জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 20, 2026

গ্ৰাম্য পৰ্যটনৰ সম্ভাৱনাময় ক্ষেত্ৰ: উত্তৰ পূৱ যোৰহাট…

by Janagana Desk
2 minutes read
North East Jorjat: Immense Potential for Tourism

গ্রাম্য পর্যটন উদ্যোগে আমাৰ দেশৰ পৰ্যটনৰ ক্ষেত্ৰত এক গুৰুত্বপূর্ণ স্থান দখল কৰি আহিছে। বিদেশী পর্যটকসকলৰ বাবে আমাৰ দেশৰ গ্রাম্য জীৱন এক আগ্রহৰ বস্তু। অসমতো গ্ৰাম্য পর্যটন উদ্যোগৰ যথেষ্ট সম্ভাৱনীয়তা আছে। বিশ্ববিখ্যাত মাজুলীৰ পৰা আৰম্ভ কৰি অসমৰ শুৱালকুছিৰ বস্ত্ৰ শিল্প,মৃত শিল্প আদিৰ বাবে বিখ্যাত। যোৰহাটৰ উত্তৰ-পূব অঞ্চলটোও তেনে এটি অঞ্চল।

যোৰহাটৰ উত্তৰ-পূব দিশৰ নিমাতী, ৰংদৈ ককিলামুখ আদিকে ধৰি ব্রহ্মপুত্রৰ কাষৰীয়া অঞ্চলটো বহুখিনি ঐতিহাসিক সমলেৰে সমৃদ্ধ। আহোম আৰু মানৰ মাজতে শেষ যুদ্ধখন হৈছিল এই অঞ্চলৰ ম’হগড় নামে ঠাইত ,য’ত চন্দ্ৰকান্ত সিংহ মানৰ হাতত পৰাজিত হৈছিল।  পোৱা মতে স্বর্গদেউ প্রতাপ সিংহৰ ৰাজত্ব কালত দেৰগাঁৱৰ নেঘেৰিটিঙৰ শিৱদৌলৰ পৰা বৰআলিয়েদি ৰংপুৰলৈ নির্মালি লৈ যোৱা পূজাৰীসকলে এই দৌলতে জিৰণি লৈছিল। আনহাতে, প্রতাপ সিংহৰ ৰাজত্বকালতে নগা পাহাৰৰ পৰা হাতী খেদি আনি দিহিঙৰ মুখত ধৰিছিল আৰু যোৰহাটৰ নিমাতী অঞ্চলৰ পূবত স্থাপন কৰা হাতীশালত হাতীক প্রশিক্ষণ দিছিল। সেইবাবে বগাপুত্রৰ পাৰৰ এই বিস্তীর্ণ চাপৰিটো দিখৌমুখ পর্যন্ত “হাতীশাল “নামেৰে জনাজাত। ‘ইষ্ট-ইন্ডিয়া’ কোম্পানীয়ে নিৰ্মাণ কৰা যোৰহাটৰ ইতিহাস প্রসিদ্ধ জাহাজঘাট আছিল ককিলামুখ । এই ঘাটৰ জৰিয়তে চাহকে ধৰি বিভিন্ন সামগ্রী অসমৰ পৰা ৰপ্তানি কৰা হৈছিল। ককিলামুখতে ১৯৫৭ চনত বিনোৱা ভাবেৰ ভূ-দান আন্দোলনৰ অংশস্বৰুপ ভাৰত বিখ্যাত সর্বোদয় মহামেলা অনুষ্ঠিত হৈছিল। তদুপৰি এই অঞ্চলত কেইবাটাও ঐতিহাসিক পুখুৰী অৱস্থিত ।এই বুৰঞ্জী প্রসিদ্ধ সমলবোৰ বর্তমান অনাদৃত আৰু অবহেলিত। আনহাতে, এই অঞ্চলটোত থকা বিভিন্ন জান-জুৰি, নৈ, বিল আদি জলাশয়বোৰ পৰিভ্ৰমী পক্ষীবোৰৰ উত্তম বিচৰণ ভূমি। প্রতিবছৰে ব্যাপক হাৰত পৰিভ্ৰপ্রমী পখীৰ আগমন ঘটে এই । খৰালি কালত কদমনি, হাতীশাল, ককিলামুখ আদি অঞ্চলাত জাক জাক চৰাই দৃশ্য অতি মনোৰম। প্রকৃতিৰ বিনন্দীয়া ব্রহ্মপুত্রৰ কাষৰীয়া এই অঞ্চলসমূহে সকলো লোকৰে বাবে আকৰ্ষণীয় মনোমুহা ঠাই। সূৰ্যাস্ত দৰ্শনৰ সুকীয়া আমেজ ইয়াতেই উপলব্ধ।

এই ঐতিহাসিক স্থানসমূহৰ উন্নয়ন আৰু সংৰক্ষণ কৰিলেহে ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত হৈ থাকিব।সমগ্র অঞ্চলটোক পর্যটন কেন্দ্র হিচাপে গঢ়ি তোলাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। যিহেতু এই অঞ্চলত বহুতো ৰজাদিনীয়া পুখুৰীও আৰু কেইবাখনো বিল আছে। উল্লেখযোগ্য যে ২০০৩ চনত বাহানত অনুষ্ঠিত হৈ যোৱা পক্ষী মহোৎসৱৰ সময়ত এই অঞ্চল সংৰক্ষণৰ বাবে কিছু পদক্ষেপ লোৱা হ’ব বুলি চৰকাৰীভাবে ঘোষণা কৰা হৈছিল যদিও কার্যক্ষেত্রত ৰুপায়িত নহ’ল।

হেৰাই যাব ধৰা এই প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ বৃহৎ অঞ্চলটো চৰকাৰে সুপৰকল্পিত আঁচনিৰে পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলা উচিত।

Was this article helpful?
Yes0No0

You may also like