Skip to content

অসমৰ কৃষক আৰু কৃষিখণ্ডৰ এক বিশ্লেষণ…

Dr Netraranjan
November 30, 202413 second read
An Analysis of Agriculture Sector of Assam

অসমৰ সৰ্বাংগীন বিকাশ সপোন দেখা চৰকাৰৰ কিন্তু অলপো গুৰুত্ব নাই ৰাজ্যৰ কৃষিখণ্ডত। জলসিঞ্চনৰ অভাৱ, উপযুক্ত বজাৰৰ অভাৱকে ধৰি কৃষি যান্ত্রিকীকৰণৰ দৰে আন্তঃগাঁথনিমূলক আঁচনিৰ অভাৱৰ ফলত দিনক দিনে ৰাজ্যৰ কৃষি অর্থনীতি দুর্বল হৈ গৈ আছে। ৰাজ্যৰ দুখীয়া কৃষকক ন্যায় প্রদানত ব্যৰ্থ চৰকাৰ।

অসমৰ কৃষকৰ মাহেকীয়া গড় উপার্জন

কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক, চমুকৈ ‘নাবার্ড'(NABARD) ৰ অলপতে প্রকাশ কৰা সৰ্বভাৰতীয় গ্রামীণ বিত্তীয় অন্তর্ভুক্তি জৰীপ ২০২১-২২ত সামগ্রিকভাবে গ্রাম্য অসমৰ কৃষি,কৃষক আৰু অকৃষক পৰিয়ালৰ আয়, ব্যয়, জমা আদিৰ শোচনীয় প্রতিচ্ছবিৰ তথ্য দাঙি ধৰিছে।জৰীপৰ তথ্য অনুসৰি অসমৰ কৃষক পৰিয়ালৰ মাহেকীয়া গড় উপার্জন মাত্ৰ ১৫,৫৭৯ টকা। অর্থাৎ ৰাজ্যৰ একোটা কৃষক পৰিয়ালে মাত্র ১৫,৫৭৯ টকাৰে পোহপাল দিব লাগে পৰিয়ালক । এই ধনৰ পৰিমাণ চতুর্থ বৰ্গৰ কৰ্মচাৰীৰ আয়তকৈও বহুগুণে কম। কৃষিক্ষেত্ৰৰ এই শোচনীয় অৱস্থাই বহুতো অসমীয়া কৃষকক কৃষিকার্য বাদ দিবলৈ বাধ্য কৰাইছে। জৰীপৰ তথ্য অনুসৰি ৰাজ্যৰ গ্রামাঞ্চলৰ কৃষিকার্য কৰা আৰু নকৰা মুঠ পৰিয়ালৰ মাহেকীয়া গড় উপাৰ্জনৰ পৰিমাণ মাত্র ১৪,৪৪৮ টকা। জৰীপৰ তথ্য অনুসৰি সৰ্বভাৰতীয় পৰিসংখ্যাই দৰ্শাইছে দেশৰ কৃষক পৰিয়ালৰ মাহেকীয়া গড় উপাৰ্জনৰ পৰিমাণ মাত্র ১৩,৬৬১ টকা; কৃষিকার্য নকৰা গ্রাম্য পৰিয়ালৰ মাহেকীয়া গড় উপার্জন ১১,৪৩৮ টকা আৰু কৃষিকার্য কৰা আৰু নকৰা সমুদায় গ্রাম্য পৰিয়ালৰ মাহেকীয়া গড় উপার্জন ১২,৬৯৮ টকা। লক্ষণীয় কথা যে দেশৰ আন আন ৰাজ্যলৈ নগৈ আন এখন চুবুৰীয়া ৰাজ্য অৰুণাচলৰ কৃষকৰ মাহিলি আয় ১৯,২২৫ টকা। মিজোৰামৰ কৃষকৰ মাহিলি আয় ১৭,৯৬৪ টকা। মুঠতে উত্তৰ- পূৰ্বাঞ্চলৰ ভিতৰতে কৃষিপ্রধান ৰাজ্য অসমতে খেতিয়কৰ আটাইতকৈ কম মাহিলি উপার্জন। মাহেকীয়া উপাৰ্জনৰ এই পৰিসংখ্যা অতি শোচনীয় যদিও গ্ৰাম্য ভাৰতত কৃষিকার্য নকৰা পৰিয়ালতকৈ কৃষজীৱি পৰিয়ালৰ উপাৰ্জন বেছি। কৃষিক্ষেত্ৰত দেশৰ ভিতৰতে সমৃদ্ধিশালী ৰাজ্য হিচাপে গণ্য কৰা পঞ্জাৱৰ কৃষক পৰিয়ালৰ মাহেকীয়া গড় উপার্জন মাত্র ৩১,৪৩৩ টকা। মাহেকীয়া উপার্জনৰ ক্ষেত্ৰত দ্বিতীয় স্থানত আছে অন্য এখন কৃষিপ্রধান ৰাজ্য হাৰিয়ানা। হাৰিয়ানাৰ মাহেকীয়া গড় উপার্জন ২৫,৬৫৫ টকা।

জৰীপৰ প্রতিবেদন অনুসৰি গ্ৰাম্য ভাৰতৰ কৃষক পৰিয়াল ৫৭ শতাংশ হোৱাৰ বিপৰীতে অসমত সেই হাৰ ৬৭ শতাংশ। অর্থাৎ এতিয়াও গ্রাম্য ভাৰত তথা অসমত কৃষিয়েই অধিকাংশ লোকৰ জীৱিকাৰ উৎস। এই সমীক্ষাটোত বান, খৰাং আদিয়ে এই কৃষক শ্ৰেণীৰ জীৱিকাৰ ওপৰত পেলোৱা বিৰূপ প্ৰভাৱৰ বিষয়ে কোৱা হৈছে। নাবাৰ্ডৰ জৰীপ অনুসৰি অসমৰ প্রতি কৃষক পৰিয়ালৰ গড় ভূমিৰ পৰিমাণ মাত্র ০.৩ হেক্টৰ। নাবাৰ্ডৰ সদ্য প্রকাশিত জৰীপ অনুসৰি অসমৰ গ্ৰাম্য পৰিয়ালৰ ২৯ শতাংশ লোক ঋণগ্ৰস্ত আৰু জৰীপ চলোৱা দিনটোত গ্রাম্য অসমৰ পৰিয়ালৰ পৰিশোধ কৰিবলগীয়া গড় ঋণৰ পৰিমাণ ৪৭,৭৮৩ টকা। অর্থাৎ অসমৰ গ্রাম্য পৰিয়ালে মাহেকত যিমান উপার্জন কৰে, তাৰ তুলনাত তেওঁলোকে বহন কৰা ঋণৰ পৰিমাণ তিনিগুণৰো অধিক। ই কৃষকৰ আয় বৃদ্ধি নোহোৱাৰ অন্যতম কাৰণ। জৰীপত উল্লেখ থকা অনুসৰি কৃষক পৰিয়ালৰ গড় ভূমিৰ পৰিমাণ হ্রাস পোৱাত কৃষিৰপৰা হোৱা উপাৰ্জনৰ পৰিমাণ দ্রুতভাবে হ্রাস পাবলৈ ধৰিছে। ফলত তেনে পৰিয়ালে কৃষিকার্যৰ পৰা আঁতৰি অ-কৃষিকার্য কামত মনোনিবেশ কৰিবলৈ বাধ্য হৈছে।

সুদীৰ্ঘ দহ বছৰৰ আগতেই কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্য লৈছিল চৰকাৰে কিন্তু দেশৰ কৃষকৰ আয় বৃদ্ধি মাত্ৰ ৫৯% হে। ভাৰত চৰকাৰৰ তথ্য অনুসৰি দেশৰ কৃষকৰ ২০১২-১৩ চনত মাহিলি গড় আয় আছিল ৬,৪২৬ টকা; ইয়াৰ বিপৰীতে শেহতীয়া জৰীপত উন্মোচিত হৈছে যে প্রকৃততে দেশৰ কৃষকৰ আয় দুগুণ হোৱা নাই, মাথোঁ বাঢ়িছে ১০,২১৮ টকালৈহে। চুবুৰীয়া ৰাজ্য মেঘালয়ে নিজা প্ৰচেষ্টাত লক্ষ্যতকৈও অধিক উপাৰ্জন কৰি দেখুৱাইছে। কিন্তু তাৎপর্যপূর্ণভাৱে অসমৰ কথা আৰু সুকীয়া। কৃষকৰ আয় বৃদ্ধি আশা কৰাধৰণে নবঢ়াৰ লগতে দ্রুতহাৰত টুটি আহিছে কৃষক আৰু কৃষিভূমিও। ৰাজ্য চৰকাৰে কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰাৰ লগতে একেখিনি কৃষিভূমিত দ্বিতীয়টো শস্য কৰিবলৈ যি ব্যৱস্থা গ্রহণ কৰাৰ কথা কৈছিল, তাতো ব্যর্থ হৈছে শোচনীয় ৰূপত। পৰিতাপৰ কথা যে বছৰটোৰ বেছিভাগ সময়ে অসমৰ খেতিপথাৰ উকা হৈ পৰি থাকে। বিগত সময়ছোৱাত ৰাজ্য চৰকাৰৰ ফালৰ পৰা অসমৰ দহ লাখ হেক্টৰ ভূমিক লক্ষ্য হিচাপে লৈ প্রতি বছৰে সৰিয়হ, মাহজাতীয় শস্য, মাকৈৰ খেতি কৰাৰ চিন্তা কৰা হৈছিল যদিও ‘APART’ ৰ অধীনত ২০২২-২৩ বৰ্ষত সৰিয়হ-মাহজাতীয় শস্য মাকৈৰ খেতি কৰিবলৈ সক্ষম হৈছে মাথোঁ ৮৩,০০০ হেক্টৰ আৰু ২০২৩-২৪ বৰ্ষত খেতি কৰা হয় ১,৯৭,০০০ হেক্টৰ ভূমিত। উল্লেখযোগ্য যে অসমত শালি খেতিৰ পাচত উকা হৈ পৰি থকা ভূমিত দ্বিতীয়টো শস্য কৰিবলৈ ৰাজ্য চৰকাৰে বিশ্ব বেংকৰ অনুমোদনত APART ৰ অধীনত ‘এৰিয়া এক্সপানচন’ আঁচনি হাতত লয় যদিও বিগত দুয়োটা বর্ষতে এনেদৰে ব্যর্থ হয়। তাৎপর্যপূর্ণ কথা যে ৰাজ্যখনত ব্যক্তিগত প্রচেষ্টাতহে মুঠ খেতিভূমিৰ ভিতৰত ১১,২২,৫৬৩ হেক্টৰ ভূমিত দুই তৰপীয়া কৃষি কৰা হয়। লজ্জাজনকভাৱে অসম চৰকাৰৰ দুতৰপীয়া কৃষিৰ শ্ৰীবৃদ্ধি কৰিব নোৱৰাৰ যুক্তি ডাঙি ধৰিছিল যে অসমৰ কিছু অঞ্চল দুতৰপীয়া খেতিৰ ক্ষেত্ৰত পিচ পৰি আছে। ইয়াৰ মূল কাৰণ হৈছে অসমৰ অধিকাংশ কৃষকেই ক্ষুদ্র আৰু উপান্ত কৃষক। তাৰ মাজত বহুতৰে কৃষিভূমি সিঁচৰতি ভূমি (Fragmented Land), অর্থাৎ কৃষিভূমি একেলগে থকাৰ পৰিবৰ্তে বহু গাঁও বিভক্ত হৈ অন্যান্য ঠাইত পৰি আছে। এনে প্রেক্ষাপটত জলসিঞ্চন আৰু দ্বিতৰপীয়া কৃষিৰ ক্ষেত্ৰত কিছু জটিলতা আহি পৰে। ৰাজ্যৰ কৃষকৰ আয় দুগুণ কৰাৰ নিমিত্তে অহৰহ প্ৰচেষ্টা চলাই থকা বুলি ৰাজ্য চৰকাৰে দাবী কৰি কয় যে ‘অসমৰ কৃষক ৰাইজৰ আয় বৃদ্ধি কৰিবলৈ অসম চৰকাৰে ধান, সৰিয়হ আৰু মিলেট আদি শস্যত ভাৰত চৰকাৰে নির্ধাৰণ কৰা ন্যূনতম সমর্থন মূল্যত ক্ৰয় কৰি আহিছে। ৰাজ্য চৰকাৰৰ অধীনস্থ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্রাহক পৰিক্ৰমা বিভাগ আৰু অসম ৰাজ্যিক কৃষি সামগ্রী বিপণন পৰিষদৰ উপৰি মুঠ ছটা সংস্থাৰ দ্বাৰা কৃষি সামগ্ৰী ক্ৰয় কৰাৰ ব্যৱস্থা কৰা হৈছে। অসম চৰকাৰৰ এই দাবীৰ বিপৰীতে পিচে কোনোদিনে কৃষি সামগ্রী ক্রয় কৰা সংস্থাকেইটাই লক্ষ্য স্পর্শ কৰাকৈ শস্য ক্রয় কৰা নাই। বিগত সময়ছোৱাৰ তথ্যৰ প্ৰতি লক্ষ্য কৰিলে দেখা পাওঁ ২০২১-২২ বৰ্ষৰ উৎপাদিত শস্য ক্ৰয়ৰ লক্ষ্য আছিল দহ লাখ মেট্রিক টন; কিন্তু ক্ৰয় কৰিছিল মাথোঁ ৫.৬ লাখ মেট্রিক টন। তেনেদৰে ২০২২- ২৩ বৰ্ষৰ উৎপাদিত শস্য ক্রয়ৰ লক্ষ্য আছিল ১০.৮ লাখ মেট্রিক টন, কিন্তু ক্রয় কৰিছিল ৫.৯ লাখ মেট্রিক টনহে। লক্ষণীয় কথা যে ২০২৩-২৪ বৰ্ষৰ উৎপাদিত খাৰিফ শস্য ক্ৰয়ৰ লক্ষ্য গ্রহণ কৰা হয় মাথোঁ ৭,০১,২০০ মেট্রিক টন। গতিকে এই বর্ষত শস্য ক্রয়ৰ লক্ষ্য কমকৈ নির্ধাৰণ কৰা হৈছে। যেতিয়া স্বাভাৱিকতে অসমৰ কৃষকৰ লোকচানৰ সম্ভাৱনাই অধিক।

কৃষি খণ্ডৰ বাবে জলসিঞ্চন ব্যৱস্থা

ইফালে ৰাজ্যখনত জলসিঞ্চন ব্যৱস্থা সূচল নহয়। যদিও ৰাজ্যখনত খেতি কৰা মাটি ২৬.৯৯ লাখ হেক্টৰ, ইয়াৰে জলসিঞ্চনৰ সুবিধা মাত্র ২.৬০ লাখ হেক্টৰতহে আছে। বিভাগীয় তথ্যৰ মতে ৰাজ্যখনত প্রায় ২৭ লাখ হেক্টৰত খেতি-বাতিৰ বিপৰীতে জলসিঞ্চন বিভাগে মাত্র ১০.৬৫ লাখ হেক্টৰত জলসিঞ্চনৰ সুবিধাৰ সৃষ্টি কৰিছে। অৱশ্যে সুবিধা কৰিলেও প্রকৃততে ২.৬০ লাখ হেক্টৰ ভূমিত জলসিঞ্চন দিয়া হয়। এনেবোৰ কাৰণতে ৰাজ্যখনৰ কৃষকৰ আয় দুগুণ নহ’ল। বৰং দিনে দিনে ৰাজ্যখনৰ কৃষি কৰা কৃষকৰ সংখ্যা কমিবলৈ ধৰিলে।

প্রধানমন্ত্রী ফচল বীমা যোজনা

তদুপৰি অসমৰ কৃষকে প্রধানমন্ত্রী ফচল বীমা যোজনাতো চূড়ান্তভাৱে বঞ্চিত হ’বলগীয়াত পৰিছে। কৃষকৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰি অহা আঁচনিসমূহৰ ভিতৰত অন্যতম প্রধানমন্ত্রী ফচল বীমা যোজনা। প্রাকৃতিক দুর্যোগত বা আন কোনো দুৰ্যোগৰ বাবে খেতিডৰা নষ্ট হোৱাৰ পাচত সঠিক আৰু সময়মতে কৃষকসকলে ক্ষতিপূৰণ লাভ নকৰিলে সুদীৰ্ঘ ৮ বছৰৰ পিছতো।এই যোজনাৰ নামত অসমৰ কৃষকৰ পৰাও কোটি কোটি টকাৰ প্রিমিয়াম বীমা কোম্পানীক প্ৰদান কৰা হয়। অসমৰ কৃষকৰ হৈ প্রিমিয়াম দিয়া হৈছে ক্রমে ৰবি শস্যত ১০৯.০৮ কোটি টকা আৰু খাৰিফ শস্যৰ বাবে ৮৯.২৮ কোটি টকা কিন্তু ২০২৩ চনত শস্যবীমাৰ ক্ষতিপূৰণ এতিয়ালৈকে পোৱা নাই কৃষকে। ২০২৪ চনত খাৰিফ শস্যৰ বাবে এতিয়ালৈ ৫,৫৫,৮১৪ জন কৃষকৰ বিপৰীতে মুঠ ১৫৫.৬৯ কোটি টকা প্রদান কৰা হৈছে। তেনেদৰে ২০২২ চনত ৰবিশস্যৰ বাবে ৮৭.৭১ কোটি টকা প্রিমিয়াম দি ক্ষতিপূৰণ লাভ কৰিছে মাথোঁ ৩.০৭ কোটি টকা আৰু খাৰিফ শস্যৰ বাবে ৭৪.১৯ কোটি টকাৰ প্রিমিয়াম দি ক্ষতিপূৰণ লাভ কৰিছে মাথোঁ ৮.২৫ কোটি টকা। ২০২১ চনতো ৰবি শস্যৰ বাবে ৯৩.৭০ কোটি টকাৰ প্রিমিয়াম প্রদান কৰাৰ বিপৰীতে বীমা কোম্পানীয়ে প্ৰদান কৰা ক্ষতিপূৰণৰ পৰিমাণ হ’ল ৮.৫২ কোটি টকা। একেটা বছৰত খাৰিফ শস্যৰ নামত ৫,৭৬,১৯৮ জন কৃষকৰ বাবে বীমাৰ প্রিমিয়ামৰ মূল্য দিয়া হয় ৮৬.৬৯ কোটি টকা। ইয়াৰ বিপৰীতে বীমা কোম্পানীয়ে ক্ষতিপূৰণ আগবঢ়ায় মাথোঁ ৫১.৬৩ কোটি টকা। ২০২০ চনতো খাৰিফ শস্যৰ নামত অসমৰ কৃষকৰ বাবে মুঠ ১৫০.৮৭ কোটি টকাৰ প্রিমিয়াম আগবঢ়োৱা হয় যদিও বীমা কোম্পানীয়ে ক্ষতিপূৰণ আগবঢ়ায় মাথোঁ ৫৪.১৬ কোটি টকা। তেনেদৰে একেটা বছৰৰ ৰবি শস্যৰ নামত ২০৫.০৭ কোটি টকাৰ প্রিমিয়াম প্ৰদান কৰি ক্ষতিপূৰণ লাভ কৰে মাথোঁ ৭৪ কোটি টকা।এনেকৈ প্ৰতি বছৰে প্ৰধানমন্ত্ৰী শস্য বীমাৰ ক্ষেত্ৰত অসমৰ কৃষক প্ৰতাৰিত হ’বলগাত পৰিছে। প্রকৃততে অসমৰ প্ৰেক্ষাপটত এইখন আঁচনিৰ জৰিয়তে কৃষকসকলৰ বিপৰীতে বীমা কোম্পানীবোৰহে লাভান্বিত হৈছে। কৃষকৰ লগতে চৰকাৰে মিলি বছৰি যি হাৰত বীমা কোম্পানীবোৰক প্রিমিয়ামৰ ধন প্ৰদান কৰা হয়, তাৰ তুলনাত কৃষকে উপযুক্ত ক্ষতিপূৰণ পোৱাতো দূৰৰে কথা ন্যূনতম পাবলগীয়াখিনিৰ পৰাও বঞ্চিত হৈ আহিছে। বীমা কোম্পানীবোৰে বিভিন্ন অজুহাত দেখুৱাই অসমৰ কৃষকক ৪৩.৫৩ কোটি টকাৰ ক্ষতিপূৰণ অনাদায় কৰি ৰাখিছে।তথ্য অনুসৰি বিগত ৫ বছৰত বীমা কোম্পানীক ১১৫২.৩১ কোটি টকাৰ প্রিমিয়াম দি ক্ষতিপূৰণ লাভ কৰে মাথোঁ ২১৮ কোটি টকা।

আনহাতে উপযুক্ত ব্যৱস্থা তথা আন্ত: গাঁথনিত অভাৱত উপায়ন্তৰ হৈ ৰাজ্যৰ লাখ লাখ কৃষকে কৃষি কৰিবলৈ বাদ দিবলৈ বাধ্য হৈছে। ইয়াৰ মাজতে যিসমূহ কৃষক বা কৃষক শ্রমিক আছে, তেওঁলোকৰ হয়তো কৃষি কৰিবলৈ মাটি নাই অথবা অন্য সুবিধা। লক্ষণীয়ভাবে একাংশই চৰকাৰী-বেচৰকাৰীভাৱে ধাৰ-ঋণ লৈ বছৰটোত খেতি কৰিলেও সেই উৎপাদনেৰে ঋণ পৰিশোধ কৰিবলৈ নোজোৰে। আজিৰ তাৰিখত ৰাজ্যৰ প্ৰতিটো কৃষক পৰিয়ালৰ মূৰত গড় হিচাপত ১৬,৪০৭ টকাৰ ধাৰৰ বোজা কিন্তু সেই ধাৰখিনিও পৰিশোধ কৰিবলৈ অপাৰগ ৰাজ্যৰ দুখীয়া-দৰিদ্ৰ কৃষক সমাজ।

২০১১ চনৰ লোকপিয়লৰ তথ্য মতে ৰাজ্যখনৰ ৩২ শতাংশ লোক দাৰিদ্র্য সীমাৰেখাৰ তলত বাস কৰে। নিটি আয়োগৰ মতে দেশৰ লগতে ৰাজ্যতো দৰিদ্ৰ লোকৰ সংখ্যা কমিছে। যদি ৰাজ্যত অন্ন সুৰক্ষা আঁচনিৰ অধীনত দৰিদ্ৰ পৰিয়াললৈ বিনামূলীয়া চাউল প্ৰদানৰ তথ্যৰে তুলনা কৰা হয়, তেন্তে ৰাজ্যত দাৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সংখ্যা বাঢ়িছে। কিয়নো অন্ন সুৰক্ষা আইনৰ অধীনত অসমৰ ৬৫ শতাংশ পৰিয়ালেই বিনামূলীয়া চাউল পায়। সেই হিচাপত ৰাজ্যত দৰিদ্ৰ লোকৰ সংখ্যা বাঢ়িছে আৰু অসমত থকা প্ৰায় ৯৫ শতাংশ কৃষক পৰিয়ালেই এতিয়াও দাৰিদ্র্য সীমাৰেখাৰ তলত। উল্লেখ্য যে চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনৰ মুঠ ২৭,৪১,৭১১ কৃষক পৰিয়ালৰ ভিতৰত ৪০,৬১,৬২৭ জন কৃষক আৰু ১৮,৪৫,৩৪৩ জন কৃষক শ্রমিক। ৰাজ্যখনৰ বেছিভাগেই ক্ষুদ্র বা উপান্ত কৃষক পৰিয়াল। এই কৃষকসকলৰ আকৌ একাংশৰ নাই নিজাকৈ এডৰাও কৃষিভূমি। তেওঁলোকে কৃষিভূমি আধিত লৈ নতুবা মহাজনৰ ওচৰত থাকি খেতি-বাতি চলাই আহিছে। এনে কৃষকক লৈ চৰকাৰৰ নাই কোনো প্রগতিশীল নীতিও নাই। খেতিয়কৰ বাৰ্ষিক বা মাহিলি আয় দুগুণ কৰাৰ নামত কেন্দ্ৰীয় চৰকাৰে কেইবাখনো অভিলাষী আঁচনি গ্রহণ কৰিছে যদিও অসমত সেয়া ফলপ্রসূ হোৱা বুলি ক’ব নোৱাৰি।

এনে বিভিন্ন কাৰণতে অসমত কৃষকৰ সংখ্যা দিনে দিনে টুটি আহিছে। ৰাজ্যখনৰ বহু কৃষক পৰিয়ালে কৃষি কৰিবলৈ বাদ দি বহিঃৰাজ্যত কাম কৰিবলৈ পঠিয়াই দিছে যুৱকসকলক। ইয়াৰ লগে লগে ৰাজ্যখনৰ কৃষি ভূমিত এতিয়া বহিঃৰাজ্যৰ বণিয়াৰ চকু পৰিব লৈছে। বিগত দহটা বছৰত ৰাজ্যখনৰ প্ৰায় ডেৰ লাখ বিঘা কৃষিভূমি অনা কৃষিভূমিলৈ হস্তান্তৰ কৰা হৈছে।

কৃষকৰ বাবে ঋণ

ইয়াৰ মাজতে উদ্বেগজনক তথ্যটো হ’ল অসমৰ খেতিয়কক ৰাষ্ট্ৰীয়কৃত বেংকসমূহে ঋণ দিব নোখোজে কাৰণ ৰাজ্যত খেতিয়কসকলে বেংকৰ ঋণ লৈ প্ৰকৃততে কৃষিত ধন বিনিয়োগ নকৰে আৰু সময়মতে ঋণ পৰিশোধ নকৰে। আজিৰ তাৰিখতো ৰাজ্যখনৰ প্ৰতিটো পৰিয়ালে গড় হিচাপত ১৬,৪০৭ টকাকৈ ঋণ পৰিশোধ কৰিবলৈ বাকী আছে। এই ঋণ এজন খেতিয়কৰ মূৰত ২০ হেজাৰ টকাৰ পৰা ৩ লাখ টকা পর্যন্ত আছে। তথ্য অনুসৰি ৰাজ্যখনৰ ৩১ শতাংশ কৃষক পৰিয়ালে বেংকৰ পৰা ঋণ লোৱাৰ পিচতে গড় হিচাপত প্রতিটো কৃষক পৰিয়ালে ১৬,৪০৭ টকাকৈ ঋণ পৰিশোধ কৰিবলৈ বাকী আছে। সেই হিচাপত বৰ্তমান ৰাজ্যখনৰ প্ৰায় চাৰে আঠ লাখ কৃষক পৰিয়ালেহে ৪,৪৯৮ কোটি টকাৰ বেংকৰ ঋণ পৰিশোধ কৰিবলৈ বাকী আছে। উল্লেখ্য যে এই ঋণ কে চি চি ঋণৰ উপৰি বিভিন্নধৰণৰ কৃষি ঋণ আছে। অসমৰ তুলনাত অন্ধ্রপ্রদেশ, গুজৰাট, হাৰিয়ানা, কেৰেলা, তামিলনাডু, ৰাজস্থান, তেলেংগানা আদিৰ কৃষকৰ পৰিশোধ কৰিবলগীয়া ঋণৰ পৰিমাণ যথেষ্ট বেছি। সেইবাবেই সৰ্বভাৰতীয় পৰ্যায়ত দেশৰ প্রতিটো কৃষক পৰিয়ালৰ মূৰত গড় হিচাপত ৭৪,১২১ টকাৰ ঋণ থকা বুলি কৃষি মন্ত্ৰ্যালয়ৰ তথ্যত প্রকাশ পাইছে। তেনেদৰে দেশৰ ভিতৰতে সর্বাধিক মাহিলি উপাৰ্জন কৰা প্ৰতিটো কৃষক পৰিয়ালৰ মূৰত গড় হিচাপত ২,২৩৭ টকা আৰু অৰুণাচল প্ৰদেশৰ প্ৰতিটো কৃষক পৰিয়ালৰ মূৰত আছে গড় হিচাপত ৩,৫৮১ টকাৰ ঋণৰ বোজা।

ৰাজ্যখনত অসম গ্রামীণ বিকাশ বেংকৰ বাহিৰে আন আন ৰাষ্ট্ৰীয়কৃত বেংকবোৰে সদায়ে কৃষকক ঋণ দিয়াত অৱহেলা কৰি আহিছে। তথ্য অনুসৰি ২০২২ চনৰ ডিচেম্বৰ মাহত ৰাজ্যখনত সক্রিয় কেচিচি ঋণ লওঁতাৰ সংখ্যা আছিল ৬,৭৩,১৫১ জন। ২০২৩ চনৰ ৩১ মার্চত সক্রিয় কে চি চি ঋণ লওঁতাই পৰিশোধ কৰিবলগীয়া ঋণৰ পৰিমাণ আছিল ৩,৮৯৫ কোটি টকা। ২০২৩-২৪ বৰ্ষত ৰাজ্যখনত নতুনকৈ ১,৪৫ ৫৬৩ জনক কে চি চি ঋণ প্রদান কৰে বেংকে। ইয়াৰ ভিতৰত আঞ্চলিক বেংক গ্রামীণ বিকাশ বেংকেই সর্বাধিক ১,২১,৩৭১ (২০২৩-২৪ বর্ষত) জনক কে চি চি ঋণ প্রদান কৰে। তাৎপৰ্যপূৰ্ণ কথা যে ৰাজ্যখনৰ আঞ্চলিক বেংকটোৱে ২০২৪ চনৰ ৩১ মার্চলৈ সৰ্বমুঠ ১১,২৯,৭১০ টা কে চি চি ঋণ প্রদান কৰে। গতিকে দেখা যায় উত্তৰ-পূৰ্বাঞ্চলৰ বাহিৰত ৰাজ্যত ৰাষ্ট্ৰীয়কৃত বেংকবোৰে সদায়ে কৃষকৰ বাবে দুৱাৰ খুলি ঋণ প্রদান কৰিবলৈ অপেক্ষা কৰি থাকে।

ন্যূনতম সমর্থিত মূল্য (MSP)

পদে পদে অসম চৰকাৰৰ ব্যৰ্থতা। নিজৰেই আঁচনি ৰূপায়ণত অসম চৰকাৰৰ যোগান বিভাগ ব্যর্থ হোৱাৰ অন্যতম উদাহৰণ হৈ ৰ’ব ন্যূনতম সমর্থিত মূল্য (এমএছপি)ত ধান ক্রয় ব্যৱস্থা। এই আঁচনিখন ৰূপায়ণৰ পৰা বৰ্তমানলৈকে অসম চৰকাৰে সফলতাৰ মুখ দেখা নাই। চৰকাৰে ধান বিক্ৰীৰ বাবে নাম পঞ্জীয়ন কৰা কৃষকসকলকে আজিলৈকে আঁচনিখনত সহযোগিতাৰ বাবে উৎসাহিত কৰিব নোৱাৰিলে। এনে ক্ষেত্রত ধান ক্রয়ৰ পৰিমাণ এমএছপিয়ে বৃদ্ধি কৰা সত্ত্বেও শেহতীয়া বিত্তীয় বর্ষটোত তথৈবচ হৈয়ে থাকিল। শস্য বিক্রীৰ বাবে নাম পঞ্জীয়ন কৰা অসমৰ কৃষকৰ সংখ্যা হ’ল ৭০,১৩৬ গৰাকী। তাৰে মাত্র ৩৯.৫৭৭ গৰাকীৰ পৰাহে ২০২৩-২৪ বিত্তীয় বর্ষত ধান ক্রয় কৰিবলৈ সক্ষম হয়। অর্থাৎ গড় হিচাপত মাত্র ৫৬ শতাংশৰ পৰাহে ধান ক্রয় কৰাটো সম্ভৱপৰ। অথচ কৃষকসকলক উৎসাহিত কৰিবলৈকে এইবাৰ প্রতি কুইন্টল ধানৰ এমএছপি ধার্য কৰা হৈছিল ২৯.১৮৩ টকা। আনহাতে, ধান ক্রয়ৰ লক্ষ্য লোৱা হৈছিল ৭,৪৯,৪০০ মেট্রিক টন। ইয়াৰে মাত্র ৫৪ শতাংশ অর্থাৎ ৩.৯৪.১৪৬ মেট্রিক টন ধানহে ক্রয় কৰাটো সম্ভব হয়। বিত্তীয় বর্ষটোত দুটা পর্যায়ত ধান ক্রয় কৰি নির্ধাৰিত পৰিমাণ স্পর্শ কৰিব বিচৰা হৈছিল। সেই অনুসৰি, প্ৰথমতে যোৱা ডিচেম্বৰৰ পৰা জুনলৈ আৰু দ্বিতীয় পর্যায়ত জুলাইৰ পৰা ছেপ্টেম্বৰলৈ ধান ক্রয় কৰা হয়।কিন্তু বাৰম্বাৰ লক্ষ্য পূৰণত ব্যর্থ হোৱাৰ বাবে এইবাৰ ধান ক্ৰয়ৰ লক্ষ্য নির্ধাৰিত পৰিমাণো হ্রাস কৰা হৈছিল। ইয়াৰ পূর্বে লক্ষ্য নির্ধাৰিত পৰিমাণ আছিল ১০ লাখ মেট্রিক টন। এইবাৰ সেই পৰিমাণ প্রায় ৭.৫০ লাখ টনলৈ হ্রাস কৰা হয়। তদুপৰি ক্ৰয় সংস্থাৰ সংখ্যাও ছটাৰ পৰা চাৰিটা কৰা হয়। কিন্তু ইমান খিনিৰ পিছতো লক্ষ্য পূৰণ নহল।

উল্লেখ্য যে ২০২৩-২৪ বিত্তীয় বর্ষত যোৱা ৩০ ছেপ্টেম্বৰলৈ অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে দুটা পর্যায়ত লক্ষ্য নির্ধাৰিত ৫,৩৭,৬৬০ মেট্রিক টনৰ বিপৰীতে ৩,৩৯,০০৪.০২ মেট্রিক টন ধান ক্রয় কৰিবলৈ সক্ষম হয়। নিগমে প্রথম পর্যায়ত ২,৭১,০৬১.০২ মেট্রিক টন আৰু দ্বিতীয় পর্যায়ত ৬৭,৯৪৩ মেট্রিক টন ধান ক্রয় কবে। আনহাতে, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে দুয়োটা পর্যায়ত ১০ হেজাৰ মেট্রিক টনৰ বিপৰীতে ৫,৩৬১.৭৮ মেট্রিক টন ধান ক্রয় কৰে। প্রথম পর্যায়ত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে ৩,৫০৩.৭৮ মেট্রিক টন আৰু দ্বিতীয় পর্যায়ত ১,৮৫৮ মেট্রিক টন ধানহে ক্রয় কবিবলৈ সক্ষম হয়।আন এটা সংস্থা ভাৰতীয় খাদ্য নিগম (এফচিআই)ৰ ধান ক্রয় লক্ষ্য ৮০ হেজাৰ মেট্রিক টনৰ বিপৰীতে মাত্র ১৩,২৬৭.২৪ মেট্রিক টন ধানহে ক্রয় কৰিবলৈ সক্ষম হয়। খাদ্য নিগমে প্রথম পর্যায়ত ১২,১০০.২৪ মেট্রিক টন আৰু দ্বিতীয় পর্যায়ত ১,১৬৭ মেট্রিক টন ধান ক্রয় কৰে। চতুর্থটো সংস্থা ৰাষ্ট্ৰীয় কৃষি সমবায় বিতৰণ ফেডাৰেছন (নাফেড) ব ধান ক্ৰয়ৰ লক্ষ্য আছিল ১,১৬,৮০০ মেট্রিক টন। ইয়াৰ বিপৰীতে কেন্দ্রীয় সংস্থাটোৱে ক্ৰয় কৰিবলৈ সক্ষম হোৱা ধানৰ পৰিমাণ হ’ল ৩৬,৫২৩.৪৮ মেট্রিক টন।সংস্থাটোৱে প্রথম পর্যায়ত ২৮,২৭২.৫১ মেট্রিক টন আৰু দ্বিতীয় পর্যায়ত ৮,২৫০.৯৮ মেট্রিক টন ধান ক্রয় কৰে।

অসমৰ প্ৰেক্ষাপটত এইয়া নিশ্চিত যে কেৱল যে এমএছপি বৃদ্ধিৰ জৰিয়তে কৃষকৰ উপকাৰ সাধন কৰিব নোৱাৰি বৰঞ্চ কৃষকক সজাগ কৰা, মধ্যভোগী-দালালৰ পৰিৱর্তে উচিত মূল্যত চৰকাৰক ধান বিক্রী কৰা আদিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চৰকাৰ যে চূড়ান্ত ব্যর্থ হৈছে। যাৰ বাবে ঠন ধৰিব পৰা নাই অসমৰ কৃষিখণ্ডই।  একে সময়তে এইটোও স্পষ্ট হৈছে যে চৰকাৰে এমএছপিৰ পৰিমাণ বৃদ্ধি কৰিলেও ৰাজ্যত মধ্যভোগী-দালালৰ দপদপনি পূর্ণমাত্রাই চলিয়েই আছে অথচ উচ্চ পৰিমাণৰ এমএছপিত কৃষকৰ পৰা ধান ক্ৰয়ৰ আঁচনিখনৰ লক্ষ্যই হ’ল দুখীয়া কৃষকক সকাহ দিবলৈ মধ্যভোগী-দালালক উৎখাত কৰা। ইয়াতেই চৰম ব্যর্থ হৈছে ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ।

উক্ত তথ্যসমূহে প্ৰমাণ কৰিছে গভীৰ সংকটত ৰাজ্যৰ কৃষিখণ্ড। প্ৰচুৰ সম্ভৱনাময় ৰাজ্যৰ কৃষিখণ্ডৰ অৱনতিয়ে অৰ্থনীতি দুৰ্বল কৰি পেলাইছে। লগতে ৰাজ্যৰ চৰকাৰৰ চৰম ব্যৰ্থতাক প্ৰমাণ কৰিছে। কৃষিপ্ৰধান ৰাজ্যৰ এনে দুৰ্দশা চৰম লজ্জাজনক। এইক্ষেত্ৰত চৰকাৰ মনোযোগ দৃঢ় হোৱা উচিত লগতে উপযুক্ত ব্যৱস্থা, আঁচনিৰ ৰূপায়ন আদিৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰা উচিত।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top