Skip to content

ৰিলায়েন্সৰ পানী বটলে দখল কৰিলে অসমৰ বজাৰ…

Janagana Desk
March 2, 20255 second read
Reliance Water capture local market

জিঅ’ ডাটা সেৱাৰ দৰেই এইবাৰ অসমৰ খোৱাপানীৰ বটল অৰ্থাৎ পেকেজিং ৱাটাৰৰ বজাৰখন দখল কৰাৰ বাবে পৰিকল্পনা কৰিছে মুকেশ আম্বানিৰ ৰিলায়েন্স গ্রুপে। ৰিলায়েন্স গ্রুপে প্রস্তুত কৰা খোৱাপানী বটল ‘Independence’ এতিয়া ৰাজ্যৰ বজাৰে বজাৰে উভৈনদী হৈ পৰিছে। ৰিলায়েন্স গ্রুপে অসমত পানীৰ ব্যৱসায়ত প্রৱেশ কৰাক লৈ কোনো প্রশ্ন উত্থাপন হ’বলগীয়া কাৰণ নাই যদিও ৰিলায়েন্স ‘Independence’ খোৱাপানীৰ বটলে এতিয়া ৰাজ্য থলুৱা পানী ব্যৱসায়িক ভাবুকি নমাই অনাৰ অভিযোগ উঠিছে। কেৱল থলুৱা পানী ব্যবসায় প্রতিষ্ঠানসমূহলৈকে নহয়, থলুৱা পানী বটলিং প্লাণ্টত কৰ্মৰত স্থানীয় যুৱক-যুৱতী সকলো সংস্থাপনহীন হোৱাৰো আশংকা ঘনীভূত হৈ পৰিছে। অভিযোগ অনুসৰি ৰাজ্যৰ থলুৱা বটলিং ফেক্টৰীসমূহত প্ৰস্তুত কৰা ৫০০ মিলিলিটাৰ অৰ্থাৎ আধা লিটাৰ পানীৰ বটল খুচুৰা বজাৰত ১০ টকাত উপলব্ধ। আনহাতে, ১০০০ মিলি লিটাৰ এক লিটাৰৰ পানী বটল খুচুৰা বজাৰত গ্ৰাহকে ক্রয় কৰে ২০ টকাত। কিন্তু ৰিলায়েন্সৰ ‘Independence’ ব্ৰেণ্ডৰ পানীৰ আধা লিটাৰ বা এক লিটাৰ বটল উপলব্ধ নহয়। ইয়াৰ বিপৰীতে বিলায়েন্সৰ পানীৰ বটলসমূহ ৭৫০ মিলিলিটাৰ আৰু ১,৫০০ মিলিলিটাৰত উপলব্ধ কৰোৱাৰ ব্যৱস্থা কৰিছে। কিন্তু ৭৫০ মিলি লিটাৰ পানীৰ বটলত ১০ টকাত আৰু ১,৫০০ মিলি লিটাৰ বটল ২০ টকাত খুচুৰা বজাৰত বিক্ৰীৰ ব্যৱস্থা কৰিছে। অথচ থলুৱা ব্যৱসায়ীসকলে ১০ টকাতে ৫০০ মিলিলিটাৰ আৰু ২০ টকাত ১০০০ মিলিলিটাৰহে পানী যোগান ধৰি আহিছে। স্বাভাৱিকতেই ১০ টকাত ২৫০ মিলিলিটাৰ আৰু ২০ টকাত ৫০০ মিলিলিটাৰ অধিক পানী লাভ কৰাত গ্রাহকক আকৰ্ষণ কৰিব পৰিছে ৰিলায়েন্সৰ ‘Independence’। অধিক লাভৰ আশাত গ্রাহকে বিলায়েন্সৰ পেকেজিং বটলক পচন্দ কৰিবলৈ লোৱাত থলুৱা ফেক্টৰীত উৎপাদিত পানীৰ বিক্ৰী হ্রাস পাবলৈ ধৰিছে। যাৰ ফলত থলুৱা ফেক্টৰীসমূহলৈ অশনি সংকেট নামি আহিছে। ৰিলায়েন্সৰ ‘Independence’ ব্রেন্ডে ৰাজ্যৰ পেকেজিং পানীৰ বজাৰখন দখল কৰিলে থলুৱা পেকেজিং কোম্পানীসমূহৰ বন্ধ হোৱাৰ আশংকা প্রবল হৈ উঠিছে। থলুৱা পেকেজিং কোম্পানীসমূহ বন্ধ হ’লে উক্ত পানীৰ ব্যৱসায়ৰ সৈতে জড়িত হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে কর্মসংস্থাপন হেৰুৱাৰ আশংকাই দেখা দিছে। সন্দেহ কৰা হৈছে, কম দামত এতিয়া অধিক পৰিমাণৰ পানী যোগান ধৰি থলুৱা পেকেজিং কোম্পানীসমূহক লোকচানৰ মুখলৈ ঠেলি দি ৰিলায়েন্সে অচিৰেই ৰাজ্যৰ পেকেজিং খোৱা পানীৰ বজাৰখনক দখল কৰিব। ৰাজ্যৰ পানীৰ বজাৰখন ৰিলায়েন্সে দখল কৰিলে, এটা সময়ত লোকচান ভৰি থলুৱা পেকেংজি কোম্পানীসমূহে তলা বন্ধ কৰিবলৈ বাধ্য হ’ব। ফলত অসমত পেকেজিং পানীৰ বিকল্প নথকাৰ সুযোগ গ্রহণ কৰি ৰিলায়েন্সে জিঅ’ ছিমৰ মাচুলৰ দৰে বৰ্তমানৰ পানী বটলৰ দামো বৃদ্ধি কৰিব। ৰাজ্যৰ পেকেজিং পানীৰ বজাৰখনক নিজৰ দখললৈ নিয়াৰ পাছত গ্রাহকে দাম ভৰি হ’লেও সোৱাদ ল’ব লাগিব ‘Independence’।

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে ভাৰতৰ পানীয় বজাৰত নিজৰ উপস্থিতি ভালকৈ আগবঢ়াই আহিছে। ২০২৩ চনত, সংস্থাটোৱে ১৯৭০ আৰু ৮০ৰ দশকৰ জনপ্ৰিয় সফট ড্ৰিংকছ ব্রেণ্ড ‘কেম্পা কোলা’ পুনৰ আৰম্ভ কৰিছে। প্ৰথমে অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাত উপলব্ধ কৰা এই পানীয়সমূহৰ পাছত সমগ্ৰ দেশৰ বজাৰত প্ৰৱেশ কৰাৰ পৰিকল্পনাৰে কাৰ্য্য কৰি আহিছে।

উল্লেখ্য যে প্ৰদূষণ ৰোধ কৰা আৰু নলা চাফা ৰখাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে গ্ৰহণ কৰি ৰাজ্য চৰকাৰে লৈছিল এক পদক্ষেপ। অসম পৰিৱেশ আৰু বন বিভাগে ২০২৩ চনৰ ২৩ আগষ্টত ,২০২৩ চনৰ ২ অক্টোবৰৰ পৰা ৰাজ্যত ১০০০ মিলিলিটাৰৰ তলৰ পেকেজড প্লাষ্টিকৰ পানীৰ বটলৰ ব্যৱহাৰ বা নিৰ্মাণ, আমদানি, মজুত, বিতৰণ, বিক্ৰী নিষিদ্ধ কৰি এক অধিসূচনা জাৰি কৰিছিল। আকৌ ২০২৪ চনৰ দুই অক্টোবৰৰ পৰা এক লিটাৰৰ তলৰ পানীৰ বটল নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল চৰকাৰে। আন এক বাতৰিৰ শিৰোনাম অনুসৰি বিশুদ্ধ পানীৰ নামত জনস্বাস্থ্যৰ প্ৰতি সজাগ নোহোৱা একাংশ তথাকঠিত পানী বিক্ৰেতা প্ৰতিষ্ঠানে কিঞ্চিৎ পৰিমাণেও বিশুদ্ধতাৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰাৰ বাতৰি প্ৰকাশ পাইছিল। ফলত বিশুদ্ধ পানী সেৱনৰ নামত ৰাজ্যৱাসীয়ে লাভ কৰিছিল বৰবিহ। এনে ঘটনাৰ সুবিধা লৈ আহিছে একাংশ অসাধু চক্ৰই। বহিৰাগত কোম্পানীসমূহেও এই সুযোগ এৰি নিদি প্ৰসাৰিত কৰিছে তেওঁলোকৰ ব্যৱসায়। যাৰ ফলত অসমৰ অৰ্থনৈতিক দিশতো প্ৰভাৱ পৰিছে। থলুৱা পেকেংজি কোম্পানীসমূহে তলা বন্ধ কৰিবলৈ বাধ্য হৈছে।

Janagana Desk

Janagana Barta News Desk, Guwahati.

Related Articles

Facebook Posts
This message is only visible to admins.
Problem displaying Facebook posts. Backup cache in use.
Click to show error
Error: Error validating access token: The session has been invalidated because the user changed their password or Facebook has changed the session for security reasons. Type: OAuthException
Most Discussed
Back To Top