Skip to content

ড্ৰাগছমুক্ত অসম সম্ভৱনে ?

Dr Netraranjan
December 31, 20242 second read
Drugs Free Assam

সমগ্ৰ বিশ্বই সামাজিক ব্যাধি ড্ৰাগছৰ সন্ত্ৰাসত। ড্ৰাগছৰ অবাধ প্ৰচলনে বহু লোকৰে জীৱন ধ্বংস কৰাৰ উপৰিও প্ৰজন্মৰ পিছত প্ৰজন্ম শেষ হৈ গৈয়ে আছে। ইয়াৰ প্ৰভাৱ দেশৰ লগতে অসমতো বৃদ্ধি পাইছে ড্ৰাগছৰ প্ৰচলন। কিশোৰ কিশোৰীৰ পৰা পুৰুষ মহিলা, বৃদ্ধলৈকে এই জীৱন ধ্বংসকাৰী ড্ৰাগছে সকলোকে আসক্ত কৰিছে।যাৰ বাবে মানুহৰ মূল্যৱান জীৱনটো অকালতে শেষ হৈ যোৱা পৰিলক্ষিত হৈছে।চৰকাৰ প্ৰশাসনে অশেষ চেষ্টা কৰিও ইয়াৰ প্ৰচলন কমাব পৰা নাই। আজিও ব্যাপক হাৰত ড্ৰাগছৰ প্ৰচলন হৈয়েই আছে। ড্ৰাগছ সৰবৰাহকাৰী আৰু সেৱনকাৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আছে। ক্ৰমান্বয়ে ধ্বংসৰ গৰাহত এতিয়া দেশ তথা ৰাজ্যৰ যুৱ প্ৰজন্ম। অসম ছানি ধৰা এখন বৃহৎ নেটবর্কৰ জাল হৈছে ড্ৰাগছ। ৰাজ্যখনত দীর্ঘদিনব পৰা চলি থকা ড্রাগছ আৰু গাঞ্জাৰ অবৈধ ব্যৱসায়ৰ ক্ষেত্রত নমনীয় শিথিলতাৰ বাবে দুঞ্জণ উৎসাহিত হৈ ড্রাগছ ব্যবসায়ীসকলে ৰাজ্যৰ চুকে-কোণে খোপনি পুতি আৰক্ষীণ নাকৰ তলেদি চলাই আছে ৰমৰমীয় বেহা। ৰাজ্যখনত ড্রাগছৰ দৰে মাৰাত্মক দ্রব্যই নতুন প্রজন্মক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিছে। 

আৰ্থিক দূর্বলতা, অভিভাৱকৰ অসচেতনতাৰ সুযোগ লৈ ড্রাগছৰ অবৈধ বেহা গঢ়ি উঠিছে। মাৰাত্মক ড্রাগছেৰ প্রচলন যোৱা ২০২০ চনৰ পৰা ৰাজ্যখনত দ্রুতগতিত বৃদ্ধি পাব ধৰিছে। অবশ্যে ইয়াৰ পূর্বে ৰাজ্যখনত অতি গোপনে চলি আছিল। ড্রাগছৰ ক্ষেত্রত আৰক্ষীয়ে বর্তমানৰ দবে কঠোৰ পদক্ষেপ গ্রহণ নকৰাৰ ফলত ড্রাগ ব্যবসায়ীসকলে ব্যৱসায়িক ভেটি শক্তিশালী কৰাব সুযোগ পাইছিল।

বিগত ২০১৫ চনৰ পৰা ২০১৯ চনলৈকে ৰাজ্যত ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্য প্রচলনৰ সন্দর্ভত খানাত গোচৰ ৰজু হৈছিল ১,৬৭৩ টা। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল ২৫৩৩ গৰাকী ব্যক্তিক। আৰক্ষীৰ তদন্তকাৰী সংস্থাই প্রকাশ কৰা তথ্য অনুসৰি ২০১৫ চনৰ পৰা ২০১৯ চনৰ ৩১ মে’ৰ ভিতৰত ৰাজ্যত ৩০,৭৬৭ কিল’গ্রাম ড্ৰাগছৰ লগতে নিচাজাতীয় দ্রব্য জব্দ কৰিবলৈ সক্ষম হৈছিল। আনহাতে, ২০১৫ চনৰ পৰা ২০১৯ চনত ভিতৰত গাঞ্জা জব্দ হৈছিল ৩৭,১৭৪ কিলোগ্রাম। একে সময়তে কানি জব্দ হৈছিল ১৫৩.৩৪ কিলোগ্রাম। আফিং জব্দ হৈছিল ১৪ কিলোগ্রাম। এই বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ হোৱাৰ পাছতহে অনুমান কৰিব পৰা গৈছে অসমত কেনেকৈ শিপাই পেলাইছে ড্ৰাগছ বৰবিহ। আৰু এটা প্ৰজন্ম ইয়াৰ কবলত পৰি তিল তিলকৈ কেনেকৈ নি:শেষ হৈছে সেই কথাও পোহৰলৈ আহিছে।

বিভিন্ন টেবলেট আৰু কফ চিৰাপ ভাৰতৰ বিভিন্ন দৰব নিৰ্মাতা কোম্পানী বা অবৈধ কোম্পানীৰ পৰা অসমৰ লগতে উত্তৰ পূবৰ বিভিন্ন অঞ্চললৈ আহে। প্ৰথম অবস্থাত অসম তথা উত্তৰ পূবৰ মাজেৰে ড্ৰাগছ সৰবৰাহ কৰা পথ হিচাপেহে মূলতঃ ব্যৱহাৰ কৰা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত অসম আৰু উত্তৰ পূৱৰ ৰাজ্য কেইখনক এখন বৃহৎ বজাৰ হিচাপে বাচি লয় এই চক্ৰই। এই সোণালী ত্ৰিভুজৰ পৰা কেইবাটাও পথেৰে অসম তথা উত্তৰ পূব আৰু দেশৰ বিভিন্ন স্থানলৈ ড্ৰাগছৰ সৰবৰাহ হয়।

সেই পথ সমূহৰ ভিতৰত ম’ৰে হৈ ইম্ফল ক’হিমা ডিমাপুৰ কাৰ্বিআংলং গোলাঘাট নগাঁও গুৱাহাটীহৈ আৰু অন্য ৰাজ্যলৈ ওলাই যায়। দ্বিতীয়তে ম্যানমাৰৰ পৰা মিজোৰাম বৰাক ভেলী, মেঘালয় , গুৱাহাটীহৈ আনটো পথেৰে বাহিৰলৈ ওলাই যায়।আন এটা পথ হৈছে ম্যানমাৰৰ পৰা পাটকাই পৰ্বতমালা হৈ তিনিচুকীয়া, ডিব্ৰুগড় হৈ গুৱাহাটীলৈ। আনহাতে উজনি ম্যানমাৰ হৈ পুৰণি ষ্টিল ৱেল পথ, জাগুন, লেখাপানী, লিডু, মাৰ্ঘেৰিটা, ডিব্ৰুগড়, গুৱাহাটীহৈ অন্য ৰাজ্য আৰু নামাচাই, চংখাম, বান্দৰদেৱা, লখিমপুৰ, তেজপুৰ, গুৱাহাটী হৈ অন্য ৰাজ্যলৈ এই ড্ৰাগছ সমূহ বিশেষভাবে সৰবৰাহ হৈ আহিছে।সকলো ক্ষেত্ৰতে দেখা যায় অসমৰ মাজৰেই উত্তৰ পূৱৰ লগতে দেশৰ অন্য প্ৰান্তলৈও ড্ৰাগছ সৰবৰাহ হৈ আহিছে। অসম ড্ৰাগছ সৰবৰাহৰ আন্তঃৰাষ্ট্ৰীয় ক’ৰিডৰ।

ড্ৰাগছ সৰবৰাহ কমিছে কিন্তু বন্ধ এতিয়াও হোৱা নাই। আজিৰ পৰা পাঁচ বছৰৰ পূর্বে ৰাজ্যখনত ড্রাগছৰ বৃহৎ সৰু-বৰ ব্যৱসায়িক আটক কৰাৰ পাছতো ব্যায়াত ড্রাগছ-বিৰোধী জনমত গঠন নহ’ল। অসমক ড্ৰাগছ মুক্ত অকল চৰকাৰ বা আৰক্ষীয়ে কৰিব নোৱাৰে। সমাজৰ প্ৰতিজন সজাগ সচেতন ব্যক্তি, দল সংগঠন , অভিভাৱক সকলোৰে সহযোগিতা লাগিব। এনে অবস্থাত যিবোৰ ঘৰৰ লোক এনে বৰবিহৰ কবলত পৰিছে তেওলোকৰ পৰিয়ালৰো বহু পৰিমানে গুৰুত্বপূৰ্ণ ভূমিকা আছে। ৰাজ্যত যিবোৰ নিচামুক্তি চেন্টাৰ আছে সেইবোৰে কিমান সফলতা লাভ কৰিছে। ড্ৰাগছ আসক্ত যুবক যুবতীসকল এইসমূহ কেন্দ্ৰৰ পৰা উভতি গৈ আকৌ একেটা পথেই লোৱাৰ অলেখ উদাহৰণ আছে। ৰাজ্যত থকা অধিকাংশ নিচামুক্তি কেন্দ্ৰ পূৰ্বতে ড্ৰাগছ আসক্তসকলেই খুলি চলাই আছে । তেওলোকৰ অধিকাংশৰেই নাই কোনো বিজ্ঞানসন্মত অধ্যয়ন। নিজৰ জ্ঞানেৰেই চলাই গৈছে এই কেন্দ্ৰবোৰ। অধিকাংশ নিচামুক্তি কেন্দ্ৰসমূহ কেনেদৰে চলিছে সেইবোৰ ৰাজ্যচৰকাৰৰ কোনটো বিভাগে কেতিয়া চাবলৈ গৈছে।

ড্ৰাগছৰ আসক্তিৰ পৰা মুক্ত কৰিবলৈ সকলোৱে একগোট হৈ পদক্ষেপ হাতত লব লাগিব। অভিভাৱকৰ পৰা প্ৰশাসনলৈ সকলোৱে একত্ৰিত হৈ ইয়াৰ প্ৰতিৰোধ কৰিব লাগিব।

Dr Netraranjan

Dr. Netraranjan, the Editor-in- Chief of Janagana Barta is an alumni of JNU and over two decades experience in MNCs at Senior Leadership position. A doctorate in management, his key area of interest is Strategic Political Affairs, Consultancy and Research & Analysis.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top