জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Monday, September 21, 2026

ক্ৰিপ্ত’কাৰেঞ্চী: ডিজিটেল যুগৰ ডিজিটেল মুদ্ৰা

by Janagana Desk
2 minutes read
Cryptocurrency

ক্রিপ্ট’কাৰেঞ্চী মুখ্যতঃ হৈছে এবিধ ডিজিটেল মুদ্রা, যিটো এনক্রিপচন এলগৰিডম ব্যৱহাৰ কৰি সৃষ্টি কৰা পে’মেণ্টৰ এটা বিকল্প ধৰণ। এনক্রিপচন প্রযুক্তি ব্যৱহাৰৰ অৰ্থ হ’ল- ক্রিপ্ট’কাৰেঞ্চীয়ে যাতে মুদ্রা আৰু ভার্চুৱেল একাউন্টিং ব্যবস্থা- এই দুয়োটাতে কাম কৰে। ক্রিপ্ট’কাৰেঞ্চী ব্যৱহাৰ কৰিবলৈ এটা ক্রিপ্ট ‘কাৰেঞ্চী বালেটৰ প্রয়োজন।

ক্রিপ্ট’কাৰেঞ্চী হৈছে অনলাইন পে’মেণ্টৰ এক জনপ্রিয় বিকল্প। বিটকইন, লাইটকইন, ইথেবিয়াম আদি হৈছে কেইটামান জনপ্রিয় ক্রিপ্ট কাৰেঞ্চী।

ক্রিপ্টকাৰেঞ্চী মুখ্যতঃ হৈছে এবিধ ডিজিটেল মুদ্রা, যিটো এনক্রিপচন এলগৰিডম ব্যবহাৰ কৰি সৃষ্টি কৰা পে’মেন্টৰ এটা বিকল্প। এনক্রিপচন প্রযুক্তি ব্যৱহাৰৰ অৰ্থ হ’ল- ক্রিপ্ট ‘কাৰেকীয়ে যাতে মুদ্রা আৰু ভার্চুৱেল একাউন্টিং ব্যবস্থা- এই দুয়োটাতে কাম কৰে। ক্রিপ্ট’কাৰেঞ্চী ব্যৱহাৰ কৰিবলৈ এটা ক্রিপ্ট’ কাৰেঞ্জী বালেটৰ প্রয়োজন। এই বালেটসমূহ ছফ্টৱেৰ হ’ব পাৰে, যি এটা ক্লাউডভিত্তিক সেবা বা ম’বাইল ডিভাইচত সংৰক্ষণ কৰিব পৰা যায়। ৱালেটসমূহ হৈছে সেইবিধ সঁজুলি যাব যোগেদি এনক্রিপচনসমূহ সংৰক্ষণ কৰিব পৰা যায়। গতিকে সহজ অৰ্থত যিয়ে এজন ব্যক্তিৰ সৈতে সংযোগ কৰে। ক্রিপ্টোকাৰেন্সী হৈছে এক কম্পিউটাৰ ফাইল যাক ডিজিটেল ৱালেটত সংৰক্ষণ কৰা হয়। ঠিক তেনেদৰে, যেনেদৰে আমাৰ ফোনৰ গেলেৰীত Mp3 ফাইল এটা সংৰক্ষণ কৰা হয়। কিন্তু ক্রিপ্টোকাৰেন্সীসমূহ সম্পূৰ্ণৰূপে সুৰক্ষিত। ই হৈছে এক এনক্রিপ্ট কৰা ফাইল, যাক ক্রিপ্টোগ্রাফীৰ দ্বাৰা সুৰক্ষিত কৰা হয়। সেয়েহে ইয়াক প্রতিলিপি, সম্পাদনা, বিলোপ আৰু হেক কৰিব নোৱাৰি।

ক্রিপ্ট’কাৰেঞ্চীৰ বজাৰ, অৰ্থাৎ এনেকুৱা ঠাই য’ত ক্রিপ্ট’কাৰেঞ্চী কিনা-বেচা আৰু ব্যৱসায় কৰা হয়। ইয়াক Cryptocurrency Exchange, Digital Currency Exchange (DCE), Coin Market আৰু Crypto Market ৰ দৰে নামেৰেও জনা যায়। ইয়াত আপুনি যিকোনো ক্রিপ্ট’কাৰেঞ্চী ক্রয়, বিক্ৰী আৰু বিনিয়োগ কৰিব পাৰে। যেনে- Monero, Ethereum, Bitcoin, Redcoin, Litecoin, Dogecoin ইত্যাদি। ক্রিপ্ট’কাৰেঞ্চী এক্সচেঞ্জবোৰে সাধাৰণতে Credit Card, Wire Transfer, UPI আৰু অন্যান্য ডিজিটেল মাধ্যমৰ জৰিয়তে Payment গ্ৰহণ কৰে। ইয়াত আপুনি Fiat Money (কাগজৰ মুদ্রা)ক ক্রিপ্টোকাৰেন্সী আৰু ক্রিপ্ট’কাৰেঞ্চী Fiat Money লৈ ৰূপান্তৰ কৰিব পাৰে।ক্রিপ্ট’কাৰেঞ্চী বজাৰ অৰ্থাৎ এনে ধৰণৰ বহুতো ৱেবচাইট যেনে Binance, Coinbase, Bitfinex. Kraken, Bithum, Bitstamp, BitFlyer, CuCoin, Bittrex , Coinone, Coincheck, Crypto.com আদিবোৰ হৈছে জনপ্রিয় আৰু নিৰ্ভৰযোগ্য বজাৰ।

Was this article helpful?
Yes0No0

You may also like