জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Tuesday, September 22, 2026

প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ কাকচাং জলপ্ৰপাত

by Janagana Desk
1 minutes read
Kak Chang Water Fall

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ কাৰ্বি পাহাৰৰ পৰা নিগৰি আহিছে কাকচাং জলপ্ৰপাত৷ জলপ্ৰপাতটোৰ পৰা অবিৰত গতিত নামি অহা জলৰাশি আৰু ইয়াৰ কুলু কুলু শব্দই যেন পুলকিত কৰি তোলে মন-প্ৰাণ ৷গোলাঘাট জিলাৰ বিখ্যাত চহৰ বোকাখাটৰ পৰা প্ৰায় চৈধ্য কিল’মিটাৰ দক্ষিণে গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ সীমান্তত থকা কাৰ্বি পাহাৰৰ দাঁতিত এই মনোৰম কাকচাং জলপ্রপাত অৱস্থিত। উল্লেখনীয় যে, এই জলপ্রপাতটোৰ চৌদিশে থকা পাহাৰটো সম্পূর্ণ কাক বাঁহেৰে আবৃত। আৰু সেই বাবেই এই জলপ্রপাতটোৰ নাম কাকচাং হ’ল বুলি বহুতে ক’ব বিচাৰে। স্থানীয় ভাষাত এই জলপ্রপাতটোক “কাইফুলাংছু” বুলি কোৱা হয়। প্রায় এশ ফুট উচ্চতাৰ পৰা জলপ্রবাহ হোৱা এই কাইফুলাংছুৰ ওচৰে পাজৰে আন কেইবাটাও সৰু সৰু জলপ্রপাত আছে বুলি সন্দেহ কৰা হৈছে।

অনন্য সৌন্দৰ্য্যৰ অপূর্ব সমাহাৰেৰে ভৰপূৰ কাইফুলাংছুৰ মূল জলৰাশিলৈ প্ৰায় তিনি কিলোমিটাৰ দূৰত্বৰ এক দুর্গম পাহাৰীয়া পথ পদযাত্রা কৰিব লাগে। এই পথছোৱাত পাহাৰৰ ওপৰৰ পৰা কুলু কুলু সুৰেৰে বৈ অহা সাত খনকৈ সৰু বৰ জুৰি। গভীৰতা বৰ বিশেষ নহয়! এই জুৰি কেইখনে কাকচাঙৰ প্ৰাকৃতিক পৰিৱেশক সমৃদ্ধ কৰি ইয়াক নৈসর্গিকতাৰ ৰম্যভূমিলৈ পৰিণত কৰিছে। এই জুৰিকেইখনৰ চেঁচা পানীৰ পৰশে জীপাল কৰে, পাহাৰীয়া যাত্রাত নিস্তেজ হোৱা প্রাণ।

Was this article helpful?
Yes0No0

You may also like