জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Sunday, September 6, 2026

কুইন অৱ দ্য এলিফেণ্টছ : ভাৰতৰ প্ৰথম গৰাকী মহিলা মাউত পাৰ্বতী বৰুৱা

by Janagana Desk
1 minutes read
Queen of Elephant: Parbati Barua

অসমৰ এগৰাকী সুযোগ্য সন্তান , অসমৰ বাবে গৌৰৱ তেওঁ। ৰাজকন্যাৰ পৰা হাতীৰ মাউত হোৱা এগৰাকী সাহসী মহিলা তেওঁ , তেওঁৰ নাম পাৰ্বতী বৰুৱা। ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত পাৰ্বতী বৰুৱাই মাত্ৰ ১৩ বছৰ বয়সতে জংঘলৰ পৰা হাতী ধৰি আনিবলৈ সক্ষম হৈছিল। সেই তেতিয়াৰে পৰা বৰ্তমানলৈ হাতীৰ সৈতেই এক প্ৰকাৰ সহবাস কৰি আহিছে পাৰ্বতী বৰুৱাই। বহুবাৰ ৰাজ্যৰ বিভিন্ন স্থানত সৃষ্টি হোৱা হাতী-মানুহৰ সংঘাতৰ সময়ত অসমৰ বন বিভাগক বিভিন্ন ধৰণে সহযোগ কৰিছে পাৰ্বতী বৰুৱাই।পাৰ্বতী বৰুৱা হাতী চিকাৰ বা হাতীক ধৰি আনি প্ৰশিক্ষণ দিয়াৰ কামৰ সৈতে জড়িত এগৰাকী অসমীয়া নাৰী৷ সমগ্ৰ বিশ্বতে তেওঁ “কুইন অৱ দ্য এলিফেণ্টছ” বুলি পৰিচিত। ১৯৬৭ চনৰ কোনোবা এটা দিনত তেওঁ অসমৰ কচুগাঁৱত, ১৪ বছৰ বয়সতে জীৱনত প্ৰথমবাৰৰ বাবে হাতী ধৰিছিল। পাৰ্বতী বৰুৱাৰ তত্বাৱধান তথা নিৰ্দেশনাত বৰ্তমানলৈকে ৪০০তকৈও অধিক সংখ্যক হাতীক প্ৰশিক্ষণ দিয়া হৈছে। এছিয়া নাইবা সমগ্ৰ বিশ্বৰ ভিতৰত তেৱেঁই একমাত্ৰ মহিলা, যি ‘মেলা চিকাৰ’ পদ্ধতিৰে হাতী ধৰি আহিছে। জীৱনজোৰা কৃতিত্বৰ বাবে অসম চৰকাৰে তেওঁক ২০০৩ চনত ‘অনাৰেৰি চিফ এলিফেণ্ট ৱাৰ্ডেন অৱ অসম’ সন্মানেৰে বিভূষিত কৰে।

পাৰ্বতী বৰুৱাৰ তত্বাৱধান তথা নিৰ্দেশনাত 400 তকৈও অধিক সংখ্যক হাতীক প্ৰশিক্ষণ দিয়া হৈছে৷ 1989 চনত বৰুৱাক ইউনাইটেড নেশ্যনছ এনভায়ৰনমেণ্ট প্ৰ’গ্ৰামছৰ (ইউ এন ই পি) “গ্ল’বেল 500-ৰ’ল অৱ অ’নাৰ” সন্মান আগবঢ়োৱা হৈছিল৷ পাৰ্বতী বৰুৱাক সমগ্ৰ বিশ্বৰ আগত পৰিচয় কৰাই দিছিল ব্ৰিটিছ লেখক মাৰ্ক শ্বেণ্ডে৷ 1995 চনত উত্তৰ বংগৰ এক হাতী শিবিৰত পাৰ্বতী বৰুৱাক তেওঁ লগ পায়৷ তেওঁ 4 মাহ কাল পাৰ্বতী বৰুৱাৰ সৈতে ছাঁটোৰ দৰে হিমালয়ৰ পাদ দেশত হাবিয়ে-বনে হাতী ধৰাৰ খুটি-নাটি অধ্যয়ন কৰি নেশ্যনেল জিঅ’গ্ৰাফিক চেনেলৰ বাবে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰি উলিয়ায়৷ লগতে পাৰ্বতী বৰুৱাৰ বিষয়ে মাৰ্ক শ্বেণ্ডে “কুইন অৱ দ্য এলিফেণ্টছ” নামৰ গ্ৰন্থখন লিখি উলিয়ায়৷ ইয়াৰ পাছৰে পৰাই সমগ্ৰ বিশ্বই পাৰ্বতী বৰুৱাক “কুইন অৱ দ্য এলিফেণ্টছ” বুলি স্বীকৃতি দিয়ে৷

Was this article helpful?
Yes0No0

You may also like