কৃষকক সকাহ প্ৰদান কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা এখন অভিলাষী আঁচনি হৈছে ‘‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’’ আঁচনি। এই আঁচনিৰ অধীনত কৃষকসকলে প্ৰতি বছৰে ছয় হাজাৰ টকাৰ সাহায্য লাভ কৰে। এই নগদ ধন কৃষকসকলৰ বেংক একাউণ্টত কিস্তি হিচাপত পোনপটীয়াকৈ জমা হয়। কেগৰ শেহতীয়া প্রতিবেদনত উন্মোচন হৈছে পি এম কিষাণ আঁচনিৰ নামত অসমত সংঘটিত দুর্নীতিৰ বিতং দস্তাবেজ। কেন্দ্ৰীয় চৰকাৰৰ এই অভিলাষী আঁচনিখন ৰূপায়ণৰ বেলিকা অসমত ব্যাপক দুৰ্নীতি-অনিয়ম হৈছে । ভুৱা কৃষকৰ নামত লুণ্ঠন কৰা হৈছিল কোটি কোটি টকা। লুণ্ঠনৰ বজাৰ বহিছিল পি এম কিষাণ প’র্টেলৰ ইউজাৰ আই ডি আৰু পাছৱর্ডৰ । বিক্রী হোৱা এনে ইউজাৰ আইডি আৰু পাছৱৰ্ডৰ জৰিয়তে আঁচনিখনত লাখ লাখ ভুৱা হিতাধিকাৰীৰ নাম সন্নিৱিষ্ট কৰা হৈছিল।এই বজাৰত জড়িত এজন অভিযুক্তই সদৰী কৰা অনুসৰি, কৃষি বিষয়াৰ পৰা তেওঁলোকে ৫০ হাজাৰ টকাত ইউজাৰ আই ডি আৰু পাছৱর্ড ক্ৰয় কৰি আনি আন তিনিজনক ২০ হাজাৰ টকাকৈ বিক্রী কৰিছিল। তাৰ পাছত ১০০ৰ পৰা ৫০০ টকাৰ বিনিময়ত পি কিষাণ প’র্টেলত এই ইউজাৰ আই সহায়ত ভুৱা হিতাধিকাৰীৰ নাম অন্তর্ভুক্ত কৰা হৈছিল। সাধাৰণ দৃষ্টিত অসমত নিজা ভূমি থকা কৃষকৰ সংখ্যা হ’ল ২৭,২০,২২৩গৰাকী। কিন্তু পি এম কিষাণত প্রথমাৱস্থাত হিতাধিকাৰী অন্তর্ভুক্ত কৰা হৈছিল ৪১,৮৭,০২৩ গৰাকী। পৰৱৰ্তী সময়ত ১৫,৫৯,২৮৬ লাখ হিতাধিকাৰী ভুৱা বুলি অনুসন্ধানত ওলাই পৰে। কিন্তু ভুৱা হিতাধিকাৰী চিনাক্ত হোৱাৰ পূর্বেই এইসকল লোকে লাভ কৰিলে ৰাজকোষৰ পৰা ৫৬৭ কোটিৰো অধিক টকা। এই ধন ঘূৰাই পোৱাৰ এতিয়া আৰু কোনো সম্ভাৱনা নাই।
লক্ষণীয় বিষয় যে পি এম কিষাণ আঁচনিৰ জৰিয়তে ধন লাভ কৰা প্ৰতিগৰাকী অযোগ্য হিতাধিকাৰীকে ধন ঘূৰাই দিবলৈ আহ্বান জনোৱাৰ পাছতো আজিলৈকে অসমৰ ভুৱা কৃষকসকলে ধন ঘূৰাই দিয়া নাই। এতিয়ালৈকে ৰাজ্যখনৰ মাত্ৰ ২২৩৩ গৰাকী অযোগ্য হিতাধিকাৰীয়েহে ধন ঘূৰাই দিছে। কৃষি বিভাগৰ যুটীয়া সঞ্চালক পৰ্যায়ৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি অসমৰ ৩৩খন জিলাৰ মুঠ ৮ লাখ ৪৪ হাজাৰ ৬৭২ গৰাকী ভুৱা কৃষকে উক্ত আঁচনিৰ অধীনত সৰকাইছিল মুঠ ৫৬৭ কোটি ৪১ লাখ ৪৬ হাজাৰ টকা । কিন্তু উক্ত ধনৰ ভিতৰত মাত্ৰ ১ কোটি ৩৭ লাখ ২৭ হাজাৰ ৯৫ টকাহে ভুৱা কৃষক সকলে চৰকাৰক ঘূৰাই দিছে । অর্থাৎ শতকৰা হিচাপত মাত্ৰ ০.২৪ শতাংশ ধনহে চৰকাৰে ঘূৰাই পাইছে ।নিয়ম অনুসৰি পি এম কিষাণৰ বাবে ৩৩খন জিলাৰ ৩৩টা ইউজাৰ আই আৰু ৰাজ্যিক পর্যায়ৰ এটা ইউজাৰ ডি থাকিব লাগে। কিন্তু ইউজাৰ আইডিৰ বজাৰখন ইমানেই বিস্তৃত হৈ পৰিছিল কোকৰাঝাৰ জিলাত ৭৭টা, বৰপেটাত ৪০টা, ধুবুৰীত ২৭টা, বাক্সাত ১৬টা বঙাইগাঁৱত ২৭টা, গোৱালপাৰাত ১৪টা আৰু দৰঙত ৫টা আই ডিৰে হিতাধিকাৰীৰ নাম অন্তর্ভুক্ত কৰা হৈছিল। ৩৩টা আই ডিৰ সলনি ৰাজ্যত খোলা হৈছিল ২১০টা ইউজাৰ আই ডি। সর্বাধিক দুর্নীতি সংঘটিত হোৱা ১১খন জিলাত একোটা ইউজাৰ আই ডিৰ বিপৰীতে ২২,৯০৫ৰ পৰা ৮৩,৬৪৭ গৰাকীকে হিতাধিকাৰীৰ নাম অন্তর্ভুক্ত কৰা হৈছিল। ইয়াৰ ভিতৰত সৰহভাগেই আছিল ভুৱা। পৰৱৰ্তী সময়ত তেতিয়াৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰৱাৰ তদন্ত সমিতিয়ে ১৫,৫৯,২৮৬ জন হিতাধিকাৰীকে ভুৱা বুলি চিহ্নিত কৰে। কিন্তু ইয়াৰে ১১,৩১,১৫২ গৰাকী ভুৱা হিতাধিকাৰীৰ বিৰুদ্ধে কোনো অনুসন্ধান চলাব নোৱাৰিলে। কাৰণ তেওঁলোকৰ পিতৃ-মাতৃ বা অভিভাৱকৰ নাম উল্লেখ নাছিল। মন কৰিবলগীয়া কথাটো হ’ল আন অযোগ্য হিতাধিকাৰীৰ মাজত আছে ২.৬১ লাখ অকৃষক আৰু ১৪,৬৫০ গৰাকী চৰকাৰী কৰ্মচাৰী বা পেন্সন প্রাপকো। কেগৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, অযোগ্য হিতাধিকাৰীয়ে পি এম কিষাণৰ অধীনত ৫৬৭.৪১ কোটি টকা লাভ কৰিছে যদিও চৰকাৰে মাত্র ১.৩৭ কোটি টকাহে ঘূৰাই পাবলৈ সক্ষম হৈছে। স্বেচ্ছাই চৰকাৰে এই ধন ঘূৰাই দিবলৈ বিজ্ঞাপন দিছিল যদিও সঁহাৰি আছিল প্রায় শূন্য। অনাদায় হৈ থকা ৫৬৬.০৪ কোটি টকা পলম নকৰাকৈ ৰাজকোষলৈ ওভতাই আনিবলৈ কেগে পৰামর্শ আগবঢ়াইছে।
কামৰূপ জিলাৰ ৬৩ হাজাৰ ১১৩গৰাকী ভুৱা কৃষকে ৫০ কোটি ১১ লাখ ৪২ হাজাৰ টকা সৰকালে যদিও তেওঁলোকৰ ভিতৰত মাত্ৰ ৯৯ গৰাকী কৃষকেহে ৭ লাখ ৫৯ হাজাৰ ৯০ টকা ঘূৰাই দিছে। লখিমপুৰ জিলাৰ ভুৱা কৃষকৰ সংখ্যা হৈছে ৪৬৪১০গৰাকী । জিলাখনৰ ভুৱা কৃষকে ৩৮ কোটি ৮৮ লাখ ৭৮ হাজাৰ টকা সৰকালে যদিও তেওঁলোকৰ ভিতৰত মাত্ৰ ৭৯গৰাকী কৃষকেহে ৫ লাখ ৩৬ হাজাৰ টকা ঘূৰাই দিছে। মৰিগাঁও জিলাত ১০ কোটি ২৪ লাখ ৫৬ হাজাৰ টকা ৩০৩৮৯ গৰাকী ভুৱা কৃষকে সৰকালে যদিও মাত্ৰ ২৩ গৰাকী কৃষকেহে ১ লাখ ৭ হাজাৰ টকা ঘূৰাই দিছে। কাছাৰ জিলাত ৩০০৭৩ গৰাকী ভুৱা কৃষকে লাভ কৰিছিল ২৫ কোটি ৯৩ লাখ ৭ হাজাৰ টকা। ইয়াৰ ভিতৰত মাত্ৰ ৮৮ গৰাকী ভুৱা কৃষকে ঘূৰাই দিছে ৬৪৪৩২২ টকা ।সেইদৰে পশ্চিম কাৰ্বি আংলং জিলাৰ ২৫৭৯৯ গৰাকী ভুৱা কৃষকে ১১ কোটি ৫৫ লাখ ৫৮ হাজাৰ টকা সৰকালে যদিও এজনো ভুৱা কৃষকে ধন ঘূৰাই দিয়া নাই। একেদৰে ডিব্ৰুগড় জিলাৰ ৩৮৩১গৰাকী ভুৱা কৃষকে ১৫ কোটি ৪৭ লাখ ৪ হাজাৰ টকা লাভ কৰিছিল যদিও এজনেও ধন ঘূৰাই দিয়া নাই।






