‘অসম আন্দোলন’ ,অসমৰ ইতিহাসত এক যুগান্তকাৰী ঘটনা। অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত স্বাক্ষৰিত হৈছিল ‘অসম চুক্তি’। অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ ৬ বছৰীয়া আন্দোলনৰ পিছতো ৰূপায়িত নহল অসম চুক্তি।তদানীন্তন মুখ্যমন্ত্রী শৰৎ চন্দ্র সিংহই অসম আন্দোলন সম্পৰ্কে লিখিছিল এই আন্দোলন আছিল অস্তিত্ব ৰক্ষাৰ আন্দোলন , বিদেশী বিতাড়ন আন্দোলন বোলা হৈছিল। ভাৰতৰ বাহিৰতো, আনকি পৃথিৱীতেই এই এটি লেখত ল’বলগীয়া আন্দোলন আছিল। অসমত ই প্রায় সর্বব্যাপক আছিল আৰু সমগ্র অসম কঁপাই তুলিছিল।’ এই আন্দোলনৰ আৰম্ভণি হয় ১৯৭৯ চনতে। সেই বছৰৰে ২৮ মাৰ্চত । সেই সমষ্টিত উপ-নির্বাচন পাতিবলৈ ২৭ এপ্রিলৰ ভোটাৰ তালিকা সংশোধনৰ জাননী জাৰি কৰা হয়। ভোটাৰ তালিকা সংশোধনৰ সময়ত মঙলদৈত প্রায় ৪৫ হেজাৰ সন্দেহজনক নাগৰিকৰ নাম ভোটাৰ তালিকাত দেখা পাই মুখ্য নির্বাচন আয়ুক্তই সংশোধন প্রক্রিয়া স্থগিত ৰাখি ১৯৭৮ চনৰ ভোটাৰ তালিকা অনুযায়ী নির্বাচন পাতিবলৈ নির্দেশ দিয়ে। এনেধৰণৰ নির্দেশ আৰু অসমৰ পৰা বিদেশী বহিষ্কাৰৰ দাবীত সমগ্র অসমজুৰি অভূতপূর্ব গণ আন্দোলন গঢ় লৈ উঠে।এই আন্দোলনতে অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয় ৰক্ষাৰ যুক্তিপূর্ণ দাবী সাব্যস্ত কৰিবলৈ গৈ ৮৫৫ জন শ্বহীদ হ’ল, হেজাৰ হেজাৰজন গুলীবিদ্ধ শাৰীৰিকভাৱে পংগু হ’ল, নির্যাতিত হ’ল। অসমৰ ছাত্র-ছাত্রীয়ে বহুমূলীয়া শিক্ষাবর্ষ হেৰুৱালে। নির্বাচনত মনোনয়নপত্র দিবলৈ যোৱা প্রার্থীক বাধা প্রদান কৰিবলৈ গৈ ১৯৮০ চনৰ ১০ ডিচেম্বৰত ভবানীপুৰত এই আন্দোলনত প্ৰথম শ্বহীদ খর্গেশ্বৰ তালুকদাৰৰ নিৰাপত্তাৰক্ষীৰ অত্যাচাৰত মৃত্যু হয়। অসম আন্দোলনৰ পৰিণতিত ১৯৮৫ চনৰ ১৫ আগষ্টত আন্দোলনকাৰী নেতৃত্ব আৰু কেন্দ্রীয় চৰকাৰৰ মাজত ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হয়। সর্বমুঠ ১৫ টা দফাত বিভক্ত এই চুক্তিখনৰ অসমৰ পৰা বিদেশী বহিষ্ককৰণ,অসমীয়া মানুহক সাংস্কৃতিক, ভাষিক আৰু সামাজিক সুৰক্ষা, ৰাজ্যখনৰ অর্থনৈতিক উন্নয়ন, থলুৱা কৃষ্টি আৰু সাংস্কৃতিক সম্পদৰ সংৰক্ষণ তথা বিকাশ আদি কেইবাটাও গুৰুত্বপূর্ণ দিশ সন্নিবিষ্ট কৰা হৈছিল।
৪০ বছৰত ভৰি দিয়া ‘অসম চুক্তি’ৰ মূল দফা বিদেশী বহিস্কৰণ আজিও ৰূপায়ন নহল। বহিষ্কৰণ টো বাদেই চিনাক্তকৰণৰ প্ৰতিও কাণসাৰ নাই চৰকাৰৰ। অসম চুক্তি স্বাক্ষৰ হোৱাৰে পৰা আঠখন চৰকাৰে কার্যনির্বাহ কৰিলে যদিও বিভিন্ন অজুহাত, অভিযোগ, প্রতি অভিযোগ, নির্বাচনী প্রতিশ্রুতি আদিৰ দোহাই দি প্রতিখন চৰকাৰৰ পৰা অৱহেলাৰ পাত্ৰ হৈয়ে থাকিল। বিশেষকৈ অসম চুক্তিখন ৰূপায়ণৰ ক্ষেত্রত অগপ আৰু বিজেপি চৰকাৰে দেখুওৱা স্ববিৰোধী কাৰ্য্যই অসমবাসীক আচৰিত কৰাই নহয় হতবাক কৰিছে। ব্যক্তি স্বার্থ, ৰাজনৈতিক স্বার্থত ইয়াৰ বাবে দায়িত্বশীল। অসম চুক্তিৰ মূল চাবি কাঠী কেন্দ্ৰৰ হাতত হে । ৰাষ্ট্রযন্ত্রই বিভিন্ন কাৰণত আগ্ৰহী নহয় এই সমস্যাৰ প্ৰতি আৰু অসমক ৰাজনৈতিকভাবে সদায়েই অস্থিৰ হোৱাটো আশা কৰে। মূলত অসমলৈ বিদেশী-স্বদেশী অনুপ্রৱেশৰ দ্বাৰা অসমৰ খিলঞ্জীয়া জনসাধাৰণক সংখ্যালঘুত পৰিণত কৰি অসমৰ প্রতিবাদী সত্ত্বাক চিৰদিনৰ বাবে শোষণ-শাসনৰে অৱদমিত কৰিব বিচাৰে। ২০০৮ চনৰ মার্চ মাহৰ ১৪ আৰু ১৫ তাৰিখে দিল্লীত অনুষ্ঠিত এখন আলোচনাচক্রত অসমত তদানীন্তন ৰাজ্যপাল এছ কে সিনহাই স্পষ্টভাবেই মন্তব্য কৰিছিল- পশ্চিম ভাৰত-পাক সীমান্তৰ পঞ্জাৱত কাঁটা বেৰৰ নির্মাণ সম্পূর্ণ হৈছিল দুবছৰত, জম্মু আৰু কাশ্মীৰত হৈছিল এবছৰত তাৰ তুলনাত অসম চুক্তি সম্পাদিত হোৱাৰ ৩৯ বছৰৰ ,পিছতো ভাৰত-বাংলাদেশ সীমান্ত কাঁটা তাঁৰৰ বেৰৰ নিৰ্মাণ আজিও সম্পূর্ণ নহল। আজিও অনুপ্ৰৱেশকাৰী নদীপথেৰে অহাৰ পথ উন্মুক্ত হৈ আছে। উচ্চতম ন্যায়ালয়ে বাংলাদেশী অনুপ্রৱেশক বহিঃ ৰাষ্ট্ৰীয় আক্রমণৰূপে গণ্য কৰিবলৈ চৰকাৰক নির্দেশ দিছিল। কিন্তু তৎসত্ত্বেও চৰকাৰ বিদেশী চিনাক্তকৰণৰ বিপৰীতে সিহঁতৰ সুৰক্ষা প্রদানতহে সক্রিয় ।অসমৰ বিদেশী নাগৰিকৰ বিষয়টো সততে সৰৱ হৈ থকাত বিজেপি দলে ‘কা’ আনি বিদেশীৰ নামত ধর্মীয় বিভাজনেৰে কার্যতঃ অসম চুক্তিক অপ্রাসংগিক কৰি পেলালে। নৰেন্দ্ৰ মোদীৰ শাসনলৈ অহাৰ পিছত দেখা গল এখন বিপৰীত ছবি। কেন্দ্রত বিজেপি, অসমতো বিজেপি চৰকাৰ থকাৰ পিচতো এন আৰ চি খন শুদ্ধ আৰু সম্পূৰ্ণ নহল। বৰঞ্চ ১,২২০ হেজাৰ কোটি টকা খৰচ কৰি পাঁচ বছৰত কৰ্মদিন খৰচ কৰি প্ৰস্তুত কৰা এন আৰ চি খন ডাষ্টবিনত পৰি থাকিল। বাদ পৰা ১৯ লাখ লোক। তেওঁলোকে পৰিচয় নাপালে। সীমান্তৰে হিন্দু,মুছলমান অবৈধ বাংলাদেশীৰ প্ৰৱেশ নানা সুৰুঙাৰে চলিয়ে থাকিল।
গুৰুত্বপূৰ্ণ যে ২৪ আগষ্টত (২০২৪) অসম বিধানসভাত গৃহ মন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্রী হিমন্তবিশ্ব শর্মাই প্রকাশ কৰা তথ্যমতে ১৯৭১ চনৰ পৰা ২০২৩ চনপর্যন্ত অসমত ১,৫৯, ৩৫৩ জন অনুপ্ৰৱেশকাৰীক বিদেশী ন্যায়াধিকৰণে চিনাক্ত কৰে। ইয়াৰ ভিতৰত ১৯৭১ চনৰ পৰা ২০১৪ চনৰ ভিতৰত চিহ্নিত বিদেশীৰ সংখ্যা ৪৭,৯২৮। ইয়াৰে ৪৭,৯২৮ জন ঘোষিত বিদেশীৰ ভিতৰত ২০,৬১৩ জন হিন্দু আৰু ২৭,৩৩৯ জন অনুপ্ৰৱেশকাৰী হৈছে ইছলাম ধৰ্মাৱলম্বী অর্থাৎ বিদেশী ন্যায়াধিকৰণে অবৈধ বিদেশী বুলি চিহ্নিত কৰা ৪৩ শতাংশই হৈছে হিন্দু অনুপ্ৰৱেশকাৰী আৰু ৫৬.৯ শতাংশ হৈছে ইছলাম ধর্মাৱলম্বী। লক্ষণীয়ভাৱে ২০১৭ চনৰ পৰা ২০২৪ চনৰ ১৫ আগষ্টপর্যন্ত ৰাজ্যত বিদেশী ন্যায়াধিকৰণে ৫৪,৪১১ জন অনুপ্ৰৱেশকাৰীক বিদেশী ঘোষণা কৰিছিল যদিও এইসকল বিদেশীৰ মাত্র ২৬ জনকহে বিতাড়ন কৰিবলৈ সক্ষম হয়।গুৰুত্বপূৰ্ণ কথাটো হ’ল যে অসমৰ বিদেশী নাগৰিকৰ বিষয়টো সততে সৰৱ হৈ থকাত বিজেপি দলে ‘কা’ আনি বিদেশীৰ নামত ধর্মীয় বিভাজনেৰে কার্যতঃ অসম চুক্তিক অপ্রাসংগিক কৰি পেলালে। অসম চুক্তিৰ চল্লিশ বছৰ সম্পূৰ্ণ হোৱাৰ দুদিনৰ পূৰ্বে ‘কা’ৰ জৰিয়তে প্রথমজন বিদেশীক নাগৰিকত্ব দি অসম চুক্তিৰ কণ কঠীয়া মাৰিলে। হিন্দু-মুছলমান ধর্ম নির্বিশেষে সকলো বিদেশী অসমৰ বাবে বোজা বুলি জানিও জাতীয়তাবাদী তথা জনগোষ্ঠীয় সংগঠনসমূহে চৰকাৰৰ এনে কাৰ্যত নীৰৱ হৈ থাকিল। শেহতীয়াকৈ মহামান্য উচ্চতম ন্যায়ালয়ে ১৯৭১ চন ভিত্তি বছৰ বুলি ঘোষণা কৰিলে যদিও অসম চুক্তিত উল্লিখিত থকা আন এটা মূল বিষয় – খিলঞ্জীয়াৰ ৰক্ষা কৱচৰ বিষয়ে কোনো উল্লেখ নকৰিলে। কোনখিনি মানুহক অসমীয়া হিচাপে গণ্য কৰা হৈছে সেইয়া এতিয়ালৈ স্পষ্ট হোৱা নাই। প্ৰকৃততে কোনখিনি মানুহক সুৰক্ষা দিব এই সংজ্ঞাই সেইয়া এক প্ৰশ্নৰ বিষয়। খিলঞ্জীয়া কোন ? আজিও ‘অসম চুক্তি’ এখন মাথোঁ চুক্তি হৈয়ে ৰল, ৰূপায়িত হোৱালৈ এতিয়াও শত মাইল নিলগত…






