জনগণ বাৰ্তা - Phone:: 940-123-9090. Email: editor@janaganabarta.com
Tuesday, September 1, 2026

নৃশংস অপৰাধৰ ৰোষত আজিৰ সমাজ: অপৰাধে ঢাকি পেলাইছে সমাজৰ বিবেক !

by Janagana Desk
3 minutes read
Gowing Crime in Society

প্ৰেম কি, সম্পৰ্ক কি ? এই সকলোবোৰ ক্ৰমে বিষাক্ত হৈ পৰিছে। প্ৰেম , হত্যা – হিংসা, ঘৃণা, বিশ্বাসঘাকতা আজিৰ সমাজত তেনেই সাধাৰণ কথা । কিন্তু এইয়া কেনে সমাজ , সমাজ খন যেন বিপথে পৰিচালিত হৈছে ! সমাজ আজি মানৱতাহীন , সমাজ আজি বিবেকহীন।

আজিৰ সমাজত প্ৰেম আৰু সম্পৰ্কৰ অৰ্থ দিনক দিনে পৰিবৰ্তিত হৈ আছে। যিটো অনুভৱ মানৱতাৰ মূল আধাৰ হৈ থাকিব লাগে, সেয়া আজি বিভ্রান্তি, হিংসা আৰু শোষণৰ সমার্থক হৈ পৰিছে। এটা যুগ আছিল যেতিয়া প্ৰেম মানেই আছিল পৰস্পৰৰ ভিতৰত আত্মিক সংযোগ, উৎসৰ্গা আৰু সহানুভূতি; কিন্তু বৰ্তমান যুগত প্ৰেম মানেই যেন অবৈধ, প্ৰেম মানেই যেন হিংসা, হত্যাৰ কাৰক। প্ৰেমৰ বাবেই নিজ সন্তানক হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই, ক’ত গল মাতৃৰ দয়া, মমতা।

“অসমীয়া সমাজ ক’লৈ আগবাঢ়ি গৈছে ?” – এই প্ৰশ্নটো আজিৰ দিশভ্ৰান্ত, বিভক্ত, আৰু অপৰাধত গোট খোৱা সমাজ ব্যৱস্থাৰ প্ৰতি এটা চিন্তনমূলক আহ্বান। য’ত উন্নয়ন, প্ৰযুক্তি আৰু বিশ্বায়নৰ কথাৰে সমাজটো আগুৱাই গৈ আছে বুলি প্ৰচাৰ কৰা হয়, সেয়া বাস্তৱিকভাৱে কিমান সঁচা? জনসাধাৰণৰ প্রতিবাদৰ শক্তি লোপ পাইছে, নৈতিকতা আৰু বিবেক শূন্য হৈছে। এই পৰিৱেশত শিক্ষাৰ, সাংস্কৃতিক মূল্যবোধৰ, আৰু সামাজিক জাগৰণৰ অভাৱ গভীৰ চিন্তাত বিষয়।

আজিৰ সমাজত অপৰাধ যেন স্বাভাৱিক ৰূপ লৈছে। বাতৰি কাকত নাইবা টিভি চেনেলত নিতৌ যৌন অপৰাধ, লাঞ্ছনা, দুৰ্বলী লোকৰ ওপৰত নিপীড়ন, আৰু ৰাজনৈতিক অসততাৰ ঘটনা। ধন-কেন্দ্ৰিক মানসিকতা, প্ৰতিযোগিতাৰ হিংসাত্মক ৰূপ সমাজত নৈতিক মূল্যৰ অৱক্ষয় ঘটাইছে।

অসমীয়া সমাজ ভৌতিকভাৱে আগুৱাই গৈ থাকিলেও, নৈতিকভাৱে পিছলৈ সৰি গৈছে। সমাজৰ বিবেক আজিৰ অপৰাধৰ অন্ধকাৰত ঢাকি পৰিছে। এই পৰিস্থিতিৰ উত্তৰদায়িত্ব কেৱল চৰকাৰ বা আইন ব্যৱস্থাৰ নহয়, ই হ’ল সকলো নাগৰিকৰ — বিশেষকৈ যুৱসমাজৰ।

প্ৰেম — এটি পবিত্ৰ অনুভৱ, যিয়ে মানুহক সংযোগ কৰে, সহানুভূতি শিকায়, আৰু একেলগে আগুৱাই যাবলৈ শক্তি দিয়ে। কিন্তু আজি আমাৰ সমাজত কিছুমান সম্পর্ক এনেও দেখা যায়, য’ত “প্ৰেম”ৰ নামেৰে চলি থাকে মানসিক অত্যাচাৰ, সন্দেহ, অবিশ্বাস আৰু আত্মাৰ নিঃশব্দ হত্যা। আকৌ এই প্ৰেমৰ পৰিণতিত প্ৰাণ হেৰুৱাই কত’ জনে। প্ৰেম এতিয়া বিষাক্ত হৈ পৰিছে।

আধুনিক যুগত প্ৰেম সামাজিক মাধ্যম, মোবাইল আৰু কৃত্ৰিম ভৱিষ্যৎৰ স্বপ্নৰ মাজত গঠিত হ’ব ধৰিছে। সম্পর্ক ইমানেই ছলনাপূৰ্ণ হৈছে কিছু , যে প্রেমিক/প্ৰেমিকা বা পত্নী/পতিৰ মাজত “নিয়ন্ত্ৰণ”কেই ভালপোৱাৰ সংজ্ঞা বুলি ভাৱে । অনেকে ভাবে, “তেওঁ মোক ভাল পায়, গতিকে মোৰ সকলো ওপৰত অধিকাৰ আছে।” এই অধিকাৰৰ নামত আৰম্ভ হয় সন্দেহ, নিষেধাজ্ঞা, আৰু ধীৰে ধীৰে আত্মবিশ্বাসৰ ক্ষয় আৰু অৱশেষৰ মৃত্যু।

ভালপোৱাৰ নামত যদি “চিন্তাধাৰা” আৰু “ব্যক্তিত্ব”ৰ স্বাধীনতা হৰণ কৰা হয়, যদি কথাতে কথাতে মানসিক চাপ সৃষ্টি কৰা হয়, তেন্তে সেইটো প্ৰেম নহয় সেইটো এটা নিঃশব্দ হত্যা। প্ৰেম মানে দমন নহয়, প্ৰেম মানে মুক্তি। যিকোনো সুস্থ সম্পর্কত বিশ্বাস, আলোচনা, আৰু পৰস্পৰ সন্মান আৱশ্যক।

আজিৰ সমাজত ভালপোৱাৰ সংজ্ঞা গভীৰ বিশ্লেষণৰ দাবী ৰাখে। যিকোনো অনুভৱ, যদি মানুহক ভিতৰৰ পৰা ভাঙি পেলায়, তেন্তে সেইটো ভালপোৱা নহয়। প্ৰেম যেন সাহাৰ্য্য হয়, বন্ধন নহয়; আশাৰ পোহৰ হয়, আঁধাৰৰ হাত নহয়। সেয়ে — “এইয়া কেনে প্ৰেম, যত চলে হত্যা?” — এই প্ৰশ্নটো সদায় জীয়াই থাকিব লাগে, যাতে মানসিক স্বাধীনতা আৰু আত্মমৰ্যাদা অক্ষুণ্ণ থাকে।

আজিৰ দিনত হেৰাই গৈছে মানৱতা । মানৱতাবিহীন সমাজত মানুহৰ পৰাই সহায়ৰ আশা কৰাটো ভূল। উদাহৰনৰ অভাৱ নাই। অসমৰ প্ৰেক্ষাপটত চাব গলে এইখন সমাজত ডাইনী বুলি হত্যা কৰাৰ মানুহখিনিৰ অভাৱ জ্ঞানৰ , অভাৱ পোহৰৰ । দিন দুপৰতে হত্যা কৰা হৈছিল অভিজিত – নিলোৎপলক। যোৰহাট চহৰৰ মাজ মজিয়াতো এজাক উদণ্ড মানুহৰ প্ৰহাৰত হৈছিল এজন যুৱকৰ; এনেকুৱা অসংখ্য ঘটনা।

নিজৰ সৃষ্টিক লৈ হোৱা অত্যাধিক অহংকাৰ, চাৰিওফালে মাত্ৰ হত্যা, হিংসা, শোষণ, সীমা চেৰাই যোৱা ভণ্ডামি ইত্যাদি ঋণাত্মক দিশবোৰৰ ক’লা ধোৱাজাকে যেন মানৱ জাতিৰ ধনাত্মক দিশবোৰকো বৰ বেয়াকৈ আৱৰি ধৰি কলুষিত কৰিছে। যাৰ বাবে মানৱ সভ্যতাই ইতিহাস হোৱাৰ দিশলৈ অহৰ্নিশে গতি কৰিব ধৰিছে।

অন্যায়-অধৰ্মৰ বিৰুদ্ধে সকলো সমানে থিয় হব লাগিব,সেইয়া লাগিলে প্ৰকৃতিৰ ওপৰতেই হওকঁ নতুবা মানুহৰ ওপৰতেই নহওঁক কিয়। সস্তীয়া জনপ্ৰিয়তাৰ পিছত নদৌৰি প্ৰতিজনেই প্ৰকৃত মানৱ কৰ্ম কৰি যাব লাগিব। সাম্প্ৰতিক সময়ৰ এই শিকনিক মানৱ ইতিহাসৰ এক অত্যন্ত গভীৰ শিকনি হিচাপে গ্ৰহণ কৰি ভৱিষ্যতে যাতে পৃথিৱীৰ নিয়ম শৃংখলাবদ্ধভাৱে বজাই ৰাখিব পাৰো তাৰ প্ৰতি মানৱ সমাজে লক্ষ্য ৰাখিব লাগিব।

Was this article helpful?
Yes0No0

You may also like