Skip to content

সীমা বিবাদৰ মীমাংসা কেতিয়াবা হ’ব নে?

Janagana Desk
July 23, 202413 second read

▪️ ড০ আৰ কে বেজবৰুৱা

আমাৰ চুবুৰীয়া প্ৰদেশবোৰৰ মাজত সীমা বিবাদ এটা অমীমাংসিত বিষয় হৈ আছে। চাবলৈ গ’লে, অসমৰ পৰা ফাটি গৈ গঠন হোৱা প্ৰতিখন নতুন প্ৰদেশেই প্ৰশ্ন তুলিছে সীমা সম্পৰ্কে। প্ৰত্যেক ৰাজ্যৰ সীমান্তৱৰ্তী দুষ্কৃতিকাৰীয়ে অত্যাচাৰ কৰি আহিছে অসমৰ মানুহক, লুন্ঠন কৰিছে অসমৰ সম্পদ আৰু দখল কৰিছে বৃহৎ পৰিমাণৰ ভূমি।এই বিবাদৰ সুৰুঙা কিন্তু উন্মুক্ত কৰি ৰাখিছে চৰকাৰে। কাৰণ আগতে সীমা নিৰ্ধাৰণ নকৰাকৈ ৰাজ্য গঠন কৰাৰ পৰিণতি এয়া। তথাপিও বিবাদ নিষ্পত্তি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপত আলোচনা অব্যাহত আছে।কিন্তু স্থায়ী সমাধান ওলোৱা নাই।

চাবলৈ গ’লে, যেতিয়ালৈকে অসমীয়া ৰাইজে সহনশীলতা প্ৰদৰ্শন কৰি থাকে তেতিয়ালৈকে হিংসা চকুত নপৰে। কিন্তু অতিস্থ হৈ অসমীয়া মানুহে মাত দিলেই ই হিংসাৰ ৰূপ ধাৰণ কৰে। অসমৰ সীমা বিবাদ কাৰ লগত নাই? আগতে প্ৰদেশৰ ৰাইজৰ মাজত লাগিছিল, এতিয়া পুলিচ প্ৰশাসন আৰু চৰকাৰও জড়িত হৈ পৰিছে।

যোৱা বছৰৰ ১৭ অক্টোবৰত অসম-মিজোৰাম সীমান্ত জুই-ধোঁৱাই আচ্ছন্ন কৰি ৰাখিছিল। আচলতে ৯ অক্টোবৰৰ পৰাই পৰিস্থিতি উত্তপ্ত হৈ উঠিছিল। তৎকালীন ঘটনা যিয়েই নহওঁক, সেই ঘটনাৰ আঁৰত আছে মিজোৰামৰ মানুহৰ ভূমি দখলৰ আগ্ৰাসী মনোভাৱ ।

কিছুদিনৰ মিজোৰাম পুলিচ আৰু অসম পুলিচ যিদৰে সংঘৰ্ষত লিপ্ত হ’ল, তাৰ পৰা অনুমান কৰিব পাৰি যে অসমে আৰু সীমা ঠেলা সহ্য নকৰে। অসমৰ পক্ষে ধৈৰ্য্য ধৰিব থকা আৰু সম্ভৱ নহয়। হয়তো উচিতো নহয়। ইতিমধ্যে নগাই মেৰাপানী আৰু মৰিয়নি অঞ্চলত সময়ে সময়ে যি তাণ্ডৱ সৃষ্টি কৰি আহিছে, সেয়া কোনো লোকেই সহ্য কৰিব নোৱাৰে।

অসমৰ লগত চুবুৰীয়া প্ৰদেশৰ সীমা বিবাদ আৰম্ভ হৈছিল বিগত ১৯৬৩ চনৰ ১ ডিচেম্বৰতেই। তদানীন্তন প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে যেতিয়া Naga People’s Convention ৰ লগত ১৬ দফীয়া চুক্তি স্বাক্ষৰ কৰি নগালেণ্ড গঠন কৰিছিল। ভাৰত চৰকাৰে বৃটিছ অধিকৃত নগাৰ দখলত থকা ঠাইসমূহ ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতি দিছিল বুলি বহুতে ক’ব খোজে। কিন্তু নগালেণ্ডৰ আকোঁৰগোজ মনোভাৱৰ বাবেই সেয়া সম্ভৱ হৈ উঠা নাই। তেওঁলোকে সীমান্ত নিৰ্ধাৰণৰ ক্ষেত্ৰত সদায়েই কিবা কিবি অজুহাত দেখুৱাই বিধিপথালি দি আহিছে। তাৰ পৰিপ্ৰেক্ষিতত ১৯৭২ চনত সুন্দৰম কমিটি গঠন কৰা হৈছিল আৰু এই কমিটিয়ে প্ৰতিবেদনত সীমান্ত অঞ্চলত ৬৬০০০ হেক্টৰ মাটি বিবাদিত বুলি উল্লেখ কৰিছিল।

অসম-নগালেণ্ড সীমান্তৰ দুয়োখন প্ৰদেশৰ মাজেৰে পাৰ হৈছে ৪৩৪ কিলোমিটাৰ। প্ৰশাসনৰ সুবিধাৰ বাবে তাত অসমে Sectors – A, B, C, D, E and F – নামেৰে শিৱসাগৰ, যোৰহাট, গোলাঘাট, আৰু কাৰ্বি আংলং জিলাৰ সূকীয়া নামাকৰণ কৰিছে। নগালেণ্ডৰ মতে Sectors A, B, C আৰু D ৰ সৰ্বমুঠ ১২৮৮৩ বৰ্গকিলোমিটাৰ ভূমি হেনোঁ ১৬ দফীয়া নগাচুক্তিৰ অন্তৰ্ভুক্ত কৰা হৈ আছে। গতিকে সেই মাটি তেওঁলোকৰ। এই লৈ বিগত সময়চোৱাত বহুবাৰ নগা লোক আৰু নগালেণ্ড পুলিচে আহি অসমৰ ভিতৰত মাটি দখল কৰি স্কুল, পুলিচ চকী পৰ্যন্ত স্থাপন কৰিছে। ১৯৭৯ চনৰ ৫ জানুৱাৰীত নগালোকে ৫৪ জন অসমীয়া মানুহৰ প্ৰাণ লৈছিল। ১৯৮৫ চনতো তদ্ৰুপ ঘটনা সংঘটিত হৈছিল আৰু ৪১ জন লোকে প্ৰাণ হেৰুৱাইছিল। তাৰ ভিতৰত মেৰাপানীৰ ২৮ জন পুলিচৰ লোকো আছিল। চুবুৰীয়া প্ৰদেশৰ আগ্ৰাসী ভূমিকাৰ কথা ক’বলৈ আৰু লিখিবলৈ গ’লেই মেৰাপানীত নগাই সৃষ্টি কৰা বিভীষিকাৰ কথা মনত পৰে। অকল নগালেণ্ড সীমান্তৰেই ঘটনা নহয় এয়া। তাৰ পিছৰে পৰা মণিপুৰ, অৰুণাচল, মেঘালয় সীমান্ততো এটাৰ পিছত এটাকৈ বেদখলৰ ঘটনা সংঘটিত হৈ আছে। এইবোৰ কথাত অসমে সদায়েই আপোচৰ দৃষ্টিভংগী গ্ৰহণ কৰা দেখা যায় ।

১৮৭৫ চনত notification (Inner Line Regulation- ILR)-ৰ দ্বাৰা লুচাই পাহাৰক কাছাৰৰ পৰা বিচ্ছিন্ন কৰা হৈছিল। ১৯৩৩ চনত লুচাই পাহাৰ আৰু কাছাৰৰ মাজত সীমা নিৰ্ধাৰণ কৰা হৈছিল, তেতিয়া মিজো আইন প্ৰণেতা সকলৰ লগত কোনো আলোচনা কৰা হোৱা নাছিল বুলি মিজোৰাম চৰকাৰৰ দ্বাৰা অভিযোগ উত্থাপন কৰি অহা হৈছে। এই বিবাদ ১১৯৭২ চনতো উত্থাপন হৈছিল আৰু ১৯৮৭ চনত মিজোৰামে ৰাজ্যৰ মৰ্যদা লাভ কৰোঁতেও হৈছিল। কিন্তু মিজোৰাম শান্তি চুক্তি সম্পাদন হোৱাৰ পিছত সি শাম কাটি আছিল।

কিন্তু এনেকৈ থাকিলেই হ’ব জানোঁ? অসমৰ চৌপাশে থকা প্ৰদেশ সমূহৰ আগ্ৰাসী ভূমিকা অতি সোনকালে প্ৰতিৰোধ কৰাটো নিতান্তই জৰুৰী হৈ পৰিছে। তাৰ বাবে অসম চৰকাৰে শক্তিশালী স্থিতি গ্ৰহণ কৰিব লাগিব। মূল ভূমিকা ল’ব লাগিব। দল-সংগঠন নিৰ্বিশেষে নিজৰ নিজৰ ভূমিকা পালন কৰিব লাগিব।

ছশ বছৰীয়া আহোম ৰাজত্বৰ সময়ত আহোম ৰাজ্যৰ যিবোৰ নথিপত্ৰ আছে, আজিৰ পৰিপ্ৰেক্ষিতত সেইবোৰ প্ৰযোজ্য নহ’লেও বৃটিছ শাসনৰ নথিভুক্ত দলিলসমূহ সীমা নিৰ্ধাৰণৰ বাবে হয়তো ব্যৱহাৰ কৰিব পৰা যাব। তাৰোপৰি, বিভিন্ন জনজাতীয় বুৰঞ্জীসমূহকো মাধ্যম হিচাপে ব্যৱহাৰ কৰিব পাৰি।

দুয়োখন চৰকাৰে আন্তৰিকতা আৰু অসমৰ সীমাৰ লগত সংলগ্ন ৰাজ্যবোৰে মুকলি মন লৈ বিবাদবোৰ অতি শীঘ্ৰে সমাধান নকৰিলে তাৰ জুই দিনে দিনে বৃদ্ধি পাই থাকিব।

ইমান দিনে অসমৰ বাবে ইনাৰ লাইন পাৰ্মিটৰ কথা উঠি আহিছে যদিয়ো ইমান দিনে চৰকাৰে মনোযোগ দিয়া নাছিল। কিন্তু এতিয়া আৰু ৰৈ থকাৰ সময়ত নাই। অনতি পলমে আইন পাছ কৰি অসমৰ বাবেও ইনাৰ লাইন পাৰ্মিট ব্যৱস্থাৰ প্ৰবৰ্তন কৰা উচিত।

অসমৰ সীমান্তবৰ্তী মানুহে আৰু কিমান দিন এইদৰে চুবুৰীয়াৰ পৰা নিৰ্যাতন সহ্য কৰি থাকিব? ২০২১ চনত সীমা বিবাদক কেন্দ্ৰ কৰি মিজোৰামৰ লাইলাপুৰত মিজোৰাম আৰক্ষীয়ে ৬ জন অসম আৰক্ষীৰ জোৱানক হত্যা কৰিছিল। ইয়াৰ অন্তৰালত আছিল মিজোৰাম চৰকাৰৰ হাত। কিয়নো, এয়া দুখন প্ৰদেশৰ মাজৰ সাধাৰণ সীমা বিবাদহে আছিল, দুখন শত্ৰু ৰাষ্ট্ৰৰ মাজৰ নহয়। চৰকাৰৰ অভিসন্ধি ওলাই পৰিছে। এয়া মানৱতাৰ কাৰণেই দুৰ্ভাগ্যজনক।

কিন্তু সীমা সমস্যা সমাধানৰ বাবে অসম চৰকাৰে মনোযোগ দিছে আৰু কেন্দ্ৰীয় চৰকাৰে সহযোগ আগবঢ়োৱা পৰিলক্ষিত হৈছে। ২০২২ চনটো সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত উল্লেখযোগ্য বছৰত পৰিণত হৈছে। চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অসমৰ বিবাদ নিষ্পত্তিৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উদ্যোগ লৈছিল।

অন্য ৰাজ্যসমূহে স্বীকাৰ নকৰিলেও অসমৰ চৰকাৰী তথ্য মতে অসমৰ ভূমি বেদখল কৰা নাগালেণ্ড, মিজোৰাম, মেঘালয়, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশে অসমৰ ৮৩,৯১৮.৭১৯৯ হেক্টৰ মাটি দখল কৰি আছে। অসম-মেঘালয় সীমা বিবাদ নিষ্পত্তি কৰাৰ উদ্দেশ্যে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত অসমৰ মুখ্যমন্ত্ৰী আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ মাজত চুক্তি সম্পন্ন হৈছিল। চুক্তিৰ যোগেদি দুয়োখন ৰাজ্যৰ ৬টা বিবদমান এলেকা আৰু ৭০ শতাংশ সীমা সমস্যা সমাধান কৰা হয় বুলি কোৱা হৈছে। সীমান্তৰ ৬ টা বিবদমান স্থান ক্ৰমে তাৰাবাৰী, গিজাং, হাহিম, বাকলাপাৰা, খানাপাৰা, পিলিংকাটা আৰু ৰাতাচেৰাকৰ ওপৰত বুজাবুজি হয়। বাকী আন ৬টা স্থানৰ বাবে বাবে ২১ আগষ্টত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত মিলিত হৈ হৈছিল যদিয়ো ফলপ্ৰসূ নিষ্পত্তি হোৱা নাই।

অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত ১৫ জুলাইত ‘নামচাই ঘোষণাপত্ৰ'( ‘(Namsai Declaration) স্বাক্ষৰিত হৈছে ।এই ঘোষণাপত্ৰৰ জৰিয়তে দুয়োখন ৰাজ্যৰ মাজত বিবাদিত অঞ্চল হিচাপে পূৰ্বে বিবেচিত গাঁৱৰ সংখ্যা ১২৩ খনৰ পৰা ৮৬ খনলৈ সীমিত কৰা হৈছে। দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ৩৭ টা অঞ্চলৰ বিবাদ নিষ্পত্তি হোৱা বুলি প্ৰকাশ কৰিছে।

অসম-মিজোৰামৰ সীমা বিবাদ সমাধানৰ বাবেও দুয়োখন প্ৰদেশৰ মূখ্যমন্ত্ৰীয়ে ২০২২ চনৰ ২১ ছেপ্টেম্বৰত নতুন দিল্লীৰ বৈঠক অনুষ্ঠিত কৰিছিল। আঞ্চলিক সমিতি গঠনৰ জড়িয়তে সীমা সমস্যা সমাধানৰ বিষয়টো গতিশীল কৰাৰ কথাত গুৰুত্ব প্ৰদান কৰা বুলি জানিব পৰা গৈছে।

অসম-নাগালেণ্ড সীমা বিবাদ সমাধানৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন হৈ থকা সত্বেও দুয়োখন প্ৰদেশৰ মূখ্যমন্ত্ৰীয়ে সংঘাত ৰোধ কৰিবলৈ বিভিন্ন যোগাযোগ চলাই আছে। কিন্তু অসমৰ ভূমি দখল কৰি পেট্ৰ’ল পাম্প নিৰ্মাণ, অসমৰ কৃষকৰ চাহ গছ কাটি পেলোৱা, পথ নিৰ্মাণ কৰা আদি কাৰ্যবোৰ সীমাৰ সিপাৰৰ দুৰ্বৃত্তই চলায়েই আছে। সীমা বিবাদত পুনৰ প্ৰাণ গৈছে মেঘালয়ৰ ৬ গৰাকীলৈ লোকৰ।

সকলো চুবুৰীয়া প্ৰদেশৰ চৰকাৰৰ মনোভাৱ যুক্ত সম্বলিত হ’ব লাগে। আকোৰগোজ মনোভাৱ দেখুৱাই অনাহক সমস্যা সৃষ্টি নকৰি সমাধান সূত্ৰ প্ৰস্তুত কৰি সীমা সমস্যাৰ স্থায়ী সমাধান কৰিব লাগে। আমি আশাবাদী, সোনকালে সীমা বিবাদৰ ওৰ পৰিব।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Follow Us

Follow us via social media to get the latest news when it happens.

Our Team
Dr Netraranjan
Most Discussed
Back To Top