Skip to content

পথৰ সুৰক্ষা বিকল্প নহয়; ই এটা দায়িত্ব

Dr Netraranjan
December 30, 20243 second read
Road Safety

জনসংখ্যা বৃদ্ধিৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা৷ যান-বাহনৰ সংখ্যা বৃদ্ধিয়ে যাতায়াত আৰু পৰিবহণ সমস্যা আৰামদায়ক কৰাৰ উপৰি সময়ো ৰাহি কৰিছে৷ ফলত মানুহৰ জীৱন-ধাৰণৰ মান উন্নত হৈছে৷ যান-বাহনৰ সংখ্যা বৃদ্ধিৰ বাবে আনহাতে বাঢ়িছে পথ-দুৰ্ঘটনাৰ সংখ্যা৷ ৰাজ্যখনত পথ দুৰ্ঘটনাত হতাহত হোৱাৰ পৰিসংখ্যা দিনে দিনে বৃদ্ধি পোৱা বিষয়টো ৰাজ্যখনৰ বাবে খুবেই চিন্তনীয়। ঘৰৰ পৰা সুস্থ শৰীৰেৰে ওলাই যোৱা লোকজন সুস্থ শৰীৰেৰে পুনৰ ঘৰ পাবনে নাই সেয়া চিন্তাৰ বিষয় হৈ পৰিছে৷ ৰাজপথসমূহ ক্ৰমাৎ মৃত্যুদূতত পৰিণত হৈছে৷ পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে যদিও এইক্ষেত্রত বিশেষ কোনো সফলতা লাভ কৰা নাই। বিগত কেইবা বছৰ ধৰি অসমত পথ দুৰ্ঘটনাৰ সংখ্যা চিন্তনীয় ৰূপত বৃদ্ধি পাবলৈ ধৰিছে। পথ দুৰ্ঘটনাৰ আঁৰত বহু কেইটা কাৰণ জড়িত হৈ আছে যদিও ৰাষ্ট্ৰীয় ঘাইপথ, ফ’ৰলেন আৰু লোকনির্মাণ বিভাগৰ অধীনৰ ভালেমান ৰাজ্যিক পথৰ আধৰুৱা অৱস্থা থকা তথা কাৰিকৰী দিশত বিসংগতিপূর্ণ পথ এতিয়া একপ্ৰকাৰ নীৰৱ ঘাতকলৈ পৰিণত হৈছে।

ৰাজ্যৰ যাতায়াত ব্যৱস্থাৰ দুৰৱস্থাই প্ৰাণ কাঢ়িছে হেজাৰ হেজাৰ লোকৰ। নিমিষতে আঁকোৱালি লৈছে মৃত্যুক। এবছৰত পথ দুৰ্ঘটনাই প্ৰাণ নিলে প্ৰায় তিনি হাজাৰ লোকৰ। কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰকাশ কৰা এক প্রতিবেদন অনুসৰি বিগত বছৰটোত অসমত সংঘটিত হৈছে ৭,৩২৩টা পথ দুর্ঘটনা। এই দুর্ঘটনাসমূহত প্ৰাণ হেৰুৱাব লগা হৈছে ২,৯৯৪ জন লোকে। নিচাসক্ত অৱস্থাত গাড়ী চলোৱাৰ বাবে সংঘটিত ২৮৪টা পথ দুর্ঘটনাত মৃত্যু হৈছে ১৩৯ জনৰ। মোবাইল ফোন ব্যৱহাৰ কৰাৰ বাবে সংঘটিত ২৭৬টা পথ দুৰ্ঘটনাত মৃত্যু হৈছে ১২২ জন লোকৰ। পাঁচ বছৰত ৰাজ্যখনত ৩৭,৬২৭টা পথ দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৪,৮৩৩ জন লোকৰ। তিনি বছৰত ৰাজ্যখনত পথ দুৰ্ঘটনাত আহত হয় ১৬,৬৬৯জন লোক।

২০১২ বৰ্ষত অসমত চৰকাৰী পঞ্জীভূত তথ্য অনুসৰি ৬ হাজাৰ ৫৩৫ টা পথ দুৰ্ঘটনা সংঘটিত হৈছিল। মৃত্যু হৈছিল ২২৯১ জনৰ। আহতৰ সংখ্যা সেই বছৰ আছিল ৬৭০৯ গৰাকী। ২০১৩ ত পথ দুৰ্ঘটনাৰ সংখ্যা ৰাজ্যখনত ৭ হাজাৰ ২১১ টালৈ বৃদ্ধি পায়। মৃত্যুৰ সংখ্যা সেই বছৰ বৃদ্ধি হৈছিল ২৪৪১ লৈ। আহতৰ সংখ্যা আছিল ৬৬০৯ গৰাকী। ২০১৪ ত এই সংখ্যা ৮৮৭২ হৈছিল গৈ। মৃত্যুৰ সংখ্যাই তিনি সহস্ৰাধিকৰ পাৰ হৈছিল। ২০১৪ ত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৩০৫৮ আছিল। আহতৰ সংখ্যা ৭৭৮৭ লৈ বৃদ্ধি পাইছিল।
সেইদৰে পথৰ দিশ অমান্য কৰি ভুল দিশেৰে গাড়ী চলোৱাৰ বাবে বিগত বৰ্ষটোত ৭৯৪টা পথ দুৰ্ঘটনা সংঘটিত হয় আৰু ৩৩০জন লোকে প্রাণ হেৰুৱাবলগীয়া হয়। আনহাতে গাড়ী চলোৱাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰাৰ বাবেও বিগত বৰ্ষটোত ২৭৬ টা পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু মৃত্যু হৈছে ১২২ জন লোকৰ।

কেন্দ্ৰীয় চৰকাৰৰ উক্ত প্রতিবেদনৰ তথ্য মতে ২০২২ বৰ্ষত দুর্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ ভিতৰত ১৮ বছৰৰ তলত হৈছে ১৭৩ গৰাকী, ১৮-২৫ বছৰ বয়সৰ ভিতৰত হৈছে ৭৯৫ গৰাকী, ৩৫-৪৫ বছৰ বয়সৰ ভিতৰত হৈছে ৬০৯ গৰাকী অৰু ৬০ বছৰ ঊৰ্ধ্বৰ হৈছে ৩১ গৰাকী। লক্ষণীয় বিষয় যে অসমত সংঘটিত পথ দুৰ্ঘটনাসমূহৰ ভিতৰত অত্যধিক গতিবেগৰ বাবেই বিগত দুটা বৰ্ষতে ৪,৫৭৩টা পথ দুর্ঘটনা সংঘটিত হৈছে। আনহাতে সুৰাপান কৰি অথবা নিচাসক্ত অৱস্থাত গাড়ী চলোৱাৰ বাবে বিগত বৰ্ষত ২৮৪টা পথ দুর্ঘটনা সংঘটিত হৈছে আৰু এইসমূহ দুৰ্ঘটনাত ১৩৯জনে অকালতে প্রাণ হেৰুৱাব লগা হৈছে বুলিও কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত অসমতেই সৰ্বাধিক পথ দুৰ্ঘটনা সংঘটিত হয়। কাৰণ যিয়েই নহওক কিয় অসমত বিগত কেইবছৰমানৰ পৰা পথ দুৰ্ঘটনাৰ সংখ্যা অতি উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। ইফালে কেন্দ্ৰীয় চৰকাৰৰ তথ্য মতেই অসমত প্রতিদিনেই ৰাজপথত সংঘটিত গড়ে ২০ টাকৈ পথ দুৰ্ঘটনাত নিহত হয় গড়ে প্রায় পাঁচজনকৈ লোক। আনহাতে আহত হয় ১৫ জনকৈ লোক। কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত পাঁচ বছৰত ৰাজ্যখনত মুঠ ৩৭,৬২৭টা পথ দুর্ঘটনা সংঘটিত হোৱাৰ বিপৰীতে মৃত্যু হৈছে ১৪,৮৩৩জন লোকৰ। তথ্য অনুসৰি ৰাজ্যখনত ২০১৮ চনত ৮,২৪৮টা, ২০১৯ চনত ৮,৩৫০টা, ২০২০ চনত ৬,৫৯৫টা, ২০২১ চনত ৭,৪১১টা আৰু ২০২২ চনত ৭,০২৩টা পথ দুর্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাৰ মৃত্যুৰ হাৰো উদ্বেগজনক। ২০১৮ চনত ২,৯৬৬জন, ২০১৯ চনত ৩,২০৮জন, ২০২০ চনত ২,৬২৯ জন, ২০২১ চনত ৩,০৩৬জন আৰু ২০২২ চনত ২,৯৯৪ জন লোকৰ দুর্ঘটনাত মৃত্যু হৈছে ।ইফালে বিগত তিনি বছৰত ৰাজ্যখনত পথ দুৰ্ঘটনাত আহত হয় ১৬,৬৬৯জন লোক। সেই অনুসৰি ২০২০ চনত ৫,২৬৯ জন, ২০২১ চনত ৫,৭৬৩জন আৰু ২০২২ চনত ৫,৬৩৭ জন লোক আহত হৈছে। উল্লেখ্য যে ৰাজ্যখনত আছে ৯৫টাকৈ দুর্ঘটনাপ্রৱণ অঞ্চল। ব্লেক স্পট হিচাপে বিবেচিত উক্ত স্থানসমূহত বিগত পাঁচ বছৰত সংঘটিত ৪৩৬টা দুৰ্ঘটনাত নিহত হৈছে ৩০৪জনকৈ লোক। ৰাজ্যখনত সংঘটিত পথ দুৰ্ঘটনাৰ অন্যতম কাৰণ হিচাপে সুৰাপান, অধিক গতিত বাহন চলোৱা আৰু জৰাজীৰ্ণ পথ বুলি বিবেচিত হৈছে।

আন্তঃগাঁথনিৰ অভাৱৰ বাবেই বহু পথ দুৰ্ঘটনা সংঘটিত হয়। এইবোৰ ক্ষেত্ৰত চৰকাৰে ব্যৱহাৰিক কাৰ্যব্যৱস্থা হাতত নল’লে এনে পথ দুৰ্ঘটনা ঘটিয়েই থাকিব। সাধাৰণতে শীতকালত মানুহে বনভোজ খাবলৈ বিভিন্ন ঠাইলৈ যোৱাৰ লগতে এই সময়ত বিয়া-বাৰুও অধিক হয়৷ শীতকালত যিহেতু পথ কুঁৱলীয়ে ঢাকি ৰাখে, সেয়ে নিশা শীতকালত দুৰ্ঘটনা অধিক হয়৷ সেয়ে নিজৰ লগতে আনৰ জীৱনো যাতে ৰক্ষা কৰিব পাৰে, তাৰ বাবে প্ৰতিজন চালকে নিশা সাৱধানে আৰু নিয়ন্ত্ৰিত গতিত মদ্যপান নকৰাকৈ যান-বাহন চলোৱা উচিত৷ মদ্যপান কৰা লোকৰ সংখ্যা বাঢ়ি যোৱাৰ বাবে সমাজত মাৰপিট, কাজিয়া আৰু পথ-দুৰ্ঘটনাৰ সংখ্যা বাঢ়িছে৷ চৰকাৰে এহাতে মদ্যপান কৰা লোকক নিয়ন্ত্ৰণ কৰাৰ কথা কৈছে আৰু আনফালে ৰাজ্যত নতুন নতুন মদৰ বিপণী খুলিবলৈ অনুজ্ঞাপত্ৰ দিছে৷ মদৰ যোগান সুলভ হোৱাৰ ফলত সমাজৰ অধিকাংশ লোক মদ্যপায়ী হৈছে৷ চৰকাৰে নৱবৰ্ষত দুৰ্ঘটনা বিছ শতাংশ হ্ৰাসৰ লক্ষ্য লৈ বনভোজস্থলীত কোনেও যাতে মদ্যপান কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সংশ্লিষ্ট অঞ্চলৰ আৰক্ষী আৰু প্ৰশাসনক কঠোৰ নিৰ্দেশ দিছে যদিও এই নিৰ্দেশ কিমান কাৰ্যকৰী হয়, তাত সন্দেহ আছে৷ ইয়াৰ পৰিৱৰ্তে সুৰাৰ বিক্ৰী নিষিদ্ধ কৰিব পাৰিলেহে মদ্যপায়ীৰ অতপালি হ্ৰাস পাব৷

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top