“আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত”। কিন্তু প্ৰশ্ন হৈছে এইখন দেশত শিশুজন দেশৰ ভৱিষ্যত হবগৈ নে ? যি শিশুৱে বিদ্যালয়ৰ ভৰি দি পোৱা নাই, কেনেকৈ শিক্ষিত হব। দেশত বৃদ্ধি পাইছে বিদ্যালয় নেদেখা শিশুৰ সংখ্যা। দেশৰ লগতে ৰাজ্যৰ বাবে এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে শিক্ষাৰ পৰা বঞ্চিত শিশুৰ সংখ্যা বৃদ্ধি। এই তালিকাৰ তৃতীয় স্থানত অসম। অসমৰ শিক্ষা ব্যৱস্থাৰ দূৰৱস্থা বহুদিনৰ পৰা এক গুৰুত্বপূর্ণ সমস্যা হিচাপে গণ্য হৈছে। ই এক চৰম চিন্তনীয় আৰু লজ্জাজনক বিষয়। বিকশিত সপোনৰ স্বপ্নত বিভোৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ খবৰ নাই। অান্তঃগাঁথনিৰ লগতে গুণগত শিক্ষাত বহু পিছত অসমৰ চৰকাৰী শিক্ষা খণ্ড। প্ৰাথমিক শিক্ষাই হৈছে এগৰাকী শিক্ষাৰ্থী বা শিশুৰ আনুষ্ঠানিক শিক্ষা আহৰণৰ মূল ভেঁটি। প্ৰাথমিক শিক্ষাৰ ওপৰতেই নিৰ্ভৰ কৰে এখন ৰাজ্যৰ, দেশৰ শিক্ষা ব্যৱস্থা । অথচ এই প্ৰাথমিক শিক্ষা ব্যৱস্থাকে গুৰুত্ব প্ৰদানত কৃপনালী কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে।
শাসনাধিষ্ঠিত কেন্দ্র আৰু ৰাজ্য চৰকাৰে বিভিন্ন ব্যৱস্থা গ্রহণ কৰিলেও বাস্তৱত ফুটুকাৰ ফেনত ক্ষেত্রত সেয়া ফুটুকাৰ ফেনত পৰিণত হোৱা পৰিলক্ষিত হৈছে। সমগ্র দেশৰ লগতে অসমতো শিক্ষা ব্যৱস্থাৰ এখন পুতৌ লগা ছবি দীর্ঘদিন ধৰি প্ৰকট হৈ পৰিছে। তথ্য অনুসৰি অসমৰ ৬০ সহস্রাধিক শিশুৱে আজি পর্যন্ত বিদ্যালয় গচকি পোৱা নাই; অথচ ৰাজ্যৰ প্ৰতিগৰাকী শিশুক প্রাথমিক শিক্ষা প্রদানৰ বাবে চৰকাৰৰ আঁচনিৰ অন্ত নোহোৱা হৈছে। ৰাজ্য চৰকাৰৰ আঁচনিৰ যোগেদি অষ্টম শ্রেণী পর্যন্ত চৰকাৰী বিদ্যালয়সমূহত বিনামূলীয়াকৈ শিক্ষা প্রদান কৰা হয়। সমগ্র শিক্ষা আঁচনিৰ জৰিয়তে দেশৰ অন্য ৰাজ্যসমূহৰ লগতে অসমতো সকলো শিশু আৰু কিশোৰক নিম্নতম আক্ষবিক জ্ঞান প্রদানৰ পদক্ষেপ গ্রহণ কৰা হৈছে। কিন্তু ইমানৰ পাছতো কেৱল অসমতে ৬৩,৮৪৮গৰাকী শিশুৱে বিদ্যালয়ৰ পদূলি গচকাৰ সুযোগ পোৱা নাই। সমগ্র দেশত বিদ্যালয়ৰ চৌহদত প্ৰৱেশৰ সুবিধা নোপোৱা শিশুৰ সংখ্যা এতিয়া ১.১৭ নিযুততকৈ অধিক বুলি কোৱা হৈছে। আটাইতকৈ দুর্ভাগ্যজনক বিষয়টো হৈছে আনুষ্ঠানিক শিক্ষা গ্রহণৰ পৰা বঞ্চিত শিশু আৰু কিশোৰ সংখ্যা অসমত বৰ কম নহয়। কেন্দ্ৰীয় শিক্ষা বিভাগৰ তথ্য অনুসৰি এই ক্ষেত্ৰত অসমৰ স্থান তৃতীয়। উত্তৰ প্ৰদেশত দেশৰ ভিতৰতে সর্বাধিক ৭,৮৬,২২৮গৰাকী শিশু বিদ্যালয় শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। আনহাতে বিদ্যালয় শিক্ষাৰ পৰা বঞ্চিতৰ তালিকাত দ্বিতীয় স্থানত থকা ঝাৰখণ্ডত এনে শিশুৰ সংখ্যা ৬৫,০৭০ গৰাকী । উল্লেখ্য যে দেশৰ সকলো শিশুকে ন্যূনতম শিক্ষাৰে স্বাক্ষৰ কৰি তুলিবলৈ কেন্দ্রীয় চৰকাৰে প্ৰৱৰ্তন কৰা বিভিন্ন বিনামূলীয়া শিক্ষাৰ আঁচনিসমূহ ৰাজ্য চৰকাৰসমূহে ৰূপায়ণ কৰি আহিছে। কিন্তু উত্তৰ প্রদেশ, ঝাৰখণ্ড, অসম, বিহাৰ, পশ্চিমবংগ আদি বহু ৰাজ্যত এই আঁচনি সম্পূর্ণকৈ ৰূপায়ণ হোৱা নাই। ১৪ বছৰ বয়সলৈ সকলোৰে বাবে বিনামূলীয়া শিক্ষা, বিনামূলীয়া পাঠ্যপুথি আৰু সাজ-পোছাক, দুপৰীয়াৰ আহাৰ আদি প্রদান কৰা হৈছে, যাতে সকলো শিশুরে ন্যূনতম শিক্ষা আহৰণ কৰিব পাৰে। কিন্তু ইমানৰ পাছতো বিভিন্ন কাৰণত বিদ্যালয়ৰ দুৱাৰডলি গচকিবলৈ সক্ষম নোহোৱা শিশুৰ সংখ্যাই বিদ্যায়তনিক মহলত উদ্বেগৰ সৃষ্টি কৰিছে। বিশেষকৈ অসমৰ নাম এই তালিকাৰ তৃতীয় স্থানত থকাটো অধিক দুর্ভাগ্যজনক বিষয় হৈ পৰিছে।
২০২২ চনত প্ৰকাশিত তথ্য অনুসৰি, ৰাজ্যখনৰ বিদ্যালয়সমূহত বিদ্যুৎ সংযোগৰ হাৰ হ’ল ৫৭.৬২ শতাংশ। অথচ সৰ্বভাৰতীয় স্তৰত এই হাৰ ৮৩.৯২ শতাংশ। সেইদৰে বিদ্যালয় চৌহদতে খোৱাপানীৰ ব্যৱস্থা থকা বিদ্যালয়ৰ হাৰ হ’ল ৮৯.৬১ শতাংশ আৰু সৰ্বভাৰতীয় হাৰ ৯৫.১৭ শতাংশ। বিদ্যালয়ত সুচল অৱস্থাত থকা কম্পিউটাৰৰ হাৰ হ’ল মাত্র ১৫.৭৩ শতাংশ। একেদৰে ইণ্টাৰনেটৰ সংযোগ থকা বিদ্যালয়ৰ হাৰ হৈছে মাত্র ৪.৮৩ শতাংশ। এয়াই হৈছে ৰাজ্যৰ শিক্ষা খণ্ডৰ প্ৰকৃত ছবি। কিন্তু ইয়াৰ পাছতো ৰাজ্য চৰকাৰখনে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু গুণগত শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। বৰং ৰাজ্য চৰকাৰে নতুন নতুন সিদ্ধান্ত জাপি দি বিতৰ্কৰ সূচনা কৰি আহিছে।
শিক্ষার্থীৰ অভাৱত ৰাজ্যৰ হাজাৰ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান পুনৰ বন্ধ হৈ পৰাৰ উপক্ৰম হৈছে। শিক্ষার্থীৰ অভাৱত ইতিমধ্যে প্রায় ৮ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান বন্ধ কৰি দিয়া হৈছে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বিদ্যালয় শিক্ষা বিভাগক নির্দিষ্ট সংখ্যক শিক্ষার্থী নথকা বিদ্যালয় বন্ধ কৰি একত্ৰীকৰণ কৰিবলৈ পুনৰ নিৰ্দেশনা জাৰি কৰিছে। অপ্রাদেশীকৃত বিদ্যালয় প্ৰাদেশিকীকৰণৰ দাবীত শিক্ষক সকলৰ আন্দোলন অব্যাহত থকাৰ সময়তে ২০২১ চনত প্ৰাদেশিকীকৰণ কৰা বৃহৎ সংখ্যক শিক্ষানুষ্ঠান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিদ্যালয় শিক্ষা বিভাগে। শিক্ষাৰ্থীৰ অভাৱত ইতিমধ্যে ৮ হাজাৰৰো অধিক শিক্ষানুষ্ঠান ৰাজ্য চৰকাৰে বন্ধ কৰি দিয়াৰ পাচত মাধ্যমিক শিক্ষাৰ সঞ্চালকে শেহতীয়াকৈ আকৌ ৯৬ খন প্ৰাদেশীকৃত হাইস্কুল, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে। শিক্ষাৰ্থীৰ অভাৱত পুনৰ বন্ধ হ’ব বহু বিদ্যালয় এই শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি আন বিদ্যালয়ত চামিল কৰাৰ সিদ্ধান্ত লৈছে মাধ্যমিক শিক্ষাৰ সঞ্চালকে। ২০১৭ চনৰ প্ৰাদেশিকীকৰণ আইনৰ ২০১৮ চনৰ সংশোধনীৰ ভিত্তিত প্ৰাদেশীকৃত এই শিক্ষানুষ্ঠানসমূহ বন্ধ কৰিবলৈ ৰাজ্যৰ সকলো জিলাৰ বিদ্যালয় পৰিদৰ্শক সকললৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা হৈছে।
“অর্থনৈতিক সমীক্ষা, অসম ২০২৩-২৪”ৰ তথ্য অনুসৰি অসমত দ্রুত গতিত বিদ্যালয় এৰা ছাত্র-ছাত্রীৰ সংখ্যা বৃদ্ধি হৈছে। নিম্ন প্রাথমিক বিদ্যালয়ত ২০২২-২৩ বৰ্ষত ড্রপ আউটৰ হাৰ ৮.৪৯%, অথচ তাৰ আগৰ বছৰ, ২০২১-২২ বৰ্ষত, হাৰ আছিল ৬.০২%। ২০১৮-১৯ বর্ষত ড্রপ আউটৰ হাৰ আছিল ৩.১% আৰু ২০১৯-২০ অত নিম্ন প্রাথমিক বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ বিদ্যালয় এৰাৰ হাৰ আছিল ৪.৩%। উচ্চ প্রাথমিক বিদ্যালয়ৰ আধাতে বিদ্যালয় এৰা ছাত্র-ছাত্রীৰ হাৰও বৃদ্ধি পাইছে। ২০২১-২২ বর্ষত উচ্চ প্রাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ড্রপ আউট হাৰ আছিল ৮.৮১% আৰু ২০২২-২৩ বর্ষত ই বৃদ্ধি পাই হ’লগৈ ১০.৩৩%। বিজেপিৰ স্বঘোষিত ‘অমৃত কাল’ত এনেকৈ প্রাথমিক বিদ্যালয়তে অসমৰ ছাত্র-ছাত্রীয়ে বিদ্যালয় ত্যাগ কৰিবলগীয়া হোৱা ঘটনাই বিজেপি চৰকাৰৰ শাসনৰ অন্ধকাৰ দিশটোকে উদঙাই দিছে।
কেন্দ্ৰীয় চৰকাৰে অসমত ২০২৪-২৫ বৰ্ষত সমগ্ৰ শিক্ষাৰ বাৰ্ষিক কৰ্ম আঁচনি আৰু বাজেট অনুমোদনৰ বাবে অনুষ্ঠিত কৰা বৈঠকৰ কাৰ্যবিৱৰণীত কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য প্রকাশ হৈছে। ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰ পয়ালগা ৰূপ উক্ত কাৰ্যবিৱৰণীত উন্মোচিত হৈছে। ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ প্ৰসাৰৰ বিপৰীতে চৰকাৰী খণ্ডৰ বিদ্যালয়ত প্ৰয়োজনীয়সংখ্যক শিক্ষার্থী নথকাত ইতিমধ্যে প্রায় ৮ হাজাৰ চৰকাৰী শিক্ষানুষ্ঠান একত্ৰীকৰণৰ নামত বন্ধ কৰি দিয়া হৈছে। সমগ্ৰ শিক্ষাৰ বাৰ্ষিক পৰিকল্পনা আৰু বাজেট অনুমোদনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰকল্প অনুমোদন পৰিষদৰ বৈঠকৰ কাৰ্যবিৱৰণীত শিক্ষক-শিক্ষার্থীৰ আনুপাতিক হাৰ য’ত প্ৰতিকূল নহয় সেই বিদ্যালয়বোৰ বন্ধ কৰি একত্ৰীকৰণৰ নিৰ্দেশ দিয়া হৈছে। কেন্দ্রীয় বিদ্যালয় শিক্ষা দপ্তৰে প্রকল্প অনুমোদন পৰিষদৰ বৈঠকৰ কাৰ্যবিৱৰণীত উল্লেখ কৰে যে ৰাজ্যত মুঠ ৪৫৪৯০ খন বিদ্যালয় আছে। ইয়াৰ ভিতৰত ১৪০খন বিদ্যালয়ত এগৰাকীও শিক্ষার্থীয়ে নামভৰ্তি কৰা নাই। ৰাজ্য চৰকাৰে শিক্ষক নিযুক্তি দি শিক্ষকৰ অভাৱ দূৰ কৰাৰ চেষ্টা চলাইছে যদিও কাৰ্যবিৱৰণীত উল্লেখ কৰা অনুসৰি ৩০৭৪ খন বিদ্যালয় এজনীয়া শিক্ষকৰে পাঠদান চলি আছে। শিক্ষক-শিক্ষার্থীৰ আনুপাতিক হাৰ ২৭.৪৩ শতাংশ বিদ্যালয়ত আশানুৰূপ নহয়। ২০২০-২১ৰ পৰা ২০২১-২২ বৰ্ষত নিম্ন প্রাথমিকত ৬.০২ শতাংশ আৰু উচ্চ প্রাথমিকত ৮.৮২ শতাংশ আধাতে বিদ্যালয় এৰি যোৱা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি হৈছে। ইতিপূৰ্বে ৰাজ্যত ৬,০৩২খন প্রাথমিক, ২০৩৪খন উচ্চ প্ৰাথমিক আৰু ২১৪খন হাইস্কুল আৰু উচ্চত মাধ্যমিক একত্ৰীকৰণৰ নামত বন্ধ কৰি হৈছে।
২০১৫-১৬ বর্যত নিম্ন প্রার্থমিকৰ পৰা উচ্চতৰ মাধ্যমিকলৈ চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা ছাত্র-ছাত্রীৰ সংখ্যা আছিল ৪৮,৯৯,০৫৬ গৰাকী। এই সংখ্যা ২০২৩- ২৪ বর্ষত ৪৫,৯৮,১৪০গৰাকীলৈ হ্রাস পাইছে। একেদৰে ২০১৫-১৬ বর্ষত এই বিদ্যালয়সমূহত কৰ্মৰত শিক্ষকৰ সংখ্যা আছিল ২,২৩,৬৮৯গৰাকী। ২০২৩-২৪ বৰ্ষত চৰকাৰী বিদ্যালয়ত কর্মবত শিক্ষকৰ সংখ্যা হ’ল ২,১৫,৮৫৪ গৰাকী। যোৱা ১০ বছৰত ৰাজ্যত বিলুপ্ত ৭,৬৬৮খন বিদ্যালয়। বিগত এটা দশকত চৰকাৰী বিদ্যালয়ৰ সমান্তৰালভাৱে তাত অধ্যয়নৰত ছাত্র- ছাত্রী আৰু কর্মৰত শিক্ষকৰ সংখ্যা হ্রাস পোৱাটো শিক্ষাজগতৰ বাবে অশনি সংকেত হিচাপে বিবেচিত হৈছে।