৰ ১৮ আগষ্টত প্ৰচণ্ডই আনুষ্ঠানিক ভাৱে গণতান্ত্ৰিক নেপালৰ প্ৰথমজন প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে। কিন্তু তেওঁ বেছিদিন প্ৰধানমন্ত্ৰী হৈ থাকিব নোৱাৰিলে। চুক্তি অনুসৰি প্ৰচণ্ডৰ দল চি পি এন (মাওবাদী) ৰ সশস্ত্ৰ কেডাৰক নেপালৰ তদানীন্তন স্থল সেনা প্ৰধানে সামৰিক বাহিনীত সাঙুৰি ল’বলৈ অস্বীকাৰ কৰাত এই লৈ সেনা বাহিনীৰ সৈতে তেওঁৰ সংঘাত হয় আৰু ৪ মে ২০০৯ ত প্ৰচণ্ডই প্ৰধানমন্ত্ৰী পদৰ পৰা  পদত্যাগ কৰে। এই যে গণতান্ত্ৰিক ব্যৱস্থাটো  প্ৰতিষ্ঠিত হোৱাৰ পিছত গঠন হোৱা চৰকাৰখন দেৰ বছৰো নিটিকিল সেই তেতিয়াৰ পৰা আজিলৈকে কোনো এখন চৰকাৰেই নেপালত  তাৰ কাৰ্যকাল পূৰণ কৰিব পৰা নাই।

নেপালৰ ৰাজনীতি কিমান অস্থিৰ তাৰ মাত্ৰ এটা উদাহৰণ দিলেই যথেষ্ট। ২০২২ ৰ নৱেম্বৰত হোৱা সংসদীয় নিৰ্বাচনতত প্ৰচণ্ডৰ চি পি এন (মাওবাদী) আৰু শ্বেৰ বাহাদুৰ দেউবাৰ নেপালী কংগ্ৰেছে মিত্ৰজোঁট গঠন কৰি নিৰ্বাচনত অৱতীৰ্ণ হয়। ২৭৫ জনীয়া নিম্ন সদনত নেপালী কংগ্ৰেছে লাভ কৰে ৮৮ খন আসন। কে পি শৰ্মা অলীৰ কমিউনিষ্ট পাৰ্টি অফ নেপাল (ইউনাইটেত মাৰ্ক্সিচিষ্ট লেনিনিষ্ট) এ লাভ কৰে ৭৯ খন আৰু প্ৰচণ্ডৰ চি পি এন (মাওৱিষ্ট চেন্টাৰ) এ লাভ কৰে মাত্ৰ ৩২ খন আসন। এইখিনিতে কৈ থোৱা ভাল — ২০১৮ ত কে পি শৰ্মা অলীৰ চি পি এন ( ইউ এম এল ) আৰু প্ৰচণ্ডৰ চি পি এন ( মাওবাদী) ৰ বিলয় হৈ গঠন হয় কমিউনিষ্ট পাৰ্টি অফ নেপাল বা সংক্ষেপে চি পি এন। কিন্তু, এই ব্যৱস্থা বেছিদিন নচলিল। বিলয়ৰ চুক্তি অনুসৰি সিদ্ধান্ত হৈছিল — প্ৰচণ্ডই পাৰ্টি চলাব আৰু কে পি শৰ্মা অলীয়ে প্ৰধানমন্ত্ৰী হিচাবে প্ৰশাসন চলাব। কিন্তু, তাতো সংঘাত হ’ল। প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অলীয়ে বহু সিদ্ধান্ত প্ৰচণ্ড অৰ্থাৎ দলক নোসোধাকৈ ল’লে।  প্ৰচণ্ড অলীৰ সৈতে নাথাকিল। ওলাই আহিল। আহি গঠন কৰিলে  চি পি এন (মাওৱিষ্ট চেন্টাৰ) অৰ্থাৎ এতিয়াৰ চি পি এন (এম চি) হ’ল পূৰ্বৰ চি পি এন (মাওবাদী) ৰ নতুন সংস্কৰণ।

শ্বেৰ বাহাদুৰ দেউবা, কে পি শৰ্মা অলী আৰু প্ৰচণ্ড— এই তিনিওজন নেপালৰ কেবাবাৰকৈ প্ৰধানমন্ত্ৰী হোৱা লোক। এইখিনিতে উল্লেখ কৰাটো সমীচীন হ’ব যে —সংসদীয়  ৰাজতন্ত্ৰ থাকোতে নেপালৰ সংসদৰ নাম আছিল পঞ্চায়ত। কিন্তু, গণতান্ত্ৰিক ব্যৱস্থা প্ৰতিষ্ঠিত হোৱাৰ পিছত নেপালত দ্বি সদনীয় সংসদৰ ব্যৱস্থা হয়। তাৰে উচ্চ সদনক ৰাষ্ট্ৰীয় সভা আৰু নিম্ন সদনক প্ৰতিনিধি সভা বুলি কোৱা হয়। এই প্ৰতিনিধি সভাৰ নেতাজনেই প্ৰধানমন্ত্ৰী হয়গৈ।

২০২২ৰ নিৰ্বাচনৰ ফলাফল ওলোৱাৰ লগে লগে চৰকাৰৰ নেতৃত্বত কোন থাকিব এই লৈ দেউবা আৰু প্ৰচণ্ডৰ সংঘাত হয়। প্ৰচণ্ডই দেউবাৰ নেপালী কংগ্ৰেছৰ সৈতে থকা মিত্ৰতা চ্ছেদ কৰি কে পি শৰ্মা অলীৰ চি পি এন (ইউ এম এল) ৰ সমৰ্থনত চৰকাৰ গঠন কৰে। কিন্তু ২০২৩ ৰ মাৰ্চত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰচণ্ডই দেউবাৰ নেপালী কংগ্ৰেছৰ প্ৰাৰ্থীক সমৰ্থন জনোৱাত চি পি এন ( ইউ এম এল) এ চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে। তেনেতে প্ৰচণ্ডই পুনৰ দেউবাৰ নেপালী কংগ্ৰেছৰ সমৰ্থনত চৰকাৰ গঠন কৰে। ই- ম- মা- ন ওলট পালট নেপালৰ ৰাজনীতিত! মনত ৰাখিবলৈকে টান। কোনে কেতিয়া কাৰ লগ এৰে আকৌ কাৰ লগ লাগে তাৰ কোনো চয় নিশ্চয়তা  নাই।

এইবাৰ যোৱা ৩০ জুন, ২০২৪ ত দেউবাৰ নেপালী কংগ্ৰেছ আৰু কে পি শৰ্মা অলীৰ চি পি এন ( ইউ এম এল) লগ লাগিছে প্ৰচণ্ডৰ চি পি এন ( এম চি) ক ক্ষমতাচ্যুত কৰাৰ বাবে।  সিদ্ধান্তও হৈ গৈছে। সেই মৰ্মে বাকী ছোৱা কালৰ আধা-আধা কাৰ্যকাল প্ৰধানমন্ত্ৰী হ’ব ক্ৰমে অলী আৰু দেউবা। কিন্তু, বিগত দুবাৰৰ দৰে প্ৰচণ্ডই এইবাৰ পদত্যাগ কৰা নাই। প্ৰতিনিধি সভাৰ (সংসদ) ৰ মুখা মুখি হ’ম বুলি কৈছে।

এইবাৰলৈ প্ৰচণ্ড তিনিবাৰ প্ৰধানমন্ত্ৰী হৈছে। ২০০৮,২০১৬ আৰু ২০২২ত। ২০২২ ৰ নৱেম্বৰত তৃতীয় বাৰৰ বাবে শপত লোৱাৰ পিছত মাত্ৰ দেৰ বছৰত প্ৰচণ্ডই সন্মুখীন হোৱা অনাস্থা প্ৰস্তাৱৰ এইটো হ’বগৈ চতুৰ্থটো অনাস্থা প্ৰস্তাৱ। যদিহে এইবাৰ পুনৰ  প্ৰচণ্ডৰ চৰকাৰ খনৰ পতন হয় তেন্তে যিখন চৰকাৰ হ’বগৈ সেইখন হ’ব গৈ গণতন্ত্ৰ প্ৰতিষ্ঠা হোৱাৰ ১৬ বছৰৰ ভিতৰত নেপালৰ  ১৪ তম চৰকাৰ ! ইমানেই অস্থিৰ নেপালৰ ৰাজনীতি।

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top