জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 6, 2026

অসমৰ থলুৱাৰ বাবে ১০০ শতাংশ সংৰক্ষণ কেতিয়া?

by Dr Netraranjan
3 minutes read

আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ভগনীয়া হ’ব… তাহানিতেই সুধাকণ্ঠই গীতৰ ভাষাৰে অসমৰ থলুৱা লোকসকলক এনেদৰে সকীয়াই দিছিল। পিছে সেইকথা অসমৰ এখনো চৰকাৰে আজিকোপতি উপলব্ধি কৰিব নোৱাৰিলে। পূৰ্বৰ চৰকাৰসমূহৰ কথা একাষৰীয়াকৈ থৈ জাতি, মাটি, ভেটিৰ কথা কৈ শাসনলৈ অহা বিজেপি চৰকাৰখনলৈ চালে দেখা যায় যে কিছুবছৰ আগলৈকে থলুৱাৰ সুৰক্ষাৰ বাবে যিসমূহ ব্যৱস্থা আছিল সেইসমূহো লাহে লাহে নাইকিয়া হৈ পৰিছে। শেহতীয়াকৈ মহাবিদ্যালয়ৰ প্ৰবক্তা তথা আন পদসমূহত নিযুক্তিৰ ক্ষেত্ৰত পিআৰচিৰ প্ৰয়োজন নহ’ব বুলিও এক নিৰ্দেশনা প্ৰদান কৰিছিল ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে। ইয়াৰ জৰিয়তে থলুৱা প্ৰাৰ্থীসকলক বঞ্চিত কৰি অসমৰ মহাবিদ্যালয়সমূহত বহিঃৰাজ্যৰ লোকক নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ এক গোপন অভিসন্ধি ৰচনা কৰিছিল চৰকাৰে। অৱশ্যে ছ’চিয়েল মিডিয়াত এই লৈ ব্যাপক সমালোচনা হোৱাত চৰকাৰে উক্ত নিৰ্দেশনা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈ পৰে। সেয়া হ’লেও এনে কাৰ্যৰ জৰিয়তে চৰকাৰখনে থলুৱাৰ সুৰক্ষাক সম্পূৰ্ণৰূপে ভেঙুচালি কৰা বুলি এতিয়া সৰ্বত্ৰে অভিযোগ উত্থাপিত হৈছে। পৰিতাপৰ কথা এয়ে যে আজি ৰাজ্যখনত চৰকাৰী আৰু বেচৰকাৰী খণ্ডত থলুৱাৰ বাবে কোনো বিশেষ শক্তিশালী সংৰক্ষণৰ ব্যৱস্থা নথকাত বহুক্ষেত্ৰত বহিঃৰাজ্যৰ লোক ভৰি পৰিছে। একেদৰে কেবাখনো জিলাত থলুৱা লোকৰ পৰিৱৰ্তে ব্যৱসায়-বাণিজ্য সম্পৰ্কীয় প্ৰশাসনিক অনুমোদন, ঋণ আদিতো বহিঃৰাজ্যৰ লোকে ব্যাপক সা-সুবিধা লাভ কৰা বুলি প্ৰায়ে বাতৰি প্ৰকাশ পাই আহিছে। এনে পৰিপ্ৰেক্ষিতত অসমৰ থলুৱা যুৱক-যুৱতীয়ে আজি নিজ ৰাজ্যত নিয়োগ লাভ তথা ব্যৱসায় আৰম্ভ কৰাৰ কোনো সুযোগ নেদেখি গুজৰাট, তামিলনাডু, কৰ্ণাটক, কেৰালা, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ আদি ৰাজ্যলৈ গৈ তেনেই সামান্য মজুৰিৰ বিনিময়ত কাম কৰিবলগীয়াত পৰিছে। এনেকৈ কামৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা অসমৰ থলুৱা যুৱক-যুৱতীসকল প্ৰায়েই নিৰ্যাতনৰো বলি হৈ অহা দেখা গৈছে। চৰকাৰে ৰাজ্যৰ নিবনুৱা সমস্যা সমাধানৰ বাবে কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে প্ৰতিবছৰে হাজাৰ হাজাৰ থলুৱা যুৱক-যুৱতীয়ে অসমৰ এৰি গৈ আছে। তথ্য অনুযায়ী যোৱা ৭ বছৰত অসংগঠিত খণ্ডত কৰ্মহীন হৈ পৰিছে ৪.৯৪ লাখ লোক। ইয়াৰে অধিকাংশই হৈছে থলুৱা লোক। যদিহে চৰকাৰে থলুৱা লোকসকলৰ বাবে চৰকাৰী আৰু বেচৰকাৰী খণ্ডত সংৰক্ষণৰ ব্যৱস্থা কৰিলেহেতেন তেন্তে আজি ইমানসংখ্যক লোকে কামৰ বাবে আন ৰাজ্যলৈ ঢাপলি মেলিবলগীয়া নহ’লহেতেনে বুলিও মন্তব্য কৰিছে ৰাজ্যখনৰ কেবাটাও দল-সংগঠনে। উল্লেখ্য যে যোৱা ১৫ জুলাইত কামৰ সন্ধানত দাক্ষিণাত্যলৈ যোৱা চৰাইদেউৰ ৩জন থলুৱা যুৱকৰ ২জনকেই দুষ্কৃতিকাৰীয়ে অতি নিৰ্মমভাৱে হত্যা কৰিছিল। এনেদৰে প্ৰায় প্ৰতিটো সপ্তাহতে বহিঃৰাজ্যত অসমৰ যুৱকে অকালতে প্ৰাণ হেৰুৱালগীয়া হৈ আহিছে যদিও চৰকাৰে এই সন্দৰ্ভত কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। থলুৱাৰ সংৰক্ষণক লৈ অসম চৰকাৰৰ এনে উদাসীনতাৰ বিপৰীতে দক্ষিণ ভাৰতৰ কৰ্ণাটক, তামিলনাডুকে আদি কৰি কেবাখনো ৰাজ্যত স্থানীয় লোকৰ বাবে চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ চাকৰিত বিশেষ সংৰক্ষণৰ ব্যৱস্থা কৰা দেখা গৈছে। মুম্বাইৰ দৰে চহৰতো থলুৱা লোকৰ সংৰক্ষণে গুৰুত্ব পাই আহিছে। বিপৰীতে অসমত অসম চৰকাৰে অসম লোকসেৱা আয়োগতো বহিঃৰাজ্যৰ লোকে সহজতে নিযুক্তি লাভ কৰিব পৰা ব্যৱস্থা কৰি দিছে। অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়সমূহক চৰকাৰে ইচ্ছা কৰিয়েই একপ্ৰকাৰ ধ্বংসৰ মুখলৈ ঠেলি দিয়াৰ লগতে চৰকাৰী চাকৰিসমূহতো অসমীয়া ভাষা ক’ব নজনা বহিঃৰাজ্যৰ লোক বিশেষকৈ উত্তৰ ভাৰতৰ একাংশ প্ৰাৰ্থীক বৰপীৰা পাৰি দিবলৈ উঠি-পৰি লাগিছে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী শিলচৰৰ কাছাৰ কলেজৰ বাংলা বিভাগৰ সহকাৰী অধ্যাপক পদত পশ্চিমবংগৰ মৈত্রী মান্না আৰু গণিত বিভাগৰ সহকাৰী অধ্যাপক পদত ত্ৰিপুৰাৰ পিয়ালি দেৱনাথক নিযুক্তি দিয়া হৈছে। একেদৰে, বহু সংখ্যক অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত বিহাৰ, উত্তৰ প্রদেশ, পশ্চিমবংগ আদি ৰাজ্যৰ পৰা অহা শিক্ষকে চাকৰি কৰাৰ তথ্যও ৰাজহুৱা হৈছে যদিও এইক্ষেত্ৰত মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীয়ে নীৰৱতা অৱলম্বন কৰি আহিছে। চৰকাৰৰ এনে থলুৱা বিৰোধী নীতিৰ পৰিপ্ৰেক্ষিততে এতিয়া অসমৰ অধিকাংশ চৰকাৰী আৰু বেচৰকাৰী চাকৰিত থলুৱাৰ বাবে ১০০ শতাংশ সংৰক্ষণৰ দাবী পুনৰ গা কৰি উঠিবলৈ আৰম্ভ কৰিছে। কেৱল চাকৰিয়েই নহয়, ব্যৱসায়-বাণিজ্য, বেংকৰ ঋণ লাভ আদিৰ ক্ষেত্ৰতো এতিয়া থলুৱাক ১০০ শতাংশ অগ্ৰাধিকাৰ প্ৰদান কৰাটোও সময়ৰ আহ্বান হৈ পৰিছে। অন্যাথাই অনাগত সময়ত অসমৰ চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ চাকৰিসমূহ উত্তৰ ভাৰতীয় লোকেৰে ভৰি পৰিব আৰু উপায়ন্তৰ হৈ অসমৰ থলুৱা শিক্ষিত যুৱক-যুৱতীসকলে বহিঃৰাজ্যলৈ সৰু-সুৰা কাম কৰিবলৈ ঢাপলি মেলিব লাগিব। ইয়াৰ পৰিণতিস্বৰূপে অসমৰ প্ৰতিটো থলুৱা পৰিয়াল আৰ্থিকভাৱে ভাঙি পৰিব, লগতে অসমীয়া ভাষালৈকো নামি আহিব ঘোৰ অমানিশা। আনহাতে, আজিলৈকে জাতি, মাটি, ভেটি ৰক্ষাৰ কথা কোৱা চৰকাৰখনে থলুৱা লোকক সম্পূৰ্ণৰূপে ভূমিৰ অধিকাৰো প্ৰদান কৰা নাই। উত্তৰ-পূবৰ আন ৰাজ্যসমূহৰ দৰে অসমত বহিঃৰাজ্যৰ লোকে ভূমি ক্ৰয়-বিক্ৰয়ত আজিলৈকে কোনো বাধা-নিষেধ আৰোপ কৰা হোৱা নাই। ফলস্বৰূপে বহিঃৰাজ্যৰ চতুৰ বণিয়াই আৰ্থিক দুৰৱস্থাৰ সুযোগ লৈ কৌশলেৰে অসমৰ থলুৱা লোকসকলৰ ভূমি নিজৰ হাতলৈ যে নিনিব তাৰ কোনো নিশ্চয়তা নাই। এনে পৰিপ্ৰেক্ষিতত অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ এতিয়া সকলো ক্ষেত্ৰতে থলুৱাৰ বাবে ১০০ শতাংশ সংৰক্ষণৰ দাবী তলে তলে মূৰ দাঙি উঠিবলৈ আৰম্ভ কৰা দেখা গৈছে।

Was this article helpful?
Yes0No0

You may also like